৪০০ খৃষ্ট পূৰ্বাব্দৰ শাস্ত্ৰজ্ঞ বোধায়নৰ ৰচনাত গীতা আৰু মহাভাৰতৰ উল্লেখ পোৱা হয়, আৰু গীতাত(১৩৷৪) “ব্ৰহ্মসূত্ৰপদৈঃ” বোলাত মহাভাৰততকৈ গীতা যিদৰে আগ, গীতাতকৈ ব্ৰহ্মপুত্ৰ তেনে আগ বুলি বুজিব পাৰি।
পৰবৰ্তী আচাৰ্য্যসকলৰ প্ৰত্যেকে নিজ মত প্ৰতিষ্ঠাৰ বাবে এই ব্ৰহ্মসূত্ৰৰ ভাষ্য ৰচে, আৰু সেইসকলৰ ভিতৰত শঙ্কৰাচাৰ্য্যই (৭৮৮- ৮২৮) এতিয়ালৈকে জনাৰ ভিতৰত প্ৰথম আৰু প্ৰধান। তেৱেঁই অতি সাহসেৰে কয়--
“শ্লোকাৰ্দ্ধেন প্ৰৱক্ষামি যদুক্তং গ্ৰন্থকোটিভিঃ।
ব্ৰহ্ম সত্য জগস্মিথ্যা জীৱ ব্ৰহ্মৈৱ কেৱলম্।”
শঙ্কৰদেৱৰ “হৰমোহন”ৰ হৰ-স্তুতিত তাৰ মৰ্ম প্ৰকাশ পাইছে--
“নমো নমো মাধৱ বিধিৰ বিধি-দাতা।
তুমি জগতৰ গতি-মতি পিতা-মাতা।৷
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিক তোমাত ব্যতিৰেক।৷৫২০।
তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ।
সুৱৰ্ণে কুণ্ডলে যেন নাহিক অন্তৰ।
তুমি পশু-পক্ষী সূৰাসুৰ তৰু-তৃণ।
অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন।৷ ৫২১।
তোমাৰেসে মায়ায়ে মোহিত সৰ্বক্ষণে।
তুমি আত্মা তোমাক নজানে একোজনে॥
সমস্ত ভূতৰ তুমি আছাঁ হৃদয়ত।
তত্ব নপাই তোক বিচাৰে বাহিৰত।৫২২।
তুমিসে কেৱলে সত্য মিছা সৱে আন।
জানি জ্ঞানীজনে কৰে হৃদয়ত ধ্যান।
নমাগোঁহো সুখ-ভোগ নলাগে মুকুতি।
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি। ২৩।