অৰুনোদই সম্বাদ পত্ৰ/ফেব্ৰোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৪৭ নং শাৰী:
 
==তৃতীয় পৃষ্ঠা==
ৰথ জোআ আলি পাতিবলৈ ধৰিচে । কিন্তু ইটালিৰ জি ভাগৰ ওপৰত পাপা অৰ্থাত কমিয়া ধৰমৰ গুৰু ৰজাই অধিকাৰ হৈচে, তাৰ ভিতৰত পাতিবলৈ পাপাই নিসেধ কৰিচে ।
ইটালি দেসৰ বিচুবিয়াচ পৰ্বতৰ পৰা বহু ধুঁআ আৰু চাই এতিয়া ওলাইচে; ইয়াকে দেখি তাৰ ওচৰত থকা মানুহে বোলে আৰু কিচু দিন হলে তপত জোলৰ নদি ওলাব ।
ভুমাজৰ সমুদ্ৰৰ মিতিলিন নামে এখন মাজুলিত ১৫ অক্তোবৰত ভুঁইকঁপ গল; তাতে অনেক পাকি ঘৰ ভাগিল ।
নুয়ৰ্ক নগৰত থকা মানুহ লেখি ৩ ৬৬ ০০০ মানুহ পোআ হৈচে ।
দখিন আমেৰিকাৰ ব্ৰাজিল দেসত বহু মুল্য হিৰা থকা গাঁত পালে । তাতে কোনো দিনত ৬০ ০০০ সাঠি হেজাৰ, কোনো দিনত এক লাখ ৰুপৰ দাম হিৰা পোআ সুনিচোঁ ।
মান দেসৰ ৰজাই আপোনাৰ ৰাজ্যৰ লোকক ফটিকা খাবলৈ নিসেধ আগ্যা কৰি, জি কোনো লোকে তাক বেচে, সেইবোৰক জৰিমনা কৰি ফাটকত দিবলৈ আগ্যা কৰিলে ।
ৰৰ্নিও উপদিপত নাৱেৰে গৈ জাহাজক লুট কৰা অনেক ডকাইত আচে । সেই ডকাইতক জুধ কৰি ধৰিবলৈ ইংৰেজি জাহাজ দু খন সেনাই সৈতে গৈচে । ৮ আগষ্টৰ তাৰিখত সিঁহতৰ এটা কোঁঠ লৈ, গাঁও পুৰি ২০ বৰ টোপ নিলে । পাচে ১৯ আগষ্টত মলুদা নৈত জি আন বৰ কোঁঠত চৰিক অস্মান নামে সিহঁতৰ মালিক ১০০০ বনুআ সৈতে থাকিলে, সেই কোঁঠত জুধ কৰি অনেক মাৰিলে, সিহঁতৰ বৰ নাও ৩০ ত্ৰিচ খান পুৰিলে, ৩৩ বৰ টোপো নিলে ।
নুহলণ্ড উপদিপৰ দখিন ফালে বাচ নামে সাগৰৰ এটা সুঁতিত থকা কিঙ্গ মাজুলিত কাটৰাকি নামেৰৈ এখান জাহাজ লাগি ভাগিল । ভগাৰ কাৰন এই, জাহাজৰ কাপ্তানে কিমান বাট পালেহি, ইয়াৰ গননা কৰোঁতে কোনো ভুল কৰি, বামৰ ওচৰ পালতো বামৰ পৰা ৬০ মাইলৰ আঁতৰ হোআ বুজি একে বেলিএই মাটিত খুন্দা খাই লাগিলহি । নুহল্ডত নিবাস কৰিবলৈ লৰা
--------দ্বিতীয় শাৰী------
তিৰোতাই সৈতে জোআ অনেক মানুহ সেই জাহাজত আচিল; মুঠে ৪২৩, সিবিলাকৰ ৪১৪ মৰিল, ৯ টা মাথোন বাম পাই ৰখ্যা পৰিল ।
২৪ ডিচেম্বৰৰ লণ্ডনৰ ডাকে ৩ ফেব্ৰোআৰিত কলিকতা পালেহি । তাতে লিখিচে, ৯ ডিচেম্বৰ তাৰিখত ইংলণ্ডৰ প্ৰধান ৰাজ মন্ত্ৰি চেৰ ৰবত পিল সাহাবে স্ৰী স্ৰীমতি মহা ৰানিৰ সাখ্যাত সেই ৰাজ মন্ত্ৰি বাব সমৰ্পন কৰিলত মহা ৰানিএ স্ৰীজুত লৰ্ড জন বচেল সাহাবক সেই বিসই লবলৈ আগ্যা কৰিলে, কিন্তু তেঁৱে লগৰ সহাই সকলে সৈতে আলচ কৰি ৰাজ বিসই লবলৈ থিৰ কৰিব নোআৰাত স্ৰী স্ৰী মতি মহা ৰানিএ আকও চেৰ ৰবৰ্ত পিলক মাতি আনি সেই বাব দি পুনৰ বাৰ প্ৰধান ৰাজ মন্ত্ৰি পাতিলে ।
 
ধৰমৰ কথা বাত্ৰা ।
Religious Intelligence.
কলিকতা নগৰত স্কটলণ্ড মিস্যনেৰি পাদুৰিৰ বিদ্যালইত চাতৰ এহেজাৰতকৈ অধিক হই; স্কটলণ্ডৰ পৰা আন মিস্যনেৰি পাদুৰি আহি আৰু এক ইস্কুল পাতিচে, তাতো এহেজাৰতকৈ অধিক চাতৰ আচে ।
জোআ বচৰত এংৰেজি ২০ । ৩০ পাদুৰি সাহাবে ইংলণ্ডৰ ৰাজ ধৰম এৰি কমিয়া ধৰম লৈ ৰুমিয়া গুৰুত বস হল ।
হিন্দুস্থানৰ মাজত ইংৰেজি বাপ্তিষ্ট মিস্যনেৰি সাহাব ২০ জন আচে; এই দেসৰ সাহাব ১২ জন; খ্ৰিষ্টিয়ান ধৰম কিৰ্তন কৰা হিন্দুস্তানি মানুহ ৫০; খ্ৰিষ্টিয়ান মণ্ডলি মুঠে ২৬; মণ্ডলিৰ লোক ১১০০ । জোআ বচৰৰ ভিতৰত হিন্দুস্তানি মানুহ ১৩০ জনে বিস্বাস কৰি বুৰ পোআ হৈ সেই মণ্ডলিবিলাকত সোমাল ।
মান দেসত ত্ৰিচ বচৰতকৈ অধিক থকা জদ্‌চন নামেৰে এজন আমেৰিকান মিস্যনেৰি পাদুৰি সাহাবে ভাৰ্জা নৰিয়া পৰাৰ কাৰনে আপোনাৰ দেসলৈ গৈচে । বাটত জাওঁতে সাগৰৰ মাজত চেন্ত হেলিনা নামে এক মাজুলিত কিচু দিন থাকি, তাতে মেম সাহাবে প্ৰভু য়িচুক দেখিবৰ আসা কৰি আনন্দ মনেৰে ম্ৰিত্যু হল । সাহাবে লৰাবিলাকে সৈতে আপোন দেসলৈ গল ।
 
==চতুৰ্থ পৃষ্ঠা==
 
[[শ্ৰেণী:অৰুনোদই সম্বাদ পত্ৰ]]