বিমুখ

ভুমুকি মাৰিয়ে হলি সংসাৰ বিমুখ
সংসাৰৰ বিহে তোৰ দহিলে হৃদয়!
মৰম নোহোৱা হায় বাহিৰ সংসাৰ
ঘূৰি চাবলকে তোৰ ভাল নেলাগিল।
দুৱাৰৰেপৰা উভতিলি ঘৰলৈ
কি দেখি নগল সত ওলাবলৈ তোৰ॥
মানুহে মানুহে হায়! মৰম নেদেখি
কোমল হৃদয় তোৰ গল পৰি জঁই॥
নিজৰ যি দুখ মাথোঁ নিজেই বুজিলি
নগল যে মন তোৰ কাকো বুজাবলৈ,
এনেই দুখীয়া দেখি সংসাৰৰ প্ৰাণী
নেজাপিলি আৰু তোৰ দুখৰ কাহিনী।
কলেও দুখৰ কথা কোনে পতিয়াব?
নিঃকুটুমীয়া লোকে পুতৌ নেজানিব।
সেই দেখিয়ে নে তই এৰি গলি হায়!
সংসাৰৰ ৰদে ভাপে পমিয়েই গলি
নীচৈ কুমলীয়া তই স্নেহৰ পুতলি!
বাৰীচুকে ৰিঙিয়াই ভাই লগে লৈ
ধেমালিত মগ্ন তোক দেখিলে শুৱায়।
গহীন সংসাৰ, মাত মাৰি থকা হায়
কপট জীৱনে আই তোক নুশুৱায়।
নিজে দিহা কৰি ললি নিজৰ জীৱন
মুকলি-মূৰীয়া হৈ আকৌ ফুৰিবলৈ
পলাই মাৰিলি লৰ মহা ধেমালিলৈ;
অনন্ত হাঁহিৰ ৰোলে বিশ্ব হাঁহিময়।
ক্ষুদ্ৰ বান্ধ ছিঙ্গি পালি প্ৰাণৰ ধেমালি,
চিৰ কুমাৰীৰ খেল খেদি থাকিবলৈ
প্ৰাণৰ হেঁপাহ তই পাহৰি আছিলি।?
যি ধেমালিৰ শান্তি তই ফুৰিলি বিচাৰি,
তাকে যেন পাওৱ তাত যলৈ গলি আই।
এফেৰি মৰম চিন মোৰ যে নিনিলি
কিবা আছে আই মোৰ দুখীয়া হিয়াৰ
সাঁচিছিলোঁ মুকুতা ৰতন এটি তোলৈ
তাকে তোক দিলোঁ হয়—চুকপানী টুপি
ধনৰ ভিতৰে মোৰ এয়ে যি সম্বল!

      কবি: চন্দ্ৰকুমাৰ আগৰৱালা