বাৰ্তা:মন মেৰি ৰাম চৰণেহি লাগু
মূল কথা ---বিষয় বাসনাত মত্ত জীৱৰ ভগৱান উপলদ্ধি সহজে নহয়৷ অজগৰ ৰূপী কাল সৰ্পৰ বুকুত জীৱন আয়ু শেষ হৈ আহে৷ সেয়েহে মায়াক ত্যাগ কৰি ৰামৰ চিন্তাত মনক নিৰূপিত কৰিবলৈ গীতটিত গুৰুজনাই জীৱক সকিয়নী দিছে ৷
[এই গীতটি ৰচনাৰ কাল –গুৰুজনাৰ প্ৰথম তীৰ্থ ভ্ৰমণ৷ ৰচনাৰ স্থান বদৰিকাশ্ৰম বুলি অনুমেয় ৷ বদৰিকা আশ্ৰমত গুৰুজন থাকোতে এটা ঘটনাৰ উল্লেখ গুৰু চৰিত্ৰত পোৱা যায়৷ ‘’..গৈ বদৰিকাশ্ৰমে উঠি উদ্ধৱক দৰশন হৈছেগৈ ৷ তাত দক্ষিণ বাহুত বাঢ়িছে মাংস ৷ সৰ্ববজয় আতৈ বোনে , কিবা হবহে৷ গুৰু বোলে আমাৰ সখা ইষ্ট এজন পুৰুষ মাধৱ নামে জন্মিছে৷’’…ইয়াৰ পৰা এইটো অনুমেয় যে গুৰুজনাৰ প্ৰথম বৰগীত ৰচনাৰ কাল ,মাধৱ পুৰুষৰ জন্মৰ প্ৰায় সমসাময়িক ৷ ]
মন মেৰি ৰাম চৰণেহি লাগুৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে ৱিকিউৎসৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন মন মেৰি ৰাম চৰণেহি লাগুক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।