পৃষ্ঠা:ফুল.pdf/১২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল! এখন ওপৰলৈ দঙা তৰোৱালৰ জিকমিকনি দেখা গল ; পাচৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৪, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল! এখন ওপৰলৈ দঙা তৰোৱালৰ জিকমিকনি দেখা গল ; পাচৰ মুহূৰ্ততে মানটোৰ ডিঙিৰ পৰা মূৰৰ বিচ্ছেদ ঘটিল। | ৰাই ঘটনাৰ একো মােৰ ধৰিব নােৱাৰি থৰ লাগিল, অজ্ঞাতসাৰে মুখৰ পৰা চিঞৰ ওলাল। আন সময়ত হােৱা। হলে সেই চিঞৰ শুনি মানুহে জুম পাতিলেহিহেঁতেন; কিন্তু আজি তালৈ কোনে কাণ কৰে । লােকৰ কথালৈ কাণ দিয়া দূৰত থাকোক, আপােন প্রাণ লৈয়েই টনাটনি ! সকলো গা সৰুৱাবৰ কাৰণে পলায়নত ব্যস্ত। ৰম্ভাই দেখিলে, সম্মুখস্ত খাপৰ পৰা উলিওৱা ৰােৱাল দাঙি এজন বীৰপুৰুষ থিয় দি আছে। তেওঁৰ সৌম্য মূর্তি দেখি ৰম্ভাৰ মনত সাহ জন্মিল ; ঘাইকৈ যেতিয়া তেওঁ “নিৰাশ্রয়া অবলাৰ প্রতি অত্যাচাৰ কৰোঁ আৰু কোন আছ, চাপি আহহঁক, এটা এটাকৈ যমৰ আলহী কৰিম” বুলি কোৱা শুনিলে, তেতিয়া ৰম্ভাৰ হৃদয় ভক্তি আৰু আনন্দত আপুত হৈ পৰিল। তেওঁ একেৰাহে সেই পুৰুষলৈ চাবলৈ ধৰিলে । ৰম্ভাই সেই দৰে চোৱা দেখি সৈনিকজনে আচৰিত অথচ পৰিচিত ভাবেৰে সুধিলে -“তুমি সেখােন বেয়াকৈ চাইছা ? চিন হেৰুৱালা নে কি ?” | ৰম্ভা।আপােনাক ইয়াৰ আগেয়ে দেখা মােৰ মনত নপৰে । সৈনিক।-বুজিলোঁ; সংসাৰত তিৰুতৰ চিন ধৰা অতি দুঃসাধ্য। দুদিন—দুদিন নৌহওঁতেই চিনি নােপােৱা হ'ল। নিশ্চয়, মই বুজিছে, কেঁচা-বাঁহত ঘুণে ধৰিলে। হায়। কালৰ