বৰ-কৰতি
মত্স্য কৰতি
শ্ৰীকৃষ্ণায় নমঃ

প্ৰথমতে সূৰ্যমুখী শৰ। মই জাৰো সীতা হাতে।। আই সীতা মাতৃয়ে জাৰিবাক লৈলা। সীতা গোঁসানীৰ অমৃত হাত বাণী।। জাৰিলো শৰ কৰিলো পানী।। খোজ শৰ, পোৰা শৰ, কপালি শৰ, চকা শৰ, চক্ষু শৰ, খোজ শৰ, এতেকে শৰ শূন্য়তে কৰে তল। সূৰ্য্যৰপৰা পাৰিল শৰ, চৌষষ্টি শৰ পাতালে হৰ। আৰ দল পদ্ম ফুলিল আকাশে। কোন কোন শৰ আছে কোন কোন স্থানে। বাতোৱালী শৰ কাটো, বিষালী শৰ কাটো, দৈত্যশৰ কাটো, ভূতশৰ কাটো ৰথোৱালী শৰ কাটো, বিষালী শৰ কাটো, শ্মশানশালা শৰ কাটো বাৰভনীৰ শৰ কাটো, শৰ পোৰণী জ্বৰ মূৰ কাটো।। হৰ বিষ হৰ, চৌষষ্টি বিষ পাতালে হৰ।।*।। গৌৰীৰ পুত্ৰ বিঘ্নৰ ঈশ্বৰ। এতেকে তনু ভৈলা ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, ত্ৰিদশ দেৱক বন্দন কৰো।। পুনু প্ৰণাম কৰো বৈদ্য ধন্বন্তৰী--লক্ষ্মী সৰস্বতী কামাখ্যা মাৱ। তিনিকো প্ৰণাম কৰো এক ঠাই।। গঙ্গা আদি কৰি যতেকে তীৰ্থক প্ৰণাম কৰো। শ্ৰীলোহিত প্ৰণাম কৰো একে ঠাই। আদ্য গুৰুক পিতৃ-মাতৃ গুৰুবিদ্যাদাতাক প্ৰণাম কৰো।। এই তিনি চাৰিজন গুৰুক নমস্কাৰ যে গুৰুক দিলা, বিদ্যাদাতা, চক্ষু দান প্ৰণামো গুৰু ঈশ্বৰ। তনু হাঙ্কাৰ কৌটি নমস্কাৰ।। পুনু প্ৰণাম কৰো মাৱ সৰস্বতী। থানৰ থল দেৱতা নথৈবা ৰাখি। যত তৰু লতা ঔষধ। জানি মোৰ অপৰাধ ক্ষমা কৰিবা। সুবুদ্ধি দয়া কৰিবা। গুৰুৰ আজ্ঞা শিৰোগত কৰি। আঠাইশ সহস্ৰ হাৰা জাৰিছো নৰসিং হাঙ্কাৰি। পুথি মাছৰ হাৰা জাৰো শুক্ল ঘোড়াত চড়ি। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো ভাতৰ হাৰা উগুল থুগুল কৰে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে জলে কাটি আনো শাকৰ হাৰা, গাৱ ক'লা পৰে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো মাউৰা হাৰা, কিলিলক মিলিক কৰে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনি গাঁঠি হাৰা, তাকো জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো পানীৰ হাৰা, মুখে পানী আহে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো সান্দহৰ হাৰা, গাৱ শুকাই যাৱে তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো কাছ মাছৰ হাৰা। নৰসিংহৰ জাপ্যে। জলে কাটি আনো কুঢ়ি মাছৰ হাৰা কোৰ মোৰ কৰে। তাৰ হাৰা জাৰো নৰসিংহৰ জাপ্যে। জলে কাটি আনো বামী মাছৰ হাৰা পেটে শূল ধৰে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো শিঙ্গিমাছৰ হাৰা, গাৱে বিষ ধৰে। তাৰ হাৰা জাৰো নৰসিংহৰ জাপ্যে। জলে কাটি আনো মাগুৰ মাছৰ হাৰা, দুই কোষে ফুটে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো শাল মাছৰ হাৰা, বুকুত খোচ মাৰি ধৰে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো বামী মাছৰ হাৰা পেট শূল ধৰে।তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো চেঙ্গেলী মাছৰ হাৰায়ে চকুত খোচা মাৰি ধৰে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। কুঢ়ি মাছৰ হাৰায়ে ৰথ ভৰি ছিগে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো চিতল মাছৰ হাৰায়ে গৰবৰ ধৰি। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো কাছ মাছৰ হাৰায়ে চক্ষুশূল হয়। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো ডৰিকণা মাছৰ হাৰায়ে নিত্য জ্বৰ হয়। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো মাহৰ হাৰা তাৰ পেট গুমি থাকে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো কাহাৰ হাৰা মাতিবেকে নপাৰে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জল কাটি আনো চূণৰ হাৰা। তাৰ জাৰো নৰসিংহৰ জাপ্যে। জলে কাটি আনো চূণৰ হাৰা তাকো জাৰো নৰসিংহৰ জাপ্যে। জলে কাটি আনো তামোলৰ হাৰা, দান্ত সৰে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো পাৰৰ হাৰা। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো কচ মাছৰ হাৰা, কাণ তালমাৰি ধৰে। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো নাৰ মাছৰ হাৰা, চক্ষুশূল পৰে; তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। জলে কাটি আনো, গুড়ৰ হাৰা। তাৰ হাৰা জাৰো নৰসিংহ জাপ্যে। নৰসিংহৰ ধ্বনি শুনি, পলাই দশোদিশে ভাগি, হৰ বিষ হৰ আমুকাৰ গাৱৰ আঁঠ চৌষষ্টি হাৰা জাৰো পানীকৃত্য হুই পৰ।।*।।



মত্স্য কৰতি সমাপ্ত