বনবাসৰ কথা সীতাক জনায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
১ নং শাৰী:
{{সপ্তকাণ্ড ৰামায়ণ}}
 
::<big>'''১১ অধ্যায়'''<big>
 
<big>'''বনবাসৰ কথা সীতাক জনায়'''</big>
১০ নং শাৰী:
ধৱলি ওৱাৰিত,&nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আছন্ত জানকী,
 
::ৰাঘৱৰ মনোৰমা ।
 
শ্বেন মেঘ যেন, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; জগতে বিদিত,
 
::ৰোহিণী দেৱী উপমা ॥১
 
আতি অপৰ্য্যস্ত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হৰিষ কৰন্ত,
 
::গাৱে অলঙ্কাৰ ধৰি ।
 
মোৰ স্বামী ৰাম, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজা হৈবা আজি,
 
:;আমি হৈবোঁ পটেশ্বৰী ॥২
 
মনে কৌতূহল, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অনেক মঙ্গল,
 
::কৰিলন্ত ঠাৱে ঠাৱ ।
 
মনত হাসন্ত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নিয়মে আছন্ত,
 
::সীতা জগতৰ মাৱ ॥৩
 
প্ৰসন্ন নয়ন, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হৰিষ বদন,
 
::কৰি দুৱাৰক চাইল ।
 
প্ৰাণনাথ ৰাম, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; গুণে অনুপাম,
 
::আসা দৰিশন পাইল ॥৪
 
পৰিল ঝামৰ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নোশোভে ৰামৰ,
 
::মুখ অনুৰূপ দিন ।
 
গধূলি কালৰ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যেন দিবাকৰ,
 
::প্ৰভায় ভৈলা বিহীন ॥৫
 
প্ৰদক্ষিণ কৰি, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; স্বামীক নমিল,
 
::সীতা জনকৰ জীৱ ।
 
হাত যোৰ কৰি, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰামৰ পাচত,
 
::সঙ্কোচে ভৈলন্ত থিৱ ॥৬
 
অন্তৰ্গতে পাচে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কাৰ্য্যক লখিয়া,
 
::ৰাঘৱৰ বৰনাৰী ।
 
ধীৰে ধীৰে মাৱ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বুলিলা বচন,
 
::জনক ৰাজা জিয়াৰী ॥৭
 
কি কাৰণে প্ৰভু, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মনত অসুখ,
 
::মিলিল কোন প্ৰমাদ ।
 
কহিয়োক প্ৰভু, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হৰিষ কালত,
 
::দেখিয় কেনে বিষাদ ॥৮
 
আতি অপ্ৰমাদী, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মন্ত্ৰী পাত্ৰ আদি,
 
::ব্ৰাহ্মণ যত আছন্ত ।
 
পঢ়ি মন্ত্ৰ মূল, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দূৰ্ব্বাক্ষত ফুল,
 
::নিদিলা তযু শিৰত ॥৯
 
তোমাৰ লগত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ধৱল চামৰ,
 
::নাহি ৰাজ অলঙ্কাৰ ।
 
কিনো বিপৰীত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অথিৰ চৰিত,
 
::দেখোহোঁ চিত্ত তোমাৰ ॥১০
 
ৰাজলক্ষ্মী ধৰ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; প্ৰমত্ত কুঞ্জৰ,
 
::নাসিল কেনে লগত ।
 
বলন্তে বেগত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মেৰু পৰ্ব্বতক,
 
::তুলিতে দান্তে শকত ॥১১