পৃষ্ঠা:Yugnayak Sankardeva.djvu/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দশ

ভক্তি-ধৰ্মৰ দাৰ্শনিক ভেটি

লেখৰ উপনিষদ ১০৮খন হলেও আন উপনিষদো বহুত আছিল; আৰু উপনিষদ সাহিত্য এনে দিগন্তপ্ৰসাৰী হৈ উঠিল যে তাৰ শৃঙ্খলী- কৰণৰ আৱশ্যক হল। বুদ্ধদেৱৰ জন্মৰ আগে-পাছেও উপনিষদৰ ওপৰতে ইমানবোৰ বিভিন্ন মত হ’ল যে সেই কালৰ ব্ৰহ্মজাল-সূত্ৰত ৬৬খন সুকীয়া দৰ্শনালয়ৰ উল্লেখ আছে, আৰু বৌদ্ধ সাহিত্যত পুৰাণ- কশ্যপ, কাত্যায়ন, গোশাল আদি অনেক বেদ-বিৰোধী প্ৰচাৰকৰ নাম পোৱা হয়। তেতিয়া বেদান্ত বা উপনিষদসমূহৰ নৈষ্ঠিক মত ৰক্ষাৰ বাবে আস্তিক ছয় দৰ্শনৰ উৎপত্তি হ’ল; তাৰ ভিতৰত গৌতম ন্যায় আৰু কন্বাদৰ বৈশেষিক আৰম্ভবাদী, কপিলৰ সাংখ্য আৰু পতঞ্জলিৰ যোগ পৰিণামবাদী, আৰু জৈমিনিৰ পূৰ্ব-মীমাংসা আৰু বাদৰায়ণৰ উত্তৰ-মীমাংসা বিৱৰ্ত্তনবাদী। অনৈষ্ঠিক বা মূল বেদান্ত মতৰ পৰাই ফালৰ কাটি যোৱা বাবে বৌদ্ধ দৰ্শন আদি নাস্তিক বুলি এৰা পৰিল। আৰম্ভবাদী বৈশেষিক আৰু ন্যায় দৰ্শনৰ মতে কোনো মূল বস্তুৰ পৰা জগতৰ সৃষ্টি হৈছে; পৰিণামবাদী সাংখ্য আৰু যোগ দৰ্শনৰ মতে কাৰ্য্য আৰু কাৰণৰূপে প্ৰকৃতি-পুৰুষৰ পৰা সৃষ্টিৰ আৰম্ভ; আৰু বিৱৰ্তনবাদী মীমাংসা-দৰ্শনৰ মতে “জগদ্বিপৰিবৰ্ততে’’ অৰ্থাৎ জগত এক ব্ৰহ্মৰে বিকাৰ মাজ, ইয়াৰ সুকীয়া অস্তিত্বই নাই। আকৌ সেই ষড়দৰ্শনৰ ওপৰত বিভিন্ন মতবাদ গঢ়ি উঠিল, আৰু তাৰ শৃঙ্খলীকৰণৰ বাবে বহুত কালৰ মূৰত সূত্ৰ-সাহিত্য ৰচিত হ’ল। এই সূত্ৰ-সাহিত্যৰ ভিতৰত বাদৰায়ণৰ বেদান্ত-সূত্ৰ প্ৰধান; ব্ৰহ্ম ইয়াৰ প্ৰতিপাদ্য বিষয় বাবে ইয়াৰ নাম ব্ৰহ্মসূত্ৰও, আৰু যতি বা ভিক্ষুক-- সকলে ইয়াৰ বিশেষ চৰ্চ্চা কৰা বাবে ইয়াক ভিক্ষুসূত্ৰও বোলে।