পৃষ্ঠা:ফুল.pdf/১১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। ১১১ অৱস্থালৈ চাই চকু লেটুকি ক’বলৈ ধৰিলে, হায..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৩, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। ১১১ অৱস্থালৈ চাই চকু লেটুকি ক’বলৈ ধৰিলে, হায় । দুৰাত্মাহঁতে সােণৰ অসম ছাৰখাৰ কৰিলে। মােৰ চেনেহৰ অসমীয়া প্ৰজাক সৰ্বস্বান্ত কৰি বনলৈ খেদিলে। ইমান তাে যে মােৰ এই প্রাণ। ওলাই যােৱা নাই, ই সচাকৈয়ে আশ্চৰ্যৰ কথা! কুলাঙ্গাৰ বদনচন্দ্র । তােৰ ভাল মহিমা! তয়েই এই সােণৰ অসম মাতৃক ভস্মত পৰিণত কৰালি ! ভাই অসমীয়াক বনলৈ খেদিলি! সতীৰ সতীত্ব নাশ কৰালি !! মান! পাষণ্ড মান। নবৰক্তপায়ী দুবাত্মা মান! এই পৃথিবীত-ঈশ্বৰৰ স্ৰজনৰ ভিতৰত তহঁতৰ দৰে নীচ প্ৰকৃতিৰ পশু প্রবৃত্তিৰ মানুহ আৰু ক তো নাই। স্বর্ণ-প্রসবিনী অসম জননীৰ সোভাগ্য লক্ষ্মীয়ে তহঁতৰ তাপ পলাই ফুট মাৰিলে। তথাপি তহঁতৰ হেপাহ নপলাল। উঃ, মােৰ প্ৰাণ কি কঠিন। স্বদেশ-স্বজাতিৰ এনে দুর্দশা দেখিও কিয় মােৰ প্রাণ যােৱা নাই ! কত বীৰ পুকষে স্বদেশৰ অৰ্থে, গাে-ব্রাহ্মণৰ ৰক্ষাৰ অৰ্থে, প্রাণ এৰি নিজৰ দেহ। পবিত্র কৰিছে,-মৃত্যুকাতে সজ কামত দেহ এৰিছে বুলি আনন্দ উপভােগ কৰিছে, মই কিয় তেওঁলােকৰ পথৰ পথিক হ’ব পৰা নাই । স্বৰ্গদেৱক শােকে খুন্দা মাৰি ধৰিলে। অলপ পাচত তেওঁ আকৌ ক’বলৈ ধৰিলে,-“সেনাসকল। যদিও আমাৰ দিন দুখতেই গৈছে, তথাপি আজিৰ নিচিনা দুখৰ দিন আমাৰ ভাগত ইয়াৰ আগেয়ে ঘটা নাই। আজি আমাৰ কঁকাল ভাগিল । আকৌ যে কেতিয়াবা আমি মূৰ তুলিব পাৰিম