শিল্পীদলৰ ফুলসবাহ

শিল্পীদলৰ ফুলসবাহ

ফুলৰ মৰম কোনে বুজি পাৱ

আহ্‌ সুৰে সোনকালে আহ্‌ ৷


তাত সুৰে ৰূপ ধৰা চাবি

নতুন গানক লগ পাই

তাতে তয়ো গৈ

প্ৰাণতে মৰহা

মনতে মৰহা

কথাটি গানেৰে গাবি ৷

তোৰ কথাটি ভাঙি পাতি কবি ৷


তাত সপোনক দেখিবি

ৰূপ দিঠকত

দিঠকক দেখিবি

ছয়াময়া সপোনত

তাত ছায়াই কায়া ধৰে

কায়া ছাঁয়া হৈ আকাশে আকাশে উৰে ৷


তাত গাভৰুৱে আগেয়ে নবছা নতুন

চানেকি বাছে

চকুপানীয়ে ৰূপ ধৰি প্ৰলয় তাণ্ডৱ নাচে

নৰকঙ্কালে নবীন যৌৱন পায়

নকৈ পৃথিৱী চায় ৷


তাত নগৰ সাগৰ হয়

সাগৰ নগৰ হয়

তাত জোন তৰা বেলি

নীহাৰিকা ফুলি জ্বলিছে জ্যোতিৰ্ম্ময়

মন্ত্ৰ উঠিছে ফুকাৰি ফুকাৰি চিৰসুন্দৰৰ জয় ৷

তাত জনজীৱনত কবিতা ফুলিছে

পৃথিৱী আলোকময় ৷

তাত দুষ্কৃতিৰে সংঘাত জাগে

সংস্কৃতি জয় জয় ৷৷