শ্ৰীমদ্ভগৱদগীতা/পঞ্চম অধ্যায় – সন্ন্যাসযোগ


অৰ্জ্জুন উৱাচ -

সন্ন্যাসং কৰ্ম্মণাং কৄষ্ণ পূনৰ্যোগঞ্চ শংসসি |
যচ্ছ্ৰেয় এতয়োৰেকং তম্মে ব্ৰৄহি সুনিশ্চিতম || ১

অৰ্জ্জুনে ক’লে - হে কৄষ্ণ, তুমি কৰ্ম্মত্যাগ (সন্ন্যাস) আৰু কৰ্ম্মযোগ উভয়কে প্ৰ্শংসা কৰিছা | এই দুয়োটাৰ ভিতৰত কোনটো উত্তম মোক নিশ্চিতকৈ কোৱা |

শ্ৰীভগৱান উৱাচ -

সন্ন্যাস কৰ্ম্মযোগশ্চ নি:শ্ৰেয়সকৰাবুভৌ |
তয়োস্ত কৰ্ম্মসন্ন্যাসাত্‍ কৰ্ম্মযোগো বিশেষ্যতে || ২

ভগৱানে ক’লে - সন্ন্যাস আৰু কৰ্ম্মযোগ উভয়েই মোক্ষ দায়ক, কিন্তু এই দুয়োটাৰে ভিতৰত কৰ্ম্মযোগ সন্ন্যাসযোগতকৈ শ্ৰেষ্ঠ |

জ্ঞেয়: স নিত্যসন্নাসী যো ন দ্বেষ্টি ন কাঙ্ক্ষতি |
নিৰ্দ্বন্ধো হি মহাবাহো সুখং বন্ধ্যাত্‍ প্ৰমুচ্যতে || ৩

হে মহাবাহো, যিজনে দ্বেষ নকৰে, আকাঙ্ক্ষা নকৰে, সুখ-দুখাদি দ্বন্দ্বৰ অতীত, সেই জন (কৰ্ম্ম কৰিলেও) নিত্য সন্ন্যাসী | তেওঁ অনায়াসে কৰ্ম্ম বন্ধনৰ পৰা মুক্ত হয় |

সাংখ্যযোগৌ পৃথগ ৱালা: প্ৰৱদন্তি ন পণ্ডিতা: |
একমপ্যাস্থিত: সম্যণ্ডভয়োৰ্ব্বিন্দতে ফলম || ৪

যি সকলে শাস্ত্ৰৰ মৰ্ম্ম নুবুজে তেওঁলোকেহে সাংখ্য (কৰ্ম্ম সন্ন্যাস) আৰু যোগ পৃথক বুলি কয় | সাংখ্য বা কৰ্ম্মযোগ, ইয়াৰ যিকোনো এটা সম্যক অনুষ্ঠিত হলেহে উভয়ৰে ফল মোক্ষ লাভ হয় |

য্ত্‍ সাংখৈ: প্ৰাপ্যতে স্থানং তদযোগৈৰপি গম্যতে |
একং সাংখ্যঞ্চ যোগঞ্চ য: পশ্যতি স পশ্যতি || ৫

সাংখ্যযোগী বা কৰ্ম্ম সন্ন্যাসীয়ে যি স্থান লাভ কৰে কৰ্ম্মসন্ন্যাসীয়েও সেই একেই স্থানহে লাভ কৰে | সাংখ্য আৰু যোগক যি একে (পৰস্পৰে পৰিপুৰক) বুলি দেখে, তেঁৱেই যথাৰ্থ দৰ্শী বা তত্বজ্ঞানী |

সন্ন্যাসস্ত মহাবাহো দু:খমাপ্তু মযোগত: |
যোগযুক্তো মুনিৰ্ব্ৰক্ষ্মন চিৰেণোধিগচ্ছতি || ৬

হে মহাবাহো, কৰ্ম্মযোগ ব্যতিৰেকে সন্ন্যাস লাভ নিতান্ত দুখজনক, কিন্তু কৰ্ম্মপ্ৰৰায়ণ মনস্বী লোকে (চিত্ত শুদ্ধিহেতু) অচিৰে ব্ৰক্ষ্মপদ প্ৰাপ্ত হয় |

যোগযুক্তো বিশুদ্ধাত্মা বিজিতাত্মা জিতেন্দ্ৰিয়: |
সৰ্ব্বভূতাত্মভূতাত্মা কুৰ্ব্বন্নপি ন লিপ্যতে || ৭

যি কৰ্ম্মযোগত নিৰল হৈয়ো বিশুদ্ধ চিত্ত হৈ আছে, অন্ত:কৰণ আৰু ইন্দ্ৰিয়সমূহক জয় কৰিছে, যি সৰ্ব্বভূততে নিজ আত্মাৰ স্বৰূপ দেখে, তেওঁ কৰ্ম্ম কৰিও কৰ্ম্মত লিপ্ত নহয় |

নৈৱ কিঞ্চিত্‍ কৰোমীতি যোক্তো মন্যেত তত্ত্বৱিত্‍ |
পশ্যন শৃণ্বন স্পৃশন জিঘ্ৰন্নশন গচ্ছন স্বপন শ্বসন || ৮
প্ৰলপন বিসৄজন গৃহুন উন্নিষন্নিমিষন্নপি |
ইন্দ্ৰিয়াণীন্দ্ৰিয়াৰ্থেষু বৰ্ত্তন্ত ইতি ধাৰায়ন || ৯

দৰ্শন, শ্ৰবন, স্পৰ্শ, আঘ্ৰাণ, ভোজন, গমন, নিদ্ৰা, শ্বাস, কথন, ত্যাগ, গ্ৰহণ, উন্মেষ, নিমেষ আদি সকলো কৰ্ম্ম কৰিও তত্বজ্ঞানী কৰ্ম্মযোগী পুৰুষে ’ইন্দ্ৰিয়বোৰে ইন্দ্ৰিয়ৰ বিষয়সমূহ প্ৰৱৰ্ত্তিছে’ বুজি নিজে ’মই একোৱেই কৰা নাই’ বুলি বিবেচনা কৰে |

ব্ৰক্ষ্মণ্যাধায়ং কৰ্ম্মাণি সঙ্গং ত্যক্ত্বা কৰোতি য: |
লিপ্যতে ন স পাপেন পদ্মপত্ৰমিৱান্তসা || ১০

যেনেকৈ পানীত থাকিও পদুমৰ পাত পানীত নিতিতে, সেইদৰে সকলো কৰ্ম্ম ঈশ্বৰত অৰ্পণ কৰি অনাসক্ত হৈ কৰ্ম্ম কৰা জনক পাপে স্পৰ্শ কৰিব নোৱাৰে |

কায়েন মনসা বুদ্ধ্যা কেৱলৈৰিন্দ্ৰিয়ৈৰপি |
যোগিন: কৰ্ম্ম কুৰ্ব্বন্তি সঙ্গং ত্যক্ত্বাত্মশুদ্ধয়ে || ১১

যোগীসকলে আসক্তিশূণ্য হৈ চিত্ত শুদ্ধিৰ কাৰণে শৰীৰ, মন, বুদ্ধি আৰু কেৱল ইন্দ্ৰিয়ৰ দ্বাৰা হলেও কৰ্ম্ম কৰে |

যুক্ত: কৰ্ম্মফলং ত্যক্ত্বা শান্তিমাপ্নোতি নৈষ্ঠিকীম |
অযুক্ত: কামকাৰণে ফলে সক্তো নিবধ্যতে || ১২

কৰ্ম্মযোগীয়ে কৰ্ম্মফলৰ আকাঙ্খা নকৰে বাবে চিৰশান্তি লাভ কৰে | কিন্তু যি কৰ্ম্মযোগী হব পৰা নাই, তেওঁৰ ফলত আসক্তি থকা বাবে কামনাৰ দ্বাৰা আৱদ্ধ হয় |

সৰ্ব্বকৰ্ম্মাণি মনসা সংন্যস্যাস্তে সুখং বশী |
নৱদ্বাৰে পুৰে দেহী নৈৱ কুৰ্ব্বন ন কাৰয়ন || ১৩

সংযমী পুৰুষে মনেৰে সকলো কৰ্ম্ম ঈশ্বৰত সমৰ্পণ কৰি নিজেও একো নকৰি আনৰ দ্বাৰাইও একো নকৰাই নৱদ্বাৰ বিশিষ্ট এই দেহত সুখেৰেই বাস কৰে |

ন কৰ্ত্তৄত্বং ন কৰ্ম্মাণি লোকস্য সৄজতি প্ৰভু: |
ন কৰ্ম্মফলসংযোগং স্বভাৱস্তু প্ৰৱৰ্ত্ততে || ১৪

সৰ্ব্ব নিয়ন্তা ঈশ্বৰে মানুহৰ কৰ্ত্তৄত্ব বা কৰ্ম্মত্ব সৄষ্টি কৰা নাই | কৰ্ম্মফল লাভো মানুহৰ আয়ত্তাধীন নহয়, কিন্তু স্বভাৱেই জীৱক কৰ্ম্মত প্ৰবৃত্ত কৰায় |

নাদত্তে কস্যচিত্‍ পাপং ন চৈৱ সুকৄতং বিচু: |
অজ্ঞানেনাবৄতং জ্ঞানং তেন মুহ্যন্তি জন্তৱ: || ১৫

সৰ্ব্বব্যাপী ঈশ্বৰে কাৰো পাপ বা কাৰো পুণ্য গ্ৰহণ নকৰে | (কাৰণ স্বভাৱজাত সংস্কাৰৰ বশীভুত হৈ জীৱই কৰ্ম্মত আসক্ত হৈ তাৰ ফল পাপ বা পুণ্য ভোগ কৰে |) অজ্ঞানৰ দ্বাৰা জ্ঞান আচ্ছাদিত হৈ আছে বাবে জীৱ মোহগ্ৰস্ত হয় | (নিজৰ কৰ্ত্তৄত্ব বা নিজৰ কৰ্ম্ম বুলি অভিমান কৰে |)

জ্ঞানেন তু তদজ্ঞানং যেষাং নাশিতমাত্মন: |
তেষামাদিত্য্ৱজজ্ঞানং প্ৰকাশয়তি তত্‍পৰম || ১৬

আত্মজ্ঞানৰ দ্বাৰা যিজনৰ সেই প্ৰকৄত অজ্ঞান নাশ হৈছে, সেইজনৰ সেই জ্ঞানে সূৰ্য্যৰ দৰে পৰব্ৰক্ষ্মক প্ৰকাশিত কৰে |

তদবুদ্ধয়স্তদাত্মাদস্তন্নিষ্ঠাস্তত্‍পৰায়ণা: |
গচ্ছন্ত্যপুনৰাবৄত্তিং জ্ঞাননিৰ্ধুতকল্মষা: || ১৭

সেই পৰমাত্মাত যাৰ বুদ্ধি নিবিষ্ট সেই পৰমাত্মাতে যাৰ জীৱভাৱ, সেই পৰমাত্মাতে যি স্থিতিলাভ কৰে, সেই পৰমাত্মাই যাৰ আশ্ৰয়, আত্মজ্ঞানৰ দ্বাৰা যাৰ পাপ সমুলাঞ্চে নষ্ট হৈছে, সেই পুৰুষে সংসাৰলৈ পুনৰাগমন কৰিব লগা নহয় | (অৰ্থাত্‍ বিষ্ণুৰ পৰম পদ বা মোক্ষ লাভ কৰে |)

বিদ্যাবিনয়সম্পন্নে ব্ৰাক্ষ্মণে গৱি হস্তিনি |
শুনি চৈৱ শ্বপাকে চ পণ্ডিতা: সমদৰ্শিন: || ১৮

আত্মজ্ঞানী পুৰুষে বিদ্যাবিনয়ী ব্ৰাক্ষ্মণ, গৰু, হাতী, কুকুৰ আৰু চণ্ডাল এই সকলোকে সমান চকুৰে চায় | (কাৰণ তেওঁলোকে বুজে - সংসাৰত কাৰো স্বাতন্ত্ৰ নাই | ঈশ্বৰৰ প্ৰেৰণাত সকলোৱে স্বভাৱ বা কৰ্ম্মজন্যসংস্কাৰ অনুযায়ী কাম কৰিছে |)

ইহৈৱ তৈৰ্জিত: সৰ্গো যেযা: সাম্যে স্থিক্তং মন: |
নিৰ্দ্দোষং হি সমং ব্ৰক্ষ্ম তস্মাদ ব্ৰক্ষ্মণি তে স্থিতা: || ১৯

সমদৰ্শী পুৰুষে এই জন্মতে সংসাৰ জয় কৰে (মুক্ত হয়) | ব্ৰক্ষ্ম সকলোতে সমভাৱে অৱস্থিত | ব্ৰক্ষ্মক কোনো দোষে স্পৰ্শ কৰিব নোৱাৰে | আত্মতত্ত্বজ্ঞ পুৰুষে ব্ৰক্ষ্মতে স্থিতি লাভ কৰা হেতুকে তেওঁকো পাপ পুণ্য আদি একো দোষে স্পৰ্শ কৰিব নোৱাৰে |

ন প্ৰহৄষ্যেত্‍ প্ৰিয়ং প্ৰাপ্য নোদ্বিজেত্‍ প্ৰাপ্য চাপ্ৰিয়ম |
স্থিৰবুদ্ধিৰসংমূঢ়ো ব্ৰক্ষ্মৱিদ ব্ৰক্ষ্মণি স্থিত || ২০

ব্ৰক্ষ্মত প্ৰতিষ্ঠিত, নিশ্চয়াত্মিকা বুদ্ধিযুক্ত মোহগ্ৰস্ত নোহোৱা ব্ৰক্ষ্মজ্ঞ পুৰুষে প্ৰিয় বস্তু পালেও উদ্বিগ্ন হৈ নপৰে |

বাহ্যস্পৰ্শেষৄসক্তাত্মা বিন্দত্যাত্মনি যত্‍ সুখম |
স ব্ৰক্ষ্মযোগযুক্তাত্মা সুখমক্ষয়মশ্লুতে || ২১

ইন্দ্ৰিয় গ্ৰাহ্য বাহ্য বিষয়সমূহৰ উপভোগত অনাসক্ত পুৰুষে নিজ আত্মাত যি সুখ লাভ কৰে সেই পুৰুষে ব্ৰক্ষ্মৰ লগত যোগযুক্ত (সৰ্ব্বত্ৰ ব্ৰক্ষ্মদৰ্শী) হৈ অক্ষয় সুখ উপভোগ কৰে |

যে হি সংস্পৰ্শজা ভোগা দু:খযোনয় এৱ তে |
আদ্যন্তৱন্ত: কৌন্তেয় ন তেষু ৰমতে বুধ: || ২২

হে অৰ্জ্জুন, বিষয় আৰু ইন্দিয় সম্বন্ধ জনিত যি ভোগ সুখ সেই সমুদায় দুখৰ কাৰণ স্বৰূপ, কাৰণ সেই সুখ ক্ষণস্থায়ী | সেই কাৰণে জ্ঞানী পুৰুষে এনে অনিত্য সুখৰ অনুৰাগী নহয় |

শক্নোতীহৈৱ য: সোঢুং প্ৰাক শৰীৰৱিমোক্ষণাত্‍ |
কামক্ৰোধোদ্ভৱং দেগং স যুক্ত: স সুখী নৰ: ||২৩

যি জীৱদ্দশাতে কাম ক্ৰোধ জনিত প্ৰৱল উত্তেজনা সহ্য কৰিব পাৰে তেৱেঁই যোগী, তেৱেঁই প্ৰকৄত সুখী |

যোত্‍স্ত:সুখোত্‍ন্তৰাৰামস্তথান্তৰ্জ্যোতিৰেৱ য: |
ন যোগী ব্ৰক্ষ্মানিৰ্ব্বাণং ব্ৰক্ষ্মভুতোত্‍ ধিগচ্ছতি || ২৪

যি অন্তৰাত্মাতে সুখ পায়, অন্তৰাত্মাতে ক্ৰীয়া কৰে আৰু অন্তৰাত্মাই যাৰ ওচৰত জ্যোতি ৰূপে প্ৰকাশমান, সেই জনেহে যোগী | তেওঁ ব্ৰক্ষ্মৰ লগত অভেদ ৰূপে ব্ৰক্ষ্মতে লয় হয় |

লভন্তে ব্ৰক্ষ্মনিৰ্ব্বাণমৄষয়: ক্ষীণকল্মাষা: |
ছিন্নদ্বৈধা যতাত্মান: সৰ্ব্বভূতহিতে ৰতা: || ২৫

যাৰ সকলো পাপ ক্ষয় হৈছে, যাৰ সকলো সংশয় ছেদ হৈছে আৰু চিত্তবৄত্তি সংযত হৈছে, যি সকলো প্ৰাণীজগতৰ মঙ্গলসাধন ব্ৰতত ব্ৰতী, তেনে ৠষিসকলে ব্ৰক্ষ্মনিৰ্ব্বাণৰূপ মোক্ষ লাভ কৰে |

কামক্ৰোধবিযুক্তানাং যতীনাং যতচেতসাম |
অভিতো ব্ৰক্ষ্মনিৰ্ব্বাণং ৱৰ্ত্ততে ৱিদিতাত্মানাম || ২৬

কামক্ৰোধৰহিত, সংযতচিত্ত আৰু আত্মতত্বজ্ঞ ৠষিসকলৰ জীৱিত বা মৄত উভয় অৱস্থাতে ব্ৰক্ষ্মনিৰ্ব্বাণ লাভ হয় |

স্পৰ্শান কৄত্বা বহিৰ্ব্বাহ্যাংশ্চক্ষুশ্চৈৱান্তৰে ভ্ৰুৱো: |
প্ৰাণাপানৌ সমৌ কৄত্বা নাসাভ্যন্তৰচাৰিণৌ || ২৭
যতেন্দ্ৰিয়মনোবুদ্ধিৰ্মু নিৰ্ম্মোক্ষপৰায়ণ: |
ৱিগতেচ্ছাভয়ক্ৰোধো য: সদা এৱ স: || ২৮

ৰূপৰসাদি বাহ্য বিষয়ক চিন্তা মনৰ পৰা দূৰ কৰি ভ্ৰুদ্বয়ৰ মাজত দৄষ্টি স্থিৰ ৰাখি নাসিকাৰ মাজত বিচৰণ কৰা প্ৰাণ, অপাণ বায়ুৰ গতিৰ সমতা ৰক্ষা কৰি, ইন্দ্ৰিয়, মন বুদ্ধিক সংযত কৰি ইচ্ছা, ভয়, ক্ৰোধৰ পৰা মুক্ত হৈ যি জন মোক্ষপৰায়ণ হৈছে, তেওঁ নিত্য মুক্ত |

ভোক্তাৰং যজ্ঞাতপসাং সৰ্ব্বলোকমহেশ্বৰম |
সুহৄদং সৰ্ব্বভূতানাং জ্ঞাত্বা মাং শান্তিমৄচ্ছতি || ২৯

মোকে (ঈশ্বৰকে) সকলো যজ্ঞ আৰু তপস্যাৰ ভোক্তা, সকলোৰে নিয়ন্তা, সকলোৰে সুহৄদ বুলি জ্ঞান হ’লে সেই পুৰুষে শান্তি লাভ কৰে |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
সন্যাসযোগো নাম পঞ্চমোত্‍ধ্যায়: ||