সম্ভৱতঃ/এসন্ধ্যাৰ নায়িকা

[ ৬৪ ]


এসন্ধ্যাৰ
নায়িকা


দীখন আপোনমনে বৈ আছে। বাৰিষা দুৰ্দান্ত হৈ পৰা নদীখনৰ শান্ত সমাহিত অৱয়ব সন্মুখত লৈ সৰু আটক ধুনীয়া ল’জটোৰ ওপৰমহলাৰ বাৰাণ্ডাত ওচৰা-ওচৰিকৈ বহি আছে দুজন মানুহ। কাণৰ কাষৰ চুলিত ৰূপালী ৰং লগা প্ৰায় ষাঠী- সত্তৰ বছৰীয়া মানুহগৰাকীৰ শৰীৰত বগা চিল্কৰ এখন শাৰী আৰু এখন ক’লা শ্বল। যৌৱনে শৰীৰৰ পৰা মেলানি মগাৰ পাছত এক আশ্বৰ্য স্নিগ্ধতা বিয়পি পৰিছে তেওঁৰ মুখত, দেহত। ঠিক সূৰ্য ডুবাৰ পাছত অস্তাচল জুৰি ওপঙি ৰোৱা অপৰূপ সুমথিৰাৰঙী উজ্জ্বলতাখিনিৰ দৰে। তেওঁৰ কাষৰ চোফাত এজন সমবয়সীয়া বৃদ্ধ। কৃত্ৰিম ৰঙাৰ স্পৰ্শ থকা মূৰৰ ৰূপালী চুলি পৰিপাৰ্টিকৈ ফণিওৱা। পিন্ধনত গ্ৰে ৰঙৰ চুট।

 বাহিৰৰ পৰা চালে মানুহজনক স্থিতপ্ৰজ্ঞ যেন লাগে যদিও ভালদৰে লক্ষ্য কৰিলে ধৰিব পাৰি তেওঁৰ বাহ্যিক সুস্থিৰতাৰ আঁৰত একধৰণৰ ছট্‌ফটনি মৃদুভাৱে বিয়পিবলৈ আৰম্ভ কৰিছে। ...তাৰপিছত শান্তি নিকেতনত থাকিলো অলপ দিন। তুমি জানা নহয় মোৰ বাইদেউ-ভিনদেউ নাইনিতালত আছিল। শান্তি নিকেতনৰ পৰা মই তালৈ গ’লো। বৰ ধুনীয়া ঠাই নাইনিতাল ...। সেউজীয়া আৰু সেউজীয়া ...। ঢেৰ অৰ্কিড। এবছৰৰ পাছত দেউতাৰ কথামতে এ চি এছ দিলো। তাৰ পাছত এয়া দোষী-নিৰ্দোষীৰ বিচাৰ কৰি কৰি যোৱা বছৰ অৱসৰ ল’লো।’—শেঁতা অথচ উচ্ছাসপূৰ্ণ মাত এটাৰে অৱসৰপ্ৰাপ্ত বৃদ্ধ হাকিমে কৈ গ’ল। মৃদুকৈ হাঁহিলে মানুহগৰাকীয়ে। হাঁহিলে তেওঁৰ গালত সৰুকৈ টোল পৰে। বৃদ্ধই টোলটোলৈ চালে।

 ‘তুমি বহুখিনি একে আছা।’ শেঁতা হুমুনিয়াহ এটাৰ মাজেৰে কঁপি কঁপি সৰকি আহিল বৃদ্ধৰ কণ্ঠ।

 এইবাৰ বৃদ্ধাই শ্বলখন আৰু অলপ টানি ল’লে। সৰু পাহাৰীয়া চহৰখনে সন্ধ্যাৰ পাতল এঙেৰুৱা সাজ পিন্ধিবলৈ আৰম্ভ কৰিছে।বাৰাণ্ডাৰ গ্ৰীলৰ ফাঁকেৰে দেখা পোৱা নতিদূৰৰ সেউজীয়া বননিয়ে কৃত্ৰিম পোহৰ আৰু পাতল এন্ধাৰৰ সংমিশ্ৰণত নিস্তেজ, বিষণ্ণ ৰূপ ধাৰণ কৰিছে। ব্যস্ত জনপথত কোনেও কালৈও উভতি নোচোৱা এজুম মানুহৰ [ ৬৫ ]  অহা-যোৱা।

 ‘তুমি গান গাবলৈ এৰি দিলা নেকি পৰিণীতা?’ বৃদ্ধৰ প্ৰশ্ন। বৃদ্ধা নিৰুত্তৰ হৈ থাকিল।

 ‘তুমি ভাটখাণ্ডেৰ সংগীত শিক্ষা সমাপ্ত কৰিলানে?’ পুনৰ সুধিলে বৃদ্ধই।

 এজাক বতাহ বলিছিল। মূৰটো সামান্য বেঁকা কৰি চকু মুদি বৃদ্ধাই দীঘলকৈ উশাহ ল’লে।

 ‘এই সময়খিনি মোৰ খুব প্ৰিয়। অলপ খোজ কাঢ়িবা নেকি?’ তেওঁ সুধিলে।

 উত্তৰবিহীন প্ৰশ্নবোৰ বুকুতে সামৰি লৈ বৃদ্ধ বহাৰ পৰা উঠিল। জ্ঞাতসাৰে এদিনৰ বাবেও তেওঁ কেতিয়াও পৰিণীতাৰ অনুৰোধ উপেক্ষা কৰা নাছিল। কৰিব নোৱাৰে।

 নদীখনৰ কাষৰ সৰু একা-বেঁকা পথটোৰে দুয়ো আগবাঢ়িল। টেক্সি, দুই এখন অটোৰিক্সা পাৰ হৈ গৈছে। এখন সৰু উদ্যানৰ চাপৰ পকী বেঞ্চ এখনত দুয়ো বহিল। ঠাণ্ডা বাঢ়ি আহিছিল।

 ‘মই যদি আগতে জানিলোহেঁতেন মোৰল’ৰাই তোমাৰ ছোৱালী বিয়া কৰাবলৈ ওলাইছে।’ বৃদ্ধই ক’লে।

 ‘জীৱনৰ সৰহভাগ ঘটনাই নভবাকৈয়ে ঘটি যায়। এই যে তোমাক লগ পালো এনেদৰে —ইমান দিনৰ মূৰত, এনে এটা পৰিৱেশত, মইতো কল্পনাও কৰা নাছিলো। তুমি ভাবিছিলানে?’ বৃদ্ধই সুধিলে। এইবাৰো বৃদ্ধা নিৰুত্তৰ। যেন বৃদ্ধৰ সকলো প্ৰশ্নক সজ্ঞানে উপেক্ষা কৰিবলৈ তেওঁ অংগীকাৰবদ্ধহে!

 বৃদ্ধাৰ ডাঙৰ ল’ৰা প্ৰজ্ঞানে তেওঁৰ কাষতে বহি থকা বৃদ্ধ পৰাণ বৰুৱাৰ একমাত্ৰ সন্তান ঈশাণীক এমাহ পূৰ্বে ৰেজিষ্ট্ৰি কৰি বিয়া কৰাইছে। দুয়ো মুম্বাইত থাকে, বেংকৰ চাকৰিয়াল। বিবাহৰ তথাকথিত আনুষ্ঠানিকতাত অবিশ্বাসী দম্পতিয়ে বিবাহৰ পাছত তেওঁলোকৰ অত্যন্ত সৰু পৰিয়াল দুটাৰ অভিনৱ ‘মিট’ এটাৰ ব্যৱস্থা কৰিলে — এই সৰু পাহাৰীয়া চহৰখনত। এনেদৰেই ইয়াত এতিয়া লগ হৈছে ঈশাণী, প্ৰজ্ঞান, পৰাণ বৰুৱা, পৰিণীতা আৰু পৰিণীতাৰ কণিষ্ঠ পুত্ৰ ছানী।

 বৃদ্ধাগৰাকীয়ে সোঁহাতখনেৰে দূৰলৈ আঙুলিয়াই দেখুৱালে—

 ‘দিগন্তৰ লগত আগতে ইয়ালৈ আহোতে সেই জনজাতীয় গাঁওখনলৈ গৈছিলো। সেই যে ঢিমিক-ঢামাক চাকিৰ পোহৰ জ্বলি আছে —সেইখনেই গাঁও। বেতেৰে খুব সুন্দৰ সামগ্ৰী তৈয়াৰ কৰে মানুহবোৰে। দামো সস্তা। দিগন্তই সৰু ফল্ডিং ঝুলনা এখন কিনিছিল, ছানীৰ বাবে।’

 ‘দিগন্ত ...’

 ‘অস। দিগন্ত মোৰ স্বামীৰ নাম।’

 ‘তেখেতক এবাৰ লগ পোৱাৰ ভীষণ ইচ্ছা আছিল।’

 ‘মানুহৰ সৰহভাগ ইচ্ছাই পূৰণ নহয়।

 ‘তেখেত কেনে আছিল? তুমি খুব সুখী আছিলা নিশ্চয়।’

 ‘তেখেত খুব দায়িত্ববোধসম্পন্ন লোক আছিল। প্ৰজ্ঞানে কৈছে ছাগৈ কেনেদৰে খুব কম বয়সতে তেওঁ ব্যৱসায়ত... ’ বৃদ্ধাৰ ওঁঠৰ ফাঁকেৰে হুমুনিয়াহ এটা সৰি পৰিল।

[ ৬৬ ]

 ‘ঈশাণীৰ মাক অসমীয়াৰ বিষয় শিক্ষয়িত্ৰী আছিল। ভাল চেতাৰ বজাইছিল।’ বৃদ্ধৰ বুকুৰ পৰাও উজাই আহিল বিষাদৰ দীৰ্ঘশ্বাস। প্ৰয়াত জীৱনসংগীক সুঁৱৰি মুহূৰ্তৰ বাবে আনমনা হৈ পৰিল দুয়োজন মানুহ।

 দীৰ্ঘ সময়ৰ নিৰৱতা। বৃদ্ধই নিৰৱতাৰ মাজতে বাঙ্ময় হৈ উঠা পয়ত্ৰিশ-চল্লিশ বছৰৰ পূৰ্বৰ অতীত খেপিয়াবলৈ আৰম্ভ কৰিলে....।

 বহু বছৰৰ পূৰ্বে বৰ্ষণমুখৰ সন্ধ্যা এটাত পৰিণীতাৰ সৈতে শেষবাৰৰ বাবে খোজ কাঢ়িছিল তেওঁ, এখন প্ৰশস্ত নদীৰ দাঁতিয়েদি। কিছুমান মুহূৰ্ত থাকে যি কেতিয়াবা সক্ৰিয় হৈ উঠে মানুহতকৈ, মানুহৰ মনন আৰু অনুভূতিতকৈ। সেইদিনা বিশ্ববিদ্যালয়ত আঢ়ৈটা অন্তৰংগ বছৰ অতিবাহিত কৰাৰ পাছত সমাগত হৈছিল বিদায়ৰ ক্ষণ। বাহ্যিক দৃষ্টিত এয়া আছিল নিতান্তই সাধাৰণ আৰু অনিবাৰ্য। কিন্তু, তেওঁলোকৰ নিৰ্দিষ্ট দূৰত্বৰ খোজবোৰৰ ফাঁকে ফাঁকে, শব্দৰ ৰূপ ল’বলৈ থেৰো-গেঁৰো কৰা কিছুমান অবেগৰ ফাঁকে ফাঁকে এটা অসাধাৰণ মুহূৰ্তই গঢ় লৈ উঠিছিল। অসম্ভৱ প্ৰেক্টিকেল আৰু কেৰিয়াৰ সচেতন দুই যুৱক-যুৱতীয়ে সেই মুহূৰ্তটোক হৃদয়ত থাপি লৈছিল ঠিকেই, কিন্তু সমৰ্পিত কৰা নাছিল নিজকে। হুৰহুৰাই আকাশ ফালি সৰি পৰা বৰষুণ এজাকত তিতি বুৰি দুয়ো দুটা ভিন্ন পথেৰে উভতি খোজ দিছিল নিজ নিজ আৱাসলৈ।

 ...এজাক চেঁচা বতাহে ঢৌ খেলি খেলি উমলিবলৈ ধৰিছে বৃদ্ধ পৰিণীতাৰ কৃষ্ণ- ৰূপালী চুলিৰ ভাঁজত।

 ‘কিবা কৈছা?’ বৃদ্ধৰ ফালে চাই সুধিলে তেওঁ। বৃদ্ধই অনুভৱ কৰিলে তেওঁ কিবা এটা ক’বলৈ উন্মুখ হৈ উঠিছে। অথচ কি সেই কথা তেওঁ ভাবি উলিয়াব নোৱাৰিলে।

 ‘কেতিয়াবা নিঃসংগ অনুভৱ কৰা নে তুমি?’ বৃদ্ধাৰ লাহী ওঁঠত এটা অপ্ৰত্যাশিত অথচ স্পষ্ট প্ৰশ্ন।

 ইংৰাজী ‘ইউ’ আখৰটোৰ আকৃতিত এজাক চৰাই উৰি আহিছিল। সম্ভৱতঃ ব্যস্ত এটা দিনৰ অন্তত বাহলৈ সিহঁতৰ এই সু-শৃংখলিত ওভতনি যাত্ৰা।

 ‘ওঃ কি ক’লা? নিঃসংগ?’ হো হোৱাই হাঁহিলে বৃদ্ধই। বুকুৰ ভিতৰত ৰি ৰি কৈ বাজি উঠিছে কিবা এটা। তীক্ষ্ণ, কষ্টকৰ। তেওঁৰ ক’বলৈ মন গ'ল কিদৰে ঈশাণীৰ মাকৰ মৃত্যুৰ পাছত তেওঁৰ চৌপাশৰ পৰা আত্মীয়তাৰ উচ্ছাস হেৰাই গৈছে। ইণ্ট্ৰভাৰ্ট স্বভাৱৰ মানুহজন যি এসময়ত ‘প্ৰাইভেচি’ সুৰক্ষিত কৰাৰ স্বাৰ্থত বন্ধুৰ সংখ্যাও বঢ়াব বিচৰা নাছিল, তেওঁ পৰাণ বৰুৱাই এতিয়া মানুহৰ সংগৰ বাবে ‘অ’ল্ড এইজ হোম’লৈ যোৱাৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে ...। কিন্তু নক’লে তেওঁ।

 ‘নাইতো। ঠিকেই আছো। পঢ়া-শুনা, গান এইবোৰ লৈয়ে ব্যস্ত আছো। মাজে মাজে দুই এটা ছ'চিয়েল ভিজিটো দিওঁ। ঘৰত মোৰ তিনিজন ‘মেইড’আছে। দায়িত্বশীল। ঘৰৰ মানুহৰ দৰে।

 .....কিয় সুধিলা?’

 নিৰুত্তৰ, বয়স্কা পৰিণীতালৈ চাই কথাখিনি কওঁতে কিন্তু পৰাণ বৰুৱাৰ বুকুৰ মাজত আন এটা সত্যহে ক্ৰমশঃ স্পষ্ট হ’বলৈ ধৰিলে। কেৱল এতিয়াইতো নহয়, দিব্যা —ঈশাণীৰ [ ৬৭ ] মাক জীয়াই থাকোতেওতো মাজে মাজে অদ্ভুতধৰণৰ এক অনুভৱে পুলি পোখা মেলি বহি লৈছিল তেওঁৰ বুকুত। এখন নদীৰ দাঁতিৰ বৰ্ষণমুখৰ এটা সন্ধ্যা আছিল এই অনুভূতিৰ উৎস। সেই সন্ধ্যাৰ এটা অনন্য মুহূৰ্তক অমৰ কৰি দিব পৰাকৈ সাহসী হৈ উঠিব নোৱাৰাৰ দুখে পীড়িত কৰিছে তেওঁক, নিঃসংগ কৰিছে। আজীৱন।

 ‘... তুমি ... তুমি কেতিয়াবা নিঃসংগ হোৱানে পৰিণীতা?’

 খুব কোমল, বসন্তৰ প্ৰথমজাক কিন কিন বৰষুণৰ দৰে এটা দৃষ্টি বৃদ্ধাৰ চকুত। যেন ভটিয়নি সোঁতে উটাই নি অতীতত এচাৰ মাৰি পেলাব খুজিছে পৰাণ বৰুৱাক! বৰষুণৰ গোন্ধৰ লগত মিহলি হৈ থকা খৰিকাজাঁইৰ দৰে এক স্নিগ্ধ সুগন্ধি যেন চাৰিটা দশকৰ আগৰপৰা বগুৱাবাই আহিব ধৰিছে তেওঁৰ ফালে।

 ওঁঠৰ কোনত ফটফটীয়া হাঁহি এটা বিৰিঙাই ক’লা শ্বলখনৰ তলৰপৰা দীঘল চেইন এডালত আঁৰি লোৱা হাঁহকণীৰ আকৃতিৰ এটা লকেট উলিয়াই আনিলে বৃদ্ধাই। শেঁতা লাহি আঙুলিৰ অপূৰ্ব ভংগীমাৰে লকেটটো দুভাগ কৰি বৃদ্ধক দেখুৱালে তেওঁ।

 এখনত যুৱতী পৰিণীতা আৰু আনখনত এজন সুন্দৰ উজ্জ্বল যুৱকৰ ছবি। যুৱকৰ ছবিখনলৈ ইংগিত কৰি বৃদ্ধাই ক’লে, ‘দিগন্ত – মোৰ স্বামী। তেওঁৰ স্মৃতিয়ে মোক কেতিয়াও নিঃসংগ হ’বলৈ দিয়া নাই।’

 আহত হ’ল বৃদ্ধ। প্ৰসংগ সলনিৰ প্ৰয়োজন অনুভৱ কৰিলে তেওঁ।

 ‘বিশ্ববিদ্যালয়ৰ দিনবোৰ মনত পৰেনে পৰিণীতা?’

 ‘কিছু কিছু। যিমানেই বয়স বাঢ়িছে সিমানেই মোৰ মনত শৈশৱৰ স্মৃতিবোৰহে উজ্জ্বল হৈ উঠিছে। আচৰিত কথা কি জানানে পৰাণ — এনে কিছুমান স্মৃতিৰ লগত মোৰ এটা এটা দীঘল পুৱা, সুদীৰ্ঘ আবেলি পাৰ হৈ যায় যিবোৰৰ দুবছৰৰ আগলৈকে কোনো ধৰণৰ অস্তিত্বই নাছিল।’

 পৰাণ বৰুৱাৰ মনত পৰিল মাকৰ অকাল আৰু অদ্ভুত স্মৃতিভ্ৰংশৰ বিষয়ে প্ৰজ্ঞানে এদিন কৈছিল তেওঁক।

 ‘যেনে ...?’ আগ্ৰহেৰে সুধিলে তেওঁ।

 ‘যেনে ... যেনে ধৰা হালধীয়া পখিলা এটা খেদি খেদি এদিন ওচৰৰে হাবি এখনত সোমালোগৈ। ... আৰু হঠাতে গছৰ মুঢ়া এটাত উজুটি খাই ঢেপেলা-ঢেপেল গছ এজোপাৰ ওপৰত উবুৰি খাই পৰিলো। গছজোপা চোৰাত আছিল। তেতিয়াৰ সেই যন্ত্ৰণাই পাঁচ-ছয় দশক অতিক্ৰম কৰি এতিয়াও মোৰ শৰীৰত থিত লয় জানানে! চোৰাতে ডকা কষ্টৰ মাজতে কেতিয়াবা পাৰ হৈ যায় সুদীৰ্ঘ এটা আবেলি ....’

 ‘আচৰিত। কিন্তু, তুমি সদায়েই বেছি অনুভৱী। স্পৰ্শকাতৰ। আৰু কোৱা—’

 ‘আৰু কি?’

 ‘তোমাৰ বৰ্তমান জুৰি বহি থকা স্মৃতিৰ কথা।’

 ‘... আৰু শুনিবা?’-হাঁহিলে বৃদ্ধাই। কপালৰ ভাঁজত জিলিকি উঠিল এটা প্ৰশ্নবোধক। লাহে লাহে প্ৰশ্নবোধকটো অন্তৰ্হিত হ’ল। বৃদ্ধাৰ সমগ্ৰ মুখমণ্ডলত পৰিব্যাপ্ত হ’ল স্মৃতি ৰোমন্থনৰ তৃপ্তি।

[ ৬৮ ]

 ‘... ক্লাছ ওৱান-টুৰ কথা। মোৰ সহপাঠী মজদুৰ ছোৱালী এজনীয়ে মাকে মাটিৰে সাজি দিয়া পুতলা এটা আলফুলকৈ হাতৰ মাজত লৈ মোক দেখুৱাইছিলহি এদিন। প্লাষ্টিকৰ পুতলাৰ লগত সদা-অভ্যস্ত মোৰ প্ৰচণ্ড ঈৰ্ষা হ’ল তাইলৈ। ... মাটিৰ পুতলাটো হাতত লৈ গৌৰৱত তাইৰ মুখখন পোহৰ হৈ উঠিছিল আৰু মই কি কৰিলো জানা?’ বৃদ্ধাৰ ওঁঠৰ কোনত জান- নাজান এটা হাঁহিৰ আভাস। চকুত এটুকুৰা আকাশ। মেঘময়। ... মই মাটিৰ পুতলাটো হাতত লৈ সেইটো মোহাৰি ভাঙি পেলালো, সজ্ঞানে।’

 বতাহ এছাটিয়ে গছৰ পাতৰ জিৰ জিৰ শব্দ বিয়পাই দিছিল সকলোতে। সেই শব্দৰ মাজতে বিষণ্ণ এটা সুহুৰীৰ দৰে বাজি উঠিল বৃদ্ধাৰ শেষ কথাখিনি —‘তাইৰ দুচকু পানীৰে ভৰি পৰিছিল। সজল, ৰঙা চকুহালিৰে মোলৈ অদ্ভুত দৃষ্টি এটাৰে চাই থাকি তাই দৌৰি দৌৰি গুচি গৈছিল ঘৰলৈ।

 ... এতিয়া তাইৰ বাবে, সেই মাটিৰ পুতলাটোৰ বাবে কষ্ট হয়, ভীষণ।’

 তলমূৰ কৰিলে বৃদ্ধাই, সম্ভৱতঃ কষ্ট লুকুৱাবলৈ। ঢিলা খোপাটোৰ শৃংখল ভাঙি বতাহে খেলি-মেলিকৈ উৰুৱাব ধৰিলে ক’লাৰ স্পৰ্শ থকা বৃদ্ধাৰ কেইডালমান ৰূপালী চুলি। কাতৰ হৈ পৰিল পৰাণ বৰুৱা — তেওঁ যদি বৃদ্ধাৰ বিশৃংখল চুলিখিনিত কোমলকৈ হাত বুলোৱাৰ অনুমতি পালেহেঁতেন! যদিহে বৃদ্ধাৰ শেঁতা হাতখন স্পৰ্শ কৰাৰ অধিকাৰ থাকিলেহেঁতেন তেওঁৰ!

 ‘...আৰু একো মনত নপৰে পৰিণীতা? বিশ্ববিদ্যালয়ৰ দিনবোৰ ... আমি একেলগে কটোৱা সময়খিনি ...’

 ‘তোমাক মনত আছে। নামেৰে সৈতে হয়তো আৰু দুই তিনিজনকহে মনত পেলাব পাৰিম। সকলো অস্পষ্ট ছবি এখনৰ দৰে হৈ পৰিছে। কেতিয়াবা কাৰোবাৰ মুখখন মনলৈ আহে, নাম পাহৰো। কেতিয়াবা কোনো ঘটনা বা পৰিৱেশ ৰিণিকি ৰিণিকি মনত পৰে। টুকুৰা-টুকুৰ। বিশৃংখল।’

 আশাত উজ্জ্বল হৈ উঠিল পৰাণ বৰুৱাৰ মুখ। তেনেহ’লে ... তেনেহ’লে তেওঁৰ সমস্ত জীৱন জুৰি বহি থকা এটা নিৰ্দিষ্ট মুহূৰ্তৰ স্মৃতি সজীৱ হৈ আছে নেকি পৰিণীতাৰ মনতো। জানিব লাগিব। তেওঁ জানিব লাগিব এই কথা।

 ‘ফাইনেল পৰীক্ষাৰ শেষত ঘৰলৈ একেবাৰে উভতি যোৱাৰ আগদিনা আমি বহুসময় একেলগে আছিলো। বৰষুণত খুবকৈ তিতিছিলো। মনত আছেনে তোমাৰ?’ সহজভাৱে হাঁহি খুব আশাৰে সুধিলে তেওঁ আৰু বৃদ্ধাৰ চকুত খুব গভীৰভাৱে কিবা এটাৰ সন্ধান কৰিলে। বৃদ্ধাৰ চকুদুটা জোনাকীৰ দৰে উজলি উঠিল মুহূৰ্তৰ বাবে। পিছ মুহূৰ্ততে নিষ্প্ৰভ হৈ পৰিল। পাৰ্বত্য সন্ধ্যাটোৰ দৰেই যেন বিষাদসিক্ত। সন্মতিসূচকভাৱে মূৰ দুপিয়ালে তেওঁ।

 ‘গোটেই সময়খিনি তোমাৰ মনত আছেনে পৰিণীতা?’

 ‘তুমি এ চি এছৰ প্ৰস্তুতি চলোৱাৰ কথা কৈছিলা। শাস্ত্ৰীয় সংগীতৰ বাদে আন গীতৰ ‘ষ্টেজ শ্ব’ নকৰিবলৈ কৈছিলা মোক।’

 এইখিনি কথা পৰাণ বৰুৱাই নিজে পাহৰি গৈছিল। সম্ভাৱনাৰ আশ্বৰ্য পুলকে আত্মালৈকে তেওঁক জোকাৰি গ’ল। নিশ্চয় পৰিণীতাৰ মনত আছে সকলো। নিশ্চয় তেৱোঁ বহন কৰি [ ৬৯ ]

 আহিছে সুখ-স্মৃতিৰ সেই বিষাদ-কাতৰতা, তেওঁৰ দৰেই।

 ‘আৰু ...?’

 ‘আৰু ...’ পৰিণীতাৰ দুচকুত নিৰ্ভাৰ শূণ্যতা, কণ্ঠতো। হতাশাৰ দীৰ্ঘশ্বাস এটাক ভেটা দিবলৈ প্ৰাণপনে চেষ্টা কৰিবলগীয়া হ’ল পৰাণ বৰুৱাই। হেৰাই গৈছে সম্ভাৱনা, সম্ভব্য প্ৰাপ্তিৰ আনন্দময় প্ৰতীক্ষা—। তেওঁৰ মাজত সদা জীৱন্ত এটা মুহূৰ্তক সেই মুহূৰ্তৰ নায়িকাই কেতিয়াবাই প্ৰক্ষেপ কৰিছে বিস্মৃতিলৈ।

 আচম্বিতে তেৱোঁ নিৰ্ভাৰ হৈ উঠিল।

 নাই। আৰু একো অৱশিষ্ট নাই জীৱনত। যি তেওঁৰ বাবে কঢ়িয়াই আনিব পাৰে অপাৰ নতুনত্ব। এনে কোনো ব্যক্তি নাই, যাৰ অপূৰ্ণতাৰ যন্ত্ৰণাই তেওঁক বিদ্ধ কৰিব পাৰে আমৃত্যু। সকলো সহজ। ভাৰহীন। সৰলৰৈখিক আৰু নিস্তৰংগ।

 পোন বাট এটাৰে জীৱনৰ সিপাৰলৈ নিতান্তই স্বাভাৱিকভাৱে গতিশীল হোৱাৰ আগতে শেষবাৰৰ বাবে পৰিণীতাৰ হৃদয়ত ভুমুকিয়াই চোৱাৰ ইচ্ছা হ’ল তেওঁৰ। পৰাণ বৰুৱা কাষ -চাপি আহিল পৰিণীতাৰ। বৃদ্ধাৰ শীৰ্ণ কোলাত পৰি ৰোৱা অলস হাত এখন নিজৰ হাতলৈ তুলি ল’লে তেওঁ।

 ‘পৰিণীতা, আৰু একো মনত নপৰে তোমাৰ? ... একোৱেই?’

 বলি থকা বতাহজাকৰ গতি শ্লথ হৈ পৰিছিল। ছানী থিয় হৈছিলহি তেওঁলোকৰ কাষত।

 ‘মা ... মা, কাকো নোকোৱাকৈ ইমান দূৰ আহিছা। চিন্তা নালাগে নেকি?’ বিৰক্তি আৰু উষ্মা মিহলি কণ্ঠেৰে অভিযোগ কৰিলে সি।

 পৰাণ বৰুৱাৰ হাতৰ মুঠিৰ পৰা খহি পৰিল পৰিণীতা গোস্বামীৰ অলস হাতখন, যিদৰে হাতৰ ৰিক্ত মুঠিৰ পৰা সময় খহি পৰে —গছৰ পৰা সৰি পৰে মৰহা ফুলৰ পাহি। পৰিণীতা থিয় হ’ল। ‘নোযোৱা?’ সুধিলে তেওঁক। ‘তোমালোক যোৱা। মই অলপ সময় বহিম।’ পৰাণ বৰুৱাই উত্তৰ দিলে। ইতিমধ্যে তেওঁক সৌজন্যসূচক মাত এষাৰো নিদিয়াকৈ উলটি খোজ দিবলৈ আৰম্ভ কৰিছিল ছানীয়ে।

 তেওঁৰ ফালে অলপ হালি খুব সৰুকৈ কৈ উঠিল বৃদ্ধা পৰিণীতাই—

 ‘মই পাহৰা নাই পৰাণ, ব্ৰহ্মপুত্ৰৰ পাৰত বৰ্ষণমুখৰ সন্ধ্যা এটাত তুমি মোৰ হাতত চুমা খাইছিলা। আৰু ...’

 ‘মা’— ছানীয়ে পুনৰ চিঞৰি মাতিলে।

 পৰাণ বৰুৱাই দেখিলে – বাক্যটো সম্পূৰ্ণ নকৰাকৈয়ে নিৰ্লিপ্ত খোজ এটাৰে কণিষ্ঠ পুত্ৰৰফালে আগবাঢ়ি গৈ থাকিল পৰিণীতা।❐ ❐