শিল্পী

ৰূপ স্ৰষ্টা খনিকৰ
ক’ত তোৰ ৰূপৰ আঁচনি
সৌন্দৰ্যৰ মোহন আঁকৰ,
বিমোহিত চঞ্চলতা
জীৱনৰ উদ্দাম উচ্ছাস
কল্পনাত ৰতন প্ৰাণৰ।
আৰু ক’ত হৃদয়ৰ
কোমল বেদনা ৰাশি
ব্যৰ্থতাৰ ঘাত-প্ৰতিঘাত,
তৃপিতি ৰ সন্ধানত
সানি মোহিনী আভা
জ্বলি উঠে প্ৰাণৰ প্ৰাণত।
নিৰ্নিমেষ নয়নৰ
ৰূপহ চাৱনিখিনি
সৰলতা কোমমলতা অঁৰা
ক’ত তোৰ পৰাণৰ
বিপুল বাসনা জিনি
সকোমল লোতক নিজৰা।
পাষাণৰ হৃদয়ত
কোমল সৌন্দৰ্য ৰাশি
জীৱনৰ প্ৰতিমূৰ্তি আঁকি,
হিয়াৰ ৰহণে তই
যাচিবি যিমানে হিয়া
বেদনাৰ কোমলতা বাকি।
জীৱনৰ পৰিণতি
‘সুন্দৰৰ আৰাধনা’
ক ’ত তোৰ সৃষ্টিৰ আয়োজন।
মনৰ মাজৰ মাথোঁ
আশাৰ তুলিকা ডালি
তাৰে তই বোলাবি জীৱন।।