সংস্কৃতি আৰু অৰ্থনীতিৰ
সংস্কৃতি আৰু অৰ্থনীতিৰ
প্ৰাণৰ গোপন কথা
গানৰে মই
কবিতাৰে কম
বৈজ্ঞানিকৰ চকুৰ মণি
মোৰ মনলৈ আনি
সুন্দৰৰ এই বৰ ধেমালিৰ
তত্ত্ব বুজি ল’ম ৷
সংস্কৃতি হ’ল
আনন্দৰ ফুল
নাই তাৰ তুল
সি নহয়.... কবি-জীৱনৰ
জিক্মিকোৱা
চিক্মিকোৱা পখিলা পখিয়া ভুল ৷
অৰ্থনীতি সেন্দুৰীয়া ফল
তাতে থাকে ভোকৰ পিয়াহৰ জল....
সংস্কৃতি আৰু অৰ্থনীতি.....
ইটোৰ বুকুত সিটো সোমাই
দুয়ো পোহৰলৈ ওলাই গ’ল
পুন:পৌনিক দশমিকৰে
পাৰস্পৰিক চিৰজীৱনৰে
মানুহৰ এই
প্ৰকাশ বিকাশ
কৰিছে সফল ৷
সংস্কৃতি ফুলত থাকে, অৰ্থনীতিৰ গুটি
বাস্তৱত মাটিত পৰি
গজে ফুটি ফুটি
অৰ্থনীতিৰ ফলত থাকে মানৱ সংস্কৃতিৰ
হেজাৰ বিজাৰ আটকধুনীয়া
নানা বৰণীয়া ফুল
গোন্ধত কৰে বিশ্ব আমোলমোল
ঢৌৱাই বোৱাই মহানন্দৰ সুঁতি
জ্বলাই কত জ্যোতি ৷
ফলত থাকে ফুল
ফুলত থাকে ফল বুলি জানিলোঁ নিৰ্ভুল ৷৷