ষ্ট্ৰিম লাইনড্‌ কাৰ

 ষ্ট্ৰিম লাইনড্‌ সৌ ধুনীয়া আলিত

এফ্‌ছলট্‌ দিয়া নিমজ আলিত

বৰ বেগেৰে যাব পৰা

আঁক-বাক অজগৰ সাপটোৰ দৰে

পিছলি যোৱাদি যায় ।

দেখিবলৈ ধুনীয়াও

চেপে বুলি ভয়ো লাগে ।

তাৰ কোলাত উঠি যি যায়

সিহঁতে ছফুটিয়া স্প্ৰিঙৰ গাদীত

খুউব আৰাম পায় ।

সিহঁতে তাত উঠিলে নিজকে দেৱতা যেন ভাৱে,

বাটৰুৱা যোজ কাঢ়ি যোৱা মানুহৰ গাত

সিহঁতৰ মটৰৰ চকাই চেৰেক্‌কৈ

বোকা-পানী মাৰি গ’লে সিহঁতে আমোদ পায় ।

সেই মটৰখনে সাপে মতাদি কেঁট্‌কৈ মাতি

বাটৰ জনতাৰ মাজেদি বাট বিচাৰিলে

জনতা ছিটিকি উফৰি আঁতৰি যায় ।

ধুনীয়া মটৰখন দেখি ভালো পায়,

সিঁহতে খঙো খায় ।



চিক্‌মিক্‌ চাক্‌মাক্‌কৈ মটৰখন আহিল,

তেনেই লেটেষ্ট্‌ মডেলৰ

চৌধ চিলিণ্ডাৰৰ মটৰখন...

হঠাৎ দেখোন মটৰখন ৰৈ যায় ;

আৰোহীবোৰ জোকাৰ খাই উঠিল,

ওচৰৰ এজুম জনতা লৰি আহিল,

মটৰখন চাবলৈ

কেনেকুৱা নতুন গাড়ী

মটৰখন চাৰিওফালৰ পৰা বেঢ়ি

কিছুমানে আহি ভিতৰলৈ জুমাজুমি কৰিলে ।

গাড়ীত উঠি অহা শকত মানুহজনৰ উঠিল খং

চকু টেলেকাকৈ লেতেৰা সুদা গাৰে থকা

মানুহবোৰক হুকি মাৰি ক’লে---

“এই ভূত বুৰ্ব্বকচব ! মটৰ-গাড়ী দেখা নাই ?

কি চাবলৈ আহিছ ? ভাগ, ভাগ, ভাগ !

হেই হেই ল’ৰা, কেলেই গাড়ীখন ছুইছ ?

কটা বোকাই-ছোকাই আহি গাড়ীখনত

হাত দিছেহি ?”

মানুহবোৰ সেমেনাসেমেনি কৰি

আঁতৰি দূৰলৈ গ’লগৈ ।

সৰু সৰু ল’ৰা দুটাই সিহঁতৰ

গোটেই গাটো মটৰৰ চিক্‌মিকীয়া বডি দেখি

ৰং পাই হুকিলৈ মন নকৰি আছিল ধেমালিকৈ,

হেণ্ডিমেনটো নামি দুয়োটাকে ঠলামুৰি মাৰি

পঠিয়ালে দূৰলৈ ।

সিহঁতেও আমনজিমনকৈ

দূৰৈৰ খাৱৈৰ পাৰত ৰৈ থাকিলগৈ ।

কিছুপৰ ড্ৰাইভাৰটোৱে

মটৰখনৰ ইঞ্জিনটো চাই

বস্তা এখন পাৰি তলত লেধাই সোমাই

পিছত ওলাই আহিল ।

ষ্ট্ৰেয়াৰিঙত বহি ছেলফ্‌ষ্টাৰ্টাৰ চলাই

গাড়ী চলাব নোৱৰা হ’ল ।

গাড়ীত উঠি অহা শকতজনৰ মুখত বিৰক্তি

কপালত ঘাম আৰু চকুত খং !

কি গাড়ীবোৰ উলিয়াইছে আজিকালি

আমেৰিকানবোৰ ঠগ্‌ হ’ল !

ওঠৰ হেজাৰকৈ দাম লৈ দুদিনতে

বেয়া হোৱা গাড়ীবোৰ দি ঠগিছে,

“ড্ৰাইভাৰ ! কি হ’ল, কি হ’ল ?”

ড্ৰাইভাৰে মূৰ খজুৱাই ক’লে –

“দেউতা ! একো হোৱা নাই,

অলপ বেটাৰীটো কমি গৈছে...

                   ছেলফ্‌টো নচলে ।”

শকতজনে খঙত ক’লে ---“হেণ্ডেল মাৰা”

ড্ৰাইভাৰ উঠি গৈ হেণ্ডেল মাৰিবলৈ লাগিল,

হেণ্ডেল মাৰি ড্ৰাইভাৰ ভাগৰি পৰিল

আৰু হাত নচলে ।



ড্ৰাইভাৰে ছিটত বহি ক’লেহি—

“দেউতা ! গাড়ীখন ঠেলিলেহে ষ্টাৰ্ট হ’ব ।”

শকতজনে সদৰ্পে দূৰত ৰৈ থকা জনতালৈ

চাই ক’লে – “হেই মানুহবোৰ ! আহাঁচোন আহাঁ

গাড়ীখন অলপ ঠেলি দিয়াঁহি ।”

মানুহবোৰ একো নমতাকৈ ৰৈ থাকিল ।

শকতজনে মানুহবোৰক আকৌ মাতিলে—

“হেৰা আহাঁচোন

হেঁচা এটা মাৰি দিয়াহি ।”

এইবাৰ মানুহবোৰ হঠাতে আলিৰ পৰা নামি

গাঁৱলৈ সোমাই গ’ল ।

শকতজনে চিঞৰিলে—

“হে’ৰা, হে’ৰা মানুহবোৰ ! আহাঁ

টকা দহটা দিম, আহাঁ, আহাঁ...

দিম আহাঁ... আহাঁ...।”

... মানহবোৰ আঁৰ হৈ নেদেখা হৈ গ’ল

কোনো উভতি নাহিল ।