গীত

ৰাগ শ্ৰীগান্ধাৰ॥যতি

আহে শুন মধুকৰ হে
বুজলো তোহাৰ অভিপ্ৰায়।
হামাৰি পাশক দূত কৰি তোক ষটপদ ৰে
জানলোহো পঠাইলা মধাই॥

॥পদ॥

তোহাৰি কানুৰ সঙ্গে পিৰীতি নকৰো হামু ৰে
কপটী তাহেৰ সম নাই।
তই যেন মধুকৰ পৰম দাৰুণ চিত্ত ৰে
পুষ্প চুম্পি নাস ৰে দুনাই॥

সতিনীৰ কচুৰ কুঙ্কুম ছোৰত তোৰ হে
পৰশিৰি নাহি মোৰ পাই।
গোপীনীক প্ৰেম- ভকতি-ৰসে আকুল
দীন গোপাল গুণ গাই॥

ঘোষা

মাধৱ মাধৱ প্ৰাণ মাধৱ মাধৱ আত্মা
 মাধৱ মাধৱ গুৰু ইষ্ট।
মাধৱ মাধৱ নাম সুমৰণে সুমঙ্গল
 মাধৱেসে ইষ্ট দেৱ নিষ্ট॥

নমো শঙ্কৰদেৱ মাধৱ সহিতে দুইকো
 মোৰ ইষ্টদেৱ দুইজন।
মাধৱৰ শিক্ষা ধৰি শুদ্ধভাৱে ভজা হৰি
 বন্দো হেন ভক্তৰ চৰণ॥

হে প্ৰভু ভগৱন্ত পূৰ্ণব্ৰহ্ম পৰমাত্মা
 শ্ৰীকৃষ্ণ দেৱ যদুপতি।
মাধৱ বান্ধৱ হে চৰণে শৰণ লৈলো
 তুমি মোৰ অগতিৰ গতি॥

ধীৰসৱে নাৰায়ণ ময় মাত্ৰ জগতক
 দেখে আক জানা সাৰে সাৰ।
লুদ্ধকে দেখয় ধন কামুকসৱৰ মনে
 দেখে সদা কামিনী-আকাৰ॥

শুনিযো অবিদ্যা মাৱ তেজা মোৰ স্নেহ ভাৱ
 বিদ্যা তুমি আপেক্ষিয়ো মোৰে।
কৃষ্ণ-পদ-নখ-চন্দ্ৰ যাৱত অমৃত-পান
 কৰোঁ আমি নয়ন-চকোৰে॥

সৰ্ব্ব-দেৱ-শিৰোমণি কৃষ্ণক সততে ভজা
 যাত পৰে আন নাহি কেৱ।
আপোনাৰ নিজ ৰূপ স্মৰণ মাত্ৰকে দেন্ত
 কিনো কৃপাময় প্ৰভুদেৱ॥

যাৰ পদ-ৰেণু শিৰে ধৰি নিৰন্তৰে নৰে
 ভৱ তৰি পৰম্পদ পাই।
হেনয় জগত-গুৰু তোমাৰ চৰণ দুই
 অনুদিনে প্ৰণামো সদায়॥