মহাশূদ্ৰ
হা: হা: হা: হা:
বিশ্বজুৰি বিয়পিছে
অট্টহাঁহি,
মহাদেশে, মহাদেশে
বাজে বজ্ৰবাঁহী ৷
হাঁহিৰ বাঁহীৰ প্ৰালয়িকী ছন্দই
ফুলাই তুলিছে
নতুন সৃষ্টিৰ ভূমিকম্প ৷
মহা উন্মত্ত আস্ফালনেৰে
দুৰ্নিবাৰ আঘাতেৰে
সংঘাতেৰে
ভাঙি-ছিঙি চূৰ্ন-বিচূৰ্ণ কৰি
অতীতৰ সংস্কৃতিৰ ভ্ৰান্তিময়ী
সপোন-প্ৰকাশ
মাটিৰ দিঠক মহাশূদ্ৰ
নৱতম ৰুদ্ৰ হৈ
বজ্ৰঘোষে মহামানৱৰ
এক নৱতম পূৰ্ণ বিকাশ ৷
কোটি কোটি চকুপানী-টোপালৰ
ওৰণি লৈ,
যি সত্যই
মুক্তিৰ বাবে
প্ৰকাশৰ সিংহদ্বাৰ
বিচাৰি বিচাৰি,
বিশ্ব জুৰি---- কালে কালে
ফুৰিছিল অনাই-বনাই,
মহামনীষাৰ মহামহত্বৰ
মনৰ দুৱাৰেদি
যি মুক্তি পাই
শত নিৰ্য্যাতন-নিপীড়ন জিনি
আজি যি
ঘোষিলে মহাৰণ
বধিবলে’ তাৰ প্ৰপীড়ক
কংসৰায় ---
শুভ্ৰ হীৰাৰ দৰে জ্যোতিৰ্ম্ময়
তাৰ হিয়াখনি
জ্বলে তাত নতুন সৃষ্টিৰ
আগেয়ে নেদেখা ছবি,
জাগে তাত--- নতুন সংস্কৃতিৰ
সুকুমাৰ ৰবি ৷
হীৰাৰ দৰেই কিন্তু
অতিকে কঠোৰ
সেইখনি হিয়া ---
নৃশংসতাৰে যি মানুহক
গচকি-খচকি
শুহি শুহি খাই
অসুৰৰ স্বৰ্গ ৰচি প্ৰমোদৰ
কাৰেঙত থাকি
মষিমূৰ কৰি পৃথিৱীৰ ন্যায়
নিৰ্ব্বিকাৰে টোপনি যায় ;
সিহঁতৰ বাবে নাই, নাই, নাই
কোনো অনুকম্পা নাই,
সেই জ্যোতিৰ্ম্ময়-বজ্ৰকঠোৰ
অন্তৰত--- নাই, নাই, নাই
কোনো অনুকম্পা নাই ৷