পৃষ্ঠা:ফুল.pdf/১৫৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। ১৪া “কি ? মােৰ ৰম্ভা আহিল ।” বুলি উন্মাদিনীয়..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। ১৪া “কি ? মােৰ ৰম্ভা আহিল ।” বুলি উন্মাদিনীয়ে আকৌ ৰম্ভকি কোলাত সুমুৱাই ল'লে। অলপ পাচতে আকৌ ক'লে-- ‘ক’তা মােৰ ৰম্ভা? তই ৰা নহৱ ; সৌৱা মােৰ ৰম্ভা নতুন জেউতিৰে ওপৰত বহি আছে ।” এই বুলি তেওঁ স্থিৰ দৃষ্টিৰে ওপৰলৈ চাবলৈ ধৰিলে। সেই ৰাতিটো এনেদৰেই অতিবাহিত হ’ল। ৰাতিপুৱা উন্মাদিনীৰ অৱস্থা আৰু শোচনীয় হৈ উঠিল । তেওঁ চিঞৰিবলৈ ধৰিলে মান! মান! সৌৱা জাকে জ্ঞাকে মান আহিছে, জাকে জাকে দ; আহিছে পল, পলা; বেগাই, বেগাই, পালেহি, পালেহি * অলপ বেলি নিতাল মাৰি থাকি, খেল খেল কৰে হাঁহি আকৌ ক'বলৈ ধৰিলে,—“কেনে মজা ! লােকৰ ওপৰত অত্যাচাৰ কৰাৰ কেনে প্রতিফল! বেছ, বেছ, কেনে পালি! আটাইখন মান কাটি খাস্তাং কৰিলে । এইদবেই তহঁতৰ পিৰি উঠিব। আহা! কোন শান্তিময়ী দেবীমুর্তি সৌৱা স্বৰগৰ পৰা নামি আহি অসমৰ ৰাজসিংহাসনত বহিছে!” তাৰ পাচত বহুত বেলি অচেতন অৱস্থাতে পৰি থাকিল । সন্ধিয়া সময়ত অলপ চেতনা পােৱা যেন দেখি ৰম্ভাই মাতিলে— আই। উন্মাদিনী '–কোন। যমদূত। মােক নিবলৈ আহিছ ? কলৈ নিবি? আকৌ অচেতন হ’ল।