পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "২৭৬ লো-মৰণেৰে সােণে-পোৱালে important event. সো-মৰণেৰে মৰ–কি,..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২০:০৬, ৫ জুলাই ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭৬ লো-মৰণেৰে সােণে-পোৱালে important event. সো-মৰণেৰে মৰ–কি, [ সম-মৰণেৰে মৰা ] বিষম অর্থাৎ অপঘাত জনিত মৰণেৰে নমৰি সম অর্থাৎ স্বাভাবিক মৰণেৰে মৰ, to die : natural death. সােটমােচ ধােপােচ—বিং, কোনো অলাগতিয়াল বস্তু সোটমােচ কৰি থােপােচ- কৰে পেলাই দিয়া হয়। এতেকে,কোনো অকামিলা বস্তু বা মানুহ, a useless thing or person. সােণ হলে তাল হাতী পােন হোৱা--ক্রি, সেণ র্থৎ ঐ হল বিৰ তালহাতীকে ধৰি আনি শিকাই পোন অর্থাৎ বশীভূত কৰিব পৰা যায়। এতেকে,-ঐশ্বৰ্য-বিভূতি হলে সৰ্ব্ব কার্য সমাধা হােৱা, the making of everything easy by moi ey. সােণতকৈ জেউতি চৰ-বণ, সােণৰ জেউতি অতি বেচি। এই স্থত, সেই জেউতিতকৈও চৰা বােলা হৈছে । এতেকে,অনুপম সুন্দৰ, exceedingly bright. সোণৰ ৰূপৰ কলচী—বিং, কলচী দল আদিৰ ওপৰত জিলিকি থাকে। তাতে যদি সি সােণৰ বা ৰূপৰ হয়, তেনেহলে তাৰ তিৰবিৰণি আৰু বেচি হয়। এতেকে,—সর্বশ্রেষ্ঠ পুৰুষ, an illustrious personage. সােণ-ক্ষপৰ মুখেৰে কোৱা-ক্রি, সােণ আৰু ৰূপ বিখ্যাত ধাতু। এতেকে, বিখ্যাত মুখেৰে কোৱা অর্থাৎ যাতে বাক্যৰ খণ্ডন হব নােৱাৰে এনে- ভাৱে বিখ্যাত মনুহে আপােন মুখেৰে কথা কোৱা, to speak out mything irrevocably or alterably. সােণৰ যোলেং-বিং, ষােলেং এবিধ টেঙ্গা। সােণেৰে যােলেঙ্গৰ আৰুতিৰে বস্তু তৈয়াৰ কৰা হয়। এতেকে, যেই সেই বহুমূলীয় বস্তু, ॥ vuluable thing.. দেশে-পােৱালে গর্থ।—ক্রি. সােণে-পােৱালে গণি সুন্দৰ গলমণি তৈয়াৰ কৰা হয়। অকল সােণেৰে নাইবা অল পােৱালেৰে ভাল গলমণি কৰিব নোৱাৰি। ভাল আৰু বেয়া দুইৰৰ মিহলি হলে হে কামিলা বস্তু হয়। এতেকে,ভাল আৰু বেয়া মিহলাই কোনাে লাগতিয়াল কাৰ্য কৰা, to make anything useful and permanent by blending the good and the evil harmoniously.