সি যি হওক, শঙ্কৰচাৰ্য্যৰ এই বিশুদ্ধ অদ্বৈতবাদ মত বহুতৰ মনঃপুত নহ'ল। খৃষ্টীয় নৱম শতিকাৰ শেষ আৰু দশমৰ আগছোৱাত দাক্ষিণাত্যৰ ত্ৰিচনপল্লীৰ ওচৰৰ শ্ৰীৰঙ্গম নগৰত ৰঙ্গনাথ আচাৰ্য্য (নাথমুনি) বাস কৰিছিল। আলৱাৰসকলৰ, ঘাইকৈ পঞ্চমজন নাম বা শতগোপৰ, ভক্তিমূলক গীতৰ এওঁ পৰম উপাসক আছিল; আৰু সেই গীতবোৰ প্ৰতি খণ্ডত সহস্ৰেককৈ চাৰি খণ্ডত জুকিয়াই “ন্যায়- তত্ত্ব” নামে বিশিষ্টাদ্বৈতবাদ মতৰ এখন সংস্কৃত গ্ৰন্থ লিখিছিল। শঙ্কৰাচাৰ্য্যৰ বিশুদ্ধ অদ্বৈতবাদ মত এৰি, এই বিশিষ্টাদ্বৈতবাদ মতৰ ৰঙ্গনাথ (নাথমুনি)কে প্ৰথম আচাৰ্য্য বোলা হয়; ৯২০ খৃষ্টাব্দত এওঁ ঢুকায়। দ্বিতীয় আচাৰ্য্য পুণ্ডৰিকাক্ষ ৮২৬ শ্ৰীৰঙ্গমৰ উত্তৰে তিৰু- বল্লৰিত জন্মে আৰু ৰঙ্গনাথৰ শিষ্য হয়। তৃতীয় আচাৰ্য্য ৰামমিশ্ৰ, আৰু চতুৰ্থ যমুনাচাৰ্য্য; ৰঙ্গনাথে তেওঁৰ পুতেক ঈশ্বৰ ভট্ট আৰু বোৱাৰীয়েকক লগত লৈ মথুৰা আদি তীৰ্থভ্ৰমণ কৰোঁতে ৯১৬ত যমুনাৰ পাৰত ওপজা বাবে এওঁৰ সেই নাম হয়। এওঁৰ ৰচিত স্তোত্ৰৰত্ন, সিদ্ধত্ৰয়, গীতাৰ্থ- সংগ্ৰহ আদি বহুমূলীয়া গ্ৰন্থৰ ভিতৰত “মহাপুৰুষ-নিৰ্ণয়” পুথিও এখন। শঙ্কৰদেৱক মহাপুৰুষ বা তেওঁৰ প্ৰচাৰিত ধৰ্মক মহাপুৰুষীয়া বোলাৰ ওপৰত এই নামৰ কিবা প্ৰভাৱ আছেনে ভাবিব লগীয়া কিয়নো ‘মহাপুৰুষ’ নামটো আন ঠাইত এনেদৰে ব্যৱহৃত হোৱা বিৰল। ১০৪০ত যমুনাচাৰ্য্যৰ মৃত্যু হোৱাত, এওঁৰ পাছত শ্ৰীৰঙ্গমত ৰামানুজ পঞ্চম আচাৰ্য্য হয়।
৯৩৮ শকত (১০১৬-১৭ ) দাক্ষিণাত্যৰ চেঙ্গলপত জিলাৰ শ্ৰী পৰাস্বদুৰ গাঁৱত ৰামানুজৰ জন্ম। এওঁৰ পিতা কেশৱ ত্ৰিপাঠী (সমাজী) হাৰিত গোত্ৰৰ যজুৰ্বেদী আপস্তম্ব শাখাধ্যায়ী আছিল; কি প্ৰপন্নামৃত গ্ৰন্থমতে এওঁ কুশিক গোত্ৰীয় নৃসিংহাচাৰ্য্যৰহে পুত্ৰ। ৰামানুজৰ পিতা তোত্তীৰ মণ্ডলৰ ভূতপুৰী নগৰত বাস কৰিছিল আৰু তাৰ এজন অদ্বিতীয় পণ্ডিত আছিল। পিতাকৰ কাষতে ৰামানুজে পোন্ধৰ বছৰ বয়সলৈকে অধ্যয়ন কৰে; তাৰ পাছতহে শ্ৰীৰঙ্গ,লৈ .