মেঘনাদ সাহা/সাফল্যৰ প্ৰথম দহ বছৰ

[  ]
 


 

সাফল্যৰ প্রথম
দহ বছৰ



 ১৯১১ চনত মেঘনাদ কলিকতালৈ আহে আৰু তাৰ প্ৰেচিডেন্সি কলেজৰ স্নাতক বিজ্ঞান শ্ৰেণীত নাম লগায়। স্নাতক স্তৰত তেওঁৰ মুখ্য বিষয় (অনাৰ্ছ) আছিল গণিত।

 কলিকতাতে মেঘনাদৰ জীৱনৰ এক নতুন দিগন্তৰ দুৱাৰ মুকলি হয়। ইয়াতেই তেওঁ সহপাঠীৰূপে পায় সত্যেন্দ্ৰনাথ বসু, জ্ঞানচন্দ্র ঘোষ, জ্ঞানেন্দ্রচন্দ্ৰ মুখোপাধ্যায়, নিখিলৰঞ্জন সেন, শৈলেন্দ্ৰনাথ ঘোষ আদিৰ দৰে পৰবৰ্তীকালৰ কেইবাজনো বিখ্যাত ব্যক্তিক। প্রশান্ত চন্দ্র মহলানবিশ মেঘনাদতকৈ এবছৰৰ জ্যেষ্ঠ আছিল। সেইখন কলেজতে মেঘনাদে নেতাজী সুভাষচন্দ্র বসুকো পাইছিল। সুভাষচন্দ্র তেওঁতকৈ কনিষ্ঠ ছাত্ৰ আছিল যদিও সাহাই তেওঁক বৰ ভাল পাইছিল।

 প্রেচিডেন্সি কলেজত সাহা কেইবাজনো গুণী আৰু স্বক্ষেত্ৰত বিদগ্ধ পণ্ডিত শিক্ষকৰ সান্নিধ্যলৈ আহে। তেওঁলোকৰ ভিতৰত স্বনামধন্য জগদীশ চন্দ্র বসু (পদার্থ বিজ্ঞান), প্রফুল্ল চন্দ্ৰ ৰায় (ৰসায়ন বিজ্ঞান) আৰু ডি এন মল্লিকৰ (গণিত) নাম উল্লেখযোগ্য। এইসকলৰ ভিতৰত প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ প্ৰভাব সাহাৰ জীৱনত গভীৰভাৱে পৰিছিল। পৰবৰ্তী কালত সাহা জনসেৱাত ৰত হোৱাৰ সামাজিক দায়িত্ববোধো তেওঁ প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ পৰাই পাইছিল। মেঘনাদৰ দৰে প্ৰফুল্ল চন্দ্ৰৰো গাঁৱৰ প্ৰতি এক দুৰ্বাৰ আকৰ্ষণ আছিল। এই আকর্ষণেই দুয়োৰে মাজত এক চুবুৰীয়া সম্পর্ক গঢ়ি তুলিছিল।

 ১৯১৩ চনত গণিতত সন্মানসহ প্রথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি সাহা স্নাতক পৰীক্ষাত উত্তীর্ণ হয়।

[  ]  কলিকতাত থকা সময়ত প্ৰথমতে তেওঁ ইডেন হিন্দু ছাত্রাবাসত আছিল। পাছে তাৰ ছাত্ৰসকলে তেওঁৰ প্ৰতি দেখুওৱা অবজ্ঞা আৰু অবহেলাৰ বাবে কিছুদিনৰ পাছতেই সাহা ১১০ নং কলেজ স্ট্রিটৰ এটি মেছলৈ আহে। সেই মেছতে তেওঁ নীলৰতন ধৰ, জ্ঞানচন্দ্ৰ ঘোষ, যতীন মুখার্জী (বাঘা যতীন নামেৰে খ্যাত), পুলিন দাস আদিৰ দৰে কেইবাজনো বিপ্লবী মুক্তি যোদ্ধাৰ সান্নিধ্যলৈ আহে। কলেজ ষ্ট্ৰীটৰ এই মেছটোৰ পৰিবেশ আৰু সান্নিধ্যই পৰবৰ্তী কালত সাহাৰ জীৱনত বিশেষ প্রভাব পেলাইছিল।

 কলিকতাত থকা সময়তে সাহাই অৰ্থাভাৱত এটা চাকৰিৰ সন্ধানত সন্মানজনক ভাৰতীয় বিত্ত সেৱাৰ (Indian Finance Service) পৰীক্ষা দিবৰ বাবে আবেদন জনাইছিল। কিন্তু ঢাকাত বংগ ভংগ আন্দোলনৰ সময়ত স্কুলৰ পৰা বহিষ্কৃত হোৱাৰ কাৰণে আৰু কলেজ ষ্ট্ৰিৰ মেছত বিপ্লৱীসকলৰ লগত যোগাযোগ ৰখাৰ কাৰণে উক্ত পৰীক্ষাত বহিবলৈ তেওঁ অনুমতি নাপালে। কিন্তু ইয়েই পিছলৈ ‘শাপেই বৰ' হোৱাদি হ’ল। কিয়নো উক্ত চাকৰিত তেওঁ যোগদান কৰাহেতেন, চৰকাৰৰ হয়তো লাভ হ'লহেতেন, কিন্তু ভাবীকালৰ এজন বিখ্যাত বিজ্ঞানীক আমি হেৰুৱাব লগা হ'লহেতেন।

 যি কি নহওক প্রেচিডেন্সি কলেজৰ পৰাই ১৯১৫ চনত সাহাই গণিতত স্নাতকোত্তৰ ডিগ্ৰী (M.Sc.) লাভ কৰে। এই পৰীক্ষাতো তেওঁ স্নাতক পৰীক্ষাৰ দৰেই প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান পায়। স্নাতক আৰু স্নাতকোত্তৰ দুয়োবাৰেই সাহাৰ অপৰাজেয় প্রতিদ্বন্দ্বী আছিল সত্যেন্দ্রনাথ বসু। বসু দুয়োটা পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈছিল। সাহা আৰু বসু দুয়ো অন্তৰংগ বন্ধু আছিল যদিও দুয়োৰে মাজত প্ৰতিদ্বন্দ্বিতাৰ সম্পৰ্ক এটাও আছিল। পৰবৰ্তী কালতো দুয়োৰে মাজত এই সম্পর্ক অটুট আছিল।

 এম এছ চি পাছ কৰাৰ পাছত উপাচার্য ছাৰ আশুতোষ মুখাৰ্জীৰ আমন্ত্ৰণক্ৰমে সাহা আৰু বসুৱে নৱপ্ৰতিষ্ঠিত কলিকতা বিশ্ববিদ্যালয়ত প্রথমে প্রায়োগিক গণিতৰ প্ৰবক্তাৰূপে আৰু পাছত পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তাৰূপে যোগদান কৰে (১৯১৬)। প্রসংগতঃ উল্লেখযোগ্য যে সাহা আৰু বসু দুয়ো আছিল গণিতৰ মেধাবী ছাত্র। কিন্তু তেওঁলোকে পদার্থ বিজ্ঞানহে পঢ়ুৱাবলগীয়া হ’ল; পদাৰ্থ বিজ্ঞানলৈ তেওঁলোকে মৌলিক অৱদানো আগবঢ়ালে। অথচ দুয়ো পদার্থ বিজ্ঞান নিজে নিজেহে শিকিবলগীয়া হৈছিল। তেওঁলোকে এই নতুন [  ]
 

মেঘনাদ; তেওঁৰ পত্নী ৰাধাৰাণী আৰু তেওঁলোকৰ সন্তান-সন্ততিসকল

 প্ৰত্যাহ্বানক সাহসেৰে গ্ৰহণ কৰিছিল। সাহাই পোনতে স্নাতকোত্তৰ শ্ৰেণীত জলস্থিতি বিজ্ঞান (Hydrostatics), বর্ণালীবীক্ষণ বিদ্যা (Spectroscopy), তাপগতি বিজ্ঞান (Thermodynamics) আদি পদার্থ বিজ্ঞানৰ কেইবাবিধো ভিন ভিন শাখাৰ বিষয়বস্তুৰ ওপৰত বক্তৃতা দিছিল, পাঠদান কৰিছিল। সেই সময়তে সদ্য-আৱিষ্কৃত কোৱান্টাম তত্ত্ব সম্পর্কে বিভিন্নজনে লিখা গৱেষণা পত্ৰসমূহৰ লগতো তেওঁৰ পৰিচয় ঘটিছিল। তদুপৰি সাহাই কলেজত পঢ়া দিনৰে পৰা জার্মান ভাষা জানিছিল বাবে এই ভাষাত প্ৰকাশিত ৰচনা আদি পঢ়াতো তেওঁৰ একো অসুবিধা হোৱা নাছিল।

 সেই সময়তে সহকর্মী বন্ধু সত্যেন বসুৰ সৈতে লগ লাগি সাহাই আইনষ্টাইনে আপেক্ষিকবাদৰ বিষয়ে জার্মান ভাষাত লিখা বিভিন্ন গৱেষণাসমূহ ইংৰাজীলৈ অনুবাদ কৰে। ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ে এইখন প্রকাশ কৰে আৰু গ্ৰন্থখনিৰ ভূমিকা লিখে অধ্যাপক প্রশান্তচন্দ্র মহলানবিশে। উল্লেখযোগ্য যে এইখন গ্ৰন্থই আছিল আপেক্ষিকতাবাদৰ প্ৰথম ইংৰাজী অনুবাদ।

 বিজ্ঞান গৱেষণাৰ দিশত সাহাই বিশ্বাস কৰিছিল যে পৰীক্ষা আৰু তত্ত্বই হাতত ধৰাধৰিকৈ আগনাবাঢ়িলে বিজ্ঞান গৱেষণা চলোৱা সম্ভৱ নহয়। সাহাই নিজে অধ্যয়ন কৰি আহৰণ কৰা জ্ঞানৰ ভিত্তিতহে গৱেষণা কৰিছিল। তেওঁৰ প্রথম গৱেষণাপত্ৰখনৰ নাম আছিল 'মেক্সৱেলৰ প্ৰতিচাপ' (Maxwell's [  ] Stress)। তড়িৎ-চুম্বকীয় বিকিৰণ সম্পৰ্কীয় এইখন জ্ঞানগর্ভ ৰচনা ১৯১৭ চনত ফিল'ছ'ফিকেল মেগাজিনত (Philosophical Magazine) প্রকাশ হৈছিল।

 আৰম্ভণীতে অধ্যাপক সাহাৰ গৱেষণাৰ মূল আকৰ্ষণ আছিল ‘বিকিৰণ আৰু চাপ' (Radiation and Pressure) । ১৯১৮ চনত অধ্যাপক সাহা আৰু তেওঁৰ ছাত্ৰ সুবোধ চক্রবর্তীয়ে বংগদেশৰ পৰা প্ৰকাশিত এছিয়া ছ'চাইটিৰ পত্রিকাত (Journal of the Asiatic Society ) 'পোহৰৰ চাপ’ৰ বিষয়ে এটি পৰীক্ষামূলক প্রবন্ধ প্রকাশ কৰে। সাহাৰ আন কেইখনমান উল্লেখযোগ্য জ্ঞানগর্ভ গৱেষণাপত্ৰ হ’ল : ‘ফেব্ৰি-পেৰট সমাৰোপণ যন্ত্ৰত সমাৰোপণৰ সীমা (Interferency in the Fabry-Parot Interferometer), 'ইলেক্ট্ৰনৰ গতি বিজ্ঞান’ (Dynamics of a Electron), ‘নতুন অৱস্থা-সমীকৰণ’ (New Equation of State), ‘বিকিৰণৰ চাপ আৰু কোৱান্টাম তত্ত্ব’ (Radiation Pressure and the Quantum Theory), বৈদ্যুতিক কাৰ্য্যৰ মৌলিকত্ব (Fundamental Law of Electrical Action) আদি। এইবোৰ গৱেষণাপত্ৰ ফিল’ছ’ফিকেল মেগাজিন, ফিজিকেল ৰিভিউ, জার্নেল অব এছিয়াটিক ছ’চাইটি, এষ্টু’ফিজিকেল জার্নেল আদি বিভিন্ন পত্রিকাত প্ৰকাশ হৈছিল।

 ১৯১৯ চনত সাহাই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সন্মানজনক ডক্টৰেট অব·ছায়েন্স (D.Sc.) ডিগ্রী লাভ কৰে। সেই সময়তে ‘নাক্ষত্ৰিক বৰ্ণালীৰ হাভার্ড শ্রেণী বিভাগ’ (Harvard Classification of Stellar Spectra) শীর্ষক গৱেষণা-পুস্তিকাৰ বাবে সাহাই প্রেমচান্দ ৰায়চান্দ বৃত্তি লাভ কৰে।

 ১৯১৮ চনৰ ১৬ জুনত নাৰায়ণগঞ্জ মহকুমাৰ ৰাধাৰাণীৰ লগত মেঘনাদ সাহাৰ শুভবিবাহ সম্পন্ন হয়। ৰাধাৰাণীৰ পৰিয়াল যথেষ্ট আঢ্যৱন্ত আছিল আৰু সেয়েহে পোনতে দুখীয়া সাহাৰ পৰিয়াললৈ ছোৱালী দিবলৈ ৰাধাৰাণীৰ পৰিয়ালে বৰকৈ মন কৰা নাছিল। পাছে ৰাধাৰাণীৰ পিতৃয়ে সাহাৰ প্ৰতিভাৰ উমান পাইছিল আৰু তেওঁৱেই পৰিয়ালৰ আনসকলৰ অমততো এই বিয়া হোৱাত বৰ জোৰ দিছিল।

 ১৯১৯ চনৰ ২৯ মে'ত হোৱা পূর্ণগ্রাস সূর্যগ্ৰহণৰ সময়ত পোহৰৰ বিক্ষেপণ নির্ণয়ৰ ফলত আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰৰ পৰীক্ষামূলক সমৰ্থন পোৱা গৈছিল। সেই খবৰ পোৱা মাত্রেই সাহাই কলিকতাৰ [  ] ‘ষ্টেটছমেন' কাকতত এখনি গবেষণাপত্র প্রকাশ কৰে। এইদৰে অধ্যাপক সাহাই জ্যোতিপদার্থবিদ্যা, নিউক্লিয় পদার্থবিদ্যা আদি পদার্থবিদ্যাৰ নতুন নতুন দিগন্ত উন্মোচন কৰি ভাৰতত তত্ত্বীয় পদার্থবিদ্যা গৱেষণাৰ বাটকটীয়া হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সমর্থ হয়।

 ১৯১৯ চনতে সাহাৰ ‘বিকিৰণৰ চাপ আৰু কোৱান্টাম তত্ত্ব' শীর্ষক এখনি গৱেষণাপত্র প্রকাশ হয় আৰু ১৯২০ চনত এই বিষয়ৰ উল্লেখযোগ্য অৱদানৰ বাবে অধ্যাপক সাহা অতি কম সময়ৰ ভিতৰতে বিশ্ববিখ্যাত হৈ পৰে।

 মেঘনাদ সাহাই ৰচনা কৰা ‘নাক্ষত্ৰিক বৰ্ণালীত পোৱা ৰেখাসমূহৰ উৎস’ (Origin of Lines in Stellar Spectra) নামৰ গ্ৰন্থখনিৰ বাবে ১৯২০ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ সন্মানজনক গ্রিফিট বঁটা (Griffit Prize) লাভ কৰে। সেইবছৰেই তেওঁৰ যুগান্তকাৰী গৱেষণাৰ ফল ‘সৌৰমণ্ডলৰ আয়নীকৰণ' (Ionization of Solar Chromosphere) আৰু ‘নাক্ষত্রিক বর্ণালীৰ হাভার্ড শ্রেণীবিভাগ' (Harvard Classification of Solar Spectra) প্রকাশ হয়। ইয়াৰ জৰিয়তে মেঘনাদ সাহা অচিৰেই সৰ্বকালৰ বিজ্ঞানীসকলৰ অন্যতমৰূপে পৰিগণিত হয়।

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।