পৃষ্ঠা:কৃষ্ণ লীলা.pdf/২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৩য় দৃশ্য ] কৃষ্ণ লীলা। উপজিছে বিশেষ চেনেহ। ভাগিন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৬, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩য় দৃশ্য ] কৃষ্ণ লীলা। উপজিছে বিশেষ চেনেহ। ভাগিনক চাবলৈ ব্যাকুল অন্তৰ মোৰ। তুমি গৈ বীৰবৰ আনিবা দুয়োকো সাদৰেৰে মাতি ইয়ালৈ। পৰম উৎসৱ হব মোৰ নগৰত। সেই উৎসৱত যোগ। দিব ভাগিন সকলে মোৰ। অজুড়। (স্বগতঃ) অকস্মাৎ এনে প্ৰেম কিয় উপজিল আজি ৰজাৰ মনত। শুনিছিলো হে প্ৰাণবৈৰী কংস ৰাইৰ আপোন ভাগিন বিষ্ণুৰুপে হব অৱতাৰ। কি জানিবা গোকুলৰ কৃষ্ণ সেই পুৰাণ পুৰুষ। যদি সেয়ে হয় কিবা ভাগ্য মোৰ হব প্ৰভুৰ চৰণ দৰশন। (প্ৰকাশ্যে ) মহাৰাজ নিশ্চয় সাধিম তব কাজ কৃষ্ণ বললাম দুয়োটিকে লৈ মই ততালিকে আহিম উলটি। কংস। ভাল তেন্তে যোৱাগৈ, সফলতা লভি আহা যেন সোনকালে, লই মৰমৰ মোৰ ভাগীন দুটিক। [ অকুড়ৰ প্ৰস্থান।