পৃষ্ঠা:Yugnayak Sankardeva.djvu/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
যুগনায়ক শঙ্কৰদেৱ

বোলে নীচ জাতৰ কাঞ্চীপূৰ্ণই লৰালৰি কৰি আগতে ভাত খুজি খাই তেওঁৰ খোৱা পাত নিজে দূৰত পেলাই থৈ গল; আৰু তেওঁ আগতে খোৱা বাবে চৰুৰ গোটেইখিনি ভাত এৰেহাৰ নিচিনা হোৱাত সেইবোৰ দাস-দাসীবোৰক দি চৰু-হাড়ি পেলাই গা ধুই তেওঁ তেওঁলোক দুইলৈ নতুনকৈ ভাত ৰান্ধিব খুজিছে। এনে হীন জাত্যাভিমান দেখি ঘৈণীয়েকলৈ ৰামানুজৰ অতিশয় ঘিণ লাগিল, আৰু দুই-এটি কথাৰ চেলু লৈ ঘৈণীয়েক ৰক্ষাম্বাক মাকৰ ঘৰলৈ পঠিয়াই ৰামানুজে সন্ন্যাস গ্ৰহণ কৰিলে।

 উচ্ছিষ্ট ভোজনৰ চেষ্টাত বিফল হৈ এদিন ৰামানুজে কাঞ্চীপূৰ্ণক বৰদৰাজ মন্দিৰত বহি থকা অৱস্থাত সেৱা জনাই কলে, ’কৃপাময়, আজি আপুনি মোক মোৰ পঞ্চ সংস্কাৰ সম্পন্ন কৰি উদ্ধাৰ কৰক। মই আপোনাৰ শৰণাগত; আপোনাত বাজে আৰু মোৰ সহায় কোন আছে। এই জগতত আপুনিয়ে সৰ্বশ্ৰেষ্ঠ ভক্ত; এতেকে আপুনি যেন মোক আওকাণ নকৰে।’ ইয়াৰ উত্তৰত কাঞ্চীপূৰ্ণ ই অতি মৰমেৰে কলে, বৎস ৰামানুজ, ভৰদ্বাজ সংহিতাৰ মতেও যোগীসকলে সকলো যোনীতেই জন্মগ্ৰহণ কৰে। যিসকলে পৰমাত্মৰূপী ভগৱানক প্ৰত্যক্ষ কৰিছে, তেওঁলোকৰ কুল আদিৰ বিচাৰ হব নোৱাৰে। তথাপি লৌকিক আচাৰ-বিৰুদ্ধ কাম কৰি মই সমাজৰ বিৰাগভাজন হব নোৱাৰোঁ। হতাশ হৈ ৰামানুজে কলে, হে ভক্তশ্ৰেষ্ঠ, তেনেহলেনো মোৰ উপায় কি? মই কোন গুৰুৰ শৰণাগত হ’ম, আপুনিয়ে কৈ দিয়ক। কাঞ্চীপূৰ্ণ ই পুনৰ মৰমেৰে কলে, ’বৎস ৰামানুজ, বাটচোৱাঁ; তোমাৰ উপযুক্ত গুৰু আপুনিয়ে পাবাঁ।’

 এনেতে যমুনাচাৰ্য্যৰ মৃত্যুৰ বাতৰি পাই ৰামানুজ লৰালৰিকৈ গৈ সেই ঠাইত উপস্থিত হলগৈ। শৱৰ ওচৰ চাপি তেওঁ দেখে হাতৰ তিনিটা আঙুলি কোঁচ খাই আছে; কাৰণ সুধি জানিব পাৰিলে তিনিটা অপূৰ্ণ কামনাৰ লেখ লৈ আঙুলি কোঁচাওঁতেই তেওঁৰ মৃত্যু হৈছে। সেই কামনাকেইটাৰ প্ৰথমটো, বেদান্ত- বৈষ্ণৱ মত