পৃষ্ঠা:কৃষ্ণ লীলা.pdf/২৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৫ম দৃশ্য ] কৃষ্ণ লীলা কেনেকৈ পঠিয়াম তোক, কাতৰ হৃদ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৯, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ম দৃশ্য ] কৃষ্ণ লীলা কেনেকৈ পঠিয়াম তোক, কাতৰ হৃদয়ে তোৰ অবিহনে নিশ্চয় মৰিম। কৃষ্ণ। মা, মা, মোৰ কৌটি জনমৰ প্ৰেমময়ী তপস্বিনী আই, সংসাৰ মায়াত আজি এনেননা বিহ্বল হল কিয়। সন্দিপণি ঋষিৰাজ আশ্ৰমলৈ যাওঁতে পূৰ্বতে এই দৰে কত দুখ শোক কৰিছিল কিন্তু প্ৰভুৰ কৃপাতে সুকলমে আই আহিলো উলটি দুয়ো। এতিয়াও মুঠে দুদিনৰ হেতু বাম মধুপুৰীলৈ। ভয়ৰ কাৰণ একো নাই। অকুৰ। বাইদেউ, হাহি উঠে দেখি ভয়োদ্বেগ দুয়োটি প্ৰাণীৰ। সামান্য মানুহ বুলি ভাবে নেকি এই দুজনক। কৃষ্ণ। আই মাতৃ যম আমি ৰাজসভালৈ অনুমতি দিয়ক আনন্দ মনে। যশোদা। যাবা বাৰু বাছাহঁত, প্ৰাণৰ দুলাল ৰাজ আজ্ঞা যেতিয়াই পালিবলৈ বাধ্য আমি তলতীয়া ৰজা। নন্দ। বান্ধব অকুৰ আজি থাকা ইয়াতেই। প্ৰভাততে যাবা যাত্ৰা কৰি ৰাম কানু সহ মথুৰা নগৰ বুলি।