সপোনে আহি দিঠকত

          নোকোৱা কথা কয়

সেইহে মোৰ দিঠক গানৰ

          সুৰ যে সপোনময় ৷



দিঠকলৈ সপোন নামি

          পৃথিৱী কৰে জয়

অৰূপৰ যত সপোনবোৰে

          যুগৰ পিছত যুগে যুগে

চিৰ সুন্দৰৰ আকাশী সপোনে

          মাটিৰে পানীৰে ধুনীয়া মূৰুতি হয়,

সেইহে পৃথিৱী ইমান শুৱনী, ইমান লাৱনী,

          ইমান মনোময় ৷৷