[ ৩৭ ]
 

“মহাৰাজ! মইহে আগতে মৰিছিলো”


 হাছান আৰু নুজহাটৰ বিয়া ৰজা হাৰুণ-আল্ -ৰছিদৰ ৰাজ- কাৰেঙত বৰ জাকজমক আৰু আনন্দৰ মাজেদি সুকলমে সমাধা হৈ গল। ৰাণী জুবেদাই তেওঁৰ লিগিৰী নুজহাটক ভালেমান বহুমূলীয়া উপহাৰ দিলে আৰু ৰজায়ো হাছানক সেইদৰে অনেক দুৰ্মূল্য বঁটা দিলে।

 সেই কাৰেঙৰে এটা ডাঙৰ কোঠাত হাছান আৰু নুজহাটক থাকিবলৈ ৰজাই অনুমতি যাচিলে। হাছান আৰু নুজহাটেও ইমানবিলাক ধন-সম্পত্তি পাই বৰ সুখেৰে আৰু আড়ম্বৰেৰে কাল কটাবলৈ ধৰিলে। হাত ধৰি নচলিলে কুবেৰৰ ভৰালো ক্ষয় হয়। এইদৰে উধাই-মুধাই ধন-সোণ ভাঙোতে ভাঙোতে তেওঁলোকৰ টকা- কড়িৰ নাটনিয়ে দেখা দিলে।

 এদিন সেই নাটনিৰ কথা ভাবি-চিন্তি দুয়ো মূৰ ঘমাই বহি আছে। শেষত হাছানে বহুত পৰ গালা-গপা কৰি এটা উপায় উলিয়ালে আৰু সেইমতে নুজহাটক সকলোখিনি কাম কৰিবলৈ দিহা দিলে।

 হাছানৰ দিহা মতে নুজহাটে হাছানক কোঠাটোৰ মাজতে শুৱালে আৰু গায়ে-মুখে এখন কাপোৰেৰে ঢাকিলে। তাৰ পাছত তেওঁ গিৰিয়েক মৰিল বুলি হুৰাৱ-ৰাৱে কান্দিলে, আৰু সেইদৰেই ইনাই- বিনাই ৰাণী জুবেদাৰ ওচৰ পালেগৈ। হাছান এনেকৈ হঠাতে মৰিল বুলি শুনি ৰাণী অতি আচৰিত হল আৰু তেওঁ বৰ বেজাৰ পালে। এনে বিপদত ৰাণীয়ে নুজহাটক পুতৌ কৰি এশটা সোণৰ মোহৰ যাচিলে আৰু লগতে শৱ ঢাকিবলৈ বহুমূলীয়া কাপোৰ এখনো দিলে। নুজহাটে পেটৰ হাঁহি পেটতে সামৰি বাহিৰে তেতিয়াও বেজাৰৰ চিন দেখুৱাই সোণৰ মোহৰখিনি আৰু কাপোৰখন লৈ ঘৰলৈ খোজ ললে। ঘৰ পাই হাঁহি হাঁহি গিৰিয়েকক কাপোৰ আৰু সোণৰ মোহৰখিনি দিলেগৈ আৰু কেনেকৈ হাছান মৰিল বুলি কান্দি-কাটি কথা কৈ ৰাণীৰ

পৰা সেইখিনি সৰকালে, তাকে দেখুৱাই দুয়ো বাগৰি বাগৰি হাঁহিলে। [ ৩৮ ]


গিৰিয়েক মৰিল বুলি হুৰাও-ৰাৱে কান্দিলে [ ৩৯ ] তাৰ পাছত নুজহাটক সেই ঠাইতে শুবলৈ দিলে আৰু কাপোৰ এখনেৰে গায়ে-মুৰে ঢাকি ঘৈণীয়েক মৰিল বুলি এইবাৰ হাছানে ৰাওচি জুৰি কান্দি কান্দি ৰজাৰ কাষ পালেগৈ। ৰজা সেই সময়ত ৰাজকাৰ্য্যত বৰ ব্যস্ত আছিল। অকস্মাতে এই বাতৰিটো শুনি তেওঁ বৰ দুখ পালে আৰু সকলো কথা সুধি-পুছি লৈ হাছানক এশ সোণৰ মোহৰ আৰু এখন শৱ ঢকা বহুমূলীয়া কাপোৰ দিবলৈ ধন-ভৰালীক আদেশ দিলে। আবু হাছানে সেই বস্তুখিনি সামৰি-সূতৰি লৈ পেটে পেটে হাঁহি হাঁহি, কিন্তু বাহিৰে তেতিয়াও চকুপানী টুকি টুকি, ৰজাৰ কাষৰ পৰা আঁতৰিল। নুজহাটৰ আগত সেই সোণৰ মোহৰবোৰ আৰু কাপোৰখন মেলি দেখুৱাই মাটিত বাগৰি বাগৰি হাঁহি হাঁহি হাছানৰ আৰু নুজহাটৰৰ পেটু-নাড়ি সোপাই ছিগা যেন হল ৷

 ইফালে সেইদিনাৰ বাবে ৰাজকাৰ্য্য সামৰি থৈ ৰজাই বৰ দুখেৰে ৰাণীৰ ওচৰত নুজহাট মৰাৰ বাতৰি দিলেগৈ। ৰাণীয়ে অতি আচৰিত হৈ কলে"-- “মহাৰাজ আপুনি কি কৈছে মই বুজিব পৰা নাই। নুজহাট মৰা নাই নহয়! হাছানহে মৰিছে, আপুনি ইমান ভুল কৰা দেখি মই আচৰিত নামানি পৰা নাই।’’

 ৰজাই ক'লে— “ৰাণী তোমাৰহে ভুল হৈছে। হাছান কেতিয়াও মৰা নাই। তোমাৰ হাত-ধৰী লিগিৰী নুজাহাটহে মৰিছে।’’ ৰাণীয়ে ক'লে— “মহাৰাজ! আপোনাৰ প্ৰমাদ দেখি মই দুখ পাইছোঁ। হাছান মৰিছে আৰু সেই কথা নুজহাটে নিজে কান্দি কান্দি আহি মোক জনাই মোৰ পৰা এশ সোণৰ মোহৰ আৰু এখন বহুমূলীয়া শৱ ঢকা কাপোৰ নিছে।” ৰজাই ক'লে— “ৰাণী! তোমাৰ ভ্ৰম দেখিহে মই বিচূৰ্তি হৈছোঁ। নুজহাট মৰিছে আৰু সেই কথা মোক জনাই হাছানে নিজে আহি মোৰ পৰা এশ সোণৰ মোহৰ আৰু এখন বহুমূলীয়া শৱ ঢকা কাপোৰ নিছে।’’

 এইদৰে ৰজা-ৰাণী দুইৰো ভিতৰত লাহে লাহে বৰকৈ খকা-খুন্দা লাগিবলৈ ধৰিলে৷ শেষত দুইৰো উখনা উখনিও হল। তাৰ এটা প্ৰতিকাৰ কৰিবলৈ বুলি ৰজাই ক'লে-- “ৰাণী, আমি ঘাই ঘটনাটো আকৌ এবাৰ বিচাৰ নকৰোৱাকৈ ইয়াকে লৈ এইদৰে গলা-গপা কৰা ভাল হোৱা নাই। মই এতিয়াই এজন মানুহ পঠাওঁ। তেওঁ হাছানৰ কোঠালৈ গৈ কোন মৰিছে চাই আহক। তেতিয়া নিশ্চয় বুজিবা যে [ ৪০ ] “মোৰ কথাই ঠিক।” ৰাণীয়ে কলে— “মানুহ পঠিয়াওক, হানি নাই। কিন্তু মোৰ কথাত যে এফেৰিও আঁৰ নাই, এই বিষয়ে মই নিঃসন্দেহ।’’

 ৰজাৰ ঘৰৰ পৰা মানুহ যোৱা দেখিয়েই ধূৰ্ত হাছানে কথাটো বুজি পালে আৰু নুজহাটক তৎক্ষণাত কাপোৰেৰে গা-মুখ ঢাকি মৰা ভাও জুৰি পৰি থাকিবলৈ কলে; ওচৰতে বহি হাছানেও ইনাই-বিনাই কান্দি থাকিল। ৰজাৰ মানুহ আহি দেখে সঁচাকৈয়ে নুজহাট মৰি আছে। তথাপি ঢকা কাপোৰখন এবাৰ দাঙি চালে আৰু হাছানক বুজনি দি গুচি গল। ৰজাৰ মানুহ গৈ বাতৰি দিলে বোলে নুজহাট মৰিল হয় আৰু হাছান ওচৰতে বহি কান্দি আছে। এইবাৰ ৰাণীয়ে অভিযোগ কৰিলে বোলে তেওঁক মিছাত পেলাবলৈহে ৰজাই সেই মানুহটো পঠাই এইবোৰ ষড়যন্ত্ৰ কৰিছে। নিৰুপায় হৈ ৰজাই ৰাণীক নিজেই মানুহ পঠাবলৈ কলে। ৰাণীয়ে তেওঁৰ বুঢ়ী লিগিৰীজনীক সকলো কথা নিজ চকুৰে চাই আহিবলৈ পঠিয়ালে।

 হাছানে নিজ কোঠাৰ পৰাই সকলো মন কৰি আছিল। বুঢ়ীজনী অহা দেখিয়েই নিজে তৎক্ষণাত শুই গায়-মুখে কাপোৰখন পেলাই লৈ মৰা ভেশ ধৰিলে আৰু নুজহাটক ওচৰত বহি ইনাই-বিনাই কান্দি থাকিবলৈ কলে। ৰাণীৰ পাচনি মতে বুঢ়ী আহি কাপোৰখন দাঙি চাই দেখে, সঁচাকৈয়ে হাছান মৰিল। বুঢ়ীয়েও নুজহাট বাঁৰী হোৱাত তাইৰ দুখত চকুলো টুকি টুকি পুনৰ ৰাণীৰ কাষ পালেহি। বুঢ়ীয়ে ৰাণীৰ আগত হাছান মৰা আৰু নুজহাটে শৱটো আগত লৈ কান্দি থকা দেখি অহা অনুসাৰে হুবহু সকলো কথা কলে। ৰজাই কিন্তু বুঢ়ীৰ কথা বিশ্বাস কৰিব নোৱাৰিলে। ৰাণীৰ বৰ খং উঠিল। ৰজা আৰু ৰাণীৰ তৰ্ক লাগিছে আৰু ইফালে ৰাণীয়ে চাবলৈ পঠোৱা বুঢ়ী লিগিৰীজনী আৰু ৰজাই পঠোৱা মানুহটোৰ ভিতৰত গালি পৰা-পৰি লাগিছে। কোনেও কাৰো কথা বিশ্বাস নকৰে।

 শেষত ৰজাই ক'লে— “ৰাণী। এনেকৈ অনাহক তৰ্ক কৰি থাকি লাভ নাই। দুয়ো গৈ কথাটো নিজ চকুৰে চাই আহোঁগৈ। এই বুঢ়ীজনী বা মানুহটো যেয়ে মিছা কৈছে, তাকে ঘোৰ শাস্তি দিম।’’

 ৰজা ৰাণী তেওঁলোকৰ কোঠাৰ ফাললৈ অহা দেখি পোনতে পেপুৱা খালেও মৰণত শৰণ লৈ দুয়ো বেলেগে বেলেগে মৰা ভাও জুৰি কাপোৰেৰে গা-মুখ ঢাকি পৰি থাকিল। ৰজা-ৰাণী আহি এইবাৰ [ ৪১ ] দুইটাকে মৰি থকা দেখি আৰু আচৰিত হল; আৰু নতুন সমস্যাত পৰিল। পাছত তেওঁলোকে থিৰ কৰিলে, নিশ্চয় আগতে এটা মৰিছে আৰু ইটোৰ দুখত সিটো মৰিছে। এতিয়া পুনৰ তৰ্ক উঠিল— আগতে কোন মৰিল? আগৰ দৰেই ৰজাই ক'লে— যি হেতুকে হাছান গৈ ঘৈণীয়েক মৰিছে বুলি তেওঁৰ পৰা এশ সোণৰ মোহৰ আনিছে; তেতিয়া নিশ্চয় নুজহাট আগতে মৰিল, আৰু ঘৈণীয়েক মৰাৰ দুখত পাছত হাছান মৰিল। ৰাণীয়ে ডাঠি ক'লে—যি হেতুকে গিৰিয়েক মৰা বুলি নুজহাটে তেওঁৰ পৰা এশ সোণৰ মোহৰ আনিছে; তেতিয়া নিশ্চয় হাছান আগতে মৰিছে আৰু গিৰিয়েক মৰাৰ দুখত নুজহাট পাছত মৰিল। শেষত কোনো উপায় নাপাই ৰজাই ঘোষণা কৰিলে, নুজহাট আৰু হাছানৰ ভিতৰত কোন আগতে মৰিছে যেয়ে সঠিককৈ কব পাৰিব, তাকে তেওঁ সত্যে সত্যে এহেজাৰ সোণৰ মোহৰ বঁটা দিব॥

 ইয়াৰ ভিতৰতে ঘটনা-স্থলত বহুত লোক উপস্থিত হল। ৰজাৰ ঘোষণা শুনি সকলো মানুহ তলকা মাৰিলে। কিয়নো নুজহাট আৰু হাছানৰ কোন আগতে মৰিল, কোন পাছত মৰিল কোনেও কব নোৱাৰে। ইফালে ৰজাই ঘোষণা কৰা এহেজাৰ সোণৰ মোহৰ কোনে কেনেকৈ পাব বিচূৰ্তি হল।

 এনেতে কাপোৰৰ তলৰ পৰা মুখ উলিয়াই লাহেকৈ হাছানে মাত লগালে— “মহাৰাজ! মইহে আগতে মৰিছিলো, মোক এতিয়া এহেজাৰ সোণৰ মোহৰ দিয়ক।” মৰা মানুহটোৱে নিজে মুখ উলিয়াই এইদৰে কথা কোৱাত ৰজা-ৰাণী, সকলো মানুহ স্বৰগ পৰাৰ দৰে হল। কি কওঁ, কি নকওঁ কৰোঁতেই নুজহাটো মৰাৰ পৰা উঠিল আৰু দুয়ো ৰজা-ৰাণীৰ ভৰিত দীঘল দি পৰি ক্ষমা-প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ৰাণীয়ে তেতিয়াও বিশ্বাসকে কৰিব পৰা নাই যে হাছান সঁচাকৈয়ে মৰা নাই। ৰজাই আচৰিত হৈ হাছানক এই ৰহস্যৰ কথা সুধিলে। হাছানে হাতযোৰ কৰি ক'লে— “মহাৰাজ! দাস-দাসীক মাৰকেই বা কাটকেই, গুৰিৰ কথা কওঁ। মহাৰাজ-মহাৰাণীয়ে আমাক মৰম কৰি বহুত ধন-সোণ দিলেও আমি সেইবোৰ উধাই-মুধাই খৰচ কৰি খাস্তাং কৰিলো। সেইবাবে মহাৰাজ মহাৰাণীৰ ওচৰলৈ আকৌ ধন বিচাৰি যাবৰ সাহ নহল। এদিন দুয়ো মূৰ ঘমাই বহি থাকি শেষত এইটো উপায় উলিয়ালো। পোনেই নুজহাট মহাৰাণীৰ ওচৰলৈ আহি মই [ ৪২ ] মৰিলো বুলি কৈ এশ সোণৰ মোহৰ নিলে। তাৰ পাছত মই মহাৰাজৰ ওচৰলৈ আহি নুজহাট মৰিল বুলি এশ সোণৰ মোহৰ নিলো। গতিকে মহাৰাজ মই যে আগতে মৰিছিলো, ই নিশ্চয়। গতিকে মহাৰাজে নিজে ঘোষণা কৰা এহেজাৰ সোণৰ মোহৰ মই পাব লাগে।”

 হাছানৰ মুখৰ পৰা এই কাহিনী শুনি ৰজা-ৰাণী আৰু উপস্থিত সকলো মানুহৰ হাঁহিত পেটু নাড়ি ছিগা যেন হল। সকলোৱে হাছানৰ সেই ধেমালিত বৰ আমোদ উপভোগ কৰিলে। ৰজাই নিজে ঘোষণা কৰা অনুসাৰে হাছানক ৰংমনে এহেজাৰ সোণৰ মোহৰ দিলে আৰু গোটেই ধেমালিটো বুজি ৰাণীয়েও নুজহাটক এহেজাৰ সোণৰ মোহৰ দিলে। তেতিয়াৰে পৰা ধন-সোণৰ বাবে কোনো আলৈ-আহুকাল নোহোৱাকৈ হাছান-নুজহাট দুয়ো দিন নিয়াবলৈ ধৰিলে। ৰজা হাৰুণ- আল্-ৰছিদ্ আৰু ৰাণী জুবেদায়ো এওঁলোকক লৈ নানা ৰং-ধেমালিত

কাল কটালে। ০০ [ ৪৩ ]
 

ভোদাৰামৰ ভাগ্য


 বুদুৰাম আছিল ভোদা; এই কাৰণেই গাঁৱৰ মানুহে তাৰ নাম দিছিল ভোদাৰাম। বুদ্ধি কৰি কোনো কাম ভোদাৰামে কৰিব নোৱাৰিছিল। তাৰ বুদ্ধি মতে কাম কৰিলে তোমাৰ সকলো কাম পণ্ড হবই হব। ভোদাৰামক দেখিলেই সৰু সৰু লৰা-ছোৱালী বিলাকে চিঞৰি চিঞৰি জোকাবলৈ ধৰে।

 এদিন ভোদাৰামৰ মাকে ভোদাৰামক পইছা চাৰিটা দি ক’লে— “যি সস্তা পাৱ, তাকে আনিবি; কিন্তু দৰ দাম কৰিহে বস্তু কিনিবি।’’ “কিছু সময়ৰ পাছত ভোদাৰাম বজাৰৰ পৰা আহিছে—তাৰ মূৰত এটা ডাঙৰ বোজা। সকলো অবাক্- ভোদাৰামে এপাচি গোবৰ আনিছে। মাকে ক'লে— “এইবোৰ কি আনিছ?’ ভোদাৰামে কলে—“কিয়, তুমি কৈছিলা নহয় সস্তা বস্তু আনিবলৈ? চাৰি পইছাৰ ইমানখিনি বস্তু পালো দেখি তাকে আনিলো।” ভোদাৰামৰ কথা শুনি। মাকে কলে— “মই তোক শাক পাচলিৰ যি সস্তা হয় তাকেহে আনিবলৈ কৈছিলোঁ?”

 আৰু এদিন মাকে ভোদাৰামক ক'লে— “বেগতে অলপমান মিঠাই কিনি আনচোন, পলম নকৰিবি।” ভোদাৰামে একে লৰে দোকানৰ পৰা কেইডোখৰ মান মিচিৰি আনি দিলে।

 আৰু এদিন আবেলি ভোদাৰামে কাপোৰেৰে ঢাকি কিবা এটা বস্তু ঘৰলৈ আনিছে। তাৰ মাকে আচৰিত হৈ ক'লে— “এইবোৰ কি অ’, কাপোৰেৰে ঢাকি কি আনিছ?” ভোদাৰামে মিচিকিয়াই কলে-- “অশ্বত্থ ফল।” মাকে কলে— “অশ্বথ ফলনো কেনেকুৱা?” মাকৰ কথা শুনি ভোদাৰামে কলে- “হু, তোমালোকে মোক ভোদা, ভোদা বোলা; অথচ তোমালোকে অশ্বত্থ ফলৰ নামকে নাজানা। অথনি মই পুখুৰীত বৰশী বাই আছিলো, হঠাৎ দেখিলো পুখুৰীৰ পাৰত এজোপা প্ৰকাও অশ্বত্থ গছত ডাঙৰ ডাঙৰ ফল লাগি আছে। মই বহুত কষ্টেৰে। [ ৪৪ ] কাপোৰেৰে ঢাকি এইবোৰ আনিছে। তথাপি তোমালোকে মোক কোৱা—বুদুৰাম ভোদা!”

 এই বুলি ভোদাৰামে কাপোৰখন গুচাই দিলে। কিন্তু যেই কাপোৰখন সোলোকালে, তৎক্ষণাৎ ভো ভো কৰে হাজাৰ বিজাৰ বৰল ওলাই ভোদাৰামক কামুৰিবলৈ ধৰিলে। মাকে দেখিলে সৰ্ব্বনাশ! ভোদাৰামে ফল বুলি ভাবি বৰলৰ বাহ ভাঙি আনিছে। শেহত জানিবা বহুত কষ্টেৰে বৰলৰ হাতৰ পৰা সাৰিল।

 ভোদাৰামৰ মনত বৰ দুখ যে সদায় সকলো মানুহে তাৰ বুদ্ধিৰ দোষ ধৰে। এদিন কিবা এটা কাৰণত পিতাকে ভোদাৰামক বৰ কোবালে। ভোদাৰামে মনৰ বেজাৰত ঘৰ এৰিলে আৰু স্থিৰ কৰিলে যে সি কেতিয়াও এই গাঁৱত নাথাকে। যি ঠাইত তাক সকলোৱে বিদ্ৰুপ কৰে, ঘৰৰ মানুহে কথায় কথায় মাৰে, এনেকুৱা ঠাইত কোন থাকে?

 যি ফালেই তাৰ ভৰি দুটা যায় সি সেই ফালেই গৈ আছে। যেতিয়ালৈকে সি গাঁৱৰ ভিতৰত আছিল, তেতিয়ালৈকে লৰাবোৰে তাক পিছে পিছে হাঁহি-খিকিন্দালি কৰি খেদি গৈছিল। সিহঁতক কোনো কথা নকৈ একমনে গৈ আছে।

 গধূলি সময়ত এটা সৰু পৰ্বত পালেগৈ। ভাগৰত তত নাপাই সি তাৰে এটা শিলৰ ওপৰত বহি জিৰাইছে, এনেতে সি শুনিবলৈ। পালে— কৰবাত যেন দুটা কেঁচুৱাই কান্দিছে!

 এই নিৰ্জন পৰ্বতত লৰাৰ কান্দোন ক’ৰ পৰা ওলাল। বিচাৰি গৈ গৈ ভোদাৰামে দেখা পালে যে সেই পৰ্বতৰ গুহাত দুটা কেঁচুৱা লৰা পৰি আছে।

 ভোদাৰাম সঁচাকৈয়ে ভোলা হলেও তাৰ মনটো আছিল বৰ কোমল। সি লৰা দুটাক কোলাত লৈ মানুহৰ ঘৰৰ ফালে যাবলৈ ধৰিলে।

 পৰ্বতটোৰ সিপাৰে এজন ৰজাৰ ৰাজ্য৷ ৰাজ্যত মহা হুলস্থুল। ৰজাৰ যঁজা লৰা দুটাক ধায়ে তেল-কুৰ ঘঁহি ৰদত থৈছিল, এনেতে দুটা বান্দৰে লৰা দুটাক লৈ পলাল। আৰু কোনেও বিচাৰি পোৱা নাই৷

 গোটেই ৰাজ্যৰ মানুহে বিচাৰিছে। ৰজাই নগৰত ঢোল পিটি [ ৪৫ ]

তৎক্ষণাত ভোভো কৰে হাজাৰ বিজাৰ বৰল ওলাই ভোদাৰামক কামুৰিবলৈ ধৰিলে৷ [ ৪৬ ] শুনালে- “যি ৰজাৰ লৰা দুটাৰ কোনো সন্ধান দিব পাৰে— তাকে আধা ৰাজ্য দিব আৰু ৰাজ কন্যাক বিয়া দিব।”

 ভোদাৰামে এইবোৰ একো নাজানে। লৰা দুটাক আশ্ৰয় দিবলৈ নি, সি সেই ৰাজ্য পালেগৈ। ভোদাৰামৰ কোলাত যুঁজা ল’ৰা দুটাক দেখি সকলোৱে চিনিব পাৰিলে যে সেই দুটাই ৰজাৰ হেৰোৱা যঁজা লৰা হাল।

 সকলোৱে ভোদাৰামক ৰজাৰ ওচৰলৈ লৈ গল। লৰা দুটা পাই ৰজাই স্বৰ্গ ঢুকি পোৱা যেন পালে। তাৰ পাছত এদিন শুভ দিনৰ শুভ লগ্নত ৰাজ-কন্যাক বিয়া কৰাই ভোদাৰামে আধা ৰাজ্যৰ ভাৰ পালে।

 ভোদাৰামৰ ভাগ্যৰ বলত তাৰ মাক হল আজি ৰাজমাও, আৰু তাৰ পিতাক ৰজাৰ পিতাক হৈ শ্ৰদ্ধা আৰু সন্মান পাইছে। ০০ [ ৪৭ ]

জোলাৰ ল'ৰা


 প্ৰকাণ্ড ৰাজ্যৰ ৰজা। একোৰে অভাৱ নাই। হাতীশালত হাতী, ঘোৰাশালত ঘোৰা; গোটেই ৰাজ্যত মানুহৰ সমাগম। কিন্তু কাৰো মুখত হাঁহি নাই, সকলোৰে মুখত বেজাৰৰ চিন।

 এই বেজাৰৰ কাৰণ হৈছে ৰজাৰ একমাত্ৰ পুতেকৰ বৰ টান নৰীয়া। আৰু জীয়াই থাকিবৰ আশা নাই।

 ৰাজ্যত যিমান বিলাক বেজ, কবিৰাজ আছিল সেই আহি শেষ চিকিৎসা কৰি গৈছে; এতিয়া ঈশ্বৰৰ হাতত।

 ৰজাৰ ৰাজকাৰ্য্যত মন নবহা হ'ল। মাথোন দিনে-ৰাতিয়ে মূৰে- কপালে হাত দি হুমুনিয়াহ কাঢ়ি থাকে। ৰাণীৰ যে কথাই নাই; কান্দি- কাটি খীণাই-শুকাই গৈছে। নাখাই-নবই কান্দি থাকে আৰু মাজে মাজে চিঞৰি চিঞৰি ঈশ্বৰক কাকুতি কৰি মাতি থাকে।

 লৰাটোৰ আৰু কোনো ৰকমেই জীৱনৰ আশা নাই। তথাপি এই বাৰ শেষ চেষ্টা কৰি চাব খুজিছে--“নমৰে মানে চাবা। নুবুৰে মানে বাবা॥’’

 ৰজাৰ আদেশ মতে মন্ত্ৰীয়ে গোটেই ৰাজ্যত ঢোল পিটি শুনাই দিলে—“যি ৰাজপুত্ৰক ভাল কৰি দিব পাৰিব তাকে ৰাজ্যৰ আধাখিনি দিব।”

 ৰজাৰ আন কোনো ল'ৰা-ছোৱালী নাছিল। যদি কোনো ছোৱালী থাকিলহেঁতেন, ৰাজ্যৰ লগতে সেই জীয়েককো বিয়া দিলেহেঁতেন।

 ৰাজ্যৰ এচুকত এটা ভগা পঁজাত এটা জোলাৰ ল'ৰা আছিল। বেচেৰা লৰাটি ইমান দুখীয়া যে সি কেতিয়াবা আধাপেটী, আকৌ কেতিয়াবা লঘোণে দিন কটাব লাগিছিল।

 আজি কেইবা দিনো বেচেৰাই একো খাবলৈ পোৱা নাই। সেইদিনা সি ভাবিলে- “ইমান কষ্ট কৰি জীয়াই থকাতকৈ ডিঙিত চিপ লগাই মৰাই ভাল।’’

 ইয়াকে থিৰ কৰি জোলাৰ ল'ৰাটোৱে হাতত জৰী এডাল লৈ আপোনঘাটী হবলৈ বুলি এজোপা ওখ গছ বিচাৰি গৈছে, এনেতে শুনিবলৈ পালে নগৰত ঢোল পিটি শুনাই দিছে— “যি ৰাজপুত্ৰক [ ৪৮ ] ভাল কৰি দিব পাৰিব, তাকে আধা ৰাজ্য দিব আৰু যদি নোৱাৰে তেতিয়া প্ৰাণদণ্ড দিব।”

 জোলাৰ ল'ৰাটোৱে ভাবিলে এতিয়া কি কৰো? যদি পাৰো তেতিয়া হলে এখন ৰাজ্যৰ ৰজা হব পাৰিম আৰু নোৱাৰিলে প্ৰাণদণ্ড দিব। এনেয়ে ৰজাৰ মন বেয়া, তাতে জোলাৰ লৰাৰ মুখখন দেখি তেওঁৰ টিক্‌চি-বিক্‌চি খং উঠিল। ৰজাই তাক ক'লে- “হেৰা ছালছিগা ভিকহুৰ লৰা, কি হেঁ? তুমি ক’ৰ পৰা আহিছা হেঁ? তোমাৰ সাহটো দেখোন বাৰুটোৱেই। আওমৰণেৰে মৰিবলৈ আহিছা কিয়, বোপাই? ঘৰৰ লৰা ঘৰলৈ যোৱাগৈ। এইটো পটেৰে তুমি ৰাজপুত্ৰক ভাল কৰিব নোৱাৰা। কিয়, অনাহকত পৈতৃক প্ৰাণটো বলি দিবলৈ আহিছা?”

 জোলাৰ লৰাই যে নিজেই জানি-শুনি মৰিবলৈ আহিছে! এতেকে সি অলপো কটাহিত নকৰি কলে-- “স্বৰ্গদেউ, মোক সাতদিন সময় দিয়ক। ইয়াৰ ভিতৰতে যদি আপোনাৰ পুতেকক ভাল কৰি দিব নোৱাৰো, মোক প্ৰাণদণ্ড দিব।’’

 ৰজাই অলপ ভাবি চাই কলে—“বাৰু, তোমাক সাত দিন সময় দিছোঁ। কিন্তু মনত ৰাখিবা, হয় অৰ্দ্ধ ৰাজ্য, নহয় প্ৰাণদণ্ড।”

 জোলাৰ লৰাই ৰজাৰ পৰা বিদায় লৈ এটা সৰু বাটেদি যাবলৈ ধৰিলে আৰু গৈ গৈ সন্ধ্যা সময়ত এখন নৈ পালে৷

 নিজান নৈ। তাৰ ওচৰত কোনো গাঁও বা মানুহৰ ঘৰ নাই। এফালে বিশাল নদী আৰু আনফালে গভীৰ অৰণ্য।

 তাতেই ৰাতিটো কটাব লাগিব। তলত থাকিলে বাঘ-ভালুকৰ মুখত পৰিব লাগিব, সেইবাবে সি এজোপা গছত উঠি ৰাতি কটাবলৈ ঠিক কৰিলে।

 নৈৰ পাৰতে এজোপা প্ৰকাণ্ড গছ আছিল। জোলাৰ লৰাটো গছজোপাৰ আগত বহি আছিল। হঠাৎ সি বহুত দূৰত এটা ঘৰৰ নিচিনা দেখিলে আৰু দেখিলে তাৰ পৰা বৰকৈ ধোঁৱা ওলাইছে।

 জোলাৰ ল’ৰাই ভাবিলে, নিশ্চয় তাৰ নিচিনা কোনোবা দুখীয়াৰ ঘৰত জুই লাগিছে।

 সি লৰালৰিকৈ গছৰ পৰা নামি সেই ঘৰটোৰ ফালে লৰ ধৰিলে। সি খিৰিকিয়েদি জুমি চাই দেখে যে দপ্ দপ্ কৰে জুই একুৰা জ্বলিছে আৰু তাৰ মাজতে এজন সন্ন্যাসী বহি আছে। ওচৰতে তেওঁৰ [ ৪৯ ] পূজাৰ বস্তুবোৰ। ঘৰটোৰ বাৰাণ্ডাতে মৰা ল'ৰা এটা পৰি আছে। তাৰ ওচৰতে এজন কণা মানুহ বহি আছে।

 এইবোৰ দেখি জোলাৰ লৰা একেবাৰে অবাক হল। কথাটো কি হৈছে একোকে নুবুজিলে। শেষত নো কি হয় তাকে চাবলৈ বুলি খিৰিকিৰ ওচৰতে সি মনে মনে থিয় হৈ ৰৈ থাকিল।

 জুইৰ মাজতে সন্ন্যাসীয়ে কিবা মন্ত্ৰ গাই আছিল। অলপ সময়ৰ পাছত হাতখন ওপৰলৈ তুলি তিনিবাৰ কিবা কলে, তৎক্ষণাৎ সেই দপদপ কৈ জুলা জুই নুমাই গল। তেতিয়া সন্ন্যাসীয়ে তাৰ ছাইখিনি আনি মৰা লৰাটোৰ গাত সানি দিলে৷

 কি আচৰিত। সেই মৰা লৰাটো তেতিয়াই গা মূৰি দি উঠি বহিল।

 এইবিলাক দেখি জোলাৰ লৰাৰ আনন্দত তত নোহোৱা হ'ল। কোনো উপায়েৰে যদি এই সন্ন্যাসীক ৰজাৰ ওচৰলৈ নিব পৰা হয়, তেতিয়া যে কথাই নাই! মৰা লৰাকে যদি জীয়াব পাৰিছে, নৰীয়া লৰাক ভাল কৰিবলৈ কিমান পৰ লাগিব?

 জোলাৰ লৰা আৰু মনে মনে থাকিব নোৱাৰিলে। সি গৈ সন্ন্যাসীৰ ভৰিত ধৰি বহুত পৰ কাকুতি-মিনতি কৰি সন্ন্যাসীক সন্তুষ্ট কৰিলে।

 এইদৰেই চাওঁতে চাওঁতে ছদিন পাৰ হৈ গ'ল। কাইলৈ সাত দিন। কাইলৈকেই ৰাজকোৱৰ জোলাৰ লৰাই ভাল কৰিব লাগিব, নোৱাৰিলে তাৰ প্ৰাণদণ্ড।

 এইবিলাক ভাবি ভাবি ৰজা অস্থিৰ হৈ পৰিছে। ৰাজপুত্ৰৰ অৱস্থা ক্ৰমে বেয়া হৈ আহিছে। এতিয়াও সেই জোলাৰ লৰাক দেখা নাই। আজি বাৰ বজাৰ ভিতৰতে যদি নাপায়হি তেনেহলে তাক যেনেতেনে বিচাৰি অনাই প্ৰাণদণ্ড দিব লাগিব।

 সেইদিনা কি হয়, কি নহয় তাকে চাবলৈ ৰাজ সভাত মানুহ ভৰি আছে। এনেতে সকলোৱে এটা বিকট চিঞৰ শুনিবলৈ পালে-- “বম্ বম্ হৰ হৰ!”

 এই ভয়ঙ্কৰ শব্দ শুনি সকলো মানুহে চক্ খালে আৰু কোনে চিঞৰিছে চালে। সকলোৱে দেখিলে যে এজন সন্যাসীৰ লগত জোলাৰ ল'ৰা আহিছে।

 সন্ন্যাসীৰ কথা মতে ৰজাৰ লৰাক ৰাজ সভালৈ অনা হ'ল। [ ৫০ ]

সন্ন্যাসীৰ আদেশমতে জোলাৰ ল'ৰাই জুইৰ পৰা ভষ্মখিনি আনি ৰাজপুত্ৰৰ গাত সানি দিলে। [ ৫১ ] ৰাজপুত্ৰক দেখি বুজা গ’ল যে তেওঁৰ আৰু প্ৰাণ নাই—অকল বুকুখন ধপধপ কৰি আছে। ৰাজপুত্ৰৰ এই অৱস্থা দেখি সকলোৱে চকুৰ পানী টুকিবলৈ ধৰিলে৷

 সন্ন্যাসীয়ে সভাৰ মাজত বহি কিবা এটা মন্ত্ৰ মাতিলে। তেতিয়া তেওঁৰ চাৰিওফালে দমদম্ কৈ একুৰা জুই জ্বলি উঠিল। অলপ পৰৰ পাছত তেওঁ আকৌ মন্ত্ৰ মাতিলে, আৰু জুইকুৰা নুমাই গ'ল।

 সন্ন্যাসীৰ আদেশমতে জোলাৰ লৰাই জুইৰ পৰা ভষ্মখিনি আনি ৰাজপুত্ৰৰ গাত সানি দিলে। তৎক্ষণাৎ ৰাজপুত্ৰ উঠি বহিল। সভাৰ মানুহবোৰ আচৰিত হ'ল।

 ৰজা আৰু ৰাণী আনন্দত আপোন-পাহৰা হ’ল। ৰাণীয়ে নিজৰ পুতেকক আৰু ৰজাই জোলাৰ পুতেকক সাবট মাৰি ধৰি মৰম কৰিলে। ৰাণীয়ে ক'লে— “আগতে আমাৰ এটা ল'ৰা আছিল, আজিৰ পৰা দুটা ল'ৰা হ’ল।’’

 তাৰ পাছত বৰ ৰং পাই জোলাৰ ল'ৰাক আধা ৰাজ্য দান কৰিলে৷

 জোলাৰ ল'ৰাক ৰজা হোৱা দেখি সন্ন্যাসীয়ে বৰ ভাল পাই তেওঁক আশীৰ্বাদ দি হিমালয় পৰ্বতৰ ফালে গুচি গ'ল। যাবৰ সময়ত সন্ন্যাসীক কেতিয়াও নাপাহৰিবলৈ তেওঁক কৈ গ'ল।

 জোলাৰ ল'ৰা এতিয়া ৰজা হৈছে, তেওঁৰ এতিয়া ৰজাৰ নিচিনা আচাৰ-ব্যৱহাৰ। তেওঁ গান-বাজনা কৰে, চিকাৰ কৰে-সকলো ৰজাৰ দৰে। কিন্তু তেওঁৰ গুৰুক কেতিয়াও পাহৰা নাই।

 এদিন চিকাৰ কৰিবলৈ যাওঁতে জোলাৰ ল'ৰাই এটা হৰিণা খেদি খেদি এখন গভীৰ হাবিত সোমাল। তেতিয়া সন্ধ্যা লাগিছে। বাট-পথ বিচাৰি নাপাই তেওঁ হাবিতে বহি সৰু লৰাৰ দৰে হাও-হাওকৈ কান্দিবলৈ ধৰিলে। চাৰিওফালে ভীষণ জন্তুবোৰে চিঞৰিছে। হঠাৎ ওচৰৰ ঠাইখন উজ্বল হৈ উঠিল। জোলাৰ ল'ৰাই চাই দেখে ওচৰতে তেওঁৰ গুৰুদেৱ থিয় হৈ আছে।

 গুৰুদেৱৰ ভৰিত পৰি জোলাৰ ল'ৰাই ক'লে, “গুৰুদেৱ, ৰজাতকৈ আপোনাৰ ক্ষমতা অনেক অধিক; সেই কাৰণেই মই আপোনাৰ লগ নেৰো৷’’

 সেই দিনাই জোলাৰ ল'ৰাই ৰাজ্য এৰি সন্ন্যাসীৰ লগত হিমালয়লৈ গুচি গ'ল। ০০ [ ৫২ ]

শিয়াল বন্ধু

 সাত সমুদ্ৰ তেৰ নদীৰ সিপাৰে আছিল এখন বিশাল ৰাজ্য। সেই ৰাজ্যৰ ৰজাজনৰ বয়স বহুত হৈছিল। চকুৰে ভালকৈ মনিব নোৱাৰে, কাণেৰেও নুশুনে। এইবিলাক কাৰণতে ৰজাই ৰাজকাৰ্য্য ভালকৈ চলাব নোৱাৰিছিল।

 সেই কাৰণে এইবোৰ কথা ভাবি-চিন্তি ৰজাৰ খাৱন-শোৱন নোহোৱা হ’ল। তেওঁ সদায় সিংহাসনত বহি বিচাৰ কৰিব লাগে, নহলে ৰাজ্যত বেমেজালি ঘটিব।

 প্ৰধান মন্ত্ৰীজনো আছিল বুঢ়া মানুহ আৰু ৰজাৰ বৰ বন্ধু৷ তেৱোঁ আকৌ ইমান বুঢ়া যে মূৰত এডালো চুলি নাই আৰু খোজ কাঢ়িলে থক্ থক্‌কৈ কঁপিবলৈ ধৰে। বুঢ়া ৰজা, বুঢ়া মন্ত্ৰী এওঁলোকেনো কেনেকৈ ৰাজ্য চলায়?

 ৰাজ্যৰ মুখিয়াল মানুহ কিছুমানে ৰজাক ক'বলৈ ধৰিলে— “মহাৰাজ, যুৱৰাজক বিয়া-বাৰু কৰাই দি ৰাজ্যভাৰ দিয়ক, আৰু আপুনি নিচিন্ত মনেৰে ধৰ্ম-চৰ্চা কৰক। প্ৰজাবিলাকৰ এই কথা শুনি ৰজাই হুমুনিয়াহ কাঢ়ে আৰু চকুৰ পানী ওলাবলৈ ধৰে।

 বুঢ়া ৰজাৰ একেটি মাথোন পুতেক মদনকুমাৰে যৌৱনত ভৰি দিছে। ৰূপে গুণে তেওঁৰ সমান সেই ৰাজ্যত আৰু কোনো নাই। কিন্তু মদনকুমাৰে প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ যোৰৰ ৰূপৱতী আৰু গুণবতী কন্যা নাপালে তেওঁ বিয়াও নকৰায় আৰু সিংহাসনতো নবহে৷

 গোটেই পৃথিৱীত ইমূৰৰ পৰা আৰম্ভ কৰি সিমূৰলৈকে যিমান বিলাক ৰাজ্য আছিল, সেই সকলোবোৰ ৰাজ্যৰ ছোৱালী চালে। কিন্তু মদনকুমাৰে যিমানবিলাক ছোৱালী চালে কোনো এজনী তেওঁৰ মনৰ জোখাৰে নহ’ল।

 যিবিলাক ছোৱালীৰ ৰূপ দেখি ৰাজ্যৰ আন মানুহৰো মন মুগ্ধ হৈছিল, সেইবিলাক ছোৱালীকো মদনকুমাৰে বিদায় দিলে। ৰজা আৰু মন্ত্ৰীয়ে এইবোৰ কথাকে ভাবি-গুণি অস্থিৰ হ'ল। ৰজা মৰিলে এই ৰাজ্য বা কাৰ হাতলৈ যায়! [ ৫৩ ]  বুঢ়া ৰজাৰ মুখত হাঁহি নাই। সদায় মন মাৰি এঠাইত বহি থাকে। ইফালে অন্তেষপুৰত ৰাণীৰো সেই একে অৱস্থা। ৰাণীৰো বয়স হৈছে। সেই কাৰণে ঘৰলৈ এজনী বোৱাৰীয়েক আনিবলৈ তেওঁৰ বৰ ইচ্ছা। কিন্তু পুতেকৰ এনেকুৱা অৱস্থা দেখি ৰাণীয়ে বৰ বেয়া পাইছে। ৰাণীয়ে এইবোৰ কথাকে ভাবি-চিন্তি দিনে-ৰাতিয়ে কান্দি থাকে। পুতেকক কত বুজালে, কিন্তু পুতেকে কাৰো কথা নুশুনে।

 বুঢ়া মন্ত্ৰীৰ ঘৈণীয়েক গৰাকী বৰ দন্দুৰী আৰু মুখখন বৰ চোকা আছিল। সেইবাবে মন্ত্ৰী ঘৰত কেঁচুটো যেন হৈ থাকে।

 সেইদিনাখন ৰাজ-কাৰ্য্য শেষ কৰি মন্ত্ৰী ঘৰলৈ অলপ পলমকৈ গ'ল। মন্ত্ৰী ঘৰ সোমাইছেহে মাথোন, ঘৈণীয়েকে “বঢ়া ভাত তেনেই চেঁচা হৈ গ'ল। ইমান পৰলৈকে ঘৰলৈ আহিব লাগে বুলি নাজানে।’’ এইদৰে নানা ককৰ্থনা কৰিবলৈ ধৰিলে।

 মন্ত্ৰীয়ে বহুত বুজাই মেলি শান্ত কৰিলে৷

 এদিন মন্ত্ৰীয়ে কথায় কথায় ঘৈণীয়েকৰ আগত ৰজাৰ দুখৰ কথা ক’লে। মন্ত্ৰীৰ মুখে সকলো কথা শুনি ঘৈণীয়েকে কলে—“বাৰু, আপুনি মোক ইমান দিনে এই কথা কোৱা নাই কেলেই?’ মন্ত্ৰীয়ে ক’লে—“তোমাক ক'লে কি হ’ব? ইমান দেশ-বিদেশত ফুৰা ডাঙৰ ডাঙৰ মানুহেই যেতিয়া পৰা নাই, তুমি ঘৰৰ ভিতৰত সোমাই থকা তিতা মানুহজনীয়ে কি পৰিবা?” মন্ত্ৰীৰ কথা শুনি ঘৈণীয়েকে হাঁহি হাঁহি ক'লে— “সেইটোৱেই হে আপোনাৰ ডাঙৰ দোষ। ৰাজ্যৰ ডাঙৰ মানুহবোৰ গাধা হ'ল বুলিয়েই মোৰো অকণমান বুদ্ধি থাকিব নাপায় নে? শুনক, আপোনাক এটা বুদ্ধি দিওঁ। আপুনি যদি সেইদৰে কাম কৰে যুৱৰাজৰ মনৰ জোখায় কন্যাও পাব আৰু আপুনিও এইদৰে একো ভাবিব নালাগিব।

 “এতিয়া কওঁ শুনক-- এই ৰাজ্যৰ সীমাত যে এটা প্ৰকাণ্ড আছে, তাৰ ওচৰতে হীৰু নামে এটা ল'ৰা থাকে। হীৰুৰ এটা শিয়াল বন্ধু আছে। তাৰ সহায়েৰেই আপুনি যুৱৰাজৰ কাৰণে কন্যা বিচাৰি পাব।'’

 ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীৰ আনন্দৰ সীমা নোহোৱা হ'ল। ৰঙতে ৰাতি টোপনিকে নাহিল। পিছদিনা দোকমোকালিতে উঠি মন্ত্ৰীয়ে হীৰুক বিচাৰি ওলাল।

 মন্ত্ৰী গৈ আছে, গৈ আছে, গৈয়েই আছে। নগৰ এৰি গাঁও, গাঁও [ ৫৪ ] এৰি নৈ, নৈ এৰি হাবি পালেগৈ। হাবিৰ মাজে মাজে গৈ আছে। শেষত এটা প্ৰকাণ্ড পৰ্বত পালেগৈ।

 মন্ত্ৰী ভোকে-পিয়াহে আতুৰ হ’ল। পৰ্বতৰ ওচৰতে এটা নিজৰা কুলু কুলুকৈ বৈ গৈছে। মন্ত্ৰীয়ে তাৰে পানী হেঁপাহ পলুৱাই পি শিল এটাৰ ওপৰতে বহি জিৰাইছে।

 হঠাৎ তেওঁ কোনোবাই গান গাই গাই সেইফালে অহা শুনিলে।

 মন্ত্ৰীয়ে চাৰিওফালে চাই দেখে এটা সৰু ল'ৰাই শিয়াল এটাৰ লগত ধেমালি কৰি কৰি তেওঁৰ ওচৰলৈকে আহিছে।

 মন্ত্ৰীৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এই ল'ৰাটোৱেই হীৰু।

 হীৰুৱেও তেতিয়া বুজিলে এওঁ হৈছে এই ৰাজ্যৰ মন্ত্ৰী। তেতিয়া হীৰুৱে মন্ত্ৰীক অতি ভক্তিৰে সৈতে সেৱা কৰিলে।

 মন্ত্ৰীৰ মুখে সকলো কথা শুনি হীৰুৱে ক'লে- “মোৰ এই শিয়াল বন্ধু থাকোঁতে আপুনি কোনো চিন্তাকে নকৰিব। আপুনি শিয়ালৰ পিঠিত উঠিলেই সি আপোনাক যুৱৰাজৰ উপযুক্তা কন্যাৰ ওচৰলৈ লৈ যাব।

 মন্ত্ৰীয়ে ভাবিলে এতিয়া আৰু বেলি কৰা উচিত নহয়। তেওঁ হীৰুক ক'লে—“তেন্তে মই এতিয়াই কন্যা বিচাৰি যাওঁ।”

 হীৰুৱে ক'লে— “সেইটো কেনেকৈ হ'ব? আপুনি বুঢ়া, মানুহ ইমান দূৰ আহি বৰ কষ্ট পাইছে। তাতে আপুনি ৰাজ্যৰ মন্ত্ৰী। এতেকে কেইদিনমান নিজিৰোৱাকৈ আপোনাক কলৈকো যাব নিদিওঁ। মোৰ ঘৰ এয়া ওচৰতে। আপুনি তাতে থাকিব লাগিব।”

 মন্ত্ৰীয়ে ক'লে “এতিয়া আৰু জিৰাবৰ সময় নহয়। কাম শেষ হলে চিৰদিন জিৰাব পাৰিম। এতিয়া আৰু এইদৰে সময় নষ্ট কৰিব নোৱাৰি। হীৰু, মানুহৰ ঘৰত যেতিয়া জুই লাগে, তেতিয়া মানুহে জিৰাব পাৰেনে?”

 হীৰুৱে ক'লে —“ভাল, তেনেহলে আজি ৰাতিটো আমাৰ ইয়াতে থাকি কাইলৈ নিচেই ৰাতিপুৱাই যাত্ৰা কৰিব। মোৰ শিয়াল বন্ধু যেতিয়া আপোনাৰ লগত আছে আপুনি কোনো আশঙ্কা কৰিব নালাগে।” ঠিক এইবুলি কৈ হীৰুৱে শিয়াল বন্ধুক ক'লে—বন্ধু, মন্ত্ৰী ডাঙৰীয়াক গান এটা গাই শুনোৱাচোন?”

 শিয়ালে আকাশৰ ফালে চাই চাই গান গাবলৈ ধৰিলে। শিয়ালৰ [ ৫৫ ] গলাত ইমান ভাল গান শুনি মন্ত্ৰীৰ বৰ হাঁহি উঠিল। মন্ত্ৰীয়ে জীৱনত অনেক শিয়াল দেখিছে, কিন্তু মানুহৰ দৰে কথা কব বা গান গাব পৰা শিয়াল তেওঁ ক'তো দেখা যি নায়েই, শুনাও নাই।

 মন্ত্ৰীয়ে শিয়ালৰ পিঠিত চপৰিয়াই ক'লে- “তোমাক ধন্যবাদ দিছোঁ, তোমাৰ অনেক গুণ আছে। তুমি নিশ্চয় মোৰ কামটো সিদ্ধি কৰিব পাৰিবা।” শিয়ালে নেজডাল জোকাৰি জোকাৰি উত্তৰ দিলে— “মই যেতিয়া লগত আছাে, আপোনাৰ কোনো ভয় নাই। হু-ৱা, হু-ৱা, হু-ৱা।”

 পিছদিনা খুব ৰাতিপুৱা মন্ত্ৰী শিয়ালৰ পিঠিত উঠিল, আৰু শিয়ালটো লৰি যাবলৈ ধৰিলে। বহুত দূৰ বাট গৈ শিয়ালটো এখন প্ৰকাণ্ড সাগৰৰ পাৰত ৰ'লগৈ।

 মন্ত্ৰীয়ে আচৰিত হৈ সুধিলে “কি হেঁ, এতিয়া কি কৰিব খুজিছা, শিয়াল বন্ধু? এতিয়া এই অপাৰ সমুদ্ৰ কেনেকৈ পাৰ হবা?” শিয়ালটোৱে ক'লে— “আপুনি মোৰ পিঠিত নিৰ্ভয় মনে উঠক।” এইবুলি শিয়ালে মন্ত্ৰীক লৈ পানীত জাপ মাৰি পৰিল।

 সন্ধ্যা সময়ত শিয়ালে মন্ত্ৰীক এটা দ্বীপত তুলিলেগৈ। মন্ত্ৰীয়ে ক’লে-- “এইখন কি দেশ?’’ শিয়ালে ক’লে—“এইখনেই সেই কন্যাৰ ৰাজ্য। ইয়াতেই যুৱৰাজৰ উপযুক্তা কন্যা পাব। কিন্তু এই কন্যা পাবলৈ মোৰ পৰামৰ্শ মতে কাম কৰক। বোধকৰো আপুনি সৌ নৈখনৰ পাৰত এটা শিৱমন্দিৰ দেখিছে। প্ৰত্যেক পূৰ্ণিমা ৰাতি সেই ৰাজকন্যাই এই মন্দিৰত পূজা কৰিবলৈ আহে। আজিও পূৰ্ণিমা, ৰাজকন্যাই আজিও পূজা কৰিবলৈ আহিব। আপুনি সন্যাসীৰ বেশ ধৰি মন্দিৰৰ ওচৰতে ধ্যান কৰি থাকিব। আপোনাক দেখি ৰাজকন্যাই ওচৰলৈ আহি সেৱা কৰিব। মই আপোনাৰ গুৰিত লুকাই থাকিম। যেতিয়াই কন্যাই সেৱা কৰিবলৈ মূৰটো বেকা কৰিব, আপুনি তৎক্ষণাত তেওঁক ধৰি মোৰ পিঠিত তুলি দিব আৰু আপুনিও উঠি ল’ব। মই লৈ গুচি আহিম।”

 শিয়ালৰ কথা মতে কাম কৰি মন্ত্ৰীয়ে ৰাজকন্যাক লৈ নিজ দেশলৈ গুচি আহিল।

 ছোৱালীজনীৰ ৰূপ দেখি সকলো মানুহ আচৰিত হ'ল। যুৱৰাজে

ক'লে—,“হয়, মই এই কন্যাকে বিচাৰিছিলো আৰু মই এওঁক সদায় [ ৫৬ ]


মন্ত্ৰী শিয়ালৰ পিঠিত উঠিল আৰু
শিয়ালটো লৰি যাবলৈ ধৰিলে।

[ ৫৭ ] ৰাতি সপোনত দেখিছিলোঁ।” ইয়াৰ পিছত গোটেই ৰাজ্যত বৰ ডাঙৰ উৎসৱ হ'ল।

 বহুত দিন ৰাজ্যত মন্ত্ৰী নাই, গোটেই ৰাজ্যত বেমেজালি হৈছে। কোনেও কব নোৱাৰিছিল মন্ত্ৰী কেনি গ'ল। ভাবি-চিন্তি ৰজা অস্থিৰ হৈ পৰিছিল।

 ইমান দিনৰ মূৰত মন্ত্ৰী ঘূৰি আহিছে আৰু তেওঁৰ লগত যুৱৰাজৰ উপযুক্তা কন্যা আহিছে; সকলোৰে মনত আনন্দ নধৰা হৈছে৷

 শুভদিনৰ শুভক্ষণত যুৱৰাজৰ বিয়া হৈ গ'ল। ৰজাই আনন্দত আপোন-পাহৰা হৈ নাচিবলৈ ধৰিলে। এতিয়া তেওঁৰ সকলো দুশ্চিন্তাৰ শেষ হ'ল।

 এই বিয়াত সকলোতকৈ সৰহ সন্মান পালে কোনে? হীৰু আৰু তাৰ শিয়াল বন্ধুৱে। ০০

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।