পৃষ্ঠা:ফুল.pdf/১৩১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। ১২৩ হৈছিল। দেশৰ এনেকুৱা অৱস্থাত কনকে ফুলক ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৫, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। ১২৩ হৈছিল। দেশৰ এনেকুৱা অৱস্থাত কনকে ফুলক বিচাৰি উলিয়াব পাৰিব বুলি বলােৰামে এখন্তকলৈকো ভবা নাছিল, আৰু সেই কাৰণেই ফুলক পিতাকৰ লগলৈ পঠিয়াবলৈ তেওঁৰ সমূলি ইচ্ছা নাছিল। বলােৰামৰ তেনে অনিচ্ছাৰ আৰু এটা কাৰণ আছিল। বললাৰামৰ ঘৰৰ ওচৰতে বগীৰাম নামেৰে এটা মানুহ আছিল। তাৰ লগত বলােৰামৰ কিবা এটা সম্বন্ধও আছিল। ফুলক দেখিবৰে পৰা সি কিবা এটা গুপুত বাসনাৰ বহ্নিত চেঁচা-পােৰা হৈছিল, আৰু ফুলক লাভ কৰিবৰ নিমিত্তে বলােৰামৰ ওচৰ চাপিছিল। বলােৰাম প্ৰথমতে অসম্মত হৈছিল, কিন্তু ধনৰ লােভত পৰি শেহত সম্মতি দিলে। সেই দেখিয়েই তেওঁ ফুলক পঠিয়াবলৈ অলপাে যত্ন নকৰিলে, বৰং এমাহৰ ভিতৰত তেওঁক বিচাৰি কোনাে নাহিলে বগীৰামৰ লগত তেওঁৰ বিয়া দিবলৈ মনতে স্থিৰ কৰি থলে। লাহে লাহে মাহৰ অন্ত পৰিল, কিন্তু ফুলৰ খবৰ লওঁতা কোনাে ােেলাল। বগীৰমে বলোৰামক বৰকৈ পীড়াপীড়ি কৰিবলৈ ধৰিলে, অগত্যা বললাম তেওঁৰ প্রতিজ্ঞা ৰক্ষা কৰিবলৈ মান্তি হ’ল। কিন্তু টেকেলি দিয়াৰ আগলৈকে ফুলে ঘুণাক্ষরেও এই ভীষণ সংবাদ পােৱা নাছিল। টেকেলি দিবৰ দিনা এই আকস্মিক বাতৰি ফুলৰ কাণত ঠি খেচ পৰা দি পৰিল, তেওঁ তলিকে মুচ্ছ। গ’ল।