শ্ৰীকৃষ্ণৰ শতনাম

শ্ৰীকৃষ্ণৰ শতনাম

মাধৱে বোলন্ত কহোঁ স্বৰূপ তোমাত ।
মই নাপাওঁ অন্ত মোৰ নাম অসংখ্যাত ॥
অল্পে সাধে গতি বিস্তৰত কোন কাম ।
লোকত প্ৰসিদ্ধ যিটো মোৰ নামচয় |
দেওঁ তাৰ লেখ শুনা সখি ধনঞ্জয় ||

শ্ৰীকৄষ্ণ শঙ্কৰ সদাশিব সনাতন |
পীতাম্বৰধাৰী বিষ্ণু জিষ্ণু জনাৰ্দ্দন ||
গোবৰ্দ্ধনধাৰী মধুমথন ঈশ্বৰ |
বেণু বাদ্যবিশাৰদ দেৱ গদাধৰ ||
যশোদানন্দন নন্দগোপৰ কুমাৰ |
কেশৱ কমলানাথ প্ৰথম সংহাৰ ||
ভাস্কৰ পুণ্ডৰীকাক্ষ বিভু বিশ্বম্ভৰ |
দৈৱকীনন্দন হৰি নিষ্কিঞ্চন ধন |
বৈকুন্ঠ কমলাকান্ত নাথ নাৰায়ণ ||
জয়তু পবিত্ৰ পাৰিজাত অপহাৰী |
বিশ্বমূৰ্তি ৰামচন্দ্ৰ কামন কংসাৰী ||
অনন্ত অচ্যুত অঘাসুৰবিমোচক |
কিৰিটি-কুণ্ডলধাৰী ত্ৰিপুৰ অন্তক ||
শ্ৰীপতি পৰম আত্মা পুৰুষ উত্তম |
ত্ৰৈলোক্যতাৰক ত্ৰিনয়ন ত্ৰিবিক্ৰম ||
ৰুক্মিণী ৰমণ জ্ঞান ৰত্নেশ্বৰ গুৰু |
সত্যভামা-বল্লভ ভকত কল্পতৰু ||
চিদানন্দ সদানন্দ দৈৱকী নন্দন |
চেতনাজীৱহাৰী বিৰিঞ্চি বন্দন ||
গোবিন্দ গৰুড়ধ্বজ অজন যাদব |
মধুমোৰ ৰিপুৰাম প্ৰিয়দ মাধৱ ||
যোগীধ্যানপ্ৰদ বলভদ্ৰ প্ৰিয়ানুজ |
চাৰু ধনশ্যাম চক্ৰপাণি চতুৰ্ভুজ ||
দানৱগঞ্জন নিৰাকাৰ নিৰঞ্জন |
হৄষীকেশ শিৱ শৌনি শকত ভঞ্জন ||
সৰ্ব্বদেৱময় মহামৄত্যুঅস্তকাৰী |
বৄষভবিধ্বংসী বিধু বামণ বকাৰি ||
সুৰবৄক্ষ ব্ৰক্ষ্ম বাসুদেৱ বিশ্বেশ্বৰ |
কালিয়মৰ্দ্দন দেৱ দেৱ দামোদৰ ||
জগত ব্যাপক পুণ্যজনক চৰিত্ৰ |
জগতজনক জগন্নাথ জিতামৃত ||
গোবিন্দ অনাথসিন্ধু উপেন্দ্ৰ গোপাল |
জীৱৰ জীৱন বনমালী মহাকাল ||
ভকতবৎসল ক্লেশ -কলুষ-মোচন |
শ্ৰীবৎসলাঞ্চন কৃষ্ণ কমললোচন ||
পুৰাণ পুৰুষ পুণ্য শ্ৰৱণ-কীৰ্ত্তন |
দুৰন্ত দয়ালু দেৱ দাৰিদ্ৰ ভঞ্জন ||
পদ্মনাথ শম্ভু বিভু প্ৰভু ভগৱন্ত |
কতেক কহিবো মোৰ নাম অপৰ্য্যস্ত ||
একো একো নাম মোৰ জগত উদ্ধাৰ |
স্মৰণতে কৰে পাপ সমূহ সংহাৰ ||
যেনমতে সিংহসৱে গৰ্জ্জে মহাৰাগে |
কোন ক্ষুদ্ৰ পতঙ্গ পাতেক তাৰ আগে ||
যাৰ নাম জানা সখি বাড়ব অগনি |
চাতক শুকান বন লাগে তাত চনি ||
তেওঁ অনুকুল মই প্ৰচন্ড বতাস |
কলেক নালাগে দহি কৰো সৰ্ব্বনাশ ||
কৄষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম |
কৄষ্ণ-শতনামৰ স্মৰি বোলা ৰাম ৰাম ||