বাকীছোৱা জীৱন/শেষ অধ্যায়ৰ শেষৰ পৃষ্ঠাবোৰ

[ ৩৬১ ]

শেষ অধ্যায়ৰ শেষৰ পৃষ্ঠাবোৰ

 জীৱনৰ শেষ পৃষ্ঠাত উপনীত হৈ পিছলৈ উভতি চাইছো। মহাকালৰ এটা সামান্য অংশৰ সৈতে একোজন মানুহৰ সম্পৰ্ক। এই সম্পৰ্কৰ স্থায়িত্ব এখন এঘণ্টীয়া নাটকৰ দৰে। মোৰ জীৱন নাটকখন প্ৰথম পৃষ্ঠাৰ পৰা লুটিয়াই চাবৰ মন গ'ল একান্ত নিৰলে। আজিৰ এই বিশ্বখনত নিৰ্জনতা বিচাৰি পোৱা টান। সেয়েহে এদিন গভীৰ নিশা সেই নাটকৰ আলফুলে সাঁচি থোৱা কমপেক্ট ডিস্ক বা চি ডিখন মনৰ ডি ভি ডিত সুমুৱাই চুইচ অন্ কৰি দিলো।

 ....মাৰ কোলাত ফ্ৰক পিন্ধা ঘূৰণীয়ামুৱা নোদোকা শিশুটি কোন? ময়েই নে, নিজৰ শোটৰা-শোটৰ হাত দুখনলৈ চাই ভাবো। দেউতাই সৌৱা ভয় কৰিছে কেঁচুৱাটিক তুলি ল’বলৈ কিজানিবা তেওঁৰ হাতৰ পৰা পিছলি পৰি যায়। মাহী-পেহীহঁতে কোলাত লৈ মাজনী, সোণা-মইনাজনী কৈ কৈ মৰম কৰিছে। কোনোবা এজনে চুমা খাম বুলি মুখখন ওচৰলৈ অনাৰ লগে লগে দেউতাই সতৰ্ক কৰিলে— চুমা-টুমা নেখাবি, ইনফেকশ্যন হ’ব। আমাৰ দেউতাৰ যে আৰু বেমাৰলৈ ইমান ভয়! ওৰে জীৱন বীজাণুৰ ভয়তে কটালে। পিছে বীজাণুৰ ভয়ে তেওঁক ৰক্ষা কৰিব নোৱাৰিলে।

 ইতিমধ্যে নোদোকা শিশুটি স্কুললৈ যাব পৰা হ’ল। কোনো চিন্তা-ভাবনা নাই। খায়-বয়, খেলে-শোৱে। পুতলা খেলিবলৈ বৰ ভাল পায় তাই। পুতলাৰ বিৰাট সংসাৰ। পুতলাৰ বিয়া পাতে। মাহীয়েকহঁতে পুতলা সাজি দিয়ে, সিহঁতৰ বাবে কাপোৰ চিলাই দিয়ে, মণিৰে সিহঁতলৈ কেৰু-খাৰু বনায়। কোহিনুৰ মাহীয়ে পুতলাৰ আচবাব-পত্ৰ, আ-অলংকাৰ আদি তৈয়াৰ কৰিবলৈ ইটো-সিটো বুটলি ফুৰে। সেই সাধাৰণ বস্তু অসাধাৰণ হৈ উঠে শিল্পী মাহীজনীৰ হাতত পৰি। তেতিয়া আছিল ব্ৰিটিছৰ যুগ। বিলাতী পুতলাবোৰ কিন্তু সজাই ৰাখিছিল কাঁচৰ আলমাৰীত। সেইবোৰেৰে [ ৩৬২ ] কাচিৎহে খেলিছিল।

 সাত-আঠ বছৰ বয়সত পুতলা খেলিবলৈ ভাল পোৱা ছোৱালীজনীৰ চিকাৰী হ’বৰ মন গ'ল। দুপৰীয়া সকলোৱে যেতিয়া দিবানিদ্ৰাত মগ্ন ছোৱালীজনীয়ে তেতিয়া হাতত সাৰে ভৰিত সাৰে ঘৰৰ পৰা ওলাই যায়। বাৰীৰ পাছফালে হাবিত তাইৰ এড্ভেঞ্চাৰ আৰম্ভ হয়। এদিন দুটামান পখিলা আৰু কেইটামান ফৰিং ধৰাৰ পাছত হঠাতে উজুতি খাই পৰি গ'ল মামৰে ধৰা ভগা টিন এটাৰ ওপৰত। কোমল হাতখন কাটি বৈ আহিল তেজৰ নৈ আৰু চকুৰ পানী। বাধ্য হ’ল ঘৰত ক’বলৈ। সিদিনাৰে পৰা চিকাৰ পৰ্বৰ সমাপ্তি ঘটিল। সমাপ্তি ঘটিল শৈশৱৰ সোণালী দিনবোৰৰো।

 ..শৈশৱ পাৰ হৈ কিশোৰী হ'লো, কৈশোৰ পাৰ হৈ যুৱতী হ’লো। যৌৱন জোৱাৰত নাও মেলি দি বঠাখন টানকৈ ধৰিলো, হাত পিছলি যাতে মহাসমুদ্ৰলৈ গৈ নাওখন বুৰ নাযায়। নাওখনে টুলুং ভুটুং কৰা নাই বুলি নকওঁ, কিন্তু সেইয়াতো যৌৱনৰে ধৰ্ম। ভৰ যৌৱনৰ স্থায়িত্ব কম। এই সময়ছোৱাই গাত ডেউকা লগাই আহে। আমাৰ যুগত ছোৱালী কুৰিতে বুঢ়ী। মোৰ ক্ষেত্ৰত এক কাল ধুমুহাই যৌৱনৰ দিনবোৰ আৰু চমুৱাই আনিলে। বীজাণুৰ ভয়ত কঁপি থকা দেউতাক পঞ্চাশৰ ডেওনা পাৰ হোৱাৰ চাৰি বছৰ পাছতে কালৰোগ কেন্সাৰে হৰণ কৰি নিলে। তাৰ পাছতে জীৱনটো ফ্লপ। ফ্লপ নাটক চায় কোনে? গতিকে চি ডিখন ফাষ্ট ফৰোৱাৰ্ড কৰি দিলো। য’তে ষ্টাৰ্ট কৰো ত’তেই এন্ধাৰ... ফ্লপ.....।

 এটা কথা মন কৰিছো বছৰবোৰ ঘূৰি ঘূৰি নতুন বছৰ হৈ আহে যদিও আমাৰ জীৱনবোৰ কিন্তু নতুন নহয়। পুৰণিহে হয়। বয়সৰ লগে লগে পদমৰ্যাদা সলনি হৈ গৈ থাকে। শৈশৱৰ মাজনী, সোণ মইনাজনীক কৈশোৰত কোনেও আৰু মৰমসনা শব্দবোৰেৰে নামাতে। মোৰ কপালতো সেয়েই হ’ল। মই তেতিয়া এজনী সাধাৰণ ছোৱালী যাক সকলোৱে ‘বুলু’ বুলি মাতে। ‘বুলু’ মোৰ ঘৰত মতা নাম। সৰুবোৰৰ মই হ'লো বুলু বাইদেউ। ঘৰৰ পৰা ওলাই বাহিৰা জগতত বিচৰণ কৰিবলৈ ধৰাৰ পাছত হ’লো অনিমা দাস বা অনিমা বাইদেউ বা কেৱল অনিমা।

 জীৱন নাটৰ বাকীছোৱা চাবলৈ বন্ধ কৰি থোৱা চি ডিখন আকৌ ষ্টাৰ্ট কৰিলো। মই দেখোন নিজৰ ঘৰখনৰ পৰা ওলাই সোমাইছো বেলেগ এখন ঘৰত – অচিনাকি এখন ঘৰত। সমাজৰ ৰীতিমতে সিদিনাৰে পৰা সেইখনেই হেনো মোৰ ঘৰ। সেইখন ঘৰৰ হেনো গৃহিণী মই। মই পিছে আগৰ অনিমা দাস নহওঁ দেই। মোৰ নাম- গোত্ৰ সকলো সলনি হ'ল। অৰ্থাৎ মোৰ আইডেনটিটি হেৰাই গ'ল। এইখন ঘৰৰ [ ৩৬৩ ] সৌ সিদিনালৈকে অচিনাকি মানুহবোৰ হেনো মোৰ পৰিয়াল। মোৰ আগতে পৰিচয় মচি এইখন ঘৰত সোমাইছে আন কেইগৰাকীমান বোৱাৰী। বেলেগ বেলেগ পৰিয়ালৰ পৰা অহা। আমিসকল হেনো বাই-ভনী, একেটা পৰিয়ালৰ সদস্য। মোৰ কিয় জানো আমিকেইজনীক গৰু যেন লাগিল। গৰাকী সলনি হৈ একেটা গোহালিলৈ আহিছো। এই গোহালিটোৱে বাকীছোৱা জীৱনৰ বাবে আমাৰ ঘৰ। তাকেই মানি লৈছিলো। পিছে বহু বছৰ পাছত আইন-আদালতৰ কথা জানিবলৈ সুযোগ পাই গম পালো বিবাহিতা নাৰীৰ ঘৰ নাই। তেওঁলোক আচলতে গৃহহীন গৃহিণীহে। স্বামীৰ মৃত্যু হলে ল’ৰা-ছোৱালীৰে সৈতে সমানে ভাগ কৰা ঘৰৰ এটা ভাগ বিধৱাগৰাকীয়ে পায়। সেই এটা ভাগ পাবলৈ কোনোবাই স্বামীৰ মৃত্যু কামনা কৰিব নে? নিশ্চয় নকৰে।

 আমি মাকৰ ঘৰ বুলি কওঁ যদিও আচলতে ঘৰ দেউতাকৰহে। বাংলা ভাষাত কিন্তু ‘বাপেৰ বাড়ি’ বুলিয়ে কয়। আইনে বাৰু এই অপমানজনক নিয়মটো কিয় কৰিলে। সঁচা কথা ক’বলৈ গ'লে কথাষাৰ জনাৰ পাছৰে পৰা ঘৰখনক মোৰ আপোন আপোন যেন নলগা হ’ল। আত্মসন্মানবোধ থকা মানুহৰ এই অনুভৱ হ'বই। কেতিয়াবা দকৈ ভাবো তেনেহ'লে ঘৰখনত গৃহিণীৰ(?) পদমৰ্যাদা কি? ঘৰৰ সকলো দায়িত্ব গ্ৰহণ কৰা মানুহজনী তেনেহ'লে সহায়কাৰিণী নে? নাই নহয়, সহায়কাৰিণীয়ে দৰমহা পায়। মন গ'লেই কামটো এৰি ওলাই যাব পাৰে। গৃহিণী তেনেহ'লে কি? ক্ৰীতদাস? জন ষ্টুৱাৰ্ট মিলে (১৮০৬–৭৩) কাহানিবাই কোৱা কথাষাৰ যে বিবাহবোৰতে ক্ৰীতদাস প্ৰথা জীয়াই আছে, আজিৰ তাৰিখতো সঁচা।

 সদ্যহতে নাৰীবাদী কথাৰ পৰা আঁতৰি আহো। গৃহহীন গৃহিণী হোৱাৰ পাছত নিজৰ নামটোও পাহৰি যোৱাৰ অৱস্থা হৈছে৷ মই হ'লোগৈ কাৰোবাৰ জেঠী, কাৰোবাৰ খুৰী, কাৰোবাৰ বোৱাৰী। আমোদজনক কথাষাৰ হ’ল মই ধীৰে ধীৰে বাৰোৱাৰী খুৰীলৈ ৰূপান্তৰিত হলো। আমাৰ চুবুৰীয়া এগৰাকী বয়সীয়া মহিলাই মোক এদিন বাটত পাই সাবটি ধৰি সুধিলে, ‘খুৰী ভাল নে?’ মই আচৰিত। মূৰত চুলি সেৰেঙা বাবে ওচৰ-চুবুৰীয়াই ‘টকলা বুঢ়ী’ বুলি কোৱা মানুহগৰাকীৰ খুৰীয়েক যে কোনটো সম্পৰ্কত হ’লো তেওঁহে জানে। আমাৰ ৰসিক ভতিজা এজনে মোক কৈছিল, ‘আপুনি টকলা বুঢ়ীক ক'ব লাগিছিল— কি হে বৰজনাৰ জীয়েক কেনে আছা তুমি?'

 মনটো বেয়া লাগি গ'ল। টকলা বুঢ়ীয়ে নিয়ম মতে মোক নামকাঢ়ি মতা উচিত। [ ৩৬৪ ] সেইক্ষেত্ৰত বাইদেউ বা নবৌ বুলি মাতিলেও শোভা পায়। ত্রিশ বছৰ বয়সতে যাঠী বছৰীয়াৰ খুৰী! যাওক বাৰু দুখৰ কথাবোৰ, ময়ো পুৰণি কথাবোৰ মনত নেপেলাবলৈ চি ডিখন ফাষ্ট ফৰোৱাৰ্ড কৰি দিলো।

 অলপ সময়ৰ পাছত আকৌ ষ্টাৰ্ট কৰি দেখিলো বুঢ়া শালিকাই মাত মতাৰ দৰে গৃহস্থৰ ইচ্ছানুযায়ী দিল্লীবিশ্ববিদ্যালয়ত নাম লগালো গ্রেজুৱেট হোৱাৰ আঠ বছৰ পিছত। মনত শান্তি পালো যে দিল্লীত খুৰী বুলি মাতিবলৈ কোনো টকলা বুঢ়ী নাই।

 দিল্লী পর্ব শেষ কৰি ল’ৰা এটাৰ মাক হৈ সোমালো পুনেত। মোৰ কপাল ! ইয়াত মোৰ নামটো পর্যন্ত জানিবলৈ কোনো আগ্রহী নহয়। গৃহস্থৰ সহকর্মী তথা অন্যান্য সকলৰ বাবে মই হলো মিছেছ অমুকা। ওচৰ-চুবুৰীয়া মহিলা আৰু কেম্পাছৰ ল'ৰা-ছোৱালীয়ে মোক মাতে ‘জয়চা আই’ অর্থাৎ জয়ৰ মাক। ইংৰাজী কোৱাসকলে কয় Joy's mother. আমাৰ ইয়াত গাঁৱৰ মহিলাসকলে পৰস্পৰক অমুকৰ মাক তমুকৰ মাক বুলি মতা শুনো। পুনেৰ শিক্ষিত মহলতো একেটা সম্বোধন শুনি আচৰিত হৈছিলো। সঁচাকৈয়ে মই নিজৰ নামটোৱে পাহৰি গৈছিলো। মনত পৰিল পুনেত পাঁচটা বছৰ কটোৱাৰ পাছত যেতিয়া পি এইচ ডি কৰিবৰ উদ্দেশ্যে পুনে বিশ্ববিদ্যালয়ত নাম ৰেজেষ্ট্ৰি কৰিছিলো।

 ন বছৰ পুনেত কটোৱাৰ পাছত জয়চা আই আহি পালে কলকাতা। ইতিমধ্যে তেওঁ চল্লিশৰ ডেওনাখন পাৰ হৈ প্রৌঢ়ত্বৰ ফালে ধাৱমান। জয়চা আইৰ কি গতি হ’ল চোৱা যাওক। প্ৰথমফালে দোকানে বজাৰে মানুহে দিদি বুলি সম্বোধন কৰিছিল যদিও কেইবছৰমান পাছত বয়সৰ চাব পৰাত দিদিৰ পৰা প্ৰমোচন পাই হ'লো মাসীমা অর্থাৎ মাহীদেউ। ল’ৰাৰ সহপাঠীসকলে পুনেৰ ল’ৰাহঁতৰ দৰে জয়ৰ মা বুলি মতা নাছিল।তেওঁলোকেও মাসীমা বুলিছিল। অসমত মাহী হ’ল মাকৰ ভনীয়েক। অনাত্মীয়ৰ পক্ষে মাহী বা জেঠাই কোৱা এটা সমস্যা। জেঠাই বুলি মাতিলে মানুহজনীৰ খং উঠিব পাৰে— তাৰ মাকক মোতকৈ সৰু বুলি ভাবিছে নে কি? আনহাতে মাহী বুলি মাতিলে মাতোতাৰ মাকৰ খং উঠে— তই যে আমুকীক মাহী বুলি মাতিলি মোতকৈ তাই সৰু নেকি? এনেবোৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ আজিৰ অনেক ল’ৰা-ছোৱালীয়ে আণ্টি শব্দটো ব্যৱহাৰ কৰে। এটা কথা মন কৰিছো অধিকাংশ মহিলাই নাজানো কিয় নিজৰ বয়স লুকুৱাবলৈ ভাল পায়। সাধাৰণ সকলেই নহয়, অসাধাৰণৰো অনেকে। যি কি নহওক, বাঙালী সমাজত মাৰ বায়েক-ভনীয়েক সকলোৱে মাসীমা আৰু দেউতাৰ বায়েক-ভনীয়েক সকলোৱে পিসিমা। গতিকে আণ্টি শব্দটো [ ৩৬৫ ] ব্যৱহাৰ নকৰিলেও হয়।

 কলকাতাত অৱশ্যে মই নিজৰ নামটোৰেও চিনাকি হ’ব পাৰিছিলো শিক্ষামূলক বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে যুক্ত হৈ থকা বাবে। কিছুমান মহিলাক দেখিছো স্বামীৰ প্ৰতিফলিত গৌৰৱেৰে গৌৰৱান্বিত হ’বলৈ ভাল পায়। মই অমুকৰ মিচেছ, মই মিচেছ তমুক বুলি কোৱা মহিলাক মই পুতৌ কৰো। প্ৰত্যেকৰ এটা নিজস্ব চিনাকি থকা উচিত। মোক এবাৰ এজন পুৰুষ মানুহে বহুদিন আগতে কৈছিল মই হেনো অহংকাৰী, বিবাহিত মহিলাৰ ইমান ফুটনি ভাল নহয়। তদুপৰি তেওঁ ভৱিষ্যৎ বাণী কৰিছিল যে মই এদিন স্বামীৰ নামেৰেই চিনাকি হ’ম। কোনো দিনে নিজৰ নামেৰে চিনাকি হ’ব নোৱাৰিম। অলপ সময়ৰ বাবে চি ডি খন বন্ধ কৰি মানুহজনৰ কথা ভাবিলো।

 আকৌ ষ্টাৰ্ট।.....মনত পেলাই দিলে গুৱাহাটীলৈ অহাৰ পাছত ঘটা মজাৰ ঘটনাটো। কলকাতাত প্ৰায় কুৰি বছৰ আছিলো। পাচলিয়ে হওক, কাপোৰেই হওক বা যিকোনো বাণিজ্যিক সামগ্ৰীয়ে হওক বিক্ৰেতাবোৰে আখৈ ফুটা দি নিজৰ সামগ্ৰীৰ গুণগান গাই ক্ৰেতাক এনেকৈ মোহিত কৰে যে এটা বস্তু নিকিনি সাৰিব নোৱাৰি। ফেৰিয়ালাহঁতৰ কথা শুনিলে ধাৰণা হয় ক'ৰবাত যেন এড্ভাৰটাইজ কৰিবলৈ ট্ৰেইনিং লৈ আহিছে।

 গুৱাহাটীৰ ঘৰত এদিন কাপোৰৰ টোপোলা এটা লৈ আহিছিল এজন ফেৰিৱালা। সাধাৰণতে এওঁলোকৰ ফান্দত মই নপৰো। সিদিনা যে কি হ’ল মাতি তেওঁৰ কাপোৰবোৰ চালো। মানুহজনে যদিও নিজকে গুৱাহাটীৰ বাঙালী বুলি কৈছিল মই বিশ্বাস নকৰিলো। তেওঁৰ বিশুদ্ধ বাংলা আৰু কথা কোৱাৰ ঢং আছিল নিভাঁজ কলকতীয়াৰ দৰে। মই হেঁচা মাৰি ধৰাত আৰু আসৈ মাতিব নোৱাৰিলে। বাহিৰৰ পৰা বেপাৰ কৰিবলৈ অহা বুলি জানিলে স্থানীয় মানুহৰ হাতত নিৰ্যাতন ভোগ কৰিবলগীয়া হ'ব পাৰে বুলি মিছা মাতিছিল। কাপোৰ কিনাৰ চখ নাছিল, কিন্তু ডেকাই মাসীমা মাসীমা কৰি তেওঁৰ জালত মোক ইতিমধ্যে বন্দী কৰি পেলাইছে। তাৰ পৰা ওলায় কাৰ সাধ্য। তাৰ পাছত তেওঁ এটা পেকেজ আগবঢ়ালে, তিনিখন শাৰী দুহেজাৰ টকাত কিনিলে এখন ফ্ৰী। ফ্ৰী শুনি মই লৰি-চৰি বহিলো। ফ্ৰী শব্দটো বৰ মিঠা। এখন চিল্ক আৰু দুখন কপাহী পছন্দ কৰাৰ পাছত মিঠামুৱা কলকতীয়া চালু বেপাৰীজনে ক’লে, ‘মাসীমা, চাৰি নম্বৰ ফ্ৰীখন আপোনাৰ একান্ত সেৱক অধম এই ভাগিনজনে পছন্দ কৰি দিওঁ।' তেওঁ কৃত্ৰিম চিল্কৰ ৰঙা পাৰি থকা শাৰী এখন মোৰ [ ৩৬৬ ]

লেখিকাৰ ডাঙৰ নাতি ঋষভ, পুত্ৰ জয়, বোৱাৰী মনীষা আৰু সৰু নাতি অনুভৱ

[ ৩৬৭ ] হাতত তুলি দি কৈছিল— ‘এইখন কাপোৰ পিন্ধি পূজা কৰিব’। মাসীমাই যে পূজা নকৰে ভাগিনে জানিব কেনেকৈ। যি কি নহওক চাৰিখনকৈ কাপোৰ দুহেজাৰত পাই মোৰ মহাফূৰ্তি। আবেলি কলকতীয়া ভতিজা বোৱাৰীয়ে চাৰিওখন লিৰিকি-বিদাৰি চাই ক'লে চাৰিওখনৰ মুঠ দাম পোন্ধৰশৰ বেছি হ’ব নালাগে। দেখাত ভাল হলেও All that glilters is not gold. ভাবিছো মই অঁকৰা নে বয়সে মোক বুদ্ধিহীন কৰিছে।

 আজিকালি বয়সীয়া মানুহক শ্ৰুতিমধুৰ ভাষাত কোৱা হয় জ্যেষ্ঠ নাগৰিক। জ্যেষ্ঠ নাগৰিকজনে কিন্তু জানে তেওঁৰ ওচৰলৈ যমৰজাৰ দূতসকল আহিবলৈ প্ৰস্তুত হৈ আছে। যমৰ ছেক্ৰেটাৰী চিত্ৰগুপ্তৰ অফিচে প্ৰয়োজনীয় কাগজ-পত্ৰবোৰ ৰেডী কৰিলেই দূতসকল আহি হাজিৰ হ’ব। জ্যেষ্ঠ নাগৰিকৰ আত্মীয়-স্বজন আৰু চিনাকি সকলেও ধৰি লয় যে এই জনাৰ দিন ঘনাই আহিছে, পিছে ভদ্ৰতাৰ খাতিৰত যেনিবা উচ্চাৰণ নকৰে। কেতিয়াবা অসতৰ্ক মুহূৰ্তত নাইবা চকু-মুখৰ অভিব্যক্তিত জ্যেষ্ঠজনে তেওঁলোকৰ মনবোৰ নুবুজা নহয়।

 ১৯৯১চনত আমি গুৱাহাটীলৈ নিগাজিকৈ থাকিবলৈ অহাৰ সময়ত মোৰ তিনি কুৰি বছৰ পূৰ্ণ হোৱা নাছিল। নিজকে বুঢ়া বুলি ভবা নাছিলো যদিও কমবয়সীয়া সকলে ভাবিছিল। ইয়ালৈ আহি দুজোপামান তামোল-নাৰিকলৰ পুলি ৰুবলৈ দেখি ঘৰ মেৰামতি কৰি থকা দুজনমান কামলাই কোৱাকুই কৰা মোৰ কাণত পৰিছিল— বুঢ়া-বুঢ়ীহালে যে তামোল-নাৰিকল ৰুইছে ফল হোৱালৈ টিকিব জানো? ফল হোৱালৈ টিকিলো পিছে।

 আন এদিনৰ কথা। ১৯৭৫ চনতে কিনা মোৰ ফ্ৰীজটো বুঢ়ী হ’ল। আগৰ দিনৰ মেচিন বাবে তিষ্ঠি আছিল যদিও গাটোত বাৰ্ধক্যৰ আঁচোৰ দেখি নাতিনী এজনীক ক’লো ফ্ৰীজৰ দোকানলৈ মোক লৈ যাবলৈ, উদ্দেশ্য নতুন এটা কিনা। তাই অলপ সময় মনে মনে থাকি পৰামৰ্শ দিলে বুঢ়ীজনীকে অলপ মেক-আপ দি গাভৰু সজাবলৈ। নাতিনীয়ে নিশ্চয় ভাবিছিল, আইতাকৰ আৰু কেইদিন? মিছাকৈ নতুন ফ্ৰীজ এটা কিনি পইচা নষ্ট কৰে কিয়?

 আলোচনা প্ৰসঙ্গত এদিন কৈছিলো ডায়েবেটিচ নহ'বলৈ মিঠা খোৱা কমাইছো। লগে লগে কলিজাত খুন্দা লগাকৈ ডেকা এজনে টপৰাই ক’লে, ‘জেঠাই মনৰ ইচ্ছা পূৰাই দীঘলীয়া জীৱন কটালে। এতিয়া হেঁপাহ পলুৱাই যি মন যায় খাওক’। মানুহবোৰৰ কথা-বতৰা শুনি এতিয়া জীয়াই থাকিবলৈকে লাজ লাগিছে।
[ ৩৬৮ ]  অতপৰে চাই থকা জীৱন নাটৰ চি ডিখন অফ্ কৰি দি ভাবিছো মা-দেউতাৰ ডেউকাৰ তলত থকা সময়ছোৱাত ভাবিছিলো নে কেতিয়াবা জোৱাৰত জীৱন ওফন্দি উঠিব, কেতিয়াবা ভাটাত নামি জীৱন হৈ উঠিব অসহনীয়। কিন্তু দুয়োটা অৱস্থাই পাৰ হৈছো। সন্মুখত আৰু কিমান জোৱাৰ-ভাটা আহিব-যাব নাজানো, মানুহৰ জীৱনত কোনো অৱস্থা স্থায়ী নহয়। সমুদ্ৰৰ জোৱাৰ-ভাটাৰ দৰে জীৱনতো অহৰহ চলে জোৱাৰ-ভাটাৰ আকৰ্ষণ-বিকৰ্ষণ। জীৱন এক যুদ্ধক্ষেত্ৰও, আছে জয়-পৰাজয়। সকলো অৱস্থাৰ যেয়ে সাহসেৰে মুখামুখি হ’ব পাৰে তেৱেঁই জয়ী। নিজকে প্ৰশ্ন কৰো, মই পাৰিছো নে? উত্তৰ বিচাৰি পোৱা নাই।■■