পৃষ্ঠা:ফুল.pdf/১৪৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বিংশ অধ্যায়। পাপৰ পৰাচিত। এতিয়া জেঠ মাহ শেষ হৈ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিংশ অধ্যায়। পাপৰ পৰাচিত। এতিয়া জেঠ মাহ শেষ হৈ আষাঢ় সােমাইছে। সকলােৰে গাত নব যৌৱনৰ ভৰপক উঠিছে। আম-কঠালবিলাকে এই ভৰপকতে পক ধৰি মােক খা, মােক খা কৰিছে । ওপৰত পৰি লৰি ফুৰা ক’ল-বগা ডাৱৰ মাজে-সময়ে পকি পানী হৈ সৰিছে। নৈয়েও যৌৱনৰ ৰসত ওফন্দিবলৈ আৰম্ভ কৰিছে। বতৰৰ অৱস্থা সদায় একে নহয়। কেতিয়াবা হয়তাে এজাক বৰষুণকে আনিছে, কেতিয়াবা আকৌ টিকাফটা ৰ'দে গাৰ তৰণি নােহােৱা কৰিছে। আজি কিন্তু বতৰৰ অৱস্থা মাজে মাজে । ৰ'দো নাই, বৰষুণে নাই; আকাশখন গােমা হৈ পৰিছে । প্রায় গৰু মেলামান সময় হৈছে ; হালোৱাই হান্সবােৱাত ধুমধাম লগাইছে। এনে সময়ত এজন মানুহ সাপৰ নেগুৰ ছিগা বেগেৰে বৈ যােৱা ভৰলীৰ দাতিত ওলালহি। তেওঁৰ। দীর্ঘাবয়ব, বীৰােচিত চকুৰ চাৱনি আৰু বহুল হিয়াচৰিয়ে তেওঁক এজন শকত-আৱত, বলী আৰু ধুনীয়া মানুহ বুলি চিনাকি দিছে। তেওঁ নৈৰ পাৰত থিয় হৈ কবলৈ ধৰিলে,—“অত দিন, অত দিন মিছাতে ফুৰিলে, মিছাই মিছাই জীৱন আৰামৰা কৰিলে।