[ i ]
 

পেৰিক্লিচ্‌।

 

(মহাকবি চেকস্‌পীয়ৰৰ সেই নামৰ
নাটকৰ চমু অখ্যান)

 

ৰচক আৰু প্ৰকাশক,

শ্ৰীশৰৎ চন্দ্ৰ গোস্বামী।

 

যোৰহাট।

আগষ্ট, ১৯২৫ চন, ইং’

 

বেচ, খনত চৌধ পইছাকৈ।

 
[ ii ]
 
 

প্ৰিন্টাৰ
শ্ৰীজিতেন্দ্ৰ কুমাৰ দাস।
আসাম প্ৰিণ্টিং ওৱাৰ্কস্,
যোৰহাট, আসাম।

 
[ iii ]
 

নিবেদন।

 

 স্কুলত পঢ়া দিনত “Lam's Tales from Shakespeare”ৰ পৰা এই গল্পটো অনুবাদ কৰিছিলোঁ। আৰু ১৯০২ ইং চনৰ জোনাকীত ই প্ৰকাশ হৈছিল।

 সেই অনুবাদৰ কোনো সলনি নকৰি ইয়াক কিতাপৰ আকাৰত ছপোৱা হল।

 যদি সুবিধা হয় পৃথিবীৰ উৎকৃষ্ট সাহিত্যৰ পৰা বাচি এনে ধৰণৰ আখ্যান কেইটামান প্ৰকাশ কৰিবৰ মন আছে।

 কি জানি আমাৰ লৰা-ছোৱালীৰ পঢ়িবলৈ ভালে-বেয়াই দুই এখন কিতাপ হয়, এই আশা।

গ্ৰন্থকাৰ।

 
[ iv ]
 

এই ধৰণৰ কিতাপ, সম্প্ৰতি তৈয়াৰ হৈছে।

১। শকুন্তলা।
২। মাণ্টিক্ৰিষ্টোৰ কাউন্ট।
৩। ডন কুইকচোট্।


গ্ৰন্থকাৰৰ আন আন কিতাপ।

১। পৰীক্ষা   ৷৹
২। গল্পাঞ্জলী   ৸৹
৩। ময়না   ১৷৹
৪। শিক্ষাবিচাৰ   ১৲
৫৷ ভূগোলপাঠ   ৷৷৹
৬। মহাসমৰ   ৷৷৵৹

শ্ৰীশ্ৰীযুক্ত প্ৰতাপচন্দ্ৰদেৱ গোস্বামীৰ
চৈতন্যদেৱ ১৲


পানিপথ।

বাঁহীত ওলোৱাত সকলোৰে অনেক প্ৰশংসা পাইছিল।
ছাপা হব ধৰিছে।


 
[  ]
 

পেৰিক্লিচ্‌।

 

(১)

 টায়াৰ প্ৰদেশত পেৰিক্লিচ্‌ নামে এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁ গ্ৰীচ্ দেশৰ দুষ্ট সম্ৰাট এৰিকোলেনাচৰ অত্যাচাৰ সহিব নোৱাৰি প্ৰজাবিলাকক পাশৱ অত্যাচাৰৰপৰা মুক্ত কৰিবৰ অভিপ্ৰায়ে, তেওঁৰ বিশ্বাসী মন্ত্ৰী হেলিকেনাচৰ হাতত ৰাজ্য-ভাৰ সমৰ্পণ কৰি স্বেচ্ছাক্ৰমে নিৰ্বাসিত হয়। তেওঁ প্ৰথমে ‘থেৰচাচ’ নগৰাভিমুখে জাহাজত উঠি যাত্ৰা কৰে। যেতিয়া পেৰিক্লিচ্‌ ‘থেৰচাচ্’ নগৰলৈ যাত্ৰা কৰে, তেতিয়া সেই নগৰত ভয়ানক দুৰ্ভিক্ষ হয়। সেই নিমিত্তে তেওঁ যাবৰ সময়ত বহুত খাদ্য দ্ৰব্য কিনি লৈ গৈছিল।

 থেৰ্‌চাচ্ প্ৰদেশৰ ৰজা ‘ক্লিয়ন’ অতিশয় সদাশয় আৰু গুণগ্ৰাহী। তেওঁ ৰাজ্যত উপস্থিত হোৱা মাত্ৰেই পেৰিক্লিচক ৰাজযোগ্য সমাদৰেৰে নিজ ঘৰলৈ লৈ গল। পেৰিক্লিচ, নিয়া সমুদায় বস্তু ৰাজ্যৰ দুৰ্ভিক্ষত পৰা লোকবিলাকক দান কৰি, তেওঁলোকৰো স্নেহ আৰু ভক্তিৰ ভাজন হয়। ক্লিয়নৰ ঘৈণীয়েক [  ] ‘ডাইওনিমিয়াও’ পেৰিক্লিচৰ প্ৰতি এই বিলাক কাৰণৰ নিমিত্তে বৰ দয়ালু আৰু কৃতজ্ঞ আছিল।

 পেৰিক্লিচ্‌ ক্লিয়নেৰে সৈতে থেৰচাচ্ নগৰত থাকোঁতে, তেওঁৰ ৰাজভক্ত মন্ত্ৰী হেলিকেনাচৰপৰা চিঠি পালে যে গ্ৰীচ সম্ৰাট এৰিকোলেনাচে তেওঁ সেই ঠাইত থকা খবৰ পাই, তেওঁৰ প্ৰাণ বধ কৰিবৰ নিমিত্তে দুই চাৰিজন লোক নিযুক্ত কৰিছে। এই সংবাদ পোৱা মাত্ৰে পেৰিক্লিচে থেৰচাচ্ নগৰৰ ৰজা, ৰাজমন্ত্ৰী, ৰাজভাৰ্য্যা আৰু প্ৰজা-বৃন্দৰ পৰা বিদায় লৈ জাহাজত উঠিল। থেৰচাচ্ নগৰৰ সাধাৰণ প্ৰজাবিলাকে ভয়ানক দুৰ্ভিক্ষৰ সময়ত আহাৰ যোগোৱাৰ বাবে তেওঁক দেৱতাৰ নিচিনা ভক্তি কৰিছিল। সেই নিমিত্তে তেওঁক বিদায় দিয়াত সকলোৰে মনত দুখ লাগিছিল।

 পেৰিক্লিচ্‌ জাহাজত উঠি যাত্ৰা কৰিলে। এনেতে এটি ভয়ানক বিপদে আহি তেওঁক লগ ধৰিলে। সমুদ্ৰৰ মাজত বৰ ধুমুহা উঠিল। লাহে লাহে ধুমুহা প্ৰবল হৈ পেৰিক্লিচ থকা জাহাজ খন বুৰাই দিলে। তেওঁ উটি গৈ গৈ এখন নজনা-নুশুনা দেশত উপস্থিত হল। আনবিলাক লোক মৰিল।

 

(২)

 তেওঁ যেতিয়া আধামৰা হৈ পাৰত লাগিল, তেতিয়া কিছুমান [  ] জালোৱাই তেওঁক দেখিবলৈ পাই, সিহঁতৰ নাৱত তুলি নি কানি কাপোৰ দিলে, আৰু কলে যে সিহঁতৰ দেশখনৰ নাম ‘পেণ্টোপালিচ’ আৰু ৰজাৰ নাম ‘চাইমো-নাইড্‌চ’। এওঁ বৰ সদাশয়, সেই দেখি তেওঁক মানুহে ‘দয়ালু চাইমো-নাইড্‌চ’ বোলে।

 যেতিয়া পেৰিক্লিচ্ উত্তম ৰূপে আৰোগ্য হল, তেতিয়া এদিন শুনিলে যে কালিলৈ পৰম লাৱণ্যৱতী ৰাজকুমাৰী থেইচাৰ জন্ম দিন। সেইদিনা বহুত ৰজা, ৰাজকুমাৰ, আৰু ভদ্ৰ ভদ্ৰ লোক আহি যুদ্ধ বিদ্যাত নিপুণতা দেখুৱাব; আৰু যেয়ে সকলোতকৈ বেচি পাৰ্গত, থেইচাই তেওঁকেই বৰমাল্য প্ৰদান কৰিব। এই কথা শুনি পেৰিক্লিচৰ মনত বৰ দুখ লাগিল, কিয়নো তেওঁৰ তৰোৱালখন জাহাজ বুৰাত হেৰাইছিল। সেই বাবে তেওঁ আন আন ৰজাবিলাকৰ ভিতৰত এজন হৈ থেইচা-লাভৰ নিমিত্তে চেষ্টা কৰাৰ লালসা মনতে সামৰিব লাগিল।

 পেৰিক্লিচে এই ৰকমে ভাবি আছে, এনেতে এটা জালোৱাই আহি কলে যে সি এজোৰ ঢাল-তৰোৱাল পাইছে, সি বোলে সাগৰত জাল বাই থাকোঁতে সেই জোৰা জালত উঠিছিল। পেৰিক্লিচে চায় যে সেই জোৰা তেওঁৰেই ঢাল-তৰোৱাল। এই দৰে নিজৰ হেৰোৱা অস্ত্ৰ পাই তেওঁ কলে, “হে ভাগ্য! তুমি মোৰ প্ৰতি প্ৰসন্ন, নহলে যি ঢাল-তৰোৱাল এবাৰ অতল জলত [  ] হেৰুৱাইছিলোঁ, সেই ঢাল-তৰোৱাল আকৌ মোৰ হাতলৈ আহিব কিয়? সাগৰত যে মোৰ জাহাজ বুৰিছিল সিও একো দূৰ্ভাগ্যৰ কথা নহয়, কাৰণ, থেইচা থকা দেশক আহি, মই আকৌ অসি-চৰ্ম জোৰ পাইছোঁ।”

 পেৰিক্লিচক এই জোৰ অস্ত্ৰ তেওঁৰ পিতাকে দিয়ে সেই নিমিত্তে তেওঁ ইয়াক কেতিয়াও লগৰপৰা নেৰিছিল। পাছ দিনা তেওঁ গৈ চাইমো-নাইড্‌চৰ ৰঙ্গ-ভূমিত উপস্থিত হল আৰু উপস্থিত ৰাজকুমাৰবিলাকৰ ভিতৰত তেওঁ অস্ত্ৰ-চালনাত বিশেষ পাৰদৰ্শিতা দেখুৱালে; সেই নিমিত্তে থেইচাই আনবিলাক ৰাজকুমাৰক এৰি পেৰিক্লিচক নিজৰ হাতত থকা মালাৰে সুশোভিত কৰিলে। থেইছাৰ প্ৰথম দৰ্শনাবধি পেৰিক্লিচ্ তেওঁৰ প্ৰতি অনুৰক্ত হয় আৰু সুন্দৰী থেইচাইও তেওঁৰ প্ৰতি সেই ৰকমে অতিশয় অনুৰক্ত হৈছিল। চাইমো-নাইড্‌চ আৰু তেওঁৰ প্ৰজা সকলোৱে এই বিবাহত অতিশয় সন্তুষ্ট হল।

 এৰিকোলেনাচৰ ভয়ত পেৰিক্লিচে শহুৰেকৰ আগত টায়াৰৰ এজন ভদ্ৰ লোক বুলি পৰিচয় দিছিল। পিছে কিছুমান দিন অতীত হোৱাত তেওঁৰ ৰাজ-ভক্ত মন্ত্ৰী হেলিকেনাচৰপৰা চিঠি পালে— যে এৰিকোলেনাচৰ মৃত্যু হৈছে আৰু তেওঁৰ প্ৰজা-বৃন্দ তেওঁৰ নিমিত্তে বৰ ব্যগ্ৰ হৈছে। যদি অতি শীঘ্ৰে তেওঁ দেশলৈ [  ] উলটি নাযায়, তেনেহলে সিহঁতে হেলিকেনাচকে সিহঁতৰ অচল ৰজা পাতি লব।

 পেৰিক্লিচে এই সংবাদ পাই শহুৰেকক জনালে। তেতিয়া চাইমো-নাইড্‌চে কলে, “বৰ সুখৰ বিষয় যে মোৰ জোঁৱাই এজন ৰজা, কিন্তু ৰজা নহৈ কেৱল এজন ভদ্ৰলোক হোৱাহেতেন মোৰ সুখ আৰু কিছু বেছি হলহেতেন; কিয়নো তেনে হলে মই তেওঁক এনেকুৱা অসন্তোষ কৰি মোৰ সুন্দৰী জিয়াৰীৰে সৈতে বিদায় দিব নালাগিলহেতেন।”

 থেইচা এই সময়ত গৰ্ভৱতী আছিল। তেওঁক বাপেকে আৰু পেৰিক্লিচে সমুদ্ৰ যাত্ৰাৰ বহুত অপকাৰ আছে বুলি বুজাই, যাবলৈ বাধা দিছিল; কিন্তু সতী থেইচাই তেওঁলোকৰ বাধা নুশুনি স্বামীৰে সৈতে জাহাজত উঠিল।

 

(৩)

 হায়! পেৰিক্লচৰ লগত সাগৰৰ কেতিয়াও ভাল ভাব নাই। এবাৰ তেওঁক ডুবাইছিল, ই-বেলিও তেওঁৰ প্ৰতি সদয় নহল। থেইচাৰ সৈতে কিছুমান দিন গৈছে, এনেতে এটি ধুমুহা আহিল।

 থেইচা সেই সময়ত গৰ্ভৱতী আছিল। ধুমুহা দেখি তেওঁৰ ভয় লাগিল, আৰু সেই ভয়ৰ পীড়াত তেওঁ এজনী ছোৱালী প্ৰসৱ কৰিলে, আৰু নিজে মূৰ্চ্ছাপন্ন হল। পেৰিক্লিচ এই সময়ত অন্য [  ] এটি কোঠালিত আছিল। থেইচাৰ পৰিচাৰিকা লাইকোৰিডাই তেওঁৰ হাতত এটি সৰু চোৱালী লৈ পেৰিক্লিচৰ আগলৈ নিলে আৰু তেওঁক দেখুৱাই কলে, “মহাৰাজ এই চোৱালী জনী এনেকুৱা অৱস্থাত পৰা সম্পূৰ্ণ অনুপযুক্ত। এওঁ আপোনাৰ মৃত ৰাণীৰ সন্তান।”

 পেৰিক্লিচ এই কথাটি শুনি বজ্ৰাহতৰ নিচিনা হল। তেওঁ কি কৰিব কি নকৰিব একোকে ঠিক কৰিব নোৱাৰা হল। তেওঁ মূৰ্চ্ছিতৰ নিচিনা বাক্-শক্তি-ৰহিত হৈ কিছুমান সময় ৰৈ থাকিল। আৰু যেতিয়াই কথা কব পাৰা হল তেতিয়া কলে, “হে পৰমেশ্বৰ, তোমাৰ সুন্দৰ সুন্দৰ বস্তুবিলাকলৈ আমাৰ ইমান মৰম কৰি দিছা কিয়? আৰু যদি এনেকুৱা তোমাৰ ৰীতি, অলপ পাছত সেইবিলাক কিয় কাড়ি নিয়া?”

 লাইকোৰিডাই কলে, “মহাৰাজ ধৈৰ্য ধৰক। আপদত ধৈৰ্য্য পৰম ঔষধি। এই ছোৱালীজনী আমালোকৰ মৃত ৰাণীৰ জীৱিত বস্তু। এওঁৰ নিমিত্তেই অলপ ধৈৰ্য্য ধৰি শোক দুৰ কৰক। এই মূল্যবান বস্তুটিক এবাৰ চাওক।”

 দাসীৰ কথা শুনি পেৰিক্লিচে চোৱালীটীক কোলাত লৈ কব ধৰিলে, “বাছা, তোৰ স্বভাৱ বিনয়ী হওক, কাৰণ কোনো লৰা-ছোৱালীয়েই এনেকুৱা বিপদ-সঙ্কুল ঠাইত জন্ম লোৱা নাই। কোনো ৰজা বা ৰাজ-কুমাৰৰ সন্তানে পৃথিবীত প্ৰবেশ [  ] কৰোঁতেই এনে নিষ্ঠুৰ ব্যবহাৰৰ পোৱা নাই, সেই নিমিত্তে তোৰ স্বভাৱ বিনয় আৰু ভদ্ৰতাৰ আকৰ হওক। তোৰ জীৱনৰ সকলো ঘটনা সুখদায়ক হক, কাৰণ পৃথিবী স্বৰ্গ, মৰ্ত্ত্য, পাতাল, আকাশ, বায়ু আৰু বৰুণে যি বিপদ ঘটাব পাৰে, সেই বিপদৰ নিচিনা বিপদ প্ৰথমেই তই লগ পাইছ। আন কি প্ৰথমতে তই যি বস্তু হেৰুৱালি, সেইটো অকলেই তোৰ পৃথিবীৰ সমুদয় সুখতকৈ জোখত বেছি গধূৰ হব।”

 

(৪)

 ধুমুহা এতিয়াও ভয়ানক বেগে চলি আছিল। সাগৰৰ ঢৌবিলাক এতিয়াও পৰ্বতৰ নিচিনা আহি পেৰিক্লিচৰ জাহাজত গুম্ গুম্ কৈ মাৰি, আকৌ গৰ-গৰাই উলটি গৈ অদৃশ্য হৈছিল। সকলোৱে প্ৰাণৰ ভয়ত ভীত। কাৰো মুখত মাত নাই। নাবিকবিলাকে, সিহঁতৰ কুসংস্কাৰৰ মতে, ভাবিলে যে যেতিয়ালৈকে মৃত দেহ জাহাজত থাকে তেতিয়ালৈকে বতাহ নকমে। সেই নিমিত্তে মৃত দেহ পানীত পেলোৱা উচিত।

 এইবিলাক ভাবি কিছুমান নাবিকে পোৰক্লিচৰ আগলৈ আহি কলে, “মহাৰাজ, ঈশ্বৰে আপোনাক ৰক্ষা কৰক! আপোনাৰ কিমান সাহ আছে?”

 নাবিক সকলৰ এই কথা শুনি পেৰিক্লিচে কলে, “প্ৰচুৰ সাহ [  ] আছে। মই ধুমুহাক ভয় নকৰোঁ। কাৰণ ই কৰিব পাৰা খিনি কৰিছেই; তথাপি এই ছোৱালীজনীৰ ভালৰ নিমিত্তে ইচ্ছা কৰোঁ যেন সোনকালে বতাহ নোহোৱা হয়।”

 নাবিকবিলাকে কলে “মহাৰাজ, তেনেহলে আপোনাৰ ৰাণীক সাগৰত পেলাব লাগিল। বৰ ডাঙৰ ডাঙৰ ঢৌ উঠিছে। বতাহ বৰকৈ বৈছে। এনে সময়ত জাহাজৰ পৰা মৰা শ নেপেলালে বতাহ কেতিয়াও নকমে।”

 যদিও পেৰিক্লিচে জানিছিল যে এই কু-সংস্কাৰৰ একো অৰ্থ নাই, তথাপি নাবিকবিলাকক সন্তোষিত ৰাখিবৰ নিমিত্তে কলে, “বাৰু, তোমালোকে যেনে ভাল পোৱা। তেনেহলে দুৰ্ভগীয়া ৰাণীক নিশ্চয়ে পানীত পেলাব লাগিল।”

 তেতিয়া সেই হতভাগা ৰজাই তেওঁৰ প্ৰিয়তমা স্ত্ৰীৰ লগত শেষ দেখা কৰিবলৈ গল, থেইচাৰ মুখখন চাই কবলৈ ধৰিলে, “প্ৰিয়ে, তোমাৰ মৃত্যু শয্যাখন বৰ ভয়ঙ্কৰ হল। পোহৰ নাই! জুই নাই! তোমাক কবৰলৈ লৈ যাবৰ নিমিত্তে কোনো সাজ-সজ্জা নাই। তোমাক ভাল ‘কফিন’ এটাও নোহোৱাকৈ সমুদ্ৰত পেলাই দিব লাগিল। তোমাৰ হাড়ৰ ওপৰত স্মৃতিস্তম্ভৰ সলনি সাগৰৰ পানী! তাৰ কুলকুলনিয়ে মোৰ মনত সদায় তোমাৰ স্মৃতি জগাই দিব। লাইকোৰিডা, মছলা, কাগজ, কলম, চিয়াঁহি আৰু মণি-মুক্তাবিলাক আৰু কফিনটো আনিবলৈ কোৱা। আৰু [  ] ছোৱালীটিক শুৱাই থৈ চাৰিও পিনে চোৱা, মই থেইচাক ধৰ্মমতে বিদায় দিওঁ।”

 তেওঁলোকে পেৰিক্লিচক বাকচ আনি দিলে। থেইচাক এখন চাটিন কাপোৰেৰে মেৰাই সেই বাকচত থলে, আৰু তেওঁৰ ওপৰত নানা ৰকম সুগন্ধি মছলা ছটিয়াই দিলে, কাগজ এখনত থেইচা কোন আছিল, কেনেকৈ মৰিল, এইবিলাক লিখি তেওঁৰ কাষত থলে, আৰু নানা ৰকম মণি-মুক্তা আনি থই ইয়াকে লিখিলে, যদি কোনোবাই কেতিয়াবা সেই বাকচটি পাই, তেনেহলে তেওঁ সেই মণি-মুক্তা নি থেইচাক যেন কবৰ দিয়ে। এইবিলাক লেখি তেওঁ নিজ হাতে বাকচটি পানীত পেলাই দিলে।

 যেতিয়া ধুমুহা কমিল, তেতিয়া নাবিকবিলাকক থাৰচাচলৈ জাহাজ নিব কলে। কাৰণ টায়াৰ পোৱালৈকে ছোৱালীজনী নিজীৱ, সেই নিমিত্তে সাধাৰণ শুশ্ৰুষাৰ নিমিত্তে থাৰচাচত তেওঁক ৰাখিব।

 

(৫)

 যি ৰাতি থেইচাক পানীত পেলোৱা হৈছিল, তাৰে পুৱা “চেৰিমন” নামেৰে “একেচাচ” দেশৰ এজন উপযুক্ত ভদ্ৰলোক আৰু বৰ নিপুণ কবিৰাজ সাগৰৰ পাৰত থিয় হৈ থকাত, তেওঁৰ [ ১০ ] চাকৰবিলাকে তেওঁৰ ওচৰলৈ এটি বৰ ডাঙৰ বাকচ লৈ আহিল। সিহঁতে কলে যে সাগৰৰ ঢৌত বাকচটি পাৰত পৰিছিল। সিহঁতৰ এজনে কলে, “এনেকুৱা ঢৌ মই কেতিয়াও দেখা নাছিলোঁ।”

 চেৰিমনে বাকচটি নিজ ঘৰলৈ নিলে আৰু খুলি আশ্চৰ্য্যেৰে সৈতে এজনী সুন্দৰী ভদ্ৰ মহিলা দেখিলে। যেতিয়া তেওঁ সুগন্ধি মছলাৰ গন্ধ পালে আৰু মূল্যৱান গহনা বিলাক দেখিলে, তেতিয়া তেওঁ ভাবিলে যে এনেকুৱাকৈ আশ্চৰ্য্যৰূপে অহা তিৰোতা জনী নিশ্চয় কোনো ডাঙৰ মানুহৰ। তেওঁ বিশেষ অনুসন্ধান কৰি দেখিলে যে তাত এখন কাগজ আছে। কাকত খন পঢ়ি চাই সেইজনী কোন, সেই বিষয়ে বিশেষ জানিলে আৰু ঘটনাৰ আশ্চৰ্য্যতা শলাগিলে। আৰু থেইচাৰ স্বামীৰ উদ্দেশে বিশেষ দুখ কৰি কলে, “পেৰিক্লিচ, যদি তুমি জীৱিত আছা, তেনেহলে নিশ্চয় তোমাৰ বুকু শোকত ফাটোঁ ফাটোঁ হৈছে।” তেওঁ নিজেও বহুত দুখ কৰিলে।

 চেৰিমনে থেইচাৰ মুখৰ পিনে মনোযোগেৰে সৈতে চাই দেখিলে যে তেওঁৰ মুখত মৃত্যুৰ চিহ্ন একো দেখা নাযায় আৰু মুখখনো জীৱিত মানুহৰ মুখৰ নিচিনা দেখায়। সেই নিমিত্তে তেওঁ ভাবিলে “থেইচাক যিবিলাকে পেলাইছে, সিহঁতে বহুত লৰালৰি কৰিছিল, কিয়নো মোৰ বিশ্বাস যে এই ৰাণী মৰা নাই।”
[ ১১ ]  এইবিলাক ভাবি তেওঁ একুৰা জুই ধৰিব কলে, আৰু সুন্দৰ মনোহৰ গান গাব কলে। তেওঁ ভাবিছিল এইবিলাকে থেইচাৰ মূৰ্চ্ছা ভঙ্গ কৰিব পাৰে আৰু থেইচাৰ চাৰিপিনে থকা মানুহবিলাকক কলে, “ডাঙৰীয়া সকল, তেওঁৰ গাত বিশুদ্ধ বতাহ লাগিব দিয়ক; এই ৰাণী জনা নিশ্চয় জী উঠিব। তেওঁ পাঁচ ঘণ্টাতকৈ বেছি সময় বাকচৰ ভিতৰত থকা নাই; আৰু চাওকচোন পীৰঠি লৰিব লাগিছে। এই সুন্দৰ প্ৰাণীটিএ আমালোকক তেওঁৰ দুখ শুনাই কন্দুৱাব। নিশ্চয় জীয়াই আছে।”

 থেইচা কেতিয়াও মৰা নাছিল। সন্তান প্ৰসৱ হোৱাৰ পাচতে মূৰ্চ্ছা খায়। প্ৰসব বেদনা আৰু ধুমুহাৰ ভয়ে এওঁৰ এই মূৰ্চ্ছাৰ কাৰণ। তেওঁ এনেকৈ মূৰ্চ্ছা গৈছিল যে যেয়ে দেখে সেয়ে মৰা বুলি ভাবিছিল। এতিয়া সদাশয় দয়ালু চেৰিমনৰ যত্নত আকৌ জীৱন পাই চকু মেলি কলে, “মই কত আছোঁ? মোৰ পেৰিক্লিচ কত? এই খন কি দেশ?”

 চেৰিমনে লাহে লাহে মিঠা মাতেৰে থেইচাক তেওঁ নজনাকৈ যি যি ঘটনা ঘটিছিল সেইবিলাক সংক্ষেপে কলে, আৰু যেতিয়া সকলোবিলাক শুনিবৰ নিমিত্তে যথেষ্ট সবল হল তেতিয়া তেওঁৰ স্বামীয়ে লিখা কাগজ খন দেখুৱালে। তেতিয়া থেইচাই কাকত খন চাই কলে “এইবিলাক মোৰ স্বামীৰ আখৰ। মই [ ১২ ] যে সাগৰত আহিছিলোঁ সেইটো কব পাৰোঁ; তাৰ পাছত কি হৈছিল একো ঠিক কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া মই মোৰ স্বামীক কেতিয়াও নেদেখিম, তেতিয়া মোৰ পক্ষে ধৰ্মাচৰণেই ভাল। মই আৰু কেতিয়াও আনন্দ নকৰোঁ।”

 তেতিয়া চেৰিমনে কলে, “আই, তুমি যেনেকৈ কৈছা যদি সেই ৰকমে ইচ্ছা কৰা, তেনেহলে ‘ডাইনাৰ’ মন্দিৰলৈ বেচি দূৰ নহয়, তাতে এজনী সন্ন্যাসিনী হৈ থাকিব পাৰা, আৰু যদি ইচ্ছা কৰা মোৰ এজনী ভ্ৰাতুষ্পুত্ৰীয়ে তোমাক তাত সেৱা শুশ্ৰূষা কৰিব।” থেইচাই ধন্যবাদ দি এই প্ৰস্তাৱত মান্তি হল, চেৰিমনে তেওঁক ডাইনাৰ মন্দিৰত থলে। থেইচা তাত এজনী সন্ন্যাসিনী হৈ স্বামীৰ নিমিত্তে শোক আৰু মঙ্গল কামনা কৰি উৎকৃষ্ট ধাৰ্মিক ভাবে কাল যাপন কৰিব ধৰিলে।

 

(৬)

 পেৰিক্লিচে ছোৱালী জনীৰ নাম, সাগৰত হোৱা গতিকে, “মেৰিনা” ৰাখিলে। তেওঁ থাৰচাচৰ শাসনকৰ্তা ক্লিয়ন আৰু তেওঁৰ স্ত্ৰী ডাইওনিচিয়াৰ লগত ছোৱালী জনীক ৰাখিব বুলি সেই ঠাইলৈ লই গল, কাৰণ তেওঁ সেই প্ৰদেশবাসী বিলাকক দুৰ্ভিক্ষৰ সময়ত সহায় কৰিছিল আৰু এই নিমিত্তে ভাবিছিল যে তাৰ শাসনকৰ্তা ও তেওঁৰ স্ত্ৰীয়ে ছোৱালী জনীৰ তত্ত্বাবধান লব পাৰে।
[ ১৩ ]  যথা সময়ত পেৰিক্লিচ থাৰচাচত উপস্থিত হলত, ক্লিয়নে আৰু তেওঁৰ প্ৰজা সমূহে তেওঁক যথোচিত সম্মান আৰু আদৰেৰে অভ্যৰ্থনা কৰিলে, আৰু যেতিয়া ক্লিয়নে পেৰিক্লিচৰ সকলো বিপদ জানিব পাৰিলে, তেতিয়া তেওঁক সহানুভূতি দেখুৱাই কলে, “যদি পৰমেশ্বৰে আপোনাৰ সুন্দৰী ৰাণীক মোৰ চকুৰ তৃপ্তি সাধিব আনিলেহেতেন তেনেহলে বৰ সুখী হলোঁহেতেন।”

 পেৰিক্লিচে দুখেৰে কলে “আমালোকে ওপৰত থকা প্ৰভুৰ ক্ষমতা মতে চলিবলৈ বাধ্য। মই মোৰ থেইচা শুই থকা সাগৰৰ দৰে তৰ্জন গৰ্জন কৰিলেও, চৰম ফল যি হব লাগে হবই। মোৰ শান্ত সন্তান মেৰিনাক আপোনাৰ অনুগ্ৰহৰ ওপৰত থব লগাত পৰিলোঁ। আপোনাসকলক, ছোৱালী জনীক ৰাজকুমাৰীৰ নিচিনা শিক্ষা দিবলৈ প্ৰাৰ্থনা কৰি মই তেওঁক ইয়াতে এৰিলোঁ।”

 তেতিয়া তেওঁ ডাইওনিচিয়াক কলে, “ভদ্ৰে, তুমি মোৰ ছোৱালী জনীৰ প্ৰতি তত্ত্বাবধান লৈ, মোক সুখী কৰিব বুলি আশা কৰোঁ।”

 ডাইওনিচিয়াই উত্তৰ কৰিলে, “মহাৰাজ, মোৰ এজনী ছোৱালী আছে; মই আপোনাৰ ছোৱালী জনীক তাতকৈ বেয়া ভাবে নেদেখিম।”
[ ১৪ ]  আৰু ক্লিয়নেও সেইদৰে প্ৰতিজ্ঞা কৰি কলে, “ৰাজন! যদি মই আপোনাৰ ছোৱালী জনীক ভাল ৰূপে আদৰ নকৰোঁ, তেনেহলে মোৰ প্ৰজাবিলাকে মোক তেনে কৰিবলৈ বাধ্য কৰিব; কাৰণ আপুনি যে দুৰ্ভিক্ষ সময়ত তেওঁলোকক খুৱাইছিল তেওঁলোকে সেইটো পাহৰা নাই, আৰু তাৰ নিমিত্তে সদায় আপোনাক প্ৰশংসা কৰে। আৰু যদিও তেওঁলোকৰ কথাতো কাণ নিদিওঁ, তেনেহলে পৰমেশ্বৰে বংশানুক্ৰমে আমাক ইয়াৰ প্ৰতিফল দিব।”

 ক্লিয়ন আৰু তেওঁৰ পত্নীৰ এনেকুৱা অঙ্গীকাৰ শুনি পেৰিক্লিচ তেওঁৰ ছোৱালী জনীৰ প্ৰতি একেবাৰে নিশ্চিন্ত হল। আৰু মেৰিনাক ধাই লাইকোৰিডাৰে সৈতে তেওঁলোকৰ লগত থৈ স্বদেশ অভিমুখে যাত্ৰা কৰিলে। মেৰিনা কেচুৱা, কেতিয়া কি হল কব নোৱাৰে; কিন্তু লাইকোৰিডাই তেওঁৰ প্ৰভু যোৱা দেখি দুখতে কাঁদিলে। তেতিয়া পেৰিক্লিচে তেওঁক সন্তুষ্ট কৰিবৰ নিমিত্তে কলে; “লাইকোৰিডা নেকান্দিবা, তোমাৰ সৰু কৰ্ত্ৰীৰ প্ৰতি চাই তোমাৰ শোক দূৰ কৰা।” এই বুলি পেৰিক্লিচ তৃতীয় বাৰ জাহাজত উঠি নিজ দেশলৈ গল।

 

(৭)

 দুই বাৰ জাহাজত উঠিছে, দুইও বাৰে তেওঁৰ বিপদ। কিন্তু এই বেলি সাগৰে তেওঁক অলপ অনুগ্ৰহ দেখুৱাই নিৰাপদে [ ১৫ ] টায়াৰত তুলি দিলে। তেতিয়া ৰাজ্যত একো উপদ্ৰব নাই, শত্ৰু বিলাক মৰিছে; গতিকে কোনো গণ্ডগোল নোহোৱাকৈ, পেৰিক্লিচ, কল্পিত মৃতৰাণীক এফেচাচত এৰি, ৰাজপাটত বহিল। আৰু তেওঁৰ কন্যা মেৰিনাক ক্লিয়নে, তেওঁৰ বংশমৰ্য্যদানুসৰি শিক্ষা দি প্ৰতিপাল কৰিব ধৰিলে। গতি এনে—মাক, বাপেক, জীয়েক তিনিও তিন ঠাইত। কোনেও কাকো হয়তো দহ বছৰৰ পাছত নিচিনিব।

 ক্লিয়নে মেৰিনাক এনে উত্তম ভাবে শিকালে যে চৌধ বছৰ পূৰ নৌহওঁতেই সকলো বিদ্যাত তেওঁ পকি উঠিল, এনে কি সেই সময়ৰ জ্ঞানী মানুহ জনেও তেওঁতকৈ বেচি জানিছিল নে নাই সন্দেহ। তেওঁ গীত গাইছিল কিন্নৰীৰ নিচিনা; নাচিছিল অপ্সৰীৰ নিচিনা; আৰু শিল্প ইমান জানিছিল যে ফুল ফল প্ৰভৃতি বস্তুবিলাক মেৰিনাৰ কৃত্ৰিম ফুল ফলতকৈ যে বেছি ভাল আছিল, এইটো ফুলৰ গন্ধ আৰু ফলৰ আস্বাদ নেথাকিলে জনা টান। তেওঁৰ প্ৰস্তুত ৰেশমী বস্তু প্ৰকৃতি-প্ৰস্তুত প্ৰকৃত বস্তুৰ নিচিনা।

 

(৮)

 যেতিয়া তেওঁ এইবিলাক গুণেৰে ভূষিত হৈ সাধাৰণৰ চকুত আশ্চৰ্য্য আৰু প্ৰসংশাৰ প্ৰতিমূৰ্ত্তি হল, তেতিয়া আকৌ [ ১৬ ] তাৰেই গুণতে তেওঁৰ পূৰ্ববন্ধু ক্লিয়ন-পত্নী ডাইওনিচিয়া তেওঁৰ প্ৰধান শত্ৰু হৈ উঠিল; কাৰণ তেওঁৰ নিজ-কন্যা, নিজৰ অমনোযোগিতা হেতু বিদ্যাত পৰিণত হৈ উঠিব নোৱাৰিলে, কিন্তু মেৰিনা হলে বৰ পৈনত হৈছিল। মেৰিনা আৰু তেওঁৰ কন্যা সমবয়স্কা, উভয়কে সমান ভাবে, সমান বয়সৰপৰা, সমান শিক্ষা দিছে— তথাপি মেৰিনা সমুদায় প্ৰশংসাভাগিনী, এইটো সন্তান বৎসলা মাতৃয়ে কেনেকৈ সহ্য কৰিব। তেওঁ মেৰিনাক বধ কৰিবৰ কোনোমতে উপায় চিন্তিলে। হয়তো মেৰিনা ইহ সংসাৰত নোহোৱা হলে, সকলোৱে তেওঁৰ কন্যাক আদৰ কৰিব। এই সময়ত লাইকোৰিডাৰ মৃত্যু হৈছে, সেই নিমিত্তে সুবিধা।

 এই সুযোগত ডাইওনিচিয়াই মেৰিনাক হত্যা কৰিবলৈ এটি মানুহ নিযুক্ত কৰিলে। আগেয়ে মেৰিনা প্ৰায় ডাইওনিচিয়াৰ লগতে আছিল। এতিয়া তেওঁৰ ধাইৰ শোকত অলপ আঁতৰত থকাৰ সুযোগ পাই, যাক মেৰিনাৰ হত্যাৰ অৰ্থে নিযুক্ত কৰিছিল, তাৰ লগত ৰাণীয়ে সেই বিষয় কথাবাৰ্তা কৈ আছিল।

 মেৰিনাক সকলোৱে ইমান ভাল পাইছিল যে ৰাণীয়ে এই কাম কৰিবলৈ নিয়োগ কৰা মানুহ জন বৰ দুষ্ট থকা স্বত্বেও, তেওঁক প্ৰথমে হত্যা কৰিবলৈ সম্মত নহল। সি কলে, “তেওঁ [ ১৭ ] দেবীৰ নিচিনা ধৰ্ম-পৰায়ণা।” ৰাণীয়ে কলে “তেনেহলে দেৱতাই তেওঁক নিতান্ত পোৱা উচিত। মেৰিনা মৃত ধাত্ৰীৰ নিমিত্তে শোক কৰি এই পিনে আহিছে, এতিয়া তোমাৰ মত কি?”

 মানুহ জনে ৰাণীৰ নানা প্ৰকাৰ কাকুতি মিনতি তৰ্জন-গৰ্জনত উৎসাহিত আৰু ভীত হৈ সৱশেষত এই কাম কৰিবলৈ গাত ললে।

 

{৯)

 লাহে লাহে মেৰিনাই হাতত এটি ফুলৰ খৰাহি লৈ সেই ঠাই পাই কলে, “মই দিনে দিনে এই ফুল লাইকোৰিডাৰ কবৰৰ ওপৰত ছটিয়াই দিম। এই ফুলে গ্ৰীষ্মকালত বেঙুনীয়া আভা বিস্তাৰ কৰি তেওঁৰ কবৰৰ ওপৰত দলিছাৰ নিচিনা হব। মই মোৰ মাতাৰ মৃত্যু সময়ত বতাহৰ ভিতৰত সমুদ্ৰত জন্ম গ্ৰহণ কৰিছিলোঁ, এতিয়া মোৰ লাইকোৰিডাকো হেৰুৱালোঁ।”

 এই ৰকমে জীৱনৰ অতীত ঘটনা বোৰ সুঁৱৰি সুঁৱৰি কান্দিব ধৰি মেৰিনাই কলে, “এই সংসাৰ চিৰন্তন ধুমুহাৰ নিচিনা, মোৰ বন্ধুবিলাকক এই ধুমুহাই মোৰপৰা আঁতৰাব ধৰিছে।”

 ডাইওনিচিয়াই কৌশল কৰি মানুহজনৰ লগত মেৰিনাক পঠাবৰ ইচ্ছা কৰি কলে, “আহা, আহা! তোমাৰ পিতাৰাক মই বৰ ভাল পাওঁ, সেই নিমিত্তে তোমাকো [ ১৮ ] ভাল পাওঁ। তেওঁ ইয়ালৈ আহিব বুলি আমি দিনে দিনে ভাবি আছোঁ। আৰু যদি তেওঁ আহি তোমাক এনেকুৱা দেখে, তেনেহলে আমি তোমাৰ যত্ন নোলোৱা বুলি ভাবিব। কাৰণ, তোমাক বৰ সুন্দৰ বুলি আমি সদাই তেওঁক খবৰ দি আছোঁ। এতিয়া দুখৰ নিমিত্তে তোমাক মলিন দেখিব। মই কাকুতি কৰিছোঁ; যোৱা, ফুৰাগৈ, আকৌ আগৰ নিচিনা আনন্দিতা হোৱা। তোমাৰ ৰূপে কি বুঢ়া কি যুবা সকলোকে মোহিত কৰিছে; সেই ৰূপৰ প্ৰতি সাৱধান হবা।”

 এইৰূপে বহুত মিনতি কৰা দেখি মেৰিনাই কলে “বাৰু, মোৰ ইচ্ছা নথকাতো যাম।”

 তেতিয়া নিৰ্দয়া ডাইওনিচাই প্ৰবোধ দি কব ধৰিলে, “মেৰিনা তুমি অকলে অকলে কিয় কাঁদিব ধৰিছা? মোৰ কন্যা জনী তোমাৰ লগত নাই কিয়? তুমি লাইকোৰিডাৰ নিমিত্তে শোক নকৰিবা, মই তোমাক তেওঁৰ নিচিনা আদৰেৰে প্ৰতি পালন কৰিম। এই দুখৰ নিমিত্তে তোমাৰ মুখ একেবাৰে মলিন হৈ গৈছে। মোক ফুলবিলাক দিয়া, নহলে সাগৰৰ বতাহত নষ্ট হব।” মানুহ জনৰ প্ৰতি লক্ষ্য কৰি কলে, “এই মানুহ জনেৰে সৈতে ফুৰিবলৈ যোৱা। সুন্দৰ বতাহ বলিছে, তাক সেবন কৰিলে মন সুখী হব। আহা, তাৰ হাতত ধৰি লৈ যোৱা।”
[ ১৯ ]  মেৰিনাই কলে “আই, নালাগে। চাকৰটি গলে আপুনি বৰ কষ্ট পাব।”

 তেওঁ যাবৰ সময়ত মানুহ জনক কৈ গল, “মই যি কৈছোঁ মনত ৰাখিবি?” ইয়াৰ অৰ্থ এই যে তেওঁ তাক মেৰিনাক মাৰিব কৈছে, সি যেন সেইটো কৰে। কি ভয়ানক! দুই আখাৰ কথাতে এনে এটা নিৰ্দোষী সুন্দৰী প্ৰাণীৰ হত্যা নিহিত আছে।

 

(১০)

 যেতিয়া দুয়ো সাগৰৰ পাৰ পালে, মেৰিনাই সুধিলে “বতাহ পশ্চিমে বলিছে নে?” ইয়াত মানুহ জনে উত্তৰ কৰিলে যে দক্ষিণ পশ্চিমে বলিছে।

 পাৰত আহি তেওঁ সাগৰৰ পিনে চোৱাত, তেওঁৰ জন্মৰ বিবৰণ, ধুমুহাৰ কথা, পিতাকৰ শোক, মাকৰ মৃত্যু, সকলো আহি মনত পৰিল; আৰু দুখ কৰি কৰি মানুহ জনক কব ধৰিলে, “লাইকোৰিডাই মোৰ আগত কৈছিল, যে মোৰ পিতাই সেই ধুমুহা দেখি কেতিয়াও ভয় কৰা নাছিল; বৰং নাবিকবিলাকক সাহসী হবলৈ উৎসাহ দিছিল। আৰু জৰিৰে হাতখন মেৰাই আৰু মাস্তুলৰ ওপৰত উঠি, যি সমুদ্ৰে মূহুৰ্তে মূহুৰ্তে জাহাজখন বুৰাওঁ বুৰাওঁ কৰিছিল, সেই সাগৰক শান্ত কৰিছিল।”
[ ২০ ]  মানুহ জনে সুধিলে “এই বিলাক কেতিয়াৰ কথা?”

 মেৰিনাই কলে “মোৰ জন্ম সময়ৰ; বতাহ কিম্বা চৌ কেতিয়াও তাতকৈ প্ৰবল হোৱা নাই।”

 পাচত তেওঁ, ধুমুহা, নাৱৰীয়া বিলাকৰ কোলাহল, জাহাজৰ ফুঁ সকলোকে পৰিপাটি ৰূপে বৰ্ণনা কৰিলে। লাইকোৰিডাই সদাই মেৰিনাৰ আগত তেওঁৰ জন্ম বিবৰণ ইমান ঘন ঘন কৈ কৈছিল যে, মেৰিনাই সেই বিলাক মুখস্থ কৰি পেলাইছিল; তাতে আকৌ স্বভাৱতে মানুহে নিজৰ বিষয় বিশেষ মনযোগ দিয়ে।

 ইমানতে মানুহ জনে মেৰিনাক কলে “তুমি তোমাৰ ইষ্ট দেৱতাক স্মৰণ কৰা।”

 মেৰিনাৰ ভয় উপজিল, কিন্তু কিয় উপজিল কব নোৱাৰি সুধিলে, “তুমি কি কোৱা?”

 সি উত্তৰ কৰিলে, “যদি অলপ সময় ঈশ্বৰৰ উপসনাৰ নিমিত্তে লাগে তেনেহলে দিলো, কিন্তু বেচি পলম নকৰিবা। দেৱতা বিলাকৰ কাণ বৰ চোকা আৰু ময়ো মোৰ কাম শীঘ্ৰে কৰিম বুলি প্ৰতিজ্ঞা কৰিছোঁ।”

 মেৰিনাই দুখেৰে কলে “মোক তুমি মাৰিবা নেকি? হায়! মই কি কৰিছোঁ, কিয় মাৰা?”

 সি কলে “মোৰ কৰ্ত্ৰীক সন্তুষ্ট কৰিবলৈ।”
[ ২১ ]  মেৰিনাই লাহে লাহে কব ধৰিলে, “তেওঁ মোক কিয় মৰাই? মই এই জন্মত তেওঁক একো দুখ দিয়া নাই। মই যিমান দূৰ জানো জীৱিত বস্তুক মই কেতিয়াও মাৰা বা এটি বেয়া কথা কোৱা নাই। মোক বিশ্বাস কৰা যদি মই কেতিয়াও এটি ইন্দুৰ বা মাখীকো মাৰা নাই। এক সময়ত মোৰ ইচ্ছাৰ বিৰুদ্ধে এটি পৰুৱা মোৰ ভৰিৰ তলত পৰি মৰিছিল, কিন্তু মই তাৰ নিমিত্তে বহুত শোক কৰিছিলোঁ, ময় নো কেনেকৈ তেওঁক অসন্তুষ্ট কৰিলোঁ?”

 হত্যাকাৰী জনে কলে “কামৰ ন্যায় অন্যায় বিচাৰ কৰা কাম মোৰ নহয়; কেৱল তাক মই সম্পন্নহে কৰিব লাগে।”

 এই বুলি যেতিয়া মেৰিনাক কাটিব তৰোৱাল খন দাঙিলে, তেতিয়া হঠাৎ এদল জলদস্যু আহি মেৰিনাক দেখি, তেওঁক সিহঁতৰ জাহাজলৈ লৈ গল।

 

(১১)

 যি দস্যুই মেৰিনাক নিলে, সিহঁতে “মেটালিনত” তেওঁক দাসী কৰি বেচিলে। মেৰিনা তাত অৱশ্যে বৰ নীচ অৱস্থাত আছিল, কিন্তু তথাপি গুণৰ আদৰ কলৈ যাব? তেওঁৰ ৰূপ গুণৰ নিমিত্তে সোনকালে তেওঁ মেটালিনত বিখ্যাত হৈ উঠিল। তেওঁ সংগীত, নৃত্য, সিয়া-কাম শিকাই যি পয়চা পায়, তাৰে [ ২২ ] তেওঁৰ প্ৰভুক দি থাকোঁতে অলপতে, তেওঁক যি কিনিছিল, সেই মানুহজন ধনী হৈ উঠিল।

 মেটালিন প্ৰদেশৰ শাসন কৰ্তা “লিচিমেকচ্”। তেওঁ মেৰিনাৰ ৰূপ গুণ আৰু পৰিশ্ৰমৰ কথা শুনি বৰ মুগ্ধ হল, আৰু সৌন্দৰ্য্যৰ ভাণ্ডাৰ মেৰিনাক নিজ চকুৰে চাবলৈ ইচ্ছা কৰি সেই সামান্য ঘৰলৈয়ে গল। মেৰিনাৰ ইমান প্ৰশংসা শুনি লিচিমেকচে একেবাৰে বিশ্বাস কৰা নাছিল। কিন্তু এতিয়া তেওঁৰ সৈতে কথাবাৰ্তা কৈ ইমান আনন্দ পালে যে তেওঁ তেওঁক তেওঁৰ গুণ আৰু ৰূপৰ নিমিত্তে প্ৰশংসা নকৰি নোৱাৰিলে; আৰু তেওঁক কলে “তুমি সদায় এনে সৎ আৰু পৰিশ্ৰমী কাম কৰিবলৈ অধ্যবসায় নেৰিবা। আৰু যদি মই কেতিয়াবা তোমাৰ বিষয় কিবা উলিয়াওঁ, তেনেহলে সেইটো তোমাৰ ভালৰ নিমিত্তে হে বুলি ভাবিবা।”

 লিচিমেকচে মেৰিনাৰ এইবিলাক ৰূপ, গুণ, শিষ্টাচাৰ আৰু শিল্পকামৰ নিপুণতা দেখি তেওঁক ইমান ভাল বুলি ভাবিলে যে তেওঁৰ মেৰিনাক বিয়া কৰাৰ ইচ্ছা হল। আৰু ইমান নীচ অৱস্থাত থকাটো তেওঁ ভদ্ৰবংশৰ বুলি ধাৰণা হল। কিন্তু যেতিয়া তেওঁৰ মাক-বাপেকৰ কথা সোধে তেতিয়া কেৱল তেওঁক কন্দা আৰু নীৰৱে বহি থকা দেখি, তেওঁৰ এই সন্দেহ বেছি দঢ়ীভূত হল।

 
[ ২৩ ]

(১১)

 মেৰিনাক জলদস্যুহঁতে লই গলত, তেওঁৰ বধৰ নিমিত্তে নিযুক্ত হোৱা মানুহ জনে থাৰচাচলৈ ফিৰি গল, আৰু ৰাণীৰ আগত কলে যে সি মেৰিনাক হত্যা কৰিছে। ইয়াক শুনি সেই দুষ্টা ৰাণী জনাই মেৰিনাৰ মৰণ হোৱা বুলি ঘোষণা কৰি দিলে ও মিছামিছি অন্ত্যেষ্টি ক্ৰিয়াদি সমাপন কৰি, নগৰৰ ভিতৰত বৰ সুন্দৰ এটি স্মৃতিস্তম্ভ নিৰ্মাণ কৰিলে।

 ইপিনে পেৰিক্লিচে নিজৰ সুন্দৰী জীয়েকক চাবৰ মনেৰে, বিশ্বাসী মন্ত্ৰী হেলিকেনাচেৰে সৈতে এই ঘটনাৰ অলপ পাচতে থাৰচাচত উপস্থিত হলহি। তেওঁ মেৰিনাক কেচুৱাতে সেই ঠাইত এড়ি অহাৰ পৰা মেৰিনা কিমান ডাঙৰ হৈছে, তেওঁ কেনে সুন্দৰী, কেনে গুণৱতী, এই বিলাক ক্লিয়ন আৰু ডাইওনিচিয়াইৰ চিঠিৰ পৰা জানিছিল মাথোন, কিন্তু সেইবিলাক নিজ চকুৰে দেখা নাই বা তাৰ নিজে প্ৰমাণ পোৱা নাই। এতেকে, মেৰিনাক দেখি কিমান আনন্দ পাব সেইটো ভাবিয়েই পেৰিক্লিচ অধীৰ হৈছিল। কিন্তু যেতিয়া শুনিলে যে মেৰিনা জীৱতালিকাৰ পৰা বাহিৰ হৈছে, আৰু যেতিয়া তেওঁৰ সুন্দৰী জীয়েকৰ সুন্দৰ স্মৰণ চিহ্ন দেখিলে, তেতিয়া তেওঁ দুখতে বিমোৰ হল আৰু মৃতা থেইচাৰ স্মৰণ-বস্তু মেৰিনা যত মৰিছে, সেই দৃশ্য চকুৰ অসহনীয় হোৱা গতিকে, অতি সোনকালে জাহাজত উঠিল।
[ ২৪ ]  সেই বাতৰি পাবৰ দিনাৰেপৰা তেওঁক নানা প্ৰকাৰ দুখ। শোকে বেৰি ধৰিলে, আৰু সেই দিনাৰপৰা তেওঁ কথা নোকোৱা হল। এনে কি, চাৰিও পিনে কি হৈছে বা কি ঘটিছে তাক কব নোৱাৰাত পৰিল,— তেওঁ শোকত বুৰ গল।

 

(১২)

 থাৰচাচৰ পৰা টায়াৰলৈ যাওঁতে, জাহাজ মেটালিনেৰে যাব লাগে। যেতিয়া পেৰিক্লিচৰ জাহাজ মেটালিনত উপস্থিত হল, তেতিয়া তাৰ শাসনকৰ্তা লিচিমেকচে জাহাজত ৰাজকীয় পতাকা দেখি, তাত কোন আহিছে সেইটো জানিবৰ কাৰণে এখন সৰু নাওত উঠি তাৰ ওচৰলৈ গল। অমাত্য হেলিকেনাচে তেওঁক সাদৰি ওপৰলৈ নিলে আৰু জাহাজৰ সমুদায় বৃত্তান্ত কৈ অৱশেষত কলে, “ডাঙৰীয়া! এই জাহাজখন টায়াৰৰ ৰজা পেৰিক্লিচৰ, তেওঁ আজি তিনি মাহ কথা কোৱা নাই আৰু একো খোৱা নাই বুলিলেই হয়। তেওঁৰ দুখৰ কাৰণ বহলাই কোৱাৰ একো দৰ্কাৰ নাই, কেৱল ইয়াকে কওঁ যে তেওঁৰ প্ৰিয়তমা স্ত্ৰী আৰু কন্যাৰ মৃত্যুয়েই প্ৰধান কাৰণ।”

 লিচিমেকচে তেওঁক চাবলৈ খোজাত মন্ত্ৰীয়ে তেওঁক ৰজাৰ ওচৰলৈ লৈ গল। তেওঁ পেৰিক্লিচক দেখি জানিলে যে এই মানুহ জনৰ চেহেৰা এক সময় নিশ্চয় অতি উত্তম আছিল; [ ২৫ ] আৰু পাছত কলে, “হে মহাৰাজ! পৰমেশ্বৰে আপোনাৰ মঙ্গল কৰক।” কিন্তু তেওঁৰ চেষ্টা বৃথা হল। পেৰিক্লিচে তাত যে কোনোবাই কিবা কৈছে সেইটোৰ গমেই নাপালে— উত্তৰ দিয়া দূৰৈৰ কথা।

 লিচিমেকচে একো উত্তৰ নাপাই বৰ বেজাৰ পালে। তাৰ পাছত মনে মনে ভাবিলে যে সুন্দৰী মেৰিনাই তেওঁৰ মিঠা কথা বতৰাৰে এওঁৰ মুখৰ পৰা কোনো প্ৰকাৰ কথা উলিয়াব পাৰিবও পাৰে। এই ভাবি, তেওঁক আনিবৰ নিমিত্তে এখন সৰু নাও পঠাই দিলে।

 

(১৩)

 যেতিয়া মেৰিনা তেওঁৰ শোকমগ্ন পিতাক থকা জাহাজ খনত উঠিল, তেতিয়া তাৰ নাবিক বিলাকে তেওঁৰ সৌন্দৰ্য্য, আৰু জেকনি লগা ঠাইত থকা গোলাপৰ ম্লান আভাৰ দৰে, তেওঁৰ সুন্দৰ মুখত বিষাদৰ ছাঁ দেখি একে লগে মোহিত আৰু দুখিত হল, আৰু সাদৰেৰে জাহাজলৈ আনি নানা প্ৰকাৰ আলোচনা কৰিব ধৰিলে। অৱশ্যে, লিচিমেকচে সিহঁতে তেওঁৰ প্ৰিয়তমা বালিকাৰ প্ৰতি কোৱা কথাবাৰ্তা শুনি বৰ প্ৰীতি পাইছিল। তাৰ পাছত তেওঁ মেৰিনাক মাতি কলে যে সেই জাহাজ খনত এজন ৰজা আছে, তেওঁ তেওঁৰ ৰাণী আৰু কন্যা হেৰুৱাই [ ২৬ ] ইয়ালৈ আহিছে। তেওঁ শোকতে তিনি মাহ একো কথা কোৱা নাই। আৰু পাছত মেৰিনাই যেন জীৱন, বাক-শক্তি দিব পাৰে এই ভাবেৰে ক’লে, “সুন্দৰী, তুমি ৰজাজনক পুনৰায় পূৰ্বৰ আনন্দ উৎসাহ আৰু স্বাস্থ্য দান কৰা।”

 মেৰিনাই বিনীত ভাবে কলে, “ডাঙৰীয়া, মই মোৰ সাধ্য অনুসৰি আপোনাৰ কথা মতে কাম কৰিবলৈ যত্ন কৰিম; কিন্তু এই প্ৰাৰ্থনা যেন মই তেওঁক সান্ত্বনা কৰাৰ সময়ত, তাত মই আৰু মোৰ সখীত বাজে আন কোনো থাকিবলৈ নাপায়।”

 লিচিমেকচে হেলিকেনাচক কই সেইদৰে কাম কৰিলে, আৰু অপৰিচিত পিতা-কন্যা একত্ৰ হল। ৰজাৰ কুঁৱৰী দাসী হৈ আছে, এই কথা কবলৈ লাজ পাই মেটালিনত মেৰিনাই তেওঁৰ জন্ম বিবৰণ কোৱা নাছিল। তালৈ গই তেওঁৰ কাহিনী প্ৰথমে পিতাকৰ আগত কব ধৰিলে; আৰু এনেকৈ কলে যেন তেওঁ জানিছিল হে যে তেওঁৰ পিতাক আগতে দুখমগ্ন হৈ বহি আছে।

 কিন্তু তেওঁ বাস্তবিকে জানিছিল যে, আনক সান্ত্বনা কৰিব লাগিলে, যদি নিজৰ কথা কোৱা যায়, তেনেহলে সোনকালে শান্ত হয়। ইয়াৰ কাৰণ এই, উভয়ৰে দুখ ৰিজালে নিজৰ দুখ কিছু কম যেন লাগে। মেৰিনাৰো ইয়াত বাজে আন একো অভিপ্ৰায় নাছিল। তেওঁৰ এনে এটি দৃঢ় বিশ্বাস আছিল যে [ ২৭ ] নিজৰ দুখৰ কাহিনীৰে আনক শান্ত কৰা সহজ কথা। মেৰিনাৰ কোকিল-বিনিন্দিত সুৰত শোকাহত ৰজা শীঘ্ৰে জাগি উঠিল; তেওঁ তিনিমাহ অবধি গতিহীন হৈ থকা চকু দুটি ওপৰলৈ তুলি মেৰিনাক দেখিবলৈ পালে।

 মেৰিনাৰ গঠন ঠিক মাকৰ নিচিনা। পেৰিক্লিচে হঠাৎ তেওঁৰ প্ৰিয়তমা পত্নীৰ অনুৰূপ আকৃতি দেখি আনন্দ ও বিস্ময়ত বুৰ গল। ইমান দিন নীৰৱে থকা ৰজাই আকৌ মাত লগাই কলে, “মোৰ প্ৰিয়া ভাৰ্য্যা ঠিক্ এইজনী ছোৱালীৰ নিচিনা আছিল, আৰু মোৰ ছোৱালীজনী জীয়াই থাকিলে, ঠিক এওঁৰে নিচিনাই হলহেতেন। এওঁৰ ভ্ৰু ঠিক মোৰ পত্নীৰ ঈষদ বঙ্কিম ভ্ৰুৰ নিচিনা, এওঁৰ চেহেৰা ঠিক তেনে, মাতো তেওঁৰ অনুৰূপ, আৰু চকু দুটিও সম্পূৰ্ণ ৰূপে তেনে। হে সুন্দৰী, তুমি কত থাকা? তোমাৰ পিতৃ-মাতৃৰ নাম কি? এতিয়াই শুনা যেন পালোঁ, তুমি কৈছিলা যে তোমাৰ বৰ দুখ হৈছে আৰু তোমাৰ দুখ মোৰ দুখেৰে সৈতে তুলনা কৰিলে উভয়ে সমান হব।”

 মেৰিনাই কলে, “তেনেকুৱা কিবা অলপ কৈছিলোঁ, সেইবিলাক মোৰ দুখৰ কথা।”

 পেৰিক্লিচে মাত লগালে, “বাৰু, তোমাৰ কথা আটাইখিনি কোৱা। তেনেহলে তুমি মোৰ দুখৰ পৰিমাণ বুজিছা নে নাই [ ২৮ ] মই জানিব পাৰিম। তুমি বীৰৰ নিচিনা দুখৰ বিৰুদ্ধে যুঁজ দিছা, আৰু মই তিৰোতাৰ নিচিনা তাৰ হাতত সেও হৈ পৰিছোঁ‌। তুমি ধৈৰ্য্যৰ প্ৰতিমূৰ্তি, তুমি শত ধৈৰ্য্য-চ্যুতি-কৰা বিষাদক ইতিকিং কৰি হাঁ‌হিছা। হে মোৰ দয়াবতী কুমাৰী, তোমাৰ নামটি কি? মই কাকুতি কৰিছোঁ, তোমাৰ বিবৰণ কোৱা। আহা, মোৰ ওচৰত বহা।”

 যেতিয়া মেৰিনাই তেওঁৰ নাম “মেৰিনা” বুলি কলে, তেতিয়া ৰজা বৰ বিস্মিত হল; কাৰণ, তেওঁ জানিছিল যে এই নাম সাধাৰণ নহয়, আৰু সাগৰত হোৱা গতিকে তেওঁৰ ছোৱালীজনীৰ নাম হে ‘মেৰিনা' ৰাখিছিল। সেই নিমিত্তে তেওঁ কলে, “আঃ, তুমি মোক ঠাট্টা কৰিছা; নিশ্চয় কোনোবা দুষ্ট দেৱতাই, সংসাৰৰ হতুৱাই মোক বিদ্ৰুপ কৰিবলৈ তোমাক পঠাইছে।”

 মেৰিনাই কলে, “ডাঙৰীয়া ধৈৰ্য্য ধৰক; নহলে মই ইয়াতে ক্ষান্ত হলোঁ।”

 পেৰিক্লিচে কলে, “নহয়; বাৰু মই একো নকওঁ; তোমাৰ নাম মেৰিনা বুলি কোৱাত মই কিয় চমক খালোঁ, সেইটো তুমি নাজানা।”

 তেওঁ কলে, “সেই নামটো মোৰ পিতাই দিছিল; তেওঁ এজন ক্ষমতাশালী ৰজা।”

 পেৰিক্লিচে কলে, “ৰজাৰ জীয়েক আৰু নাম মেৰিনা! কিন্তু [ ২৯ ] তুমি তেজ মঙহৰ নে? তুমি অপেশ্বৰী নোহোৱা নে? কোৱাচোন, তোমাৰ জন্ম ঠাই কত আৰু তোমাক মেৰিনা বোলে কিয়।”

 মেৰিনাই কলে “মোৰ ধাই লাইকোৰিডাই মোৰ আগত কান্দি কান্দি কৈছিল যে মোৰ জন্ম সাগৰত সেই নিমিত্তে মেৰিনা বোলে। মোৰ মাতা এজন ৰজাৰ জীয়েক আছিল; মই ওপজা মাত্ৰেই তেওঁৰ মৃত্যু হয়। মোৰ পিতাই মোক থাৰচাচত থৈ আহে। পাচত ক্লিয়নৰ দুষ্টা ভাৰ্য্যাই মোক হত্যা কৰিবৰ মনেৰে সাগৰৰ পাৰলৈ পঠাই দিয়াত, এদল দস্যুৱে মোক লগ পাই এই মেটালিনক লৈ আহে। কিন্তু ডাঙৰীয়া, আপুনি কাঁন্দিছে কিয়? আপুনি মোক ভূত বা ডাইনী বুলি ভাবিব পাৰে; কিন্তু মই ৰজা পেৰিক্লিচৰ কন্যা।”

 পেৰিক্লিচে অকস্মাৎ এই আনন্দৰ বাতৰি পাই একেবাৰে অধীৰ হল, আৰু কথাটি সঁচা নে মিছা প্ৰমাণ কৰিবৰ নিমিত্তে ডাঙৰকৈ সঙ্গীবিলাকক মাতিলে। সিহঁতেও, সিহঁতৰ প্ৰিয়- ৰজাৰ মাত শুনি বৰ আনন্দ পালে।

 তেতিয়া পেৰিক্লিচে হেলিকেনাচক কলে “হেলিকেনাচ, মোক অলপ আঘাত কৰা, মোক এটা ভুকু মাৰা, তৎক্ষণাৎ কিছু কষ্ট দিয়া, নহলে এই আনন্দৰ তীব্ৰ স্ৰোত জীৱন-ভেটাই সহিব নোৱাৰিব। আহা! সাগৰত জন্ম পালা, থাৰচাচত অন্তিম ক্ৰিয়া সমাপন হল; আকৌ সাগৰতে পালা। তুমি এই পিনে [ ৩০ ] আহা। হেলিকেনাচ পবিত্ৰ পৰমেশ্বৰক আঠু কাঢ়ি সেৱা জনোৱা। এওঁৱেই মেৰিনা। প্ৰিয় সন্তান তোমাৰ কুশল হক। হেলিকেনাচ মোক নতুন পোচাক দিয়া। তেওঁ থাৰচাচত মৰা নাই, কিন্তু পিশাচনী ডাইওনিচিয়াই মাৰিলেহেতেন। যেতিয়া তুমি তেওঁৰ আগত আঠু লই ‘কুমাৰী’ বুলি মাতিবা, তেতিয়া তেওঁ সকলো কব। (লিচিমেকচক দেখি) এইটো কোন?”

 হেলিকেনাচে কলে, “মহাৰাজ, এওঁ মেটালিনৰ শাসন কৰ্তা, আৰু আপোনাৰ দুখৰ বাতৰি পাই আপোনাক চাবলৈ আহিছে।”

 পেৰিক্লিচে কলে “মহাশয়, আপোনাক অভ্যৰ্থনা কৰোঁ। মোক মোৰ কাপোৰ যোৰ দিয়া। মই অলপ ভালকৈ পিন্ধো— হে পৰমেশ্বৰ মোৰ কন্যাক আশীৰ্বাদ কৰা! কিন্তু শুনাচোন! আহা! কি সুমধুৰ ধ্বনি উঠিছে”— এতিয়া তেওঁ নিজৰ মনৰ আনন্দৰ আবেগতে অথবা, কোনো দেৱতাৰ অনুগ্ৰহতে, এটি সুমিষ্ট সৰু গীত শুনিছিল।

 হেলিনাচে কলে, “মহাৰাজ মই একো শুনা নাই।”

 “একো নাই! কিয়, এইটো গীত?” পেৰিক্লিচে বিস্মিত হৈ উত্তৰ কৰিলে।

 একো গীত শুনা নোযোৱাৰ নিমিত্তে, লিচিমেকচে ভাবিলে যে ইয়াৰ কাৰণ বেছি আনন্দই; আৰু কলে “তেওঁক ইয়াত বাধা [ ৩১ ] দিয়া উচিত নহয়; বাৰু তেওঁৰ মতেই চলক।” সেই দেখি তেওঁলোকেও গান শুনা বুলি কলে; আৰু ৰজাৰ টোপনী ধৰা বুলি কোৱাত লিচিমেকচে তেওঁক এখন কোচত শুব দিলে। আনন্দৰ অধীৰ হৈ তেওঁৰ সোনকালে টোপনী আহিল আৰু মেৰিনা শুই থকা পিতাকৰ ওচৰত বহি থাকিল।

 

(১৪)

 টোপনীৰ ভিতৰত পেৰিক্লিচে এটি সপোন দেখি মনে মনে এফেচাচলৈ যাবলৈ স্থিৰ কৰিলে। তেওঁ দেখিলে যে, এফেচাচৰ ঈশ্বৰী ডাইনা তেওঁৰ আগত আহি, তেওঁক এফেচাচলৈ যাবলৈ আৰু তেওঁৰ মন্দিৰৰ ওচৰত নিজৰ জীৱনৰ সুখ দুখৰ কাহিনী কবলৈ আদেশ দিলে; আৰু থিৰাংকৈ কলে “যদি মোৰ আদেশ পালন কৰা, তেনেহলে নিশ্চয় তোমাৰ এটি অভাৱনীয় মঙ্গল হব।” তেওঁ মনত বৰ আনন্দ পাই জাগি উঠিল, সপোনৰ কথা কলে, আৰু দেবীৰ আজ্ঞা পালন কৰিবলৈ মনে মনে ঠিক কৰিলে।

 তেতিয়া লিচিমেকচে পেৰিক্লিচক ঘৰলৈ নিমন্ত্ৰণ কৰিলে। পেৰিক্লিচেও, যি দেশত মৃতা মেৰিনাক জীবিতা পালে, সেই দেশৰ শাসনকৰ্তাৰ কথা এৰাব নোৱাৰি, তাত দুই তিন দিন থাকিবলৈ সম্মত হল। লিচিমেকচে যি মেৰিনাক ইমান ভাল [ ৩২ ] পাইছিল, সেই মেৰিনাক তেওঁৰ নিচিনা ভাল বংশৰ বুলি জানি যে কিমান আনন্দ পাইছিল তাক সহজে অনুমান কৰা যায়। তেওঁ মেৰিনাৰ পিতাকক যথা সম্ভৱ আদৰ সমাদৰ কৰিলে।

 পেৰিক্লিচেও তেওঁ আৰু মেৰিনাৰ ভিতৰত যি প্ৰণয়ৰ ভাব হৈছিল তাক ভাল বিবেচনা কৰি, তেওঁলোকক কোনো প্ৰকাৰ গঞ্জনা নকৰিলে। কেৱল ইয়াকে কলে যে তেওঁলোকৰ বিবাহ সম্পন্ন হৈ যোৱাৰ আগেয়ে সকলোৱে এবাৰ এফেচাচৰ ডাইনাৰ মন্দিৰলৈ যাব লাগিব। তদনুযায়ী অলপ পাচতে তেওঁলোক তিনি জনে এফেচাচলৈ যাত্ৰা কৰিলে। আৰু ঈশ্বৰী ডাইনা দেবীৰ অনুগ্ৰহত অনুকুল বায়ু যোগে, কেই দিন মানতে এফেচাচ ওলাল গৈ।

 

(১৫)

 যেতিয়া পেৰিক্লিচে তেওঁৰ লগত থকা মানুহবিলাকৰ লগত ডাইনাৰ মন্দিৰত প্ৰবেশ কৰিছিল, তেতিয়া দেবীৰ ভেটীৰ সমুখত বৃদ্ধ চেৰিমন থিয় দি আছিল। এই চেৰিমনে থেইচাক বহুত কষ্টেৰে ভাল কৰিছিল। তেওঁৰ ওচৰতে থেইচা, এজনী সন্ন্যাসিনীৰ নিচিনা কাপোৰ-কানি পিন্ধি, দেবীক পূজা কৰি আছিল। বহুত দুখ কষ্টত যদিও পেৰিক্লিচৰ সুন্দৰ চেহেৰাৰ [ ৩৩ ] অনেক পৰিবৰ্তন ঘটিছিল, তথাপি থেইচাৰ মনত তেওঁৰ প্ৰতিমূৰ্তি অঙ্কিত আছিল। সেই নিমিত্তে, যেতিয়া পেৰিক্লিচে তেওঁৰ কাহিনী দেবীৰ আগত কব ধৰিলে, তেতিয়া থেইচা আনন্দিত আৰু আচৰিত হৈ তেওঁৰ পিনে ৰ লাগি চাই ৰল।

 পেৰিক্লিচে দেবীক প্ৰণাম কৰি কবলৈ ধৰিলে, “হে দেবী! তোমাক কোটি বাৰ প্ৰণাম কৰিছোঁ। মই তোমাৰ আদেশ পালন কৰিবৰ অৰ্থে ইয়ালৈ আহিছোঁ। মই নিজৰ দেশৰপৰা পলাতক টায়াৰ প্ৰদেশৰ ৰজা। পেণ্টাপলিচত সুন্দৰী থেইচাক বিবাহ কৰাইছিলোঁ। তেওঁ সাগৰত মৰিল, কিন্তু তেওঁৰ চিন স্বৰূপে এটি সুন্দৰী কন্যা এই সংসাৰত থাকিল।” এনেকৈ মেৰিনাৰ প্ৰতি ডাইওনিচিয়াৰ আচৰণ, মেটালিনত পুনমিলনাদি সকলো ঘটনাকে বিবৰি কলে।

 থেইচাই এই বিলাক কথা শুনি যি আনন্দ পালে, তাক সহিব নোৱাৰি হঠাৎ “তুমি তুমিয়েনে পেৰিক্লিচ্‌” এই কথা কৈ মুচকচ গল।

 “কি?” পেৰিক্লিচে কলে, “কি! এই তিৰোতা জনীয়ে কয় কি! ডাঙৰীয়া ধৰক ধৰক! নহলে এওঁ মৰিব।”

 চেৰিমনে কলে “ডাঙৰীয়া, যদি আপুনি ডাইনাৰ মন্দিৰত সঁচা কৈছে, তেনেহলে এওঁৱেই আপোনাৰ ভাৰ্য্যা।”

 “ভক্তি-ভাজন মহাশয়!” পেৰিক্লিচে আচৰিত হৈও অলপ খং [ ৩৪ ] কৰি কলে, “মহাশয়! কেতিয়াও হব নোৱাৰে; মোৰ এই দুখন হাতেৰে থেইচাক পানীত পেলাই দিছোঁ।”

 তেতিয়া চেৰিমনে থেইচাৰ সমুদায় বৃত্তান্ত কলে। ইয়াৰ ভিতৰতে থেইচাই চেতন লভি পুনৰায় কলে, “তুমি পেৰিক্লিচ নোহোৱা নে? তেওঁৰ নিচিনা তোমাৰ আকাৰ, তেওঁৰ নিচিনা তোমাৰ কথা! তুমি এজাক বতাহ, এটি জন্ম আৰু এটি মৃত্যুৰ কথা কৈছিলা নহয়?”

 “ঠিক থেইচাৰ নিচিনা মাত” পেৰিক্লিচে আশ্চৰ্য্য হৈ কলে।

 “ময়েই সেই থেইচা; মোকে ডুবি মৰা বুলি ভাবিছিলা।”

 পেৰিক্লিচে ভক্তি ভাবে কলে, “হে দেবী ডাইনা!”

 এতিয়া থেইচাই কলে, “মই তোমাক এতিয়া ভালকৈ চিনিছোঁ। তোমাৰ হাতত যেনেকুৱা এটি আঙুঠি দেখিছোঁ, ঠিক তেনেকুৱা এটি আঙুঠি মোৰ পিতাই পেৰিক্লিচক পিন্ধাইছিল।”

 “হে পৰমেশ্বৰ, বহুত হল” আনন্দেৰে পেৰিক্লিচে কলে, “বহুত হ’ল; তোমাৰ বৰ্তমান অসাধাৰণ দয়াৰ গুণত মোৰ যোৱা দুখ বিলাকক যেন আনন্দ হে লাগিছে। থেইচা! আহা মোৰ বাহুৰ মাজত তোমাক আকৌ লুকাই থওঁ।”

 তেতিয়া মেৰিনাই কলে, “মোৰ মনে মোৰ আইৰ বুকৰ ভিতৰত সোমাবৰ ইচ্ছা কৰিছে।”
[ ৩৫ ]  তেতিয়া পেৰিক্লিচে নিজৰ জীয়েকক তেওঁৰ মাকক দেখুৱাই এই বুলি কলে “তোমাৰ আগত এইটো কোন চোৱা। তেওঁ সাগৰত হোৱাৰ কাৰণে, তেওঁক মেৰিনা বুলি মাতে।”

 থেইচাই মেৰিনাক আশীৰ্বাদ কৰিলে আৰু পেৰিক্লিচে ডাইনা দেবীক সেৱা কৰি কলে, “হে দেবী! মই তোমাক এই সোপানটি দেখোৱাৰ নিমিত্তে নিতৌ ৰাতি ৰাতি পূজা দিম।”

 তেতিয়া পেৰিক্লিচে থেইচাৰ অনুমতি ক্ৰমে মেৰিনাক লিচিমেকচৰ লগত প্ৰণয় সুত্ৰত বান্ধ খুৱালে।

 

সমাপ্ত।

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )