প্ৰকৃতি 
         কবি: চন্দ্ৰকুমাৰ আগৰৱালা

ফুল কলি ফুলি গোন্ধ
বোৱাই প্ৰীতিৰ সোঁত
সৰি পাছে নাইকিয়া হ'ল।
সি ফুলৰে মউ-পিয়া
এটা ভোমোৰা বলিয়া
ঘূৰি ঘূৰি ফুৰিছে অকল। উৰি ফুৰি বেজাৰৰ
হৃদয় ৰাগিনী তাৰ
বৰষি যে সিও গুচি গ'ল।
ক'ৰ কোন কিবা গ'ল
চিন স্মৃতি পমি গ'ল
প্ৰকৃতি যে তেনেকৈয়ে ৰ'ল!