পৰিপোষক এখন ভাষ্য লিখা; দ্বিতীয় আৰু তৃতীয়, বিষ্ণুপুৰাণ প্ৰণেতা পৰাশৰ আৰু শথাৰিসুত্ৰ ৰচয়িতা শৰ্থগোপৰ নাম চিৰস্মৰণীয় কৰি ৰখা। ৰামানুজে প্ৰথম দুটা পূৰণৰ বাবে ব্ৰহ্মসূত্ৰৰ শ্ৰীভাষ্য আৰু বিষ্ণু-সহস্ৰনাম ভাষ্য আদি লিখি শঙ্কৰাচাৰ্য্যৰ বিশুদ্ধ অদ্বৈতবাদ মতৰ সংশোধন কৰি বিশিষ্টাদ্বৈতবাদ মত প্ৰচাৰ কৰে।
আদিতে বৈষ্ণৱ মতৰ পোষকতা কৰোঁতাসকলৰ ভিতৰত পঞ্চম আলৱাৰ শথাৰি বা শথগোপো এজন; প্ৰথম বৈষ্ণৱাচাৰ্য্য ৰঙ্গনাথৰ (নাথ মুনি) দৰে এই চতুৰ্থ বৈষ্ণৱাচাৰ্য্য যমুনাও এওঁৰ প্ৰতি অতি শ্ৰদ্ধাৱান্ আছিল। শথাৰি (শথগোপ) হীন কুলত জন্মে, কিন্তু স্বৰ্গীয় প্ৰতিভাৰ গুণত তেওঁ অসাধাৰণ জ্ঞানৰ অধিকাৰী হয়। শ্ৰুতিৰূপ সমুদ্ৰ মথি দ্ৰাবিড়ী ভাষাত তেওঁ “শথাৰি-সূত্ৰ” নামৰ বৈষ্ণৱ গ্ৰন্থ ৰচে। জনসাধাৰণক তেওঁ বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰিবলৈ যত্ন কৰিছিল, কিন্তু কোনো কাৰণত তেওঁ সফল নহল। শথাৰিৰ আন নাম কাৰিপুত্ৰ; এই নাম স্মৰণীয় কৰিবলৈ ৰামানুজে তেওঁৰ এজন শিষ্যৰ নাম ৰাখিলে কাৰিকেশ। দাক্ষিণাত্যৰ কুৰুকা নগৰত শথগোপৰ এটি মূৰ্ত্তি আছিল; ৰামানুজে তীৰ্থৰূপে সেই নগৰ দৰ্শন কৰিবলৈ গৈ সেই মূৰ্ত্তিক প্ৰণিপাত কৰিলে আৰু তাৰ পূজাৰীসকলে দিয়া প্ৰসাদ আৰু মালা ভক্তিৰে গ্ৰহণ কৰিলে। তাৰ পাছত কৃতাঞ্জলি হৈ এই শ্লোক পাঠ কৰি স্তৱ কৰিলে—
“বকুল-ধবল-মালা বক্ষমং বেদবাহ্য
প্ৰৱল সময়বাদচ্ছেনং পূজনীয়ম্।
বিপুল কুৰুকনাথং কাৰিসুনং কবীশং
শৰণমুপগতোহং চক্ৰহন্তে ভৱক্ত্ৰম৷।’’
কাঞ্চীপূৰ্ণই এদিন “পাবাঁ” বোলা গুৰু ৰামানুজে এইদৰেই পাইছিল বুলি ভাবিলে ভুল নহব। মহাৰাজ নৰনাৰায়ণেও এনেদৰেই শঙ্কৰদেৱক গুৰু পোৱাৰ কথা এই প্ৰসঙ্গত তুলনীয়। দ্বিজ ৰামানন্দ চৰিতত আছে—