পৃষ্ঠা:ফুল.pdf/১৫২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৪৪ ফুল। ঘৰত থকা ছােৱালী এজনীক বলেৰে কাৰবালৈ বিয..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৪ ফুল। ঘৰত থকা ছােৱালী এজনীক বলেৰে কাৰবালৈ বিয়া দিব খুজিছে। তেওঁ অলপাে পলম নকৰি, মানুহক সুধি-পুছি বলে ঘবলৈ লৰ দিলে; কিন্তু ৰম্ভাক নাপালে, নিত ফুলক দেখিলে মাথােন। ইফালে মানৰ নাম শুনি সকলো বিয়াঘৰীয়া মানুহ পলাবলৈ ধৰিলে; ফুলো ওলাই লৰ মাৰিলে । উন্মাদিনীয়ে প্রকাশ্যে দেখা নিদি তেওঁৰ পাচে পাচে যাবলৈ ধৰিলে আৰু ফুল আৰু দেবেন্দ্ৰৰ কথা-বতৰা শুনি, আকৌ অদৃশ্যভাবে তেওঁলােকৰ পাচ ল'লে । তাৰ পাচত দেবেন্দ্ৰ-ফুলৰ দশা আৰু মদনহঁতৰ মন্ত্রণা শুনি ৰাতিয়েই তাৰ পৰা আঁতৰিল। পাচ দিনা নৈৰ ঘাটত উপস্থিত হৈ, নাও বুৰা দেখি, পদ্মকাৰ সাহায্যেৰে দেবেন্দ্ৰ আৰু ফুলক উদ্ধাৰ কৰিলে। বম্ভাক আকোৱাল মাৰি ধৰাৰ পাচত অতিশয় উত্তেজনা নিমিত্তে উন্মাদিনী একেবাৰেই সঙ্শূন্য হৈ পৰিল কিছুমান বেলিৰ মূৰত কৈ উঠিল,—“ৰম্ভ! বস্তা! হায় ? মােৰ ৰম্ভ কলৈ গ’ল?” অলপ পাছত আকৌ ক'লে—“মান? মান। হঁতৰ আয়ুস টুটিল, অচিৰে হঁতৰ নাম মুমাব। হঁতৰ সংহাৰৰ নিমিত্তে বিধাতাই বজ্ৰ নিৰ্মাণ কৰিব লাগিছে। তহঁতৰ নিমিত্তেই, তহঁতকে আহি লৈ দুইহঁতে মােৰ হৃদয়ৰ ৰত্নটি কাঢ়ি নিলে। সােনকালে তহঁতৰ দশও আমাৰ নিচিনা হব ! ৰম্ভ ! ৰম্ভা। মােক এৰি, মােৰ বুকু শুদা কৰি, তই কলৈ গলি ?” ৰাই মাকৰ গাত ধৰি কলে :-“আই। আই! মই আছে নহয়।*