দিনকণা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
১ নং শাৰী:
{{header
'''দিনকণা'''
| title = দিনকণা
| author = মফিজুদ্দিন আহমদ হাজৰিকা
(১৮৭০-১৯৫৮)
| translator =
| section =
| previous =
| next =
| year =
| portal =
| wikipedia = মফিজুদ্দিন আহমদ হাজৰিকা
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
হেৰা, হেৰা হাটৰুৱা,
::মৰমৰ ভাইহঁত;
নেৰিবাঁ নেৰিবা মোক
::এই মায়া-বজাৰত ৷বজাৰত।
দুহাত যুৰিছো মই
::কাবউ-কাকূতি কৰি ;
অকলে নেৰিবাঁ মোক
::আলাই-আথানি কৰি ৷
তোমালোকো যোৱাঁগই
::মোকো হেৰা লই যোৱাঁ;
দুখীয়া নিচলা বুলি
::এফেৰি উভতি চোৱাঁ ৷
হাতৰ লাখুটি ইযে
::মেলি দিছে হেৰা ভাই,
ধৰাঁ, ধৰি কোনোমতে
::নিয়াঁ মোকো আগুৱাই ;
কেনিবা যাবগৈ লাগে
::চকুৰে নমনো মই,
খুন্দা ও খুন্দলি খাই
::যেনি তেনি পৰোঁ গই ৷
আমাৰ নিচিনা এনে
::দুখীয়া লেহেৰা দেও,
এই বিশ্ব-বজাৰত
::নাই আৰু ক’তো কেও ৷
সি দেখি মাতিছো মই
::অতযে মিনতি কৰি,
আহাঁ, আহাঁ, ভাইহঁত,
::নিয়া মোকো বাহু ধৰি ৷
বেছিতো নালাগে মোক,
::এফেৰি পোহৰ মুঠে,
তাকে পালে উলাহতে
::হিয়া মোৰ নাচি উঠে ৷
এটুপি চকুৰ লো,
::এখনি কোমল হিয়া,
এষাৰি ‘আয়ৈ দেহি’,
::আৰু এটি হুমুনিয়া ;
ইয়াৰ উপৰি আৰু
::একোকে নেলাগে মোক,
ইয়াকে পালেই মোৰ
::গুচি যাব যত শোক ৷
আমনি নকৰোঁ আৰু
::কাকো ক’তো,হেৰা ভাই,
আহাঁ, আহাঁ, ঘুৰি আহি
::নিয়াঁ মোকো আগুৱাই ৷
আগে আগে তোমালোক,
::পিছে পিছে ময়ো যাওঁ,
তযু পোহৰৰে যেন
::এচেৰেঙা ময়ো পাওঁ ৷
নহ’লে মৰিম মই
::আলাই-আথানি হই,
কেনিবাদি এন্ধাৰত
::খালে বামে পৰি অই ৷
ওখোৰা-মোখোৰা বাট,
::তাতে ই এন্ধাৰ ঘোৰ,
তদুপৰি দুই কান্ধে
::মেটমৰা ভাৰ মোৰ ৷
খোজে পতি উজুটিত
::চুলি-আগে গৈছে জীৱ,
হায়,আগে জনা হ’লে
::আজি এনে দশা কিয়?
বজাৰত ভোল গ’লো
::লীলা-মলা চাই চাই,
চাকি তেল শলিতাযে
::নেবেহালো, হায় হায়!
এতিয় বুৰিল বেলি,
::হ’লহি এন্ধাৰ ঘোপ,
লাহে লাহে ভাগিলেহি
::গৰাকীৰো দলদোপ!
অকলে কেনেকৈ যাওঁ,
::কি হ’ব উপায় মোৰ;
সাৰথিও নাই,নাই
::কিম্বা চাকি বন্তি জোৰ ৷
নিগমে মৰিলো মই,
::কোন কেনি আছহক,
উধাৰাঁহি আজি এই
::দিনকণা অধমক ৷
এনেনো ধেন্দেলা মোক
::কৰিলে বিধিয়ে হায়,
উহু, কি কপাল পোৰা !
::ভৰিও পিছলি যায় ৷
খোজে পতি ঘৰামুটি
::ঘনে টেলঙনি খাওঁ ;
‘সহায় সহায়’ কৰি
::ইপিনে-সিপিনে চাওঁ ৷
নেপাওঁ কেনিও হায়,
::এখনি সহায়-হাত,
নুশুনো কেনিও হায়,
::এষাৰি সুৱলা মাত ৷
যাৰেই গুৰিলৈ যাওঁ,
::সেয়ে মুখ ওফোন্দায়,
চকুহে টেলেকা কৰি
::গোৰোঙাকৈ ঘূৰি চায় ৷
যেয়ে সেয়ে চেই চেই
::য’তে ত’তে দূৰ দূৰ,
যাকে মাতোঁ, সেয়ে মাৰে
::কিল, ভুকু, লাঠি, গোৰ ৷
হায়, কি কপাল মোৰ
::এয়েনে আছিল লেখা ?
উহু, কি এন্ধাৰ বাট,
::নেপাওঁ অকণো দেখা ৷
সাৰথি মাথোন এই
::কণাৰ লাখুটিডালি,
তাৰেহে খোপনি পুতি,
::কোনোমতে হালি-জালি,
এখুজি দুখুজি কৰি
::আহিছো হে ভাইহঁত,
নেঠেলিবাঁ নেঠেলিবাঁ,
::লোৱাঁ মোকো কাষৰত ৷
কাবউ কৰিছো মই,
::দুখনি ভৰিত পৰি;
নিচলা আতুৰ বুলি
::নিয়াঁ মোকো ধৰি ধৰি ;
খন্তেকলৈ খেনি কৰি
::খন্তেকলৈ অপমান,
কিয় ভাই,নাহকতে
::বিনাশিবা এটি প্ৰাণ ?
এতেকেহে লগে-ভাগে
::নিয়াঁ নিয়াঁ বাহু ধৰি,
কোনোমতে ময়ো যাতে
::যাব পাৰোঁ মৰি পৰি ৷
দেখোঁ অত কাকূতিতো
::নাহিলেযে কেও হায়,
মানুহৰপৰা তেন্তে
::আশা আৰু নাই নাই ৷
এবে তোমাকেহে খাটোঁ
::হে প্ৰভু, দয়াময়,-
আজি মহাবিপদত
::বিতত বিচূৰ্তি মই ;
কেৱে নেতাৰিলে মোক ;
::নেলাগিল কাৰো বেথা ;
তুমিয়েহে তৰোৱাঁহি
::ভাঙি এই মহা লেঠা ;
অগতিৰ গতি তুমি,
::অনাথৰ নাথ শুনো ;
তেন্তে ই বিলাই মোৰ
::চাই আছা কেনেকৈনো ?
কণা অধমৰ ফালে,
::কৃপা-চকু মেলি চাই,
তাৰাঁহি হে দয়াময়,
::ৰসাতলে গ’লো হায় !
 
[[শ্ৰেণী:কবিতা]]
"https://as.wikisource.org/wiki/দিনকণা"ৰ পৰা অনা হৈছে