[ ৪১ ]


মোহ-পিঞ্জৰ



এটা ‘বিষ’ৰ বাবে সুহৃদৰ দৰে অপেক্ষা কৰিব পাৰেনে মানুহে— আকাশৰ দূৰ একোণত মেঘৰ আস্তৰণ আৰু আকাশ উজ্বলাই বিদ্যুৎ ৰেখাৰ দৰে চমকি উঠি তাৰ পাছত সেই দূৰৰ পৰাই ভাঁহি অহা গাজনিৰ গুম গুম শব্দৰ দৰে বুকুত গুজৰি গুজৰি বিয়পি পৰা এটা বিয...

 প্ৰোজ্জ্বল বিদ্যুৎৰেখা যেন এক তাৎক্ষণিক বিষাদ চমক আৰু গাজনিৰ গুম গুম শব্দ এই বিষাদ নিঃসৃত বিষ! যৌৱন- কৈশোৰৰ দোমোজাত থাকোতেই খুব বিহ্বল মুহূৰ্ত এটাত, অনুভূতিৰ সুক্ষ্ম তাঁৰ আৰু সপোনৰ খণ্ডচিত্ৰ কিছুমানৰ মাজত আউল ভাঙিব নোৱাৰোতে এই বিষে প্ৰথমবাৰৰ বাবে মোৰ ভিতৰত উক মুকাই উঠিছিল। সুনিৰ্দিষ্ট আকৃতিবিহীন সম্পৰ্ক নে সম্পৰ্কৰ আৰম্ভণী এটাক ‘প্ৰেম’ নামাকৰণ কৰিছিলো। উকা কাগজত জিলিকি থকা কেইটামান আখৰৰ পৰা মোৰ সত্তাৰ সমগ্ৰ জুৰি কেনেদৰে বিয়পি পৰিছিল এটা নিভাঁজ সুগন্ধৰ ঢৌ! এই ঢৌত উটি-ভাঁহি ফুৰিয়েই নিজাকৈ মই এটা সপোন আঁকিছিলো।বৃত্তাকৃতিৰ সেই জলমল সপোনৰ কেন্দ্ৰত উপবিষ্ট হৈছিল আটোম টোকাৰি আখৰ কেইটাৰ গৰাকী—অলকেশ।

 তেতিয়ালৈকে বৰ মসৃণ আছিল মই খোজকাঢ়ি যোৱা বাটবোৰ। বিচাৰিলেই জোন-তৰা থপিয়াই আনিবলৈ প্ৰস্তুত হৈ থকা দেউতা আৰু চেতনাত বোধৰ আখৰ চটিয়াই দিবলৈ যত্ন কৰি থকা মাৰ স্নেহ আৰু মমতাৰ ছাঁত থাকি এবাৰৰ বাবেও ভাবিব পৰা নাছিলো কেতিয়াবা জীৱিত শৰীৰেৰে স্বপ্নৰ মৃতদেহ কঢ়িয়াই ফুৰিব লাগিব।

 মোৰ ব্যস্ততা আৰু অৱসৰত প্ৰচণ্ড অহংকাৰেৰে অধিকাৰ সাব্যস্ত কৰি দুলিবলৈ আৰম্ভ কৰিছিল বিশেষ এজন ব্যক্তিৰ কেইটামান আখৰ আৰু সেই আখৰকেইটাই বৈ অনা এখন নেদেখা অথচ কল্পনাত উজ্জ্বল হৈ জিলিকি উঠা তৰংগায়িত পৃথিৱী। কল্পনা, সপোন আৰু বাস্তৱ কোন এটা বিন্দুত যেন মিলি গৈছিল অথবা কোন এটা বিন্দুৰ পৰা প্ৰত্যেকেই আৰম্ভ কৰিছিল এক সুকীয়া যাত্ৰা!

 জীৱনৰ প্ৰথম উজুটিটো খাইছিলো বসন্ত কালৰ উজ্জ্বল আবেলি এটাত। মোতকৈ এক ক্লাছ ওপৰৰ সীমাৰ হাতৰ [ ৪২ ] মুঠিত উকা কাগজত চিকচিকাই আছিল মোৰ চেতনাত উপলব্ধিৰ অনিৰ্বচনীয়তা ছটিয়াই দিয়া সেইকেইটা বিশেষ আখৰ। স্কুলৰ পৰা আহোতে বৰ হেঁপাহেৰে, বৰ গৌৰৱেৰে মোৰ সন্মুখত তাই তুলি ধৰিছিল চিঠিখন— ‘চা-না, অলকেশে দিছে।’ দুবছৰৰ পূৰ্বে আমাৰ কলেজৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেতিয়া গুৱাহাটীৰ কটন কলেজত পঢ়ি আছিল অলকেশে। অঞ্চলটোত ‘উজ্জ্বল ৰত্ন’ৰ লগত তুলনা কৰা অলকেশৰ তেনে এখন চিঠি তাইৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছিল।

 বসন্তৰ সেই তজবজীয়া সুন্দৰ আবেলিটোতে বৰ অনুজ্জ্বল, ঢিমিক-ঢামাক মাটিৰ চাকিৰ মিহি শিখা এডাল হৈ পৰিছিলো মই আৰু নিয়ন লাইটৰ দৰে সম্প্ৰতিভ, উজ্জ্বল সীমাৰ ওচৰৰে খোজ কাঢ়ি আহি আছিলো।...চিঠিখনত সীমাৰ সৌন্দৰ্যৰ উচ্ছ্বসিত প্ৰশংসা আছিল। আৰু আছিল আবেগ-বিধুৰ প্ৰেমৰ সচেতন প্ৰকাশ।

 নাই নাই। অলকেশে মোক বিট্ৰে কৰা নাছিল। তেওঁ কেতিয়াও মোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰা নাছিল। মোক প্ৰেম নিবেদন কৰা নাছিল। তেওঁ মোলৈ লিখা চিঠিবোৰৰ বক্তব্য আছিল— ‘...ভালদৰে পঢ়িবা। এতিয়া প্ৰতিযোগিতাৰ যুগ। নহ’লে বহু পাছ পৰি ৰ’ব লাগিব। নিজৰ মাজত থকা ‘ভাল’খিনি বিকশাই তোলাৰ চেষ্টা কৰা আৰু তোমাৰ চৌপাশকো ভাল কৰি তোলা।’ হয়তো দেউতাৰ কথামতে মোক কিছুদিন অংক আৰু বিজ্ঞান শিকোৱাৰ পাছত মোৰ প্ৰতি তেওঁ ভ্ৰাতৃসুলভ দায়িত্ব এটা পালন কৰিবলৈ বিচাৰিলে। তাতে তেওঁ আছিল দেউতাৰ প্ৰিয় ছাত্ৰ।

 সেইদিনা ঘৰলৈ আহি ড্ৰেচিঙৰ সন্মুখত ৰৈ নিজকে প্ৰথমবাৰৰ বাবে খুটিয়াই খুটিয়াই চাইছিলো। এমূৰ কেঁকোৰা ৰঙচুৱা চুলি, টেলেকা চকু, ক’লা বৰণ আৰু হীন স্বাস্থ্যৰ মোৰ অবয়বটোৱে আৰ্চীৰ ভিতৰৰ পৰাই যেন মোক সিয়াঁৰিছিল।... আৰু সীমা— গাখীৰত সেন্দূৰ মিলোৱাৰ দৰে গাৰ ৰং, টনা টনা চকু আৰু ভৰা গাল-মুখেৰে সীমাৰ উপনামেই হৈছে ‘পৰী’।

 চাৎকৈ মোৰ বোধৰ আকাশত যেন উজ্বলি উঠিছিল সত্যৰ বিদ্যুৎ তৰংগ। লাহে লাহে সত্যটো অনুধাৱন কৰিব পাৰিছিলো। তড়িতৰ দৰে চমকি উঠা সেই চমৎকাৰ বিষাদেই গাজনিৰ গুম গুম শব্দৰ দৰে দূৰৰ পৰা ভাঁহি আহি ‘বিষ’ হৈ মোৰ বুকুত বিয়পি পৰিছিল।... সপোনৰ মৃত খণ্ড-চিত্ৰবোৰৰ ওপৰত গুম-গুমনিৰ এখন শুধু বগা কাপোৰহে যেন কোনোবাই তৰি দিছিল।

 কেইটামান আখৰৰ নিৰ্বোধ বাঙ্ময়তাৰে এসময়ত মূৰ্ত হৈ উঠিছিল এই সপোনবোৰ। সিহঁতৰ মৃত্যুৰ সময়তো মই মোৰ অভ্যন্তৰৰ বিষটোক নিচুকাবৰ বাবে কলম খামুচি ধৰিছিলো। আখৰবোৰ গল্প হৈছিল।

 জীৱনৰ খলা-বমাবোৰ তাৰ পাছত ক্ৰমশঃ স্পষ্ট হৈ আহিছিল৷ বৰ সন্তৰ্পণে মই এটা খোলা নিৰ্মাণ কৰিছিলো। মানুহৰ লগত মুকলি মনেৰে কথা পাতিবলৈ, মিলি পৰিবলৈ মোৰ সংকোচ বাঢ়ি আহিছিল। একধৰণৰ হীনমন্যতাই তৰ্জনী আঙুলি টোঁৱাই বাৰে বাৰে যেন সকীয়াই আছিল— ‘খবৰদাৰ। খোলাৰ বাহিৰ নোলাবি।’

 সৰ্বনাশী এক ভয়ে অক্টোপাছৰ দৰে মোক মেৰাই ধৰিছিল— অৱহেলিত হোৱাৰ ভয়, [ ৪৩ ] Nobody হৈ ভিৰৰ মাজত নিঃচিহ্ন হৈ যোৱাৰ ভয়। ইয়াৰ লগে লগে কাঠফুলাৰ দৰে বাঢ়ি আহি মোক ছাটি ধৰিছিল প্ৰাক্ যৌৱনৰ সেই নোপোৱাৰ যন্ত্ৰণাই। কিন্তু, পৰিপক্ক হোৱাৰ পাছত বুজি উঠিলো মোৰ সেই যন্ত্ৰণাৰ উৎস অলকেশৰ প্ৰেম নোপোৱাটো নহয়। সেয়া আছিল মোৰ হীন অস্তিত্ব, বিশেষত্বহীনতা, তাতকৈ বেছি সীমাৰ কাষত মোৰ অত্যন্ত নিষ্প্ৰভ স্থিতিৰ উপলব্ধি।

 ...মৃত সপোনৰ বোজা বৈ বৈ যন্ত্ৰণাৰ লগত মই অভ্যস্ত হৈ পৰিছিলো। বুকুত বিয়পি পৰা গুম গুম গাজনিৰ দৰে বিষটো মোৰ সত্তাৰ লগত অভিন্নপ্ৰায় হৈ পৰিছিল। যি অভিন্ন তাক গ্ৰহণ কৰিবলৈ মানুহ বাধ্য। আৰু... আৰু এনেকৈয়ে বিষটো হৈ পৰিছিল মোৰ সু-হৃদ।

 সেই যে এদিন মোৰ প্ৰতিবিম্বই মোক সিয়াঁৰিছিল, ভ্ৰূকুটি কৰিছিল— সেই তেতিয়াৰে পৰা মই নিজকে কেতিয়াও ড্ৰেছিঙৰ সন্মুখত ৰৈ খুটিয়াই চোৱা নাছিলো। এবছৰ দুবছৰকৈ কেইবাটাও বছৰ পাৰ হৈ গ'ল। চৈধ্যবছৰীয়া কিশোৰী ‘মই’ জনী পঁচিশ বছৰীয়া হ’লো। খোলাৰ ভিতৰত কেৱল আখৰৰ লগত গঢ়ি তোলা নিবিড় সম্পৰ্কৰ বাবে মোৰ কেৰিয়াৰৰ গ্ৰাফডাল ঊৰ্ধ্বমুখী হ’ল। চাৰ্টিফিকেটবোৰ গধুৰ হ’ল। ...আত্মপ্ৰকাশৰ মাধ্যম হ’ল কেৱল গল্প।

 তেতিয়া মই গুৱাহাটী ইউনিৰ্ভাছিটিৰ ৰিচাৰ্ছ স্কলাৰ হোষ্টেলত থাকো। এম এছ চি পাছ কৰি গৱেষণা আৰম্ভ কৰিছো মাত্ৰ। সন্ধ্যাপৰত বুকুত কিতাপ কেইখনমান সাবটি লৈ খৰধৰকৈ লাইব্ৰেৰীৰপৰা হোষ্টেললৈ গৈ আছিলো। মোৰ বাট ভেটি থিয় হ’ল অলকেশ—। তেওঁ তেতিয়া ৰসায়ন বিভাগৰ প্ৰবক্তা হিচাপে গুৱাহাটীৰ আগশাৰীৰ কলেজ এখনত যোগদান কৰিছে। সেই বছৰটোত সেয়া আছিল আমাৰ তৃতীয় সাক্ষাৎ। মোৰ হাতত তেওঁ বহল পেকেট এটা তুলি দিলে। হোষ্টেলৰ কোঠাত পেকেটটো খুলি বিস্ময়ত মই থৰ হৈ গ’লো। এক নাৰীৰ পট্ৰেইট। উজ্জ্বল, সুন্দৰ, অনন্য। তলত মোৰ নাম— ‘ছায়া’।

 অলকেশৰ লগে লগে এই কথাও মোৰ বাবে স্মৃতি হৈ গৈছিল যে তেওঁ এসময়ত ছবি আঁকিছিল...। বহু দিনৰ পাছত আৰ্চীত প্ৰতিবিম্বিত নিজৰ অবয়ৱ তন্নতন্নকৈ পৰীক্ষা কৰিলো। ওখ, ক্ষীণ, ভাঁজহীন শৰীৰ, ঈষৎ ৰঙচুৱা কেঁকোৰা চুলি, শেঁতা বৰণ আৰু অনুজ্জ্বল চকুৰে ‘মই’ আৰু ফ্ৰেমত আবদ্ধ পট্ৰেইটখনৰ মাজত যেন বিস্তৰ পাৰ্থক্য!

 খং আৰু অপমানত মই শিয়ৰি উঠিলো। মানুহৰ আটাইতকৈ সংবেদী তাঁৰডালত টুকুৰিয়াই হীনমন্যতাক দূৰন্ত কৰি পেলোৱা কেনেধৰণৰ ধেমালি এয়া!

 মোৰ প্ৰশ্নৰ উত্তৰ চিঠিৰে দিছিল তেওঁ। মোৰ চেতনাত চিনাকি উপলব্ধিৰ অনিবৰ্চনীয়তা উবুৰিয়াই দিয়া সেইকেইটা বিশেষ আখৰেৰে—... খোলাৰ পৰা বাহিৰলৈ ওলাই আহি মোৰ দৃষ্টিৰে নিজক চোৱা ছায়া। তোমাৰ বিষাদ-গম্ভীৰ মৌনতা মোৰ দৃষ্টিৰ সন্মুখত নতুন ৰূপত উদ্ভাসি উঠিছে। তুমি নাজানা তুমি কি আৰু মোক তুমি কি দিব পাৰা।... তোমাৰ আয়ত চকুৰ মণিত যে ‘মই’ কেতিয়াবা প্ৰতিবিম্ব হৈ ভাঁহি থাকিছিলো সেয়া তোমাৰ লেখাই কৈছে মোক।... নিজক ফাঁকি নিদিবা আৰু!’ মই ফাঁকি দিয়া নাছিলো নিজক। আনৰ ফাঁকি গ্ৰহণ কৰিবলৈয়ো মোৰ প্ৰস্তুতি নাছিল। ‘সীমা—?’ সুধিছিলো তেওঁক। ‘সীমা মোৰ অতীত আছিল। তেওঁ এতিয়া আন এজন পুৰুষৰ ‘বৰ্তমান’। দুটি সন্তানৰ মাতৃ।

[ ৪৪ ]

 আমাৰ বিয়া হৈ গ’ল। নাই। শৰীৰেৰে নিবিড় হ’লেও মোৰ সুহৃদ, তেওঁৰ পৰাই উদ্ভুত কৈশোৰৰ সংগী সেই ‘বিষ’টোক আঁতৰাই পঠাব পৰাকৈ হৃদয়েৰে মোৰ সত্তাৰ ওচৰ চাপিব পৰা নাছিল অলকেশ। নিত্য সহচৰ নহ'লেও সামান্য সুৰুঙা পালেই মোৰ নিঃসংগতা আৰু নিৰ্জনতাত সুদূৰৰ বিজুলীৰ দৰে চমকি উঠি ‘বিষ’টোৱে সোঁৱৰাই আছিল— ‘মই আছো। মই আছো।’

 আচলতে, অলকেশৰ স্নেহ আৰু আনুগত্যত মই কেনেবাকৈ যেন সহানুভূতিৰ এটা প্ৰলেপ দেখিছিলো। তেওঁৰ তৃপ্ত হোৱাৰ ভংগিমাত কেনেবাকৈ যেন বিৰিঙি উঠিছিল ‘দাতা’ৰ গৰ্ব! দীৰ্ঘদিন যেন চৰম নিৰ্লিপ্তি আৰু হৃদয়ৰ দৈন্যৰ মুখা এখন পিন্ধি মই তেওঁৰ বাবে তপস্যা কৰিছিলো আৰু অৱশেষত তপস্যাত সন্তুষ্ট হৈ তেওঁ মোক কৃতাৰ্থ কৰিছে!

 কিন্তু, সেই যে ‘গীত’ আহিল— অলকেশ আৰু মোৰ মাজৰ নিস্তৰংগ জলাশয়ত যেন সুক্ষ্ম গোলকৰ দৰে মমতাৰ অলেখ বুৰবুৰণি উফৰি পৰিল আৰু স্নেহ, বিশ্বাস, কৰ্তৃত্ব আৰু দায়িত্বৰ উখল-মাখলে আমাৰ জীৱনলৈ আগতে ভাবিব নোৱাৰা এক দুৰ্বাৰ গতি আনি দিলে।

 গীতৰ মুখত ‘মা’ উচ্চাৰণ শুনাৰ পাছতে খোলাটোৰ পৰা মই সম্পূৰ্ণৰূপে ওলাই আহিলো। অৰ্থবহ, অৰ্থহীন টুকুৰা টুকুৰ খণ্ডবাক্যৰে অবিৰাম কথা পাতিবলৈ ধৰিলো গীতৰ লগত। নিজৰ লগত। আৰ্চীত নিজকে চাই মই বিস্ময় মানো। ইমান মসৃণ হ’লোনে মই! প্ৰাপ্তিৰ আনন্দই এনেদৰে উজ্জ্বল কৰি তুলিব পাৰেনে মানুহ! আচৰিত!

 পূৰ্ণতাৰ উলপন্ধিত ‘বিষ’টোৰ কথা মই পাহৰি থাকিলো। সম্ভৱতঃ ঈৰ্ষা আৰু অভিমানত, অথবা অৱহেলিত হোৱাৰ ভয়ত সিও এবাৰৰ বাবেও মোৰ ওচৰলৈ নাহিল।

 ...আৰু যেতিয়া মোৰ তাৰ কথা মনত পৰিল, তেতিয়া গীত স্কুললৈ যাবলৈ আৰম্ভ কৰিছে। স্কুলৰ বাহিৰৰ সময়খিনিত হোমৱৰ্ক, টেনিছ আৰু কম্পিউটাৰ তাইৰ অধিক কাষ চাপি আহিছে। কলেজৰ লগতে চেমিনাৰ আৰু প্ৰাইভেট আৰ্টস্কুল এখনক লৈ বেছি ব্যস্ত হৈ পৰিছে অলকেশ।

 আস! মই মনত পেলোৱাৰ পাছতো এইবাৰ পূৰ্বৰ বিশ্বস্ততাৰে হিল-দল ভাঙি দৌৰি নাহিল মোৰ সুহৃদ। আচলতে, যিবোৰ সৰু সৰু কথাত পূৰ্বতে চেতন আকাশৰ দূৰ একোণত ‘বিষ’ৰ উৎস বিষাদৰ তড়িতৰেখা চমকি উঠিছিল, সেই কথাবোৰ ইগন’ৰ কৰিব পৰা মুদ্ৰা এটা অনায়াসে মোৰ আয়ত্তৰ ভিতৰলৈ আহিছিল। মাতৃত্বৰ পূৰ্ণতাই নাৰীৰ সহন শক্তিকো জোৱাৰ উন্মুখ সমুদ্ৰপৃষ্ঠৰ দৰে স্ফীত কৰি তুলিব পাৰে নেকি!

 থেছিচ চাবমিট কৰিয়েই মই কলেজ এখনত যোগদান কৰিছিলো। কলেজৰ ক্লাছৰ বাহিৰৰ সময়খিনিত অলকেশ আৰু গীত কোনেও মোক অফুৰন্ত সান্নিধ্য দিব নোৱাৰা হ’ল। ক্ষণিকৰ বাবে দূৰ্বাৰ হৈ পুনৰ স্তিমিত হৈ পৰা জীৱনৰ গতিৰ লগত এডজাষ্ট কৰিবলৈ গৈ মই ভাগৰি পৰিলো। এই সময়তে নিজৰ অস্তিত্ব বজাই ৰাখিবৰ বাবে মোক প্ৰয়োজন হ’ল এটা পুৰণা মাধ্যমৰ। গল্প এনে এটা মাধ্যম আছিল আৰু ইয়াৰ বাবেই অতীত চলাথ কৰি মই বিষটো বিচাৰিবলৈ ধৰিছিলো...।

 অলকেশৰ গাড়ীৰ হৰ্ণৰ বাবে উৎকৰ্ণ হৈ থাকি শব্দটো শুনিলেই পদূলিলৈ আগবাঢ়ি [ ৪৫ ] যাওঁ। ‘ইমান জধলা হৈ কিয় থাকা?’ অলকেশে বিৰক্তিৰে সোধে। কথা পাতিবলৈ বুলি গীতৰ আজৰি সময়ত তাইৰ কাষত বহিলে টিভিটো অন কৰি তাই তন্ময় হৈ যায়। মোৰ উপস্থিতি, সান্নিধ্যৰ প্ৰতি যেন প্ৰচ্ছন্ন অবজ্ঞা।

 ...এই সকলোৰে কাষে কাষে ক্ৰমশঃ পুনৰ এটা খোলাৰ কাঠামোৱে মোক আৱৰি বাঢ়ি আহিবলৈ উথপথপ লগায়।

 এনেতে এটা ‘মিৰাকল’ ঘটিল। আমাৰ কলেজত নতুনকৈ জইন কৰিলে মোৰ সহপাঠী শান্তনুৱে। বন্ধুত্বৰ চিৰিয়েদি অন্তৰংগতা এঢাপ এঢাপলৈ ওপৰলৈ আগবাঢ়ি আহি থাকিল আৰু যিটো ব্যৱধানত হৃদয় স্পষ্ট হৈ দৃষ্টিত ধৰা দিয়ে সেই ব্যৱধানতে ৰৈ গ’ল। মোৰ উপস্থিতিত শান্তনুৰ চকুত উপচি পৰা পোহৰৰ চিক্‌মিকনিখিনি মই বুজিব পৰা হ’লো। এনে চিক্‌মিকনিয়েই এদিন উপচি পৰিছিল সীমাৰ চকুত, অলকেশৰ চকুত আৰু হয়তো সপোনত ডুবি থকা কৈশোৰত মোৰ চকুতো—।

 মোৰ ভিতৰতো এটা পোহৰৰ উৎপত্তি হয়। কিন্তু মই ইয়াক অকলে যাপন কৰো। মই জানো, মোৰ চকুত এই পোহৰৰ কণাবোৰ চিটিকি পৰিলেই শান্তনু সষ্টম হৈ উঠিব। একো নেহেৰুৱা আৰু একো নোপোৱাৰ অনাক্ষৰিক চুক্তিৰ আধাৰত আমাৰ মাজত গঢ় লৈ উঠিব নামবিহীন সম্পৰ্কৰ এচপৰা অবুজন অনুৰাগ...। হয়তো ইয়াৰ পৰা এদিন নিঃসৃত হ’ব পাৰে মোৰ আকাংক্ষিত সেই বিষ— মোৰ আত্ম-মগ্নতাত অভিমানী হৈ যি এদিন মোক এৰি গৈছিল।

● ● ● ●

 ফাঁচী বজাৰত কোনো এটা সন্ধ্যা গীতৰ হাতত ধৰি ঘুৰ্মুটিয়াই ফুৰিছিলো। তাইৰ আব্দাৰ পূৰাই পূৰাই চলমান জনসমুদ্ৰত ক্ষুদ্ৰ ঢৌ এটা হৈ গৈ থাকি ভাল লাগিছিল। হঠাৎ ফুটপাথৰ একোণলৈ আঙুলীয়াই দেখুৱালে গীতে। মানুহ এজনৰ হাতত সোণালী ফ্ৰেমৰ সঁজা এটাত আবদ্ধ ৰঙা জলকীয়াৰ দৰে ওঁঠৰ সেউজ ৰঙৰ এটা ভাটৌ।

 ....মোৰ স্মৃতিত বুৰবুৰণি উঠিল। প্ৰায় বিশ বছৰৰ আগৰ পিতাৰ ঘৰখন—। আগফালৰ বাৰাণ্ডাত সোণালী ৰঙৰ সঁজা এটাৰ ভিতৰত পাকঘূৰণি খাই খাই চি চিয়াই উঠিল তিতিয়ে। মোৰ আব্দাৰত দেউতাই কিনি আনি দিয়া ভাটৌটোৰ নাম আছিল তিতি। মগু, জলকীয়া, সি খাব পৰা অন্যান্য আহাৰ সঁজাটোৰ ভিতৰৰ কণমানি পাত্ৰটোত হেঁপাহেৰে ৰাখি মই তন্নতন্নকৈ লক্ষ্য কৰিছিলো তিতিক। কাৎচিতহে সি কিবা খাইছিল। পিতলৰ তাঁৰৰ মাজেৰে মূৰ উলিয়াই সি ঘুমূটিয়াই ফুৰিছিল সঁজাটোৰ ভিতৰতে। আৰু নিৰ্বোধৰ দৰে মই বাট চাইছিলো তাৰ চি চিয়নিবোৰ এদিন মাত হ’ব। মোলৈ চাই ঠোঁট লৰাই লৰাই সি ফিচফিচাই উঠিব— ‘ছায়া, ছায়া...।’ ভাবিছিলো মোৰ চৌপাশৰ নিৰ্জনতাক ভাঙি-চিঙি মোৰ কাষে কাষে উমলি ফুৰিব তিতিৰ চপল বাতুলতা।

 এদিন তিতি মৰিল। এসোঁতা কান্দি মুখ ওন্দোলাই বহি থাকোতে টুকুমামা ওলালহি। ঘটনাটো শুনি বুজালে মোক— ‘বনৰ পক্ষীয়ে সঁজাত থাকি সুখ নাপায় নহয় মাজনী। তিতিয়েও সঁজাৰ মাজত থাকি ভাল পোৱা নাছিল। মুকলি মনেৰে আকাশত উৰিবলৈ, লগৰ বিলাকৰ লগত জাক পাতি উৰি উৰি আহাৰ বিচাৰিবলৈ, গান গাবলৈ তাৰ মন গৈছিল।’ [ ৪৬ ]

 ‘মইতো তাক নিবিচাৰাকৈয়ে খাবলৈ দিছিলো।... আৰু সি ইয়াত গান গালেনো কি হয়?’ মই পুনৰ কান্দি পেলালো। ‘তোমাক যদি মা-দেউতাৰ পৰা আঁতৰাই নি ক’ৰবাত মস্ত ডাঙৰ সঁজা এটাত ভৰাই থিয়, তুমি ভালপোৱা মিঠাই, আঙুৰ, আপেল আদিৰে তোমাক বুৰাই পেলায় অথচ বাহিৰলৈ যাবলৈ নিদিয়ে— তুমি গান গাব, খাব পাৰিবা জানো?’ টুকু মামাই মোৰ মূৰত হাত বুলাই সুধিলে। মোৰ কান্দোন বাঢ়ি গ’ল।

 তিতিক মই পাহৰা নাছিলো। এতিয়াও চাৎকৈ মোৰ কথাখিনি মনত পৰিল। সেই যে সঁজাটোৰ তাঁৰৰ মাজেৰে মূৰ সুমুৱাই সুমুৱাই পাক ঘুৰণী খাই খাই ঘূৰি আছিল তিতি- সঁজাটোৰ ভিতৰত থকা তাক অহৰহ ৰিঙিয়াই আছিল এখন মুক্ত আকাশে, গছৰ সেউজীয়াই—

 মোৰ সেই নিষ্পাপ নিবুৰ্দ্ধিয়ে কেনেদৰে চেপি-খুন্দি আনিছিল নীলা আকাশত উৰি ফুৰিব বিচৰা সেউজীয়া চৰাইটোৰ মুক্তিস্পৃহাক— আৰু এয়া অসম্ভৱ বুলি জানিও কিমান ক্ষীপ্ৰতাৰে তাৰেই সুৰঙা বিচাৰি সঁজাটোৰ ঠেক পৰিসৰত অহৰহ চলমান হৈ আছিল তাৰ ক্ষুদ্ৰ শৰীৰ!

 গীতৰ হাতত ধৰি আঁতৰি আহোতে তাইক মই বহুত দিনৰ আগতে টুকুমামাই মোক কোৱা কথাখিনিকে ক’লো। কিন্তু, কি আচৰিত— গীতৰ হাতত ধৰি খোজ কাঢ়ি জনসমুদ্ৰৰ মাজেৰে গৈ থাকোতে মই নিজকে যেন দেখা পালো। মোৰ চেতনাত ছায়াচিত্ৰৰ দৰে প্ৰকট হৈ পৰিছিল সেই দৃশ্য... ধুঁৱলি-কুঁৱলি আকাশৰ তলত সোণালী ৰঙৰ এক পিঞ্জৰাত আবদ্ধ হৈ আছে ছায়া। অলকেশৰ লগত তাইক বান্ধি ৰখা অবিচ্ছিন্ন সূঁতাডাল, গীতৰ প্ৰতি উশাহৰ দৰে নিগৰি পৰা মমতা, দায়িত্ববোধ, ভৰপূৰ ঘৰ এখনৰ ভেঁটি হৈ থকাৰ মোহ আদিবোৰ পিঞ্জৰাটোৰ একো একোডাল ৰড—ইহঁতৰ মাজেৰে মূৰ উলিয়াই উলিয়াই ঘুৰ্মুটিয়াই ফুৰিছে ছায়াই। কুঁৱলিৰ ভিজা গোন্ধটো তাই পোৱা নাই। কুঁৱলিৰ সিমূৰে জোন আছে, তৰা আছে, ফুল আৰু ফুলৰ সৌৰভ আছে, আছে আকাশৰ নীলা আৰু গছৰ ভৰপুৰ সেউজীয়া—। অলপ গান আছে, একান্ত নিজা বুলি ক’ব পৰা কিছু অনুভূতি আছে, আছে আবেগ আৰু অনুৰাগৰ সেই প্ৰাচীন চহৰ। কুঁৱলিৰ আস্তৰণৰ মাজতে ঘনে ঘনে চমকি উঠিছে বিষাদৰ তড়িৎ ৰেখা অথচ বিষ হৈ তাইৰ চেতনাত লীন হ’ব পৰা নাই সেই গাজনিৰ গুম গুম শব্দৰ ঢৌ—।

 ...পিঞ্জৰাটোৰ পৰা বাহিৰলৈ ওলাই যোৱা সম্ভৱ নহয় বুলি জানিও ক্ষীপ্ৰ গতিৰে ৰডৰ মাজেৰে বাহিৰলৈ ভুমুকিয়াই পাকঘূৰণি খাই খাই ঘূৰি আছে ছায়া।❐❐