পৃষ্ঠা:ফুল.pdf/১১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। মিনাৰামৰ কথা শুনি সকলাে ৰাইজে নিজ নিজ মতামত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৩, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। মিনাৰামৰ কথা শুনি সকলাে ৰাইজে নিজ নিজ মতামত প্রকাশ কৰিবলৈ ধৰিলে। ১ম।-হয় কথাটো! এই হাবিত ভূত থাকে বুলি ময়ে শুনিছে। সিদিনা সেই পুৱাৰামৰ বৰ লৰাটোৱে মহ ৰাখি থাকোতেই বােলে ভূতে পাই আঁচুৰিবাঁকুহি, ভুকুৱাই-কিলাই, নকৰিবৰ চকৰি কৰিলে। ২য় --থ, থ। তহঁতে আৰু গছৰ পাত এটা সৰা শুনিলেও মাথোন ভূতকেহে দেখ! লােকৰ বাৰীৰ কুঁহিয়াৰ চুৰ কৰোঁতে গিৰিহঁতৰ মাৰ খাই পুৱাৰামৰ পুতেক উঠিব নােৱষা হল ; ৰ’টি ফুটিল ভূতে মাৰিলে। ৩য় ।-তুমিও কিবা ওপৰে ওপৰে কথাবােৰ কোৱা। আমাৰ ককা দেউতাই আকৌ ভূতৰ আঙুলীকে কাটি আনিছিল। | এনেতে পদ্ম আৰু ফুল আহি নামঘৰ পালে। মিনামে ভ্যত কোচ খাই ফুচ ফুচ কৰে ক'লে,-“সৌৱা দেখি, ইয়ালৈকে খেদি আহিছে।” দ্বিতীয় মানুহটোৰ নাম বলােৰাম। বলােবামে কলে :- “তুই মনে মনে থাক।” | তাৰ পাচত তেওঁ পদ্মহঁতৰ ফাললৈ চাই সুধিলে -“তােমা- লােক ক’ৰ মানুহ, কলৈ যােৱা ?” পদ্মকান্তই তেওঁলােকৰ নিজ নিজ বিবৰণ আৰু মনৰ কথা সকলো ভাঙি-ছিঙি ক'লে। সকলােৱে তেওঁৰ কথাত বিশ্বাস কৰিলে। কিন্তু মিনাৰামে বিশ্বাস কৰিব নােৱাৰিলে। তাৰ