শিল্পী তোৰ মনত আছিল

শিল্পী তোৰ মনত আছিল

ন জীৱনৰ ছবি

শিল্পী তোৰ প্ৰাণত আছিল

ন সপোনৰ কবি

ছবিয়ে কবিয়ে সখি পতাই

একেটি হৈ ৰ’ল

এটি জ্যোতি হ’ল ৷


ছবি অঁকা শিল্পী কবিৰ গান শুনিবি

পৃথিৱীৰ যি নুফুলি আছ শিয়ঁৰি ফুলিবি ৷


আজি, ফুলিবলৈ নোপোৱাৰ বসন্ত চুমা মাগক ৷৷