সদস্য:যাদবেন্দ্ৰ বৰা/টেটোন তামুলি - চতুৰ্থ অঙ্ক প্ৰথম পট
টেটোন তামুলি |
---|
প্ৰথম অংক দ্বিতীয় অংক তৃতীয় অংক চতুৰ্থ অংক পঞ্চম অংক |
ফুকনৰ গাভৰু-টোল
(চম্পাৱতীয়ে ফুলনিত ফুল তুলি ফুৰে)
চম্পা – দেহি ঐ! এনেকৈ ফুলি আছে ফুলকেপাহি। তুলিবৰে সত্ যোৱা নাই – ছিঙ্গোতেই ই যেন কোমল ঠাৰিটিয়ে দুখ পায়! তুলি লওতেই যেন কেনেবাকৈ পাহি সৰি মাটিত পৰে! আই ঐ দেহি! সৌ ক’লীয়া ভোমোৰাটিলৈ চোৱা। গোলাপ পাহিক চুমা এটা দিবলৈ গুণগুণাই কেনেকৈ কাবৌ কৰি ফুৰিছে! দেহি, চিকুণ ক’লীয়াটিৰ প্ৰেমালাপত ফুলকেপাহি কেনেকৈ পমি যোৱাদি গৈছে! ব্ৰজৰ পোপিনীয়েহে যেন ক’লীয়া কানাইৰ বাঁহীৰ সুৰত আপোন-পাহৰা হৈছে।
(ৰংদৈৰ প্ৰৱেশ)
ৰংদৈ – এ আই! আইদেৱে আজি অকলে অকলে ফুল তুলি ফুৰিছেহি! আন ছাৰি আজি মোকো নিবিচাৰিলে।
চম্পা – অ’ ৰংদৈ?আহিছ?
ৰংদৈ – হয়, আইদেউ আহিছোঁ। কিয় আহিছোঁ তাকো সোধক তেহে আকৌ অহাৰ ওৰটো ওলায়।
চম্পা – কিয়, তইতো মোৰ কাষলৈ আহিবিয়েই। কিয় আহ, কেতিয়াবা সোধো জানো?
ৰংদৈ – নোসোধে আইদেউ। পিছে আজি নমতাকৈয়ে ওলালোহি, সেইহে।
চম্পা – আনকাল নমতাকৈ তই জানো মোৰ ওচৰলৈ কেতিয়াও নাহ?
ৰংদৈ – আহো, আইদেউ!
চম্পা – পিছে? এইবোৰনো কি বলকিছ! কিবা ক’ব লগা আছে যদি কৈ নেপেলাব নো কিয়?
ৰংদৈ – বাৰু, কও আইদেউ! এনেকৈ ডাঙৰ কথা, এনেকৈ নিচেই সৰু কথা।
চম্পা – তোৰ এবেগেতীয়া পাতনিখন মেলিব নেলাগেচোন বাৰু। কচোন, কিনো ডাঙৰ কথা, কিনো সৰু কথা।
ৰংদৈ – আইদেউ, বাটৰুৱা চেঙ্গেৰা ডেকা এটাই দুটোম সোণৰ মোহৰ ভাৰ বান্ধি লৈ ফুৰিছে। ভাৰত হেনো একলাখ এশ সোণৰ মোহৰ আছে।
চম্পা – পিছে? আমাৰ হ’ল কি?
ৰংদৈ – পিছে, আইদেউ, তাক হেনো আজি যেয়ে মনৰ জোখায় ভাত এসাঁজ খুৱাব তাকে মোহৰখিনি দি যাব।
চম্পা – (হাঁহি মাৰি) বেটী পাগলী! হেৰ, বাটৰুৱা ডেকা এটাই অতবোৰ সোণৰ মোহৰ ক’ত পাব! আৰু জানিবা পালেই এসাঁজ ভাতত এক লাখ সোণৰ মোহৰ দিবলৈ ওলোৱা বলিয়া কোন আছে?
ৰংদৈ – এ আই! আইদেৱে মিছা যেন ভাবিছে। সৌটো নহয়, ভাৰে সৈতে বাট-চ’ৰাতে বহি আছে। লাগিলে, এতিয়াই মাতি আনিবগৈ পাৰোঁ।
চম্পা – (আচৰিত হৈ মনতে) কিনো কথা বোলে! ইনো ক’ৰ বাটৰ বলিয়া ওলালহি! (ফুটাই) বাৰু, চাওৱেইচোন আন মাতি বুলনিলৈকে। ময়ো গৈছো তালৈকে।
ৰংদৈ – ভাল আইদেউ! মই এতিয়া আনোগৈ মাতি। আপুনি বুলনিতে বহকগৈ।
(দুইৰো দুফালে প্ৰস্থান)