সদস্য:যাদবেন্দ্ৰ বৰা/টেটোন তামুলি - দ্বিতীয় অঙ্ক দ্বিতীয় পট
টেটোন তামুলি |
---|
প্ৰথম অংক দ্বিতীয় অংক তৃতীয় অংক চতুৰ্থ অংক পঞ্চম অংক |
চহকী গৃহস্থৰ বৰঘৰ
গৃহস্থ – (বৰঘৰৰ দুৱাৰকেইখন ভালকৈ মৰা হৈছে নে নাই পৰীক্ষা কৰি চায়।) বোলে, হৰিণাৰ গাৰ মঙহেই শত্ৰু। মোৰো ধন-বস্তুবোৰেই কাল হ’ল। এইবোৰ আৰ্জোতে যি দুখ পাইছিলোঁ, ৰাখোতে এতিয়া তাৰ ষাঠিগুণ দুখ পাইছোঁ। ই মোৰ শোৱন-খাৱন নাইকিয়া কৰিছে। ৰাতি চিলমিলকৈ টোপনি আহিলেও, মেকুৰী-নিগনিয়ে জৰজৰালেই কাণ-সাৰ দি শুনি থাকো; বতাহত দুৱাৰে কেৰকেৰালে উঠি আহি চাও। সিদিনা ধনৰ পেৰাটো চোৰে নিবৰপৰা মোৰ দেহত তৰণি নাই। পিছদিনাই বাকীখিনি ধন কলহত ভৰাই নিজানে নিজানে নি বাৰীৰ-চুকত পুতি থ’লোগৈ। এই কথা কাকো কোৱা নাই; সিজনীকো কোৱা নাই, নকওঁ, বেৰ-চালৰো কাণ আছো! নোকোৱাকৈ মৰো যদি, ধনগুলৈয়ে পাওক; তথাপি চোৰৰ বুকুত নিদিও। (দুৱাৰৰ-ডাংকেইটা আকৌ এবাৰ হেঁচি টানকৈ মাৰি) কিমাননো পৰ্ দিম আৰু!
শোৱা-খোটালিৰ পৰা – আজি ৰাতিৰে-ৰাতিটো পহৰা দিয়ে থাকিবনে? শোৱাপাটীত নপৰো বুলিয়েই লাগিছেনেকি?
গৃহস্থ – এৰা পাটিত পৰিনো লাভ কি! তাতো কাণেৰে পহৰা দিয়াহে!
শ্ৰো – খোঃ পৰাঃ তেন্তে, দিনত শুই ৰাতি পহৰা দিবলৈ নিয়ম কৰাই ভাল। এইদৰে টোপনি খতি কৰিলে গা নাঠাৱৰে নহয়।
গৃহস্থ – হয়, নিয়মটো বেয়া নহয়। এতিয়াৰে পৰা তাকেহে কৰিব লাগিব। বাৰু, গৈছোঁ।
(দুৱাৰ-ঘৰ আকৌ চকু ফুৰাই চাই প্ৰস্থান)