মেঘনাদ সাহা/এলাহাবাদৰ দিনবোৰ

[ ১৪ ]
 


 

এলাহাবাদৰ
দিনবোৰ



 ‘তাপজনিত আয়নন তত্ত্ব’ আৱিষ্কাৰ কৰাৰ পাছত ইয়াক প্ৰমাণিত কৰিবৰ বাবে উপযুক্ত গৱেষণাগাৰৰ সন্ধানত ১৯২০ চনৰ নৱেম্বৰত অধ্যাপক সাহা লণ্ডনলৈ যায়। লণ্ডনতে তেওঁ বৰ্ণালী বিশেষজ্ঞ অধ্যাপক ফাউলাৰৰ সান্নিধ্যলৈ আহে। লণ্ডনৰ ইমপেৰিয়েল কলেজৰ ফাউলাৰৰ গৱেষণাগাৰত কিছুদিন কটোৱাৰ পাছত ফাউলাৰৰ পৰামৰ্শতেই অধ্যাপক সাহাই তেওঁৰ তত্ত্বটো পৰীক্ষামূলকভাৱে প্ৰমাণ কৰিবৰ বাবে জার্মানীৰ বিজ্ঞানী অধ্যাপক ওৱাল্টাৰ নানৰ্ষ্টৰ ওচৰলৈ যায়। জাৰ্মানীৰ বাৰ্লিনত প্ৰায় এবছৰ থাকি সাহাই তেওঁৰ তত্ত্বৰ ওপৰত পৰীক্ষামূলক গৱেষণা চলাইছিল। সেই সময়তে তেওঁ আইনষ্টাইন, প্লাংক আদি বৰেণ্য বিজ্ঞানীসকলৰো সান্নিধ্য লাভ কৰিছিল।

 জার্মানীত থকা সময়ছোৱাতে ১৯২১ চনত ছাৰ আশুতোষ মুখোপাধ্যায়ৰ আমন্ত্রণক্রমে সাহা কলিকতালৈ উভতি আহে আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ অধ্যাপকৰূপে যোগ দিয়ে। বিশ্ববিদ্যালয়ত যোগদান কৰি সাহাই দেখিলে যে বিশ্ববিদ্যালয়ৰ আৰ্থিক অৱস্থা শোচনীয়। গৱেষণাৰ বাবে আর্থিক অনুদান আদিও নাই। কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপক সাহাই হাতে-কলমে পৰীক্ষাৰ বাবে এটি গৱেষণাগাৰ স্থাপনৰ চেষ্টা কৰিছিল যদিও নানা কাৰণত সেই চেষ্টা বিফল হয়।

 সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ বিভাগীয় প্রধান আছিল চি ভি ৰমন। তেওঁৰ লগত সাহাৰ যথেষ্ট মনোমালিন্য ঘটিছিল। বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰ লৈও দুয়োৰে মাজত চৰম বিৰোধে দেখা দিছিল।

 তেনে সময়তে এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিদ্যাৰ বিভাগীয় [ ১৫ ] মুৰব্বী পদৰ বাবে অধ্যাপক সাহাই আমন্ত্রণ পায় আৰু সেই মৰ্মে ১৯২৩ চনত তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ত যোগদান কৰেগৈ। ১৯৩৮ চনলৈকে মেঘনাদ সাহাই এলাহাবাদত অধ্যাপনা আৰু গৱেষণাত নিজকে নিয়োজিত কৰিছিল। এলাহাবাদ বিশ্ববিদ্যালয়ত যোগদান কৰা ঘটনাটো সাহাৰ জীৱনৰ এটি উল্লেখযোগ্য ঘটনা।

 এলাহাবাদত সাহাই নিজৰ পচণ্ডমতে আধুনিক গৱেষণাগাৰ নিৰ্মাণ কৰিব পাৰিব বুলি আশা কৰিছিল। কিন্তু এলাহবাদলৈ আহি তেওঁ দেখিলে যে তাত গৱেষণাৰ পৰিবেশ বা গাঁথনি, একোৱেই নাই। আর্থিক অনুদানৰ অভাৱৰ বাবে আধুনিক গৱেষণাগাৰ নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁ বিশেষ একো কৰিব নোৱাৰিলে। ইয়াৰ ফলত সাহাৰ মন ভাগি পৰে আৰু তেওঁ জ্যোতি:পদার্থবিদ্যাৰ গৱেষণাৰ পৰা আঁতৰি আহি নিউক্লিয় পদার্থবিদ্যাত মনোনিবেশ কৰে।

 ১৯২৬ চনত সাহা ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ গণিত আৰু পদার্থ বিজ্ঞান শাখাৰ সভাপতি হয়। ইয়াৰ পিছৰ বছৰ, অৰ্থাৎ, ১৯২৭ চনত অধ্যাপক সাহা তেওঁৰ তাপজনিত আয়নন তত্বৰ বাবে লণ্ডনৰ ফেল’ অব দি ৰয়েল ছ'চাইটি (Fellow of the Royal Society, সংক্ষেপে FRS) ৰূপে নির্বাচিত হয়।

 এলাহাবাদত থকাৰ সময়ছোৱাত অধ্যাপক সাহাই বিভিন্ন সাংগাঠনিক কামতো আত্মনিয়োগ কৰিছিল। সেই সময় তথা পৰিৱেশৰ বাবেই জাতি আৰু সমাজৰ সমস্যা সমাধানত বিজ্ঞানীৰ দায়িত্ব পালনৰ কথা তেওঁৰ বেছিকৈ মনলৈ আহিছিল। এনেদৰেই তেওঁ লাহে লাহে বিজ্ঞান সংগঠকৰ ভূমিকাত আত্মপ্রকাশ কৰিলে। ইয়াৰ ফলশ্রুতিত ১৯৩০ চনত এলাহাবাদত ‘যুক্তপ্রদেশ (বৰ্তমানৰ উত্তৰ প্ৰদেশ) বিজ্ঞান একাডেমী’ স্থাপিত হয়। এই একাডেমী আছিল অধ্যাপক সাহাৰ একক প্রচেষ্টাৰ ফল। তেওঁ ইয়াৰ প্ৰতিষ্ঠাপক সভাপতিও আছিল। ১৯৩৪ চনত যুক্ত প্ৰদেশ বিজ্ঞান একাডেমীক নতুনকৈ ‘ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী’ (National Academy of Science) নাম দিয়া হয়। বর্তমানে ইয়াৰ নাম ‘ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী' (Indian National Science Academy)।

 এলাহাবাদত থকা কালছোৱাতেই ১৯৩৪ চনত অধ্যাপক সাহাই তেওঁৰ সুযোগ্য ছাত্র দৌলত সিং কোঠাৰীৰ সহযোগিতাত ‘তেজষ্ক্রিয় পদাৰ্থৰ বিটা বিকিৰণ' শীর্ষক এখনি গৱেষণা পত্র বিজ্ঞান একাডেমীৰ বুলেটিনত প্রকাশ [ ১৬ ] কৰে। এই গৱেষণা পত্ৰৰ মূল বিষয় আছিল এনেধৰণৰ : এটা আলফা কণা বা প্ৰ'টন এটা বাধাৰ (barrier) পৰা দ্বিতীয় বাধা অতিক্ৰমৰ সময়ত উচ্চ শক্তিসম্পন্ন গামা বিকিৰণৰ সৃষ্টি হয়। এই গামা বিকিৰণৰ পৰা এটা ইলেক্ট্ৰ- পজিট্রন যুগ্মৰ (pair) সৃষ্টি হয়। পজিট্রন কণা নিউক্লিয়াছৰ মাজত শোষিত হয় আৰু ইলেক্ট্রন কণা বিটা ৰশ্মি হিচাপে নিউক্লিয়াছৰ পৰা নিৰ্গত হয়। এইখিনিতে উল্লেখযোগ্য যে প্রসিদ্ধ বিজ্ঞানী এনৰিকো ফাৰ্মিৰ বিখ্যাত বিটা অৱক্ষয় সূত্র তেতিয়াও আৱিষ্কাৰ হোৱা নাছিল।

 ১৯৩১ চনত হোৱা এক ভয়াবহ বানপানীত উত্তৰবংগৰ প্ৰচুৰ ক্ষতি হয়। ইয়াৰ বাবে আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ৰ নেতৃত্বত ‘বান সাহায্য সমিতি' গঠিত হয়। অধ্যাপক সাহা আছিল এই সমিতিৰ প্ৰচাৰ সম্পাদক। সেই সময়তে তেওঁ বানপানীৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধ সম্পর্কে এটি সাৰগর্ভ প্রবন্ধ লিখে। সেই সময়ৰ পৰাই সাহাই নদী আৰু বানপানীজনিত সমস্যা সম্পর্কে চিন্তা- চৰ্চা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলতেই পৰবৰ্তী কালত তেওঁ দামোদৰ নদী আৰু তাৰ উপত্যকাজনিত সমস্যাসমূহক লৈ আলোচনা আৰম্ভ কৰে আৰু নদীজনিত সমস্যাকলৈ বহুকেইটা প্রবন্ধ প্রকাশ কৰে। পৰৱৰ্তী কালত সংসদত ‘বহুমুখী নদী উপত্যকা আঁচনি' (Multipurpose River Valley Scheme) সম্পর্কে তেওঁৰ কেইটামান তথ্যপূর্ণ আৰু গুৰুত্বপূৰ্ণ সুচিন্তিত বক্তৃতাই সকলোৰে প্ৰশংসা আদায় কৰিবলৈ সমৰ্থ হয়। সাহাৰ পৰিকল্পনাতেই জন্ম হয় দামোদৰ উপত্যকা নিগম (Damodar Valley Corporation)।

 এলাহাবাদত থাকোতেই মেঘনাদে বিজ্ঞানৰ প্ৰচাৰৰ বাবে ১৯৩৫ চনত 'ছায়েন্স এণ্ড কালছাৰ' নামেৰে এখনি পত্রিকা প্রকাশ কৰে। 'ছায়েন্স এগু কালছাৰ'ক মেঘনাদৰ চিন্তাধাৰৰ মুখ্য বাহন বুলিব পাৰি। ইয়াৰ মাধ্যমেদি তেওঁ বিভিন্ন ক্ষেত্ৰত জাতীয় সমস্যাৰ স্বৰূপ আৰু সমাধানৰ ইংগিত দিছিল৷ তদুপৰি ইয়াৰ পাততে তেওঁ বিভিন্ন ক্ষেত্ৰত চৰকাৰী নীতিৰো সমালোচনা কৰিছিল।

 সাহাই যঁতৰ, খাদীবস্ত্ৰ আদিৰ তীব্র বিৰোধীতা কৰিছিল। তেওঁৰ দ্বাৰা প্রকাশিত ‘ছায়েন্স এণ্ড কালছাৰ' পত্ৰিকাৰ প্ৰথম সংখ্যাতে সেয়ে তেওঁ দৃঢ়ভাৱে ঘোষণা কৰিছিল, “মই এক মুহুৰ্তৰ বাবেও বিশ্বাস নকৰো যে, আধুনিক বৈজ্ঞানিক প্রযুক্তি বাদ দি কেৱল মাত্ৰ যঁতৰ, খাদীবস্ত্ৰ আৰু গৰু গাড়ীক সম্বল কৰি জীৱন যাত্ৰাক স্বচ্ছল বা সুখী কৰা যায়। বৰং বৈজ্ঞানিক আৱিষ্কাৰৰ যথাযথ [ ১৭ ] প্ৰয়োগৰ পৰাই আমাৰ জটিল আৰ্থিক, সামাজিক আনকি ৰাজনৈতিক সমস্যাৰো সমাধান সম্ভব।”

 ‘ছায়েন্স এণ্ড কালছাৰ’ৰ পুৰণা সংখ্যাবোৰ একোটি অমূল্য ৰত্নৰ দৰে। প্ৰাচীন হিন্দুসকলৰ বীজগণিত, মহাকাশৰ পৰা জীৱনৰ সংকেত, মহাভাৰতৰ কাল নিৰ্ণয়, পক্ষী বিজ্ঞান, ধৰ্ম, ব্ৰহ্মাণ্ডতত্ত্ব, টেলিভিছন, ৰাডাৰ, বংশগতি বিজ্ঞান আদিৰ দৰে অজস্ৰ বিবিধ বিষয়ৰ সাৰগৰ্ভ আলোচনাই পত্ৰিকাখনিক সমৃদ্ধ কৰি তুলিছিল। এই পত্ৰিকাতেই সাহাৰ মতামত আৰু জীৱন-দৰ্শনৰ প্ৰতিফলন ঘটিছিল।

 ১৯৩৬ চনত সাহাই আমেৰিকা আৰু ইউৰোপ ভ্ৰমণ কৰিবলৈ যায় আৰু সেইবোৰ ঠাইৰ গৱেষণাগাৰ আৰু মান মন্দিৰ পৰিদৰ্শন কৰিবলৈ সুযোগ লাভ কৰে। ইয়াৰ ফলত তেওঁ পাশ্চাত্যৰ বিজ্ঞানৰ অগ্ৰগতি সম্পৰ্কে বহু অভিজ্ঞতা লাভ কৰে। এই অভিজ্ঞতাই তেওঁৰ মানসপটত নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ অফুৰন্ত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়ে।

 এলাহাবাদত সাহাই ‘আয়নমণ্ডল’ বিষয়ক এটি গৱেষণাগাৰ প্ৰতিষ্ঠা কৰিছিল। আয়নমণ্ডলৰ ভিতৰেদি কিদৰে অনাতাঁৰ সংকেত আহ-যাহ কৰে আৰু কেনেকৈ বিভিন্ন আয়নমণ্ডলৰ স্তৰৰ সৃষ্টি হয়, তাক তেওঁ এই গৱেষণাগাৰতেই আৱিষ্কাৰ কৰে।

 সাহাই এলাহাবাদতে চিৰদিন থাকিবলৈ স্থিৰ কৰিছিল। এলাহাবাদৰ ৰাইজেও তেওঁক বৰ সন্মান কৰিছিল। কিন্তু নানা কাৰণত সাহাই শেষলৈ এলাহাবাদত থকাৰ সিদ্ধান্ত সলনি কৰিবলগীয়া হয়। ১৯৩৮ চন মানলৈ এলাহাবাদ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ৰাজনীতিৰ গ্ৰাসত পৰি কলুষিত হৈ আহিবলৈ ধৰিলে। তদুপৰি বিশ্ববিদ্যালয়খনত চলি থকা কেতবোৰ নীতিবিৰুদ্ধ কাম আৰু অব্যৱস্থাৰ বাবে সাহাৰ পক্ষে তাত সম্ভ্ৰম আৰু সন্মানেৰে কাম কৰা অসম্ভৱ হৈ উঠিল।

 তেনে সময়তে তেওঁলৈ দুঠাইৰ পৰা দুটা আকৰ্ষণীয় পদত যোগদানৰ বাবে প্ৰস্তাৱ আহিল। ইয়াৰে প্ৰথমটো কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ আৰু দ্বিতীয়টো বোম্বাইৰ ৰয়েল ইনষ্টিটিউট অব ছায়েন্সৰ (Royal Institute of Science) অধ্যক্ষৰ পদ। সাহাই প্ৰথমটো প্ৰস্তাৱ গ্ৰহণ কৰিলে।

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।