ভক্তি-ধৰ্মৰ দাৰ্শনিক ভোটি
চোল ৰজা কৃমিকান্ত ঢুকোৱাৰ বাতৰি পাই ৰামানুজ শ্ৰীৰঙ্গমলৈ উলটি আহে আৰু ৰঙ্গনাথৰ (নাথমুনি) পূজা-পদ্ধতিৰ সংস্কাৰ কৰি নিজৰ মতত লোকক দীক্ষিত কৰে। তাৰ পাছত সদৌ ভাৰতত নিজ মত প্ৰচাৰৰ বাবে তেওঁ বাহিৰ ওলাল; পোনতে তেওঁ তিৰুপতিয়েদি আহি মহাৰাষ্ট্ৰত আৰু তাৰ পৰা জৈন-তীৰ্থ গিৰ্ণৰত অনেক লোকক দীক্ষিত কৰে। গিৰ্ণৰৰ দাঁতিকাষৰীয়া দত্তাত্ৰেয় ক্ষেত্ৰত অলপ দিন থাকি দ্বাৰকালৈ আহি তাত শঙ্কৰাচাৰ্য্য-পন্থী অনেকক নিজ শিষ্য কৰে। তাৰ পৰা ক্ৰমে প্ৰয়াগ, মথুৰা, বাৰাণসী, হৰিদ্বাৰ প্ৰভৃতি সোমাই সেই বোৰত বিশিষ্টাদ্বৈতবাদ মত প্ৰচাৰ কৰে; তাৰ পাছত বদৰিকাম সোমাই এওঁ কাশ্মীৰলৈ আহি তাৰ মঠাধ্যক্ষসকলক তৰ্কত হৰুৱাই নিজ মতলৈ আনে। তাৰ পৰা কুৰুক্ষেত্ৰ সোমাই অযোধ্যাতে ৰামচন্দ্ৰৰ পৱিত্ৰ থান দৰ্শন কৰি বৌদ্ধাধিকাৰ গয়ালৈ আহি ইয়াতো বহুত লোক নিজ মতলৈ আনে। তাৰ পাছত কৰ- মণ্ডল উপকূলেদি পদ্মনাভ, সিংহাচল, কাঞ্চীপুৰ আদি তীৰ্থ ভ্ৰমি শেষত শ্ৰীৰঙ্গমলৈ ওলটে আৰু তাতে জীৱনৰ বাকী ছোৱা কাল কটায়। প্ৰণয়ামৃত, স্মৃতিকাল তৰঙ্গ, ভক্তমাল, আৰু প্ৰায় আঢ়ৈ- কুৰিখান ভাষ্য ৰচি ৰামানুজে নিজ মত প্ৰতিষ্ঠা কৰে, তাৰ ভিতৰত বেদান্তসূত্ৰৰ ভাষ্যই প্ৰধান। দাক্ষিণাত্যৰ পণ্ডিতসকলৰ মতে হীনকুলীয়া পঞ্চম আলৱাৰ নামৰ (শথাৰি বা শথগোপৰ) শথাৰি সূত্ৰৰ ওপৰতহে শ্ৰীভাষ্য প্ৰতিষ্ঠিত; আৰু এই শ্ৰীভাষ্যই জয়ে জয়ে বৈষ্ণৱ মত দৰ্শন-সিদ্ধ কৰে। ৪৩২৮ কলিযুগাব্দৰত (১১৩৬-৩৭খৃ ) ছয় কুৰি বছৰ বয়সত ৰামানুজৰ মৃত্যু হয়।
⸻