গৈ মহাপূৰ্ণাচাৰ্য্যৰ শিষ্য হৈ তেওঁৰ কাষত বেদ-বেদাঙ্গ আৰু ঘাইকৈ
বেদান্তৰ অধ্যয়ন কৰি অলপ দিনতে সেইবোৰত পাৰদৰ্শী হৈ উঠে।
যাদৱপ্ৰকাশ নামে এজন অদ্বৈবাদী গুৰুৰ ওচৰতে ৰামানুজে শিক্ষা
লয়, আৰু তেওঁৰ বেদান্ত-ব্যাখ্যাত কিবা আসেৱাহ ধৰাৰ বাবে
যাদৱ-প্ৰকাশে তীৰ্থস্নান কৰোৱাৰ ছলেৰে ৰামানুজৰ হত্যাৰ যত্ন
কৰে; সৌভাগ্যক্ৰমে আগতে তাৰ ভু পাই এজন চৰাইমৰীয়া আৰু
তেওঁৰ ঘৈণীয়েকৰ সহায়ত ৰাতিয়েই দুৰ্গম অৰণ্যৰ মাজেদি পাই
আহি ৰামানুজে প্ৰাণ ৰক্ষা কৰে।
লৰাকালৰ পৰাই ৰামানুজৰ বিষ্ণু-ভক্তি প্ৰৱল আহিল; সেইবাবে
এতিয়া তেওঁ কোন গুৰুৰ আশ্ৰয় লব বুলি সোধাত মাকে কাঞ্চী -
ক্ষেত্ৰত থকা ভক্ত কাঞ্চীপূৰ্ণৰ কাষলৈ পঠিয়ালে। সকলো কথা শুনি
আশ্বাস যাচি, বৰদৰাজ মন্দিৰৰ বিষ্ণুমূৰ্ত্তিৰ আগত নিতৌ একলহ
পানী আগবঢ়াবলৈ কাঞ্চীপূৰ্ণই ৰামানুজক উপদেশ দিলে। ইয়াকে
আপ্ত বাক্যৰূপে লৈ পৱিত্ৰভাৱে অনেক কাল কটোৱাৰ পাছত কাঞ্চী -
পূৰ্ণ স্বয়ং বৰদৰাজৰূপী বিষ্ণুৰ দ্বিতীয় বিগ্ৰহ যেন লাগিল, আৰু
তেওঁৰ উচ্ছিষ্ট ভোজন কৰি জীৱন সাৰ্থক কৰিবলৈ স্থিৰ কৰিলে।
কাঞ্চীপূৰ্ণৰ পিতা শূদ্ৰ আৰু মাক পৰ্বতীয় শৱৰী জাতিৰ; বামুণ
ৰামানুজক জানি-শুনি তেওঁৰ উচ্ছিষ্ট (এৰেহা ভাত) নিদিব বুলি
বুলি, ছল কৰি তেওঁক এদিন ৰামানুজৰ ঘৰত এসাঁজ খাবলৈ
মাতিলে। কাঞ্চীপূৰ্ণই তেওঁৰ অভিপ্ৰায় বুজিলে, পাছে ৰামানুজে
নেৰাত তেওঁ যাবলৈ মান্তি হ'ল।
নানা কথা ভাবি-গুণি পলমকৈ ঘাই বাটেদি কাঞ্চীপূৰ্ণ ৰামানুজৰ
ঘৰত ওলালগৈ। ইফালে পলম হোৱা দেখি এটা চমু বাটেদি
ৰামানুজ আহিল কাঞ্চীপূৰ্ণক আগবঢ়াই নিবলৈ; সেইদৰে লৰালৰিকৈ
ভাত খাই কাঞ্চীপূৰ্ণ সেই চমু বাটেদি ঘূৰি অহাত যাওঁতে বা
আহোতে ৰামানুজৰ লগত তেওঁৰ ভেটাভেটি নহল। ৰামানুজউভতি
আহি ঘৈণীয়েকক গা ধোৱা দেখি তাৰ কাৰণ সোধাত বামুণীয়ে কলে
পৃষ্ঠা:Yugnayak Sankardeva.djvu/৯৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৫
ভক্তি-ধৰ্মৰ দাৰ্শনিক ভোটি