বুৰঞ্জীবোধ/আহোমৰ দিনৰ আৰম্ভণ
চুকাফা।— এই দেশৰ ঠিক উত্তৰ-পূব সীমাত পাতকাই পৰ্ব্বত। তাৰ পূবে ভৈয়ামত আগৰ দিনত মুংৰিমুংৰাম ৰাজ্য আছিল। সেই ৰাজ্যত টাই জাতিৰ কোৱঁৰ খুন্লুঙ্গৰ বংশৰ ৪০ জন ৰজা হৈ যোৱাৰ পাচত, সেই বংশৰে বিখ্যাত চুকাফা কোৱঁৰ ৰজা হয়। তাত তেওঁ ৰজা হৈ ১৮ বছৰ আছিল। তাৰ পাচত, তেওঁ দেশ জয় কৰিবৰ উদ্দেশে পাত্কাই পাৰ হৈ, ১২২৯ খ্ৰীষ্টাব্দত সৌমাৰত সোমায়হি। চুকাফা ৰজাই লগত বুঢ়াগোহাঞি আৰু বৰগোহাঞি এই দুজন ডাঙ্গৰীয়া বা মন্ত্ৰী, ৮ জুন বিষয়া, ১০৮০ জন মাটি-ৰণুৱা, ৩০০ ঘোঁৰা-ৰণুৱা আৰু দুটা হাতী আনিছিল। তাৰে সৈতেই তেওঁ সৌমাৰৰ ভিতৰ সোমাই তাৰ আদি জাতিৰ সৰু-সৰু ৰজাবিলাকক জিনি নামৰূপ, টিপাম, অভয়পুৰ, হাবুং, নামদাং এইবোৰ ৰাজ্য দখল কৰিলে। তাৰ পাচত, তেওঁ চৰাইদেউ পাহাৰত নগৰ পাতি লৈ, তাৰপৰা লাহে-লাহে তেওঁৰ ৰাজ্য বঢ়াবলৈ ধৰিলে। এই দৰেই অলপ কালৰ ভিতৰতে তেওঁ গোটেই সৌমাৰ খণ্ড জয় কৰি ললে। চুকাফা বৰ পৰাক্ৰমী ৰজা আছিল। তেওঁ সৌমাৰৰ অধিপতি বিলাকৰ যাক যেতিয়াই আক্ৰমণ কৰিছিল, [ ১৮ ] তেওঁক তেতিয়াই ৰণত ঘটাই তলতীয়া কৰিছিল। সেই কাৰণে, সৌমাৰৰ মানুহে চুকাফাক অসম (অৰ্থত, যাৰ সমান নাই) ৰজা বুলিমানিবলৈ ধৰিলে। সেই আপাহতে, তেওঁ যিমানলৈকে ৰাজ্য বঢ়ালে, সিমানলৈকে তেওঁৰ নামেই ‘অসম-দেশ’ নাম হল। টাই জাতিৰ মানুহৰ মুখত ‘স’ আখৰটো ‘হ’ ৰূপে উচ্চাৰিত হৈছিল। সেই কাৰণে, এই ‘অসম’ নাম সিবিলাকৰ মুখহ ‘অহম' হয়, আৰু তাৰপৰাই আহোম নাম ওলায়। পাচলৈ চুকাফা ৰজা আৰু তেওঁৰ লগত অহা টাই জাতিৰ মানুহক আৰু সিবিলাকৰ বংশ পৰিয়ালক ‘অহম’ বা ‘আহোম’ বোলা হয়। অৰু, আগৰ সেই ‘অসম দেশৰ নাম এতিয়া বৃটিচ ৰজাৰ দিনত ‘আসাম’ হৈছে।
চুকাফা স্বৰ্গদেৱ বৰ জ্ঞানী ৰজা আছিল। ৰাজনীতিত তেওঁৰ বৰ ভাল জ্ঞান আছিল। ৰাজ্য কেনেকৈ শাসন কৰিব লগে আৰু প্ৰজাক কেনকৈ পালন কৰিব লাগে, সেই বিষয় ভালকৈ জানিছিল। ওপৰত উনুকিউৱা হৈছে যে, চুকাফা স্বৰ্গদেৱৰ লগত আহোম মানুহ সৰহ অহা নাছিল। গতিকে, তাকৰীয়া মানুহৰ ভাষাৰে সৈতে সেই ভাষা নজনা নতুন দেশৰ প্ৰজা চলাবলৈ সুচল নহল। সেই দেখি, তেওঁ প্ৰজাৰ ভাষাকে ৰাজভাষা কৰিলে। আহোম ভাষাৰ ব্যৱহাৰ কেৱল ধৰ্ম্মপুথি আৰু বুৰঞ্জীত হে ৰল। চুকাফা স্বৰ্গদেৱ অসমদেশত আহোমৰ আদিৰজা। তেওঁৰপৰাই এই দেশত 'আহোমৰ দিন' আৰম্ভ হয়। তেওঁ অসমত ৪০ বছৰ নাম জ্বলাই ৰাজপাট খাইছিল। তাৰ পাচত, ১২৬৮ খ্ৰীষ্টাব্দত তেওঁ স্বৰ্গী হয়। [ ১৯ ] চুকাফা স্বৰ্গদেৱৰ পাচত, তেওঁৰ বংশৰ চুতেউফা, চুবিণফা, চুখাংফা, চুখ্ৰাংফা আৰু চুতুফা এই পাঁচজন ৰজা হয়। তাৰ পাচত, খ্ৰীঃ ১৩৭৬ চনৰপৰা ১৩৮০ চনলৈকে চাৰি বছৰ ৰজা নপতাকৈয়ে মন্ত্ৰীসকলেই ৰাজ্য চলাইছিল। কাৰণ, শেহৰ জন ৰজাই মন্ত্ৰীসকলক অমান্য কৃৰি চলিছিল, আৰু প্ৰজাই দুখ পোৱা ভালেমান অন্যায় কাম কৰিছিল, সেই মইমতীয়া কামৰ ভিতৰত মন্ত্ৰীসকলৰ মত নোলোৱাকৈ চুতুফা স্বৰ্গদেৱে ছুটীয়া ৰাজ্য আক্ৰমণ কৰা কামেই ঘাই।
মুঠ্-কথা।-চুকাফা স্বৰ্গদেৱেই আহোমৰ আদিৰজা। সেই কালত তেওঁৰ সমান পৰাক্ৰমী ৰজা আৰু নাছিল। সেই কাৰণে তেওঁক ‘অসম’ ৰজা বোলা হৈছল। সেই ‘অসম’ শব্দৰপৰা ‘অহম’ হয়; আৰু তাৰপৰা ‘অহোম’ নামৰ উৎপত্তি হয়। পাছত, তাৰপৰাই “অসমদেশ” নাম হয়। এতিয়া সেই নাম ‘আসাম’ হৈছে। চুকাফা স্বৰ্গদেৱ বৰ উদাৰ চিতীয়া আৰু ৰাজনীতিৰ বহুল জ্ঞান থকা পুৰুষ আছিল। দেশৰ মঙ্গল আৰু প্ৰজাৰ উপকাৰ নিমিত্তে তেওঁ নিজৰ মাতৃভাষাক পিচ পেলাই প্ৰজাৰ ভাষাক আগ কৰিছিল। তেওঁ প্ৰতাপী ৰজা হৈও ৰাজকাৰ্যত নিজৰ মাতৃভাষা নচলাই প্ৰজাৰ ভাষাকে ৰাজভাষা ৰূপে গ্ৰহণ কৰাটো বৰ ডাঙ্গৰ কথা। তেনে উদাৰনীতি আজিকালি বৰ ওখ খাপৰ সভ্য ৰজাৰ মাজতো পাবলৈ নাই। আহোম প্ৰজায়ে মুকলি মনেৰে লগৰীয়া অসমীয়া প্ৰজাৰ ভাষা শিকি লৈ ৰাজকাৰ্যত যোগ দিছিল। তেতিয়াৰপৰাই অসমীয়া ভাষাই [ ২০ ] আহোমৰ আদৰ পাই আহিছে। আহোম ভাষা কেৱল আহোমৰ ধৰ্ম্মপুথি আৰু বুৰঞ্জী লিখাত হে চলতি হল। আৰু, দেওধাইসকলত বাজে আনে ইয়াৰ চৰ্চ্চা নাৰাখিছিল। গতিকে, আজি কালি আহোম ভাষা জনা লোক নোহোৱা হৈছেহি। সেই কাৰণে, আগৰ দিনৰ আহোম ধৰ্ম্মপুথি আৰু বুৰঞ্জীবিলাক উদ্ধাৰ কৰিব নোৱাৰাত দেশৰ মহৎ ক্ষতি হৈছে।