বাৰ্তা:কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী

মই কাঞ্চনজঙ্ঘা
 তুষাৰ শুভ্ৰশিৰ
 ময়ে অভ্ৰভেদী বীৰ
মোৰ জটা ঝৰি ঝৰি
 নিজৰি নিজৰি বয়
 নিগৰি নিগৰি
 অবিৰল কল্‌কল্‌ ৷

শৈলজা পয়োধৰা
 পিযুষ সলিলা
 সুৰধনি গঙ্গা ;
প্ৰথমৰ
প্ৰভাতৰ
 অৰুণৰ জ্যোতি,
অণ্বনৃ জুৰি মোৰ
 আলোক-নৃত্য কৰি ৷
 বিয়পাই বিশ্বত ৰঞ্জন দ্যূতি ৷
মোৰে আশেপাশে গায়
 কিন্নৰী বালিকাই
 আলোক-বোধন মহাগীত,
সন্ধিয়াই সন্ধিয়াই
 বেলি-বিদায় গানে
 দিগন্ত কৰে মুখৰিত ৷
উদয় আৰু অস্তৰ
 বৰ্ণ-বৈচিত্ৰ্যৰ,
ছঁয়ামায়া কাচোনৰে কাচে
প্ৰহেলিকাময়ী সম নাচে
 কুটজ কুসুমৰ
 লগে লগে
 লাখে লাখে
মৃদু মৃদু কম্পিত সমীৰণছন্দা
শৈলবালা দলে কস্তুৰীগন্ধা ৷

কাঞ্চনজঙ্ঘাৰ বুৰঞ্জীৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক
"কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী" পৃষ্ঠালৈ উভতি যাওক।