বাকীছোৱা জীৱন/জয়ৰ আমেৰিকা যাত্ৰা আৰু বিবাহ

[ ৭১ ]

জয়ৰ আমেৰিকা যাত্ৰা আৰু বিবাহ

 ১৯৮৫ চনত খড়গপুৰ আই আই টিৰ পৰা বি টেকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কেইমাহমানৰ ভিতৰতে জয় আমেৰিকামুখী হ’ল। উদ্দেশ্য গৱেষণা কৰা আৰু পি এইচ ডি ডিগ্ৰী অৰ্জন কৰা। তাৰ আগতে জি আৰ ই, টোৱেফল আদি প্ৰয়োজনীয় পৰীক্ষাবোৰ পাছ কৰিছিল খড়গপুৰত পঢ়ি থাকোতেই। কোৱা বাহুল্য, বিদেশত পঢ়ুৱাব পৰা আৰ্থিক ক্ষমতা আমাৰ নাই। যোৱাৰ আগতেই সি এটা ৰিছাৰ্চ এছিষ্টেণ্টশ্বিপ [ ৭২ ]

বোৱাৰী মনীষা

[ ৭৩ ] যোগাৰ কৰিছিল, কেৱল যোৱাৰ টিকেটখন কিনি দিছিলো।

 ষ্টুডেণ্ট ভিছাখন কৰোৱাৰ আগতে কি যে টেনছন আমাৰ! সেইকেইদিন প্ৰায়ে খবৰ পাই আছিলো তাৰ লগৰ বোলে কোনোবাই ভিছা পালে, কোনোবাই নাপালে। বি টেক পঢ়ি থাকোতেই কেম্পাছ ইনটাৰভিউত সি দুটা কোম্পানীত চাকৰি পাইছিল। বাহিৰত পঢ়াৰ আশাত সেইবোৰ প্ৰত্যাখ্যান কৰি ভুল কৰা বুলি ভাবিলো। ভিছা নাপালে কি যে হ’ব!

 সি যি কি নহওক জয়ৰ সেই মহাপৰীক্ষাৰ দিনটো আহি উপস্থিত হ’ল। ইতিমধ্যে বাইদেউৰ চকু বিশেষজ্ঞ পুত্ৰ অসীম ওলাইছিল ট্ৰেইনিং এটাৰ বাবে জাপানলৈ। সি সিদ্ধান্ত ল'লে যে জাপানৰ পৰা কেইদিনমানৰ বাবে আমেৰিকালৈ ফুৰিবলৈ যাব আৰু ইউৰোপ হৈ ঘৰমুৱা হ’ব। হঠাতে দেখা গ'ল জয় আৰু অসীমৰ ভিছাৰ ইণ্টাৰভিউৰ তাৰিখ একেটাই। সিহঁত দুয়ো ঘৰৰ পৰা একেলগে ওলাই গ'ল যদিও আমেৰিকান কন্ছুলেট পোৱাৰ আগতে টেক্সিৰ পৰা নামি বেলেগে বেলেগে গ'ল। তাতো লাউঞ্জত অলপ আঁতৰে আঁতৰে বহিল, যেন টেঙৰ সন্দেহবাদী আমেৰিকানসকলে বুজি নাপায় ইহঁত দুটা ভাই-ককাই।

 ডাক্তৰসকলক আমেৰিকাই সহজতে ভিছা দিব নোখোজে, ভাই-ককাই বুলি জানিলে কি বা লেঠা লাগে, গতিকে অচিনাকি যেন হৈয়ে থাকিল দুয়ো। যি হওক দুয়ো ভিছা পালে। আনন্দৰ মাজত বেদনাও অনুভৱ কৰিলো। একমাত্ৰ সন্তান বহুদূৰলৈ যোৱাৰ দুখ, আনহাতে উচ্চ শিক্ষাৰ্থে বিশ্বৰ আগশাৰীৰ দেশলৈ যোৱাৰ আনন্দ— এক বুজাব নোৱৰা অনুভূতি। উল্লেখযোগ্য যে সেইখন দেশত পঢ়োৱাৰ আগ্ৰহ মোৰহে বেছি আছিল।

 দেউতালৈ মনত পৰিল। তেওঁ কটন কলেজত পঢ়ি থাকোতে কোনোবা আমেৰিকান পৰিয়াল এটাৰ ওচৰ সান্নিধ্যলৈ আহিছিল। কোন, কি নাম-ধাম একো মনত নাই। কিন্তু তেওঁলোকে দেউতাক হেনো আমেৰিকালৈ উচ্চ শিক্ষাৰ্থে লৈ যাব খুজিছিল। তেওঁলোকৰ উদ্দেশ্য কি আছিল নাজানো। কেৱল সৰুৰে পৰা আবুৰ মুখে শুনিছিলো পিতৃহীন পৰিয়ালটোৰ জ্যেষ্ঠ সন্তান হিচাপে তেওঁৰ ওপৰত গধুৰ দায়িত্ব থকা বাবে ক’লৈকো যোৱা সম্ভৱ নহয় বুলি কৈছিল। সেই আমেৰিকালৈ গৈ আছে তেওঁৰ নাতিয়েক জয়। সি লছ এঞ্জেলেছৰ (এল এ নামেৰে জনাজাত) ইউনিভাৰ্চিটি অব্ চাদাৰ্ন কেলিফৰ্নিয়াত ভৰ্তি হ’ল। প্ৰথমে মাষ্টাৰ্ছ ডিগ্ৰী লৈ পি এইচ ডি প্ৰগ্ৰেমত সোমাল। ছাত্ৰ হিচাপে অৰ্জা অলপীয়া ডলাৰখিনিৰ পৰাই একাংশ জমাই এবছৰ [ ৭৪ ] পাছত এবাৰ দুসপ্তাহমানৰ বাবে ঘৰলৈ আহিছিল সি।

 খড়গপুৰত পঢ়ি থকা সময়তে তাতকৈ জুনিয়ৰ মনীষা ঘোষ নামৰ ছাত্ৰী এজনীৰ সৈতে সি কলেজত অনুষ্ঠিত নাটক কৰিছিল। সেইদৰে চিনাকি হোৱাৰ পাছত সম্পৰ্ক গভীৰৰ পৰা গভীৰতৰ হ’ল। পিছৰ বছৰ তায়ো আমেৰিকালৈ যাত্ৰা কৰিলে। অৱশ্যে তাই স্কলাৰশ্বিপ পালে কৰ্নেল ইউনিভাৰ্ছিটিত। এবছৰ পাছত বিশ্ববিদ্যালয় সলাই মনীষাইও যোগ দিলে জয়ে অধ্যয়ন কৰি থকাখনত। সেই বছৰতে অৰ্থাৎ ১৯৮৮ চনৰ ২৭ জুনত কলকাতাত সিহঁতৰ বিয়াখন পাতিলো। জয়ৰ বয়স পঁচিশ, মনীষাৰ তেইশ।

 আমেৰিকালৈ যোৱাৰ আগতে জয়ে আমাক মনীষাৰ কথা কৈছিল। আই আই টিত পঢ়ে যেতিয়া পঢ়া-শুনাত ভাল হ’ব বুলি ধৰিয়ে লৈছিলো। কিন্তু তাই ক’ৰ ছোৱালী, কাৰ ঘৰৰ, মাক-দেউতাকৰ চিনাকি কি ইত্যাদি বহু কথা জানিব লাগে। বিয়া মানেতো দুটা ল'ৰা-ছোৱালীৰ মাজৰ সম্পৰ্ক নহয়, অন্ততঃ আমাৰ ভাৰতীয় সমাজত বিয়া হয় দুটা পৰিয়ালৰ মাজত। জয়ে মাথোঁ কৈছিল তেওঁলোক বাঙালী, দেউতাক সেনাবিভাগৰ চিকিৎসক কৰ্নেল মৃত্যুঞ্জয় ঘোষ, মাক গীতাই ৰবীন্দ্ৰ সংগীত শিকে খ্যাতনামা ৰবীন্দ্ৰ সংগীত শিল্পী সুচিত্ৰা মিত্ৰৰ ওচৰত। মনীষাৰ বায়েক ডাক্তৰ, তেতিয়া চণ্ডীগড়ৰ পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব্ মেডিকেল এডুকেচন এণ্ড ৰিছাৰ্চত এম ডি কৰি আছিল। কলকাতা মেডিকেল কলেজৰ পৰা সোণৰ পদক আৰু বহু সন্মানসহ এম বি বি এছ পাছ কৰিছিল তেওঁ। একমাত্ৰ ভায়েকটো তেতিয়াও স্কুলত, সিও চোকা, শিক্ষিত বুলি জানিলো যদিও সেনা বিভাগৰ কৰ্নেলৰ ঘৰৰ পৰিবেশ আমাৰ লগত মিলিব পৰা বিধৰ হ’ব নে নাই ভাবি অলপ চিন্তিত নোহোৱা নহয়। ছোৱালীজনীও ফেশ্বনেৱল নিশ্চয় হ’ব।

 আমাৰ পুনেবাসৰ সময়ত বাণী চক্ৰৱৰ্তী নামৰ মহিলা এগৰাকীৰ সৈতে বৰ ঘনিষ্ঠ হৈছিলো। তেওঁৰ বায়েকে এষাৰ কথা কৈছিল যে আজিকালি মানুহৰ এটা-দুটা সন্তান হোৱাৰ ফলত আপোন মানুহৰ সংখ্যা সীমিত হৈ গৈ আছে। গতিকে সিহঁতে বিয়া কৰোৱা ঘৰখনেই আপোন হয়গৈ। মনে মনে চিন্তা কৰিলো কৰ্নেলৰ পৰিয়ালৰ লগত অন্তৰংগভাৱে খাপ খাব নোৱাৰিম। যি কি নহওক জয়ৰ পছন্দ হৈছে যেতিয়া তাৰ কথাই শেষ কথা। আপত্তিৰ প্ৰশ্নই নুঠে।

 জয় যোৱাৰ পাছত মনীষাক এদিন মই কলকাতাৰ ঘৰলৈ মাতিছিলো। সাধাৰণ চেলোৱাৰ-কামিজ পিন্ধা, কোনোধৰণৰ মেকআপ নকৰা ছোৱালীজনীক দেখি মৰম [ ৭৫ ] লাগি গ'ল। কথাপ্ৰসংগত জানিব পাৰিছিলো চেলোৱাৰ কামিজ যোৰ তাই নিজে চিলোৱা। তাইক দেখি ঘৰখনৰ বিষয়েও এটা ধাৰণা কৰিব পাৰিলো। মনটো ফৰকাল হ’ল। সেই সময়তে অৱসৰ গ্ৰহণ কৰি সপৰিয়ালে দেউতাক কলকাতাৰ ছণ্টলেকবাসী হৈছিল। এদিন তেওঁলোকৰ ঘৰলৈ আমাক নিমন্ত্ৰণ জনালে। প্ৰথম চিনাকিতে আমি পৰস্পৰৰ ওচৰ চাপিলো। সম্পৰ্কত বিয়ৈ-বিয়নী হ'লেও ব্যৱহাৰত ভাই-ককাই, বাই-ভনী যেন হ’লো। মনীষাৰ মাক গীতা এগৰাকী বৰ সৰল-সহজ, ধীৰ-স্থিৰ স্বভাৱৰ মহিলা। সহজতে উত্তেজিত নহয়। আমাৰ ভাগ্য ভাল মনীষাই মাকৰ আটাইখিনি গুণেই পাইছে। মেধা পাইছে দেউতাকৰ। অৱশ্যে তিনিওটা সন্তানেই তেওঁলোকৰ মেধাৱী। ডাঙৰজনী জীয়ৰী কাজৰী বৰ্তমানে আমেৰিকাৰ এখন শিশু হাস্পতালৰ দায়িত্বশীল পদাধিকাৰী, মনীষা ফিলিপছ কোম্পানীৰ বিজ্ঞানী। বিশ্বৰ নানা ঠাইত বক্তৃতা দিবলৈ, কনফাৰেন্স কৰিবলৈ তাই আমন্ত্ৰিত হয়। সিহঁতৰ একমাত্ৰ ভায়েক কেশৱ ভাৰতৰ এটা প্ৰসিদ্ধ দৰব প্ৰস্তুতকাৰক কোম্পানী ৰেনবাক্সিৰ এজন জ্যেষ্ঠ গৱেষক। কাজৰীতো ডাক্তৰেই, বাকী দুজন নিজ নিজ বিষয়ত ডক্টৰেট। গীতাক সকলোৱে সেয়েহে ৰত্নগৰ্ভা বুলি কয়।

 গীতা চহকী পৰিয়ালৰ ছোৱালী। আনহাতে বিয়ৈ কৰ্নেল ঘোষ নিজকে নিজে প্ৰতিষ্ঠা কৰা এজন সফল ব্যক্তি। পশ্চিমবংগৰ বৰ্ধমান জিলাৰ কাশেমপুৰ নামৰ এখন গাঁৱত শৈশৱতে পিতৃ-মাতৃহীন হোৱা অনাথ ল’ৰাটোক মাকৰ মাক আইতাকে তুলি-তালি ডাঙৰ কৰিছিল যদিও মৰমতে নাতিয়েকৰ পঢ়া-শুনাৰ ফালে মন-কাণ কৰা নাছিল। এবাৰ কলকাতাবাসী নিঃসন্তান পেহীয়েকে গাঁৱত থাকিলে পঢ়া-শুনা নহ’ব বুলি নিশ্চিত হৈ জোৰ কৰি ভতিজাকক লৈ গ'ল কলকাতালৈ। বৰ্ধমানৰ পৰা কলকাতালৈ ওৰেটো বাট হেনো ল’ৰাটোৱে কান্দি কান্দি গৈছিল। পেহীয়েকৰ কটকটীয়া শাসনত তাৰ মনত পৰিছিল আইতাকৰ ঘৰৰ মুকলিমূৰীয়া জীৱনটোলৈ। কালক্ৰমে ল’ৰাটোৰ জন্মগত প্ৰতিভা প্ৰস্ফূটিত হ’বলৈ ধৰে। ইতিমধ্যে পেহীয়েকৰো মৃত্যু হয়। টিউচন আৰু বৃত্তিৰ টকাৰে পঢ়া-শুনা কৰি সুখ্যাতিৰে তেওঁ কলকাতা মেডিকেল কলেজৰ পৰা এম বি বি এছ পাছ কৰে।গাঁৱৰ ঘৰখনৰ আপোনজনৰ দায়িত্ব ল'বলগীয়া হোৱা বাবে তেওঁ তেতিয়া পোষ্ট গ্ৰেজুৱেট শিক্ষা গ্ৰহণ নকৰি সেনাবাহিনীত চিকিৎসক হিচাপে যোগদান কৰিছিল। তাৰ পাছত তেওঁ ছুটী লৈ চৰ্মৰোগ বিশেষজ্ঞ হোৱাৰ উপৰি পি এইচ ডি ডিগ্ৰীটোও লয়। প্ৰতিভাশালী নহ’লে প্ৰতিকূল অৱস্থাত সাধাৰণতে কমেইহে জীৱনত সুপ্ৰতিষ্ঠিত হ'ব পাৰে।

[ ৭৬ ]

পুত্ৰ জয়ৰ বিয়াত দুই মাহীয়েক প্ৰতিমা, ৰীতা আৰু ভূপেন হাজৰিকা

[ ৭৭ ] তেওঁলোকৰ আধুনিক মনস্কতায়ো আমাক মুগ্ধ কৰিছে। ছোৱালী দুজনীক ভাৰতৰ উৎকৃষ্ট মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজত পঢ়ুৱাবলৈ কাৰ্পণ্য কৰা নাই। যি কি নহওক, তেওঁ কেইবছৰমানৰ বাবে গুৱাহাটী আৰু তেজপুৰৰ কমাণ্ড হাস্পতালতো আছিল। এটা সময়ত ঘৰুৱা অৱস্থাৰ বাবে চাকৰিত সোমাইছিল। সেয়ে নহ’লে চিকিৎসা শাস্ত্ৰত তেওঁ হয়তো গৱেষণাধৰ্মী কাম কৰিলেহেঁতেন। তেওঁৰ অপূৰ্ণ কামনা তিনিওটি সন্তানৰ মাজেৰে পূৰ্ণ কৰিছে।

 এনে এখন ঘৰৰ এজনী প্ৰতিভাময়ী ছোৱালী মনীষাক বোৱাৰী হিচাপে পাই আমি অত্যন্ত সুখী। জয়ে মোক কৈ থৈছিল সামাজিক মতে নহয়, ৰেজেষ্ট্ৰি বিয়াতহে সি আগ্ৰহী। আমিও ৰেজিষ্ট্ৰি বিয়াৰ পক্ষপাতী আছিলো। পিছে কইনাৰ মাক-দেউতাকৰ ইচ্ছা ৰেজিষ্ট্ৰেচনৰ উপৰি ধৰ্মীয় মতেও বিয়াখন পাতিবলৈ। চুৰিয়া-পাঞ্জাবী পিন্ধি দৰা সাজি বিয়া কৰাবলৈ জয়ৰ প্ৰচণ্ড অনীহা। তাক বুজোৱা হ’ল যে বিয়া কেৱল এপক্ষৰ ইচ্ছাত নহয়, আমাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান কৰা নহ’ব। আৰু ক’লো— ‘তই নাটক নকৰ জানো? মনীষাৰ লগত তোৰ চিনাকি নাটকৰ যোগেদি নহয় জানো? ভাবি ল’ তই নাটক কৰিবলৈ ওলাইছ দৰা সাজি।’ এই পালি দৰবে কাম দিলে। আমাৰ ফালৰ পৰা কেৱল জোৰণ দিলো আৰু বিয়াৰ পাছত আত্মীয় বন্ধু-বান্ধৱক অভ্যৰ্থনা জনোৱা হ’ল। কইনাৰ মাক-দেউতাকক কোৱা হৈছিল কোনো বস্তু-বাহানি, ফাৰ্নিৰ্চাৰ, বিছনা-পত্ৰ যেন দিয়া নহয়। মাকে কৈছিল শাস্ত্ৰমতে শয্যাখন হেনো দিবই লাগে। মই নিয়ম-চিয়ম নামানো। ছোৱালীৰ মাক-দেউতাকক শোষণ কৰিবলৈ আমাৰ সমাজে বহু নিয়ম-নীতিৰ জন্ম দিছে। আমাৰ ঘৰলৈ বোৱাৰী আহিব, তাইক এখন বিছনা মই দিব নোৱাৰিম নে? গৰিয়াহাট বজাৰৰ পৰা ভগ্নীসমা বান্ধৱী জয়াৰ সহায় লৈ বিছনা কিনি আনিছিলো। বিয়াত কাৰো পৰা উপহাৰো গ্ৰহণ কৰা নাছিলো। নিমন্ত্ৰণ কৰাৰ সময়তে এই অনুৰোধ কৰা হৈছিল। অৱশ্যে মোৰ বাই-ভনী আৰু গৃহস্থৰ সহোদৰ-সহোদৰা এইক্ষেত্ৰত আছিল ব্যতিক্ৰম।

 মাকে হেনো ল’ৰা বা ছোৱালীৰ বিয়াৰ অনুষ্ঠান চাব নেপায়, কিয় নেপায় কোনেও ক’ব নোৱাৰে। যুক্তিহীন নিয়ম মই নামানো। গতিকে দৰাযাত্ৰীৰ লগত গৈ আৰম্ভৰ পৰা শেষলৈ বিয়াথলীত বহি আছিলো। আমাৰ সমাজত মাকে জীয়েকক সম্প্ৰদান কৰাৰ নিয়ম নাই। উপস্থিত থকাই য'ত বাৰণ, তাত সম্প্ৰদায়ৰ প্ৰশ্নই নুঠে। জয়ৰ বিয়াৰ পাঁচ বছৰমান পাছত ভনী খুকুৰ জীয়েক পিউৰ বম্বেত আৰ্যমতে নৰেন মেহৰাৰ সৈতে বিয়া হয়। সেইখন বিয়াত দেখিছিলো মাক-দেউতাক দুয়ো ছোৱালীক [ ৭৮ ]

পবিত্ৰ বান্ধোনত জয়-মনীষা

[ ৭৯ ] সম্প্ৰদান কৰা। দেখি ভাল লাগিল আৰ্য বিবাহ পদ্ধতিত হিন্দু ধৰ্মৰ ৰক্ষণশীলতা অনুপস্থিত। অসমীয়া সমাজত শুভকাৰ্যত স্বামীহাৰা মহিলাক অংশগ্ৰহণ কৰিবলৈ নিদিয়াটো যে ইমান অমানৱীয় নিয়ম সেই কথা মানুহে সাধাৰণতে উপলব্ধি নকৰে যেন লাগে। বিয়া ঘৰত বেচেৰীহঁতে চুচুম-চামাক কৈ ইফালে সিফালে আঁতৰি থকা দৃশ্য হৃদয় বিদাৰক। ইয়াৰ বিপৰীতে এখন বিয়াত এগৰাকী স্বামীহাৰা মহিলাক মুখ্য ভূমিকাত অংশগ্ৰহণ কৰা দেখি গম পালো সকলো হিন্দু সমাজ নিৰ্দয় নহয়। মনীষাৰ বায়েক কাজৰীৰ বিয়া হৈছে ড° কুলদীপ থুচু নামৰ এজন কাশ্মিৰীৰ লগত। কাশ্মীৰৰ সকলো হিন্দুৱে ব্ৰাহ্মণ। বিয়াৰথলীত দেখিলো তেওঁলোকৰ নিয়মমতে কাজৰীক বিবাহিতাৰ চিন স্বৰূপে কাণত পিন্ধা দীঘলীয়া অলংকাৰবিধ পিন্ধালে দৰাৰ স্বামীহাৰা বৰমাকে। ঘৰৰ জ্যেষ্ঠ মহিলা সদস্যগৰাকীৰ ওপৰত বৰ্তায় সামাজিক এই দায়িত্বটো। আমাৰ সমাজখনৰ নীতি-নিয়মবোৰত কিছু আধুনিকতাৰ পোহৰ পৰা উচিত।

 জয়ৰ বিয়াৰ দিনা ৰাতিপুৱাৰে পৰা দবাপিটা বৰষুণ। সমগ্ৰ কলকাতা পানীৰ তলত। আমাৰ ঘৰৰ সন্মুখখন হৈছিল সাগৰসদৃশ। ৰাতিপুৱা জোৰণ লৈ যোৱাৰ কথা, পিছে ওলাওঁ কেনেকৈ? ইফালে জয়ৰ কেইজনমান বন্ধু সিদিনাই কলকাতা আহি পোৱাৰ কথা। সিহঁতলৈ থকা ঠাইৰ ব্যৱস্থা কৰি থোৱা আছিল। সেইবোৰো পানীৰ তলত। জয়ে আগতে কৈ থৈছিল যে ৰাতিহে বিয়া, পুৱা সি হাওৰা ষ্টেচনলৈ যাব বন্ধুসকলক আদৰিবলৈ। আমাৰ ঘৰত ধৰ্মীয় কোনো অনুষ্ঠান নপতা বাবে পুৱাৰ ভাগত সি মুকলি আছিল যদিও বিয়াৰ দিনা ওলোৱাটো মই পছন্দ কৰা নাছিলো। তাৰ সলনি পঠোৱা হ’ল ‘লক্ষীৰ বাবা’ নামেৰে জনাজাত চুবুৰীয়া এজনক। মই তেওঁৰ হাতত ডাঙৰ প্লেকাৰ্ড এখন দিছিলো, য'ত লিখা হৈছিল জয়ৰ বন্ধুসকলৰ নাম। কেইবা ঘণ্টা পিছত উভতি আহি লক্ষীৰ বাবাই ক’লে বোলে দূৰৰ পৰা অহা এখন ট্ৰেইনো হাওৰা আহি পোৱা নাই। লোকেল ট্ৰেইনহে দুখনমান আহিছে। লক্ষীৰ বাবাই প্লেকাৰ্ডখন লৈ প্লেটফৰ্মৰ ইমূৰৰ পৰা সিমূৰলৈ অহা-যোৱা কৰিছিল যদিও কাকো নাপালে। মুঠতে বাট-পথ, ৰে’ল লাইন সকলো পানীৰ তলত।

 ডাঙৰ দল এটা লৈ জোৰণ দিয়াৰ মই বিৰোধী। গতিকে আগতেই ঠিক কৰিছিলো চাৰি-পাঁচজনতকৈ বেছি মানুহ নাযাওঁ বুলি। বন্দোৱস্ত কৰি থোৱা গাড়ী দুখন আহি নোপোৱা বাবে ভাবিলো গধূলি দৰাপাৰ্টিৰ লগত একেলগে জোৰণ পাৰ্টিও যাব লাগিব। ইফালে বৰষুণৰ তাণ্ডৱ দেখি ধাৰণা হ’ল বিয়াখনেই হয়তো নহ'বগৈ। আমাৰ ঘৰৰ গৰাকীক— যাক আমি মামাবাবু বুলি মাতো— ক’লো, দৰা যদি যাব নোৱাৰে [ ৮০ ] টেলিফোনতে মন্ত্ৰমাতি বিয়াখন পাতিলে কেনে দেখে? মামা বাবু বৰ ইণ্টাৰেষ্টিং মানুহ। ক'লে— 'কিয় নহ'ব?’ পিছে মন্ত্ৰ মাতিব কোনে? আমাৰ ফালেতো কোনো পুৰোহিত যোগাৰ কৰা নাই। সেই ফেৰা কাম তেওঁকে কৰিবলৈ দিয়া হ'ব বুলি ক’লো। মামা বাবু বামুণ নহ'লেও ‘তথাস্তু’ বুলি ক'লে। এতিয়া দুয়োফালৰ ফোনযন্ত্ৰ দুটা জীয়াই থাকিলে হয়।

 এনেতে এখন গাড়ী আহিল। ড্ৰাইভাৰে ক’লে তেওঁৰ গাড়ীৰ ইঞ্জিনটো ওপৰত, গতিকে পানী গাড়ীত সোমালেও ইঞ্জিন বুৰ নাযায়। বস্তুৱে-মাছে-মিঠায়ে-মানুহে এখন গাড়ীত নোজোৰা বাবে কেৱল ভনী টুলু আৰু মই পানীৰ মাজেদি ষ্টীমাৰত যোৱাৰ দৰে আলিপুৰ অঞ্চলৰ পৰা কইনাৰ ছল্টলেকৰ ঘৰলৈ যাত্ৰা কৰিলো। কলকাতাত জোৰণৰ সা-সামগ্ৰীখিনিক কোৱা হয় অধিবাসৰ তত্ত্ব আৰু বিয়াৰ পাছত কইনাৰ ঘৰৰ পৰা খোৱা-খুৱীৰ দিনা দৰা ঘৰলৈ পঠোৱা সা-সামগ্ৰীখিনিক কোৱা হয় ফুলশয্যাৰ তত্ত্ব। দুয়োফাললৈ পঠোৱা বস্তুবোৰ জধে-মধে পঠোৱা নহয়। প্ৰতিটো বস্তু ডলা, কুলা বা বাঁহৰ ট্ৰেত সুদৃশ্য ৰূপত সজোৱা হয়। শিল্পীৰ হাতৰ পৰশ পাই বস্তুবোৰ অধিক দৃষ্টিনন্দন হৈ উঠে। তত্ত্ব সজোৱা এটা কলা। কলকাতাৰ বাঙালী পৰিয়ালৰ অধিকাংশ মহিলা এইক্ষেত্ৰত একো একোগৰাকী শিল্পী। জোৰণৰ মাছটোৰ কাণত পিন্ধায় দুল, ডিঙিত মণিৰ মালা, কঁকালত চিল্কৰ কাপোৰ, কপালত সেন্দূৰৰ ফোঁট আৰু মূৰত ওৰণাৰে ওৰণি। বিয়াৰ কেইবাদিনো আগৰে পৰা মহিলাসকল ব্যস্ত হৈ পৰে তত্ত্ব সজোৱাত। শান্তি নিকেতনৰ কলাভৱনত শিক্ষালাভ কৰা মোৰ সৰু জা কৰৱী তত্ত্ব সজোৱাত অসাধাৰণ। তেওঁৰ জীয়ৰী তিনিজনীও মাকৰ ট্ৰেইনিং পাই পাৰদৰ্শী হৈ উঠিছে। জয়ৰ বিয়াৰ এসপ্তাহ আগতে বিয়া হ'ল কৰৱীৰ ডাঙৰজনী জীয়েক মালবিকাৰ। গতিকে দুখন বিয়াৰ তত্ত্ব সজোৱাত সহায় কৰিবলৈ আহিছিল ভতিজা বোৱাৰী শিউলিও। মিঠাইৰ দোকানীয়ে তত্ত্বৰ মিঠাই সজাই দিয়ে দুখন শিল্পীসুলভ হাতেৰে। জয়ৰ বিয়াৰ জোৰণৰ মিঠাইখিনিৰ অৰ্ডাৰ দিছিল জয়াই তেওঁৰ বালিগঞ্জৰ ঘৰৰ ওচৰৰ মুখাৰ্জী চুইটছত। জোৰণ দিবলৈ যাওঁতে জয়াৰে সৈতে মিঠাইৰ ডলাকেইখন লৈ যোৱাৰ কথা। কিন্তু বালিগঞ্জত ইমান পানী যে গাড়ীও যাব নোৱাৰে। জয়াৰ ঘৰৰ ওচৰত একঁকালমান পানী। গাড়ীৰ পৰা নামি ৰিক্সা এখন লৈ সাঁতুৰি-নাদুৰি মুখাৰ্জী চুইটছৰ পৰা বস্তুখিনি টুলুৱে-ময়ে কোলাত বহুৱাই আকৌ গাড়ীৰ ওচৰ পালো। জয়াৰ যোৱা নহ'ল।

 আঁঠুলৈকে তিতা কাপোৰ পিন্ধি কইনাৰ ঘৰত নমাৰ পাছত তেওঁলোকে ক’বলৈ [ ৮১ ] ধৰিলে এই দুৰ্যোগত ইমান কষ্ট কৰাৰ কি প্ৰয়োজন আছিল! ভাগ্য ভাল তেওঁলোকৰ ফালে পানী পোৱা নাছিলো। তত্ত্ববোৰ নমোৱাৰ পাছত এইবাৰ কইনাৰ ধমকি খালো। ইমানবোৰ কাপোৰ, আ-অলংকাৰ আনিলো কিয়! ময়ো ধমকি মাৰি ক’লো মনে মনে থাকিবলৈ। যি কি নহওক লৰালৰিকৈ উভতি আহিলো ঘৰলৈ।

 ভনীজোঁৱাই চক্ৰেশ্বৰ আগনিশা আহি অসম হাউছত উঠাৰ কথা। ভাগিন কৌশিক আৰু ভাগিনী পিউ-লাটু-মিঠুও তাত। তাত থকাৰ উদ্দেশ্য ওচৰতে থকা নিউমাৰ্কেটলৈ গৈ বিয়াত পিন্ধিবলৈ কাপোৰ কিনা। সেইবোৰ অঞ্চল পানীত তল যায় বুলি জানো, গতিকে কাপোৰ দূৰৈৰ কথা বিয়াঘৰলৈ আহিব পাৰিবনে নাই ওৰে বাটটো ভাবি ভাবি আহিলো। তেতিয়াৰ দিনত ম'বাইল ফোন থকা হ'লে টেনশ্যনত ভুগিবলগীয়া নহ'লোহেঁতেন। জয়ৰ বন্ধুবোৰৰো খবৰ নাপালো।

 বৰষুণ কমি আহিছিল যদিও পানী কমাৰ কোনো লক্ষণ নেদেখিলো। ঘৰলৈ আহিয়ে গৃহস্থক ক’লো দৰাপাৰ্টি যোৱাৰ ব্যৱস্থা কৰিবলৈ। বাছ-গাড়ী আহি পায় নে নাই ভৱিতব্যই জানে। জোৰণলৈ যোৱা এইখন গাড়ীৰ ড্ৰাইভাৰজনে যেতিয়া অভয় দিছে কলকাতা পানীত বুৰ গ'লেও তেওঁ দৰাক লৈ যাব, গতিকে আৰু এজাক বৰষুণ অহাৰ আগতে দৰাক লৈ দেউতাকে ইতিমধ্যে আমাৰ ঘৰত উপস্থিত হোৱা দুজনমান আত্মীয়ক লৈ যাত্ৰা কৰা সমীচীন হ’ব। কইনা ঘৰকো ফোন কৰি জনালো দৰা আগতীয়াকৈ যাব।

 প্ৰায় তিনিমান বজাত অসম হাউছৰ দলটোৱে পানীৰ মাজেৰে বজাৰ-সমাৰ কৰি আহিল। বালিগঞ্জ চাৰ্কুলাৰ ৰোডৰ চৰকাৰী বাসভৱনৰ পৰা দেওৰৰ পৰিয়ালটোৱে জনালে তেওঁলোকো জলবন্দী। ইফালে সিফালে সকলোৰে পৰা একেই খবৰ। মই তেতিয়া বোধশক্তিহীন হৈ কেৱল ভাবিছো দৰাক পঠাব পাৰিলেই ৰক্ষা। দৰাৰে সৈতে দৰাপাৰ্টিৰ যোৱা কথা আছিল গধূলি সাত বজাত, দৰাক পঠালো পাঁচ বজাতে। পশ্চিমবংগ চৰকাৰৰ পৰ্যটন বিভাগৰ বাছ এখন ভাড়া কৰা হৈছিল, তেওঁলোকে জনালে বাছখন আহিব। পিছে বাছত যাবলৈচোন মানুহেই নাই। স্থানীয় আত্মীয়-স্বজন আহিবই পৰা নাই, কেৱল অসমৰ পৰা যোৱা মোৰ ভনীহঁতৰ পৰিয়াল, ঘৰৰ মালিকৰ পৰিয়ালটো আৰু আমাৰ সাহায্যকাৰীৰ পৰিয়ালটো। কাপোৰ পিন্ধিবলৈ লৈছিলো এনেতে আঁঠুলৈকে পেণ্ট কোচাই দেওৰ আহি উপস্থিত, পিছে পিছে তেওঁৰ কন্যা মধুমিতা আৰু গুৱাহাটীৰ ভতিজা শুভেন্দু আৰু মুক্তিৰ বৰজীয়ৰী নীলাঞ্জনা। সিহঁতৰো চেলোৱাৰৰ তলবোৰ তিতা। বৰ কষ্ট কৰি আহিছিল তেওঁলোক। [ ৮২ ]

জয়ৰ বিয়াত ভায়েক-ভনীয়েক কৌশিক, কাবেৰী, পিউ আৰু মিঠু ভূপেন হাজৰিকাৰ সৈতে

[ ৮৩ ] একাঁঠু পানীৰ মাজেদি খোজকাঢ়ি ৰিক্সা সলাই সলাই আহি পাইছিল আমাৰ ঘৰ। বানপানীত ৰিক্সাৰ বাহিৰে আন কোনো যানবাহন নচলে। আবেলি বৰষুণ দিয়া নাছিল যদিও কল্লোলিনী কলকাতা তেতিয়াও জলমগ্ন। ঘৰৰ মালিক মামাবাবুক ঘৰৰখীয়া কৰি আমি ৰাওনা হ’লো কইনাৰ ঘৰলৈ।সকলোৰে স্ফূৰ্তিও লাগিছিল পানীৰ মাজেদি যাবলৈ, যেন গণ্ডোলাত বহি ভেনিচৰ আলিবাটেৰে গৈ আছো।

 কইনা ঘৰলৈ গৈ দেখিলো ভতিজাহঁত সপৰিয়ালে বিয়াৰ থলীলৈ গৈছে। আনকি জয়ৰ বন্ধুবোৰো যেয়ে যেনেকৈ পাৰে কলকাতা পাই পোনে পোনে গৈ পাইছে বিয়াঘৰ। কিমান আন্তৰিকতা থাকিলে মানুহ ইমান দুৰ্যোগৰ মাজেৰে আহিব পাৰে! আমি পোৱাৰ আগতে বিয়াৰ ৰেজিষ্ট্ৰেচন হৈ গৈছিল। হোমপোৰা বিয়া হ'ল অলপ পাছত। কলকাতাৰ নিয়মমতে দৰা সেই ৰাতি কইনা ঘৰতে থাকি গ'ল। আমি ঘৰলৈ উভতি আহিলো, পিছে দুশ্চিন্তাই লগ নেৰিলে। অভ্যৰ্থনাৰ দিনা যদি বৰষুণ দিয়ে তেনেহ'লে সকলো হ’ব পণ্ড। ভৱন এটা ভাৰা কৰা হৈছিল গৰিয়াহাটত, কলকাতাৰ যিকোনো অঞ্চলৰ পৰা গৰিয়াহাটলৈ আহিবলৈ সুবিধা। কিন্তু বৰুণ দেৱতাই বা কি মূৰ্তি ধাৰণ কৰে! পিছে সিদিনা তেৰাৰ মন-মেজাজ শান্ত হৈ থকা বাবে আমাৰ কাম-কাজ সুকলমে সম্পাদন কৰিব পাৰিলো। নিমন্ত্ৰিতসকলৰ বাদেও সাহায্যকাৰিনীৰ চুবুৰিৰ কেইঘৰমানলৈকো খোৱা বস্তু পঠাই দিয়া হৈছিল লক্ষীৰ বাবাৰ হাতেৰে।

 জয়ৰ বিয়াৰ কথা লিখি থাকোতে মনত পৰিছে বৰজনা বিমলেন্দু গুহৰ বৰপুত্ৰ কিশোৰৰ বিয়ালৈ। সাধাৰণতে বিয়াই-সবাহে খোৱা বস্তু ৰাহি হয়েই। কিশোৰৰ বিয়াত সেই বস্তু ইমানেই বেছি হৈছিল যে তাৰে আৰু এখন বিয়া পাতিব পৰা গ'লহেঁতেন। আইচক্ৰীমবোৰ যিমান পাৰো ঠেলি-হেঁচি ফ্ৰীজত ভৰাই থৈছিলো। মজিয়াত বিছনা পাৰি ভালেখিনি ৰাতি শুইছিলোহে স্ফূৰ্তিবাজ ভতিজা ছোৱালী মহুৱাই সকলোকে জগাই দি ক’লে— ‘আইচক্ৰীমবোৰ গলিবলৈ ধৰিছে, গতিকে আকৌ এক ট্ৰিপ সকলোৱে মাৰোহঁক।’ ৰাতি আঢ়ৈ বজাত কোনটো পেটত যে আইচক্ৰীম ভৰালো নাজানো। সম্ভৱতঃ সুস্বাদু বস্তুখিনি গলি নষ্ট হোৱাতকৈ পেটতে ভৰাই থোৱাটো উচিত বুলি বিবেচনা কৰিছিলো। তেতিয়া বয়স আছিল কম, হজম শক্তি বোধকৰো ভালেই আছিল। তদুপৰি মনত আছিল স্ফূৰ্তি।

 জয় আৰু মনীষা বিয়াৰ সময়ত পি এইচ ডিৰ ছাত্ৰ আছিল। তেওঁলোকৰ ছুটী নাছিল। গতিকে বিয়াৰ চাৰি-পাঁচ দিন পাছতেই উভতি গ’ল আমেৰিকালৈ। আমিও নিজ নিজ কামত ব্যস্ত হৈ পৰিলো।