টোপনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"{{header | title = টোপনি | author = লক্ষ্মীনাথ বেজবৰুৱা | translator =..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
২৩ নং শাৰী:
<poem>
 
=='''টোপনি'''==
 
কৰনো পাইছিলো&nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp; ইমানবোৰ টোপনি
কুমলীয়া বয়সত?-
সন্ধিয়া হ'ল কি &nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp;টোপনি আহিল,
য'তে-ততে লোটসোট।
হাত বঢ়ালেই &nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp;টোপনি আহিল
নবঢ়ালেও আহি থিয়,
কৰনো সস্তা &nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp;টোপনি সেইবোৰ
এতিয়া নাপাওঁ কিয়?
বয়সে বান্ধিলে &nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp;জ্ঞানৰ ভঁৰাল
ধনৰ ভঁৰাল কামে,
পুৰণি টোপনিৰ &nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp;ভঁৰাল মোৰ উদং,
মাথোন সি থিয় হৈ নামে-
জ্ঞানৰ ভঁৰাল,&nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp; ধনৰ ভঁৰাল,
কত পৰিশ্ৰমৰ বিত,
তাৰে টোপনি &nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp;মোলাব খুজিও,
টোপনি চলিল, শান্তি আঁতৰিল,
স্বাস্থ্য ললে তাৰ পাছ;
টোপনি শুকুৱা &nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp;ধনৰ বিলত
পৰি আছোঁ যেন মাছ।
হেৰা জ্ঞানী হেৰা&nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp; ধনেৰে চহকী
টোপনি ক'ত পাম কোৱা?
এদাঁৰ নভগা &nbsp;&nbsp;&nbsp; &nbsp;&nbsp;&nbsp;টোপনি বেছি মোৰ
ধনৰ ভঁৰালটি লোৱা।
 
"https://as.wikisource.org/wiki/টোপনি"ৰ পৰা অনা হৈছে