সৃষ্টিৰ পুৱাতে ৰূপ পাই

বন্দনা কৰিলোঁ বিশ্বব্যাপী সৌন্দৰ্য্যক ।

আঁকিলো অৰুণ ৰঙা বেলি ।

আঁকিলো সন্ধিয়াৰ, বৰ্ণ খেলিমেলি

আঁকিলো আকাশৰ তৰাৱলী ।

পূৰ্ণিমাৰ জোন আৰু নৱেন্দু সুন্দৰ

আৰু নীলোধি মালাৰে সাগৰ,

লিখিলোঁ পটত মোৰ

ধুনীয়া নিজৰা--- ফেনে-ফোটোকাৰ,

জান-জুৰি কত নৈ,

মহানদ-নদী

খৰস্ৰোতা দুৰ্ব্বাৰ ।