মই জানো ইমান নিঠুৰ
মই ভাবোঁ মোৰ হিয়াখনি
সীমাহীন মৰমেৰে পূৰ;
তুমি ভাবা হিয়খনি মোৰ
হিয়াহীন তেনেই নিঠুৰ !
ভুল সখী তোমাৰেই ভুল
বুজা হলে হিয়াখনি মোৰ,
নকলাহেঁতেন বুলি তুমি
‘হিয়াহীন ইমান নিঠুৰ !'
পৰাণৰ প্ৰতিটি ধ্বনিত
বাজি উঠে সুৰ সুমধুৰ,
সিয়ো যদি নহয় আপোন
হব নেকি দূৰ বহুদূৰ !
মই ভাবোঁ মোৰেই সুৰত
বাজি উঠে বাহিৰত গান ;
বাজি উঠে মোৰ সুৰ লয়ে
হিয়া ভৰা কেতেকীৰ তান !
তুমি ভাবা নিঠুৰ পৰাণে
নুবুজাৰ ভাও ধৰি মই,
উপহাসি তোমাৰ হৃদয়
গুচি যাওঁ নিমৰমী হ'ই !
পচোৱায়ো ভাঙে খুন্দা মাৰি
তুমি ভাবা হিয়া খনি মোৰ,
তেনেহলে আজি কোনে কয়-
“হিয়া হীন ইমান নিঠুৰ” !
শুনিছাতো বলিয়া অলিৰ
গুণ গুণ মিঠা মধু সুৰ,
সিও বাৰু হব নেকি সখী
হিয়া হীন তেনেই নিঠুৰ ?
সীমাহীন প্ৰেমৰ ফুলনি
তুমি হলা তাৰে এটি ফুল
মই হলোঁ অলিয়া বলিয়া
মতলীয়া অলি বিয়াকুল !
তথাপিও নুবুজাৰ দৰে
ভয় কৰা হিয়া খনি মোৰ,
ভয় কৰে মৰম চেনেহ
ভাবি তুমি তেনেই নিঠুৰ !
কব পাৰা অভিমান কৰি
হিয়া হীন মোৰ হিয়াখনি,
আৰু তোমাৰেই হিয়াখনি
সেউজীয়া কোমল বননি !
ময়ো তেনে কম আজি সখী
নীলিমাৰ কোমলতা সনা
মোৰ এই সৰু হিয়াখনি
আলসুৱা নিয়ৰৰ কণা !
তুমি যদি কোৱা কান্দি কান্দি
হলোঁ বুলি তেনেই নিঠুৰ,
ময়ো তেনে উচুপি শুধিম