পৃষ্ঠা:ফুল.pdf/১৩৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গত থিয় দিলা আৰু বিজুলী পােহৰত মই আড়ােখৰীয়াকৈ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৫, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গত থিয় দিলা আৰু বিজুলী পােহৰত মই আড়ােখৰীয়াকৈ দেখা প'লে, তেতিয়া তুমি কি ভীষণ উদ্দেশ্য লৈ আহিছ। তাক বুজিবলৈ আৰু বাকী নাথাকিল। সেই দেখি মই একে লৰেই গৈ ধৰি পেলালে। কিয় তুমি এনে ভীষণ কাৰ্য কৰিবলৈ আগ বাঢ়িছিলা? | ফুল।-অৱস্থাই তেনে কৰিবলৈ বাধ্য কৰিছিল। আগেয়ে এই বিপদৰ পৰা সাৰিব পাৰিলে জীয়াই থাকিবলৈ বৰ আগ্ৰহ আছিল, কিন্তু যেতিয়া এই জম্মত আপােনাক দেখা পােৱাৰ আশা নাই বুলি শুনিলে, তেতিয়া আৰু জীয়াই থকাৰ পৰা সম্পদতকৈ পদে পদে বিপদ ঘটাৰ বাহিৰে আন একো নেদেখিলোঁ। সেই কাৰণে ধৰ্ম্মৰক্ষাৰ নিমিত্তেও তেনে কৰাকে উচিত বুলি ভাবিছিলো। এতিয়া কওকচোন কিয় আপােনা তেনে অমঙ্গলীয়া বাতৰি ওলাইছিল। দেবেন্দ্ৰই আদিৰ পৰা অলেকে সকলে। বয়-বাতৰি বৰ্ণনা কৰিলে। শুনি শুনি ফুলৰ চকু চলচলীয়া হৈ উঠিল। দেবেন্দ্ৰৰ লগত কিবাকিবি জলপান গৈছিল, দুয়ো তাকে খাই-বৈ সেই নৈৰ দাতিৰ বালিতে বাকীড়ােখৰ ৰাতি অতিবাহিত কৰিলে। | ৰাতিপুৱা দুয়ো কনকৰ ঘৰৰ ফাললৈ খােজ ল'লে। ওপৰত নীল আকাশ, তাৰে পূব চুকত ৰাঙলী বেলিৰ বিবিধ ৰঙেৰে ৰঞ্জিত জগৎ-ভুলোৱা কিৰণৰ দুটা। চাৰিওফালে প্রকৃতি মনমােহা-জগতৰ আদি আৰু অকৃত্রিম সাজ গছ-লতা,